গালিবৰ কবিতা: কিছু অতিৰঞ্জন

গালিবৰ কবিতা: কিছু অতিৰঞ্জন

মূল (উৰ্দু): মিৰ্জা গালিব
ইংৰাজী অনুবাদ: ৰবার্ট ব্লাই আৰু সুনীল দত্ত
ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ: ধ্ৰুৱ শইকীয়া

যিখন পৃথিৱী মই দেখিছোঁ, সেইখন সৰু ল’ৰা-ছোৱালীবোৰৰ খেলৰ নিচিনা
কি কি যে নকৰে, আৰু চলি থাকে দিনে-নিশাই খেলখন৷

ৰজা চলোমনৰ সিংহাসন মোৰ বাবে মূল্যবান সামগ্ৰী নহয়
যীশুখ্ৰীষ্টই কিছুমান চমৎকাৰ কৰিছিল বুলি শুনিছোঁ, পিচে সেইবোৰলৈ মই মন নিদিওঁ৷

এই পৃথিৱীৰ অস্তিত্ব সঁচা বুলিও মই নাভাবোঁ
মায়া-মোহেই সঁচা, পৃথিৱীৰ সম্পদ মিছা৷

মোৰ সমস্যাৰ কথা ক’লেই মৰুভূমিয়ে বালিৰে ঢাকে নিজৰ মূৰ
নৈখনেও মোক দেখিলেই বোকাত নিজৰ মূৰ আফলিয়ায়৷

তোমাৰ পৰা আঁতৰি অহাৰ পাছত নুসুধিবা মোক কেনে আছোঁ বুলি
মন কৰিছোঁ, মই ওচৰ চাপিলেই শেঁতা পৰে মুখমণ্ডল তোমাৰ৷

মানুহে ঠিকেই কয় যে মই ভাল পাওঁ নিজেই নিজকে চাই, কিন্তু
মোৰ সন্মুখত আছে যে এক অপৰূপা দাপোণৰ দৰে উজ্জ্বল মুখ৷

মাথোঁ এটা সুৰাৰ পিয়লা থোৱা মোৰ মুখৰ আগত, কিছু পানীয় তাত
দেখিবা আপেল ফুলৰ দৰে কথা সৰিছে মুখৰ পৰা মোৰ৷

মানুহে ভাবিব পাৰে মই বেয়া পাওঁ বুলি, পিচে নহয় মাথোঁ ঈর্ষা এয়া
সেয়ে চিৎকাৰ কৰোঁ মই: ‘নল’বা তাইৰ নাম মোৰ আগত!’

বিশ্বাসে মোক এপিনে টানে, বিশ্বাসহীনতাই আন পিনে
কাবা মই ক’ৰবাতে এৰি থৈ আহিলো, এতিয়া সন্মুখত গীর্জা৷

মই প্ৰেমিক, সেয়ে নাৰীৰ মন মোহা কামেই মোৰ৷
মোৰ কাষতে থাকিলে লাইলাই মজনুক উপলুঙা কৰে৷

পুনর্মিলন মৃত্যুতকৈয়ো সুখকৰ ৷
যেতিয়া আমাৰো হৈছিল পুনর্মিলন, বিচ্ছেদৰ নিশালৈ মোৰ মনত পৰিছিল৷

আমি এতিয়া অধিকাৰী এক সমুদ্ৰ ৰক্তৰ, ঢৌবোৰ কোবাল
মই সুখী ইয়াকে লৈ, জানো যে ইয়াতকৈয়ো গুৰুতৰ অঘটন ঘটিব পাৰে৷

হাত দুখন লৰচৰ কৰিবলৈ এতিয়া অসুবিধা, পিচে দুচকু মোৰ তগবগ
তুমি মাথোঁ য’তেই আছে তাতে থৈ দিয়া সুৰাৰ পিয়লা আৰু পাত্ৰ৷

গালিবো মুছলমান, সেয়ে আমি ইজনে সিজনৰ দুর্বলতা জানো
অনুগ্ৰহ কৰি গালিবৰ কথা বেয়াকৈ নক’বা মই যেতিয়া কাষতে থাকোঁ৷

মিৰ্জা গালিব

মিৰ্জা গালিব

মিৰ্জা আছাদুল্লাহ বাইগ খান নামেৰে জন্মগ্ৰহণ কৰা মিৰ্জা গালিব ভাৰত উপমহাদেশৰ অন্যতম প্ৰখ্যাত আৰু প্ৰভাৱশালী উৰ্দু কবি আছিল। ১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত জন্মগ্ৰহণ কৰা গালিবৰ ৰচনাই মৃত্যুৰ শতিকা পাছতো পাঠক আৰু কবিতা অনুৰাগীক মোহিত কৰি ৰাখিছে।

গালিবৰ কবিতাত মোগল যুগৰ নিৰ্যাস আৰু মানৱীয় আবেগৰ গভীৰ জটিলতা প্ৰতিফলিত হৈছে। তেওঁৰ পদ্যসমূহে পাৰ্চী আৰু উৰ্দু ভাষাৰ সুন্দৰ মিশ্ৰণ ঘটাই এক অনন্য আৰু উত্তেজক শৈলীৰ সৃষ্টি কৰিছে। গালিবৰ নিপুণতা নিহিত হৈ আছে গভীৰতম আবেগ আৰু চিন্তাক বাকপটুতা আৰু গভীৰতাৰে প্ৰকাশ কৰাৰ ক্ষমতাত।

গোটেই জীৱন গালিবে অসংখ্য প্ৰত্যাহ্বান আৰু ট্ৰেজেডীৰ সন্মুখীন হৈছিল। তেওঁ আৰ্থিক অসুবিধা, ব্যক্তিগত লোকচান, সেই সময়ৰ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছিল। তেনে প্ৰতিকূলতাৰ মাজতো গালিবৰ কবিতাই স্থিতিস্থাপক হৈ থাকি জীৱন, প্ৰেম আৰু মানৱ অৱস্থাৰ ওপৰত তেওঁৰ দৰ্শন প্ৰকাশ কৰিছিল।

গালিবৰ গজল বা গীতিময় কবিতা চহকী চিত্ৰকল্প, আত্মনিৰীক্ষণ আৰু কালজয়ী বিষয়বস্তুৰ বাবে জনাজাত। তেওঁৰ শব্দই প্ৰায়ে প্ৰেম, আকাংক্ষা, হেৰুওৱা আৰু অস্তিত্বৰ দ্বিধা-দ্বন্দ্বৰ বিষয়বস্তু অন্বেষণ কৰে। গালিবৰ কবিতাই সময় আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি প্ৰজন্ম আৰু দেশ নিৰ্বিশেষে পাঠকৰ হৃদয় চুই গৈছে।

তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে উৰ্দু আৰু পাৰ্চী কবিতাৰ সংকলন ‘দীৱান-ই-গালিব’, য’ত তেওঁৰ কাব্যিক প্ৰতিভা আৰু আৱেগিক গভীৰতা প্ৰদৰ্শিত হৈছে।

১৮৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত দিল্লীত মিৰ্জা গালিবৰ মৃত্যু হয়।

❧ | অধিক অনুবাদ কবিতা:

গালিবৰ কবিতা: কিছু অতিৰঞ্জন | ধ্ৰুৱ শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক