ফুলেশ্বৰীৰ মহ মৰা দৰব

ফুলেশ্বৰীৰ মহ মৰা দৰব
  • 23 Apr, 2023

ৰমৰ দিন অহাৰ লগে লগে মহবোৰেও ‘চুমা লোৱা-তেজ দিয়া’ বাৰ্ষিক আঁচনিখনৰ শুভাৰম্ভ কৰিছেহি। ইয়াৰ লগে লগে আমাৰ গৃহলক্ষ্মীদেৱীয়েও নিজাববীয়াকৈ মহ নিৰাময়ৰ কিছু আঁচনি হাতত লৈছে। ফুলেশ্বৰী মানে আমাৰ শ্ৰীমতীৰ যিবোৰ ভাল কামে মোক বৰ বিতুষ্ট কৰি তোলে, সেইবোৰৰ ভিতৰত এটা হৈছে এই মহ-নিধন কাৰ্যসূচী। পিছে বিতুষ্ট হৈ জানো সাহস কৰি কিবা এটা ক’ব বা কৰিব পাৰোঁ! একদম নোৱাৰোঁ। জগৰ লগালেই পাকঘৰ, বাথৰূমত তলা লগাই মোক নিজৰ ঘৰতেই এঘৰীয়া কৰি থ’ব পাৰে শহুৰৰ জীয়েকে। গতিকে মোবাইলডালতে কিবাকিবি টাইপিং কৰি নিমাত হৈ অহিংস আন্দোলন কৰি দিনটো কিবাকৈ পাৰ কৰোঁ আৰু! এক প্ৰকাৰৰ মৌন আন্দোলন এয়া; কেৱল মুখত ক’লা কাপোৰখনহে লগোৱা নাই।

গৰমৰ দিন অহাৰ লগে লগে আমাৰ মহনাশিনী দেৱী যুদ্ধংদেহি মনোভাৱেৰে ব্লেককেটৰ দৰে সস্তম হৈ পৰে; এই কেইটাদিন এনেকুৱা এটা এটিটিউড দি থাকে— তেওঁ যেন মহনাশিনী নহয়, স্বয়ং স্বৰ্গৰ মহিষাসুৰনাশিনীহে। আঁঠুৱাৰ ভিতৰত মহ এটা কিবাকৈ সোমাই ভুনভুনাব পাইহে লাগে,… হৈছে আৰু! সেই সময়কণত কি ভূত লম্ভে জানো! এই ডক্টৰেট ডিগ্রীধাৰী পণ্ডিতপ্ৰবৰ গিৰিয়েককতো বাদেই, নিজৰ আপা-আপীদুটাৰ চকুৰ টোপনি কাঢ়ি হ’লেও ৰাতি দুপৰত মহৰ প্ৰাণটো লৈহে এৰে দেৱীয়ে। আঁঠুৱাৰ ভিতৰত টৰ্চটোৰে ফ’কাছ কৰি কৰি ইফালৰ পৰা সিফালে মহটোক খেদি ফুৰিব আৰু এটা সময়ত উৰি উৰি ভাগৰি বেচেৰাটোৱে কিবাকৈ আঁঠুৱাৰ চুকত অৱস্থান কৰেহি। মতা মহ চাগে! তাৰ পিছত সি আৰু চেটেপ; RIP । উস্ ৰক্ষা!… এই নৃত্য-নাটিকাখন দেখি পিছে মোৰহে কিবা ভাগৰ লাগি আহে।

মহ মৰা দৰব

আমাৰ মহনাশিনী দেৱী যুদ্ধংদেহি মনোভাৱেৰে ব্লেককেটৰ দৰে সস্তম হৈ পৰে…

এদিন এনেকুৱা ‘অপাৰেশ্যন বিজয়’ৰ সফল সামৰণিৰ পাছত ল’ৰাই মাকক ক’লে,— “মা, তুমি চাগে যোৱাটো জনমত মেলেৰিয়া ডিপার্টমেণ্টত কাম কৰিছিলা।” দিনত সাপ মাৰি নেগুৰত বিষ ৰৈ গ’ল নেকি, গতিকে অলপ ৰৈ পুতেকক দেৱীয়ে জেৰা আৰম্ভ কৰিয়ে দিলে; পিছে টাৰ্গেটটো কিন্তু এই অমুকাৰ নেগুৰহে!

“মেলেৰিয়া মানে কি কচোন।”— দেৱীয়ে পুতেকক সুধিছে। পুতেক নিৰুত্তৰ। সি বেচেৰাই মোৰ পৰা ধাৰ কৰি ডায়লগটো মাৰিছিল; গতিকে সি নিজেও ফচিলে, লগতে মোকো ফচালে। ধাৰ কৰাত অকণো ভুল নাই; বৰঞ্চ তাৰ ভৱিষ্যৎটি মই উজ্জ্বলহে দেখিছোঁ। এই ধাৰ কৰা ডায়লগসোপা ভৰাই নাটক লিখিয়ে এদিন এই মুলুকত সি বিখ্যাত হৈ পৰিব। মোৰ বিশ্বাস যে এই ধাৰ কৰা নাটকেৰে সি একথা ভালকৈয়ে খাব। পিছে এই মুহূর্তত মাকে মাৰিবলৈ লোৱা কটাক্ষ বাণ এপাট খাবলৈহে মই আগ্রহেৰে ৰৈ আছোঁ।

মোৰ কথা সঁচা হ’লেই নহয়! মানে দেৱীয়ে বাণ এৰিলেই,— “মেলেৰিয়া কি বস্তু নেজানই যদি মাৰক মেলেৰিয়া ডিপার্টমেণ্টত চাকৰি দিবলৈ আহিছ যে তই? জানো নহয়, মোৰ নিজৰ চাকৰি এটা নাই কাৰণে মোক উপলুঙা কৰিবলৈ কোনে তোক এইবোৰ শিকাইছে!…” বাণপাট আৰু বেছি দকৈ বুকুত বিন্ধাৰ আগতেই সমুখৰ ৰূমটোত শুবলৈ পলালো। কাৰণ, ফুলেশ্বৰীৰ ভোৰভোৰণিতকৈ মহৰ ভোনভোননি বেছি সুৰীয়া।

জুলাই মাহৰ উৎকট গৰম। এদিন আবেলি অফিচৰ পৰা আহোঁতে গেলা ঘাম এপুখুৰীমান গাটোত লেটিয়াই লৈ ঘৰ সোমাইছোঁহে, হঠাৎ এটি চিনাকি গোন্ধে নাকটি চুই গ’ল! পিছে ধৰিবহে পৰা নাই কিহৰ এই গোন্ধ। মোবাইলডাল ওলোৱাৰে পৰা মাথাৰ মেমৰি বোলা ঘিউকণো শুকাই আহিছে। এসময়ত দহজনী কলেজীয়া বান্ধৱীৰ ঘৰৰ লেণ্ডলাইন ফোন নম্বৰ মনত ৰখা এই চেনীৰামৰ মাথাই এতিয়া কিবাকৈ ভয়তহে ফুলেশ্বৰীৰ মোবাইল নম্বৰটো মনত ৰাখিব পাৰিছো। বৰ চিনাকি গোন্ধ…, কিন্তু মনত পৰা নাই যে! নাৰিকলৰ পানী লৰোৱাৰ দৰে মাথাটো ডিঙিৰ ওপৰতে এবাৰ লৰাই চালো, নাই…, ভিতৰৰ পানী সব শুকাই একেবাৰে কৰাল মাৰিছে। এনেতে মোৰ ইনফৰমাৰ বাচাধনে আহি মোক কাণে কাণে ক’লেহি,— “দেউতা, আজি মায়ে মহ মৰা দৰব এটা বনাইছে।”

“আও, কি দৰবনো?” মনতে অল-আউটৰ খৰচ কমাৰ ৰাস্তা এটা দেখি মনটো ভাল লাগি গ’ল।
“মায়ে অল-আউটৰ বটলত বিশেষ বস্তু এটা মিক্স কৰিছে।”
“কি বিশেষ বস্তুনো?”
সি এইবাৰ মোৰ কাণত মাকে শুনাৰ ভয়ত ফুচফুচাই ক’বলৈ ল’লে,— “আজি মায়ে বজাৰৰ পৰা বস্তুটোৰ এবটল কিনি আনিছে। কি জানা?”

তাৰ ফুচফুচনি আৰু মাক অহাৰ ভয়ত আলেঙে আলেঙে পাকঘৰৰ ফালে চোৱাৰ ধৰণটি দেখি এনে লাগিল যেন বিয়াৰ পিছত পতিদেৱতাই ধাৰণ কৰিবলগীয়া গুণ এটি আমাৰ গুণধৰে বৰ সৰুতেই আয়ত্ত কৰিলে!

“কি বস্তু মিক্স কৰিলেনো?”— মই আকৌ সুধিলো।
সি এইবাৰ কাণত মহে ভুনভুনোৱাৰ দৰে লাহেকৈ ক’লে,— “গৰুৰ মূত।”
“কি…?” কথা শুনি মোৰ চকু কপালত উঠিল।
“দেউতা, তুমি মোক কথা এটা কোৱাচোন।”

গোহালিৰ গোন্ধে মলমলাই থকা নাকৰ বাৰাণ্ডাৰ বায়ুখিনি হাতেৰে বিচি আঁতৰাই তাক ক’লো,— “বাচাধন, কচোন কি কথাৰ জনাৰ মন তোৰ।”
“দেউতা, গৰুবোৰক পেচাব কৰি থকা অৱস্থাত মহে কামোৰেনে বাৰু?”
“ভেলিড কুৱেশ্যন। পিছে মই নেজানিম অ’ সোণটো । তই মাৰকে সোধগৈ যা।”
“তুমিও যে আৰু দেউতা! বৰমৌৰ চাকত জুই দিবলৈ কৈছা যে!” এটি বেঁকা হাঁহি মাৰি সি ভিতৰলৈ গৈ মই শুনাকৈ মাকক তেল মাৰিবলৈ কৈছে,— “মা, চোৱাগৈচোন, আগফালৰ ৰূমটোত এটাও মহ নাই। তোমাৰ দৰবে মজ্জা কাম দিছে দেই। ইউ আৰ গ্ৰেইট।”

মই এইফালে গালত পৰা মহ এটাক সজোৰে মাৰিবলৈ গৈ নিজ হাতৰ এক প্ৰচণ্ড চৰ খাই ছোফাতে শুই পৰিলো। সৌ তাহানি গাঁৱৰ পথাৰত আবেলি খেদা এপাল গৰু যেন মোৰ নাকৰ আগেদি পাৰ হৈ গুচি গ’ল। গোহালিৰ গোন্ধে যেন দি থৈ গ’ল মিঠা পথৰুৱা ল’ৰালি!

❧ | আৰু পঢ়ক:

ফুলেশ্বৰীৰ মহ মৰা দৰব | ড° অৰূপ কুমাৰ শৰ্মা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক