সপ্তাহত এদিন—
সৰহ সংখ্যকৰে দিনটো হয় দেওবাৰ
ঘৰখন ভালকৈ সৰা-পোচা কৰি আকৌ এবাৰ
সজোৱা হয়

ড্ৰয়িংৰূমৰ পৰা কিচ্চেনলৈ
বেডৰূমৰ পৰা বাথৰূমলৈ

চোতালৰ পৰা পদূলিলৈ
ফুলনিখনৰ পৰা চাদখনলৈ

সকলোতে এবাৰ চকু দিয়া হয়
জোখতকৈও অলপ বেছি
ঠিকঠাক কৰি
বাঁহতলক কৰা হয় ঘৰ
কাৰণ সপ্তাহৰ বাকী ছদিনেই
আমি যাযাবৰ

এইদিনটোতেই আমি এবাৰ বেলিটো বিচাৰি চাওঁ
খিৰিকীৰে চাওঁ মুকলি আকাশ
সুবিধা হ’লে ওচৰৰ কোনোখন পাম-পথাৰ
বা ওখ পাহাৰ চাওঁ

আমি ইজনে সিজনৰ মুখলৈয়ো চাওঁ
চাওঁ ইজনে সিজনৰ হাঁহিৰ পাকবোৰ
শুনোঁ ভালকৈ মাতবোৰ
মাতৰ ধ্বনি প্ৰতিধ্বনিবোৰ
ঘৰখনৰ

প্ৰতিবেশী মানুহবোৰে সেইদিনাহে আমাক চায়
আমাক মাতে
আমাক ভাল পায়
আমাক খুৱাই আৰু হঁহুৱায়।

❧ | অধিক কবিতা:

দেওবাৰ | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: