‘জয়ন্তী’ৰ দুগৰাকী লেখকৰ কণ্ঠস্বৰ

‘জয়ন্তী’ৰ দুগৰাকী লেখকৰ কণ্ঠস্বৰ
  • 14 Aug, 2022

ঘুনাথ চৌধাৰী সম্পাদিত পষেকীয়া ‘জয়ন্তী’ (১৯৩৮) আছিল নতুনৰ বাৰ্তাবাহক। পুৰণি সংস্কাৰ এৰি নতুন আধুনিক তথা বিজ্ঞানমুখী চেতনাৰে সমাজখনক কাকতখনে বাট দেখুৱাব বিচাৰিছিল। কোনো সাম্প্ৰদায়িক চেতনাক প্ৰশ্ৰয় নিদিছিল। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰোধিতা কৰিছিল। বিশ্বজুৰি চলা ফেচীবাদৰ মানৱবিধ্বংসী প্ৰৱণতাৰ বিৰুদ্ধে জনজীৱনক সতৰ্ক কৰিবলৈ ধাৰাবাহিক ৰচনা প্ৰকাশ কৰিছিল। দেশৰ সাম্প্ৰদায়িক ৰাজনীতিৰ উৎসটো দেখুৱাই দিছিল। জয়ন্তীৰ এই দৃষ্টিভংগীয়ে আজিৰ সময়কো চুই যায় বাৰে বাৰে। আধুনিক চেতনাৰ উদগাতা বিজ্ঞানক আমি জনজীৱনৰ সত্তাৰ সৈতে মিহলাই দিব পাৰিছোঁনে নে এচাম ক্ষমতাশালীৰ কুক্ষিগত হৈ আছে বিজ্ঞান— সেই প্ৰশ্নও কৰিছিল জয়ন্তীয়ে। আজিও কুসংস্কাৰবোৰে পিছলৈ কিয় টানি থাকে তাৰো যুক্তিনিষ্ঠ বিচাৰ কৰিছিল।

‘জয়ন্তী’ৰ দুগৰাকী লেখকৰ দৃষ্টিভংগী এই লেখাত তুলি ধৰিব বিচাৰিছোঁ। লেখক দুগৰাকী হৈছে সদানন্দ দাস আৰু গোবিন্দৰাম দাস।

‘জয়ন্তী’য়ে স্বাভাৱিকতে বিজ্ঞানৰ অগ্ৰগতিক স্বাগতম জনাইছিল। বৈজ্ঞানিক আৱিষ্কাৰসমূহে কিদৰে আমাৰ সভ্যতাক ত্বৰান্বিত কৰিছে তাৰ লেখ লৈছিল ‘জয়ন্তী’য়ে। কিন্তু বিজ্ঞানৰ ফল সাধাৰণ মানুহে কিমানখিনি ভোগ কৰিব পাৰিছে? বিজ্ঞানক কুক্ষিগত কৰি ৰাখিছে পুঁজিপতি তথা ক্ষমতাশালী শ্ৰেণীটোৱে— যাৰ পৰিণতিত বিজ্ঞান নিয়োজিত কৰাৰ সুযোগ লৈছে এওঁলোকে নিজৰ স্বাৰ্থত। প্ৰযুক্তিৰ অপপ্ৰয়োগে এওঁলোকৰে শ্ৰেণীস্বাৰ্থ পূৰাইছে মাথোঁ। ‘জয়ন্তী’ত সদানন্দ দাসে ‘আধুনিক সমাজ আৰু ব্যক্তি’ প্ৰবন্ধত ইয়াৰ বিশ্লেষণ কৰি লিখিছে:

“বিজ্ঞানৰ সম্পদেৰে আজি মানৱ-সমাজ অতি সম্পদশালী। কিন্তু, বিজ্ঞানৰ এই সম্পদক আজি মানৱ সমাজে জীৱনৰ বিস্তীৰ্ণ ক্ষেত্ৰত সফল কৰি তুলিব পৰা নাই। বিজ্ঞানৰ এই অদ্ভুত দানক আজি মানৱ সমাজে অপমানৰ চৰম সীমাত থৈ দিছে। মানুহৰ চেষ্টাক, জ্ঞানক, অধ্যাৱসায়ক মানুহে ব্যভিচাৰ কৰি আত্মতৃপ্তি পাইছে।… যন্ত্ৰশিল্পীৰ এই অভিনৱ কৃতিত্বক আজি সমাজে মানুহৰ হত্যা-কাৰ্যত ব্যৱহাৰ কৰিছে।… সামৰিক শক্তি সমাজৰ কেইজনমান নিচেই সংখ্যা-লঘিষ্ঠ মানুহৰ হাতত নিহিত হৈছে। মানুহৰ ব্যক্তিগত জীৱনক বিজ্ঞানৰ সহায়েৰে সমাজ-জীৱনৰ হেঁচাৰে চেপি ধৰা হৈছে আৰু এই সমাজৰ ওপৰত প্ৰভুত্ব চলাইছে— কেইজনমান বিশেষ পুঁজিপতি— ৰাষ্ট্ৰনায়কে। সমাজৰ সামৰিক শক্তি এই ৰাষ্ট্ৰনায়কসকলে নিজৰ স্ব ইচ্ছাৰে পৰিচালনা কৰিছে।“

সদানন্দ দাসে স্পষ্ট ভাষাৰে কৈছে যে আধুনিক সভ্যতা-আদৰ্শই এফালে যন্ত্ৰৰ আধিপত্য বঢ়াইছে, কিন্তু মানৱ প্ৰাণৰ পৰিচয়—মনুষ্যত্বৰ বিকাশ— প্ৰাণৰ সত্য প্ৰকাশ— মুক্তিৰ সাধনা— এইফালৰ পৰা অন্তৰৰ দৈন্যত পোত গৈছে।এই সামঞ্জস্যহীন জীৱনৰ গতিয়ে মানুহৰ ব্যক্তিগত জীৱনৰ সত্যক অৱহেলিত কৰিছে বুলিয়েই সমাজৰ জীৱনত দেখা গৈছে— এফালে বিজ্ঞানৰ সম্পদ সমৃদ্ধি আৰু সমাজৰ ঐশ্বৰ্য মুষ্টিমেয় পুঁজিপতি কেইজনমানৰ হাতত পুঞ্জীভূত হৈছে আৰু আনফালে কৌটি কৌটি নৰ-নাৰী অভাৱ-সাগৰত বুলি আছে। বিজ্ঞানৰ কৃপাত কৃষি ক্ষেত্ৰত, কল-কাৰখানাত মানুহে প্ৰচুৰ উৎপন্ন কৰিও সীমাহীন দৰিদ্ৰতাত পোত গৈছে। পুঁজিপতিসকলে সিহঁতৰ লক্ষ্য সাধনৰ মাধ্যম হিচাপে আধুনিক বিজ্ঞানপ্ৰসূত ৰেডিঅ’, ছপাখানা আৰু ছায়া-চিত্ৰৰ দ্বাৰা যি খোৰাক যোগাইছে, তাকেই জনসাধাৰণে নিতান্তই অসহায় বালকৰ দৰে যেনেকৈ পায় তেনেকৈ গ্ৰহণ কৰিছে। সমাজৰ জীৱনত ব্যক্তিয়ে নিজৰ ব্যক্তিগত কথা ভাবিবলৈ গৈ সমাজ, ৰাষ্ট্ৰ আৰু ভগৱন্তৰ প্ৰাধান্যক জুখি ক্ষমতাৰ ফালৰ পৰা আগবাঢ়িব নোৱাৰে। ব্যক্তিগত জীৱনৰ স্বাধীনতা, সত্য আৰু বিশেষত্বক ৰাষ্ট্ৰ আৰু ভগৱন্তই ঘাটি থৈছে দেখিহে আজি সমাজৰ জীৱনত ইমান আহুকাল দেখা যায়—সি মানুহৰ নিজ হাতৰ সৃষ্টি। লেখকে কৈছে:

“বিজ্ঞানৰ সকলো ফালৰ সম্পদেৰে ব্যক্তিৰ এই অসহায় মনক জঘন্যভাৱে আক্ৰমণ কৰা হৈছে— এয়ে সকলোতকৈ ঘৃণ্য অপৰাধ—-Psychological assault.”

লেখকৰ দৃঢ় বিশ্বাস— “ইও সঁচা যে আঘাত অসহনীয় হ’লে নিতান্ত প্ৰভুভক্ত কুকুৰেও কামোৰ দিয়ে। এনে জঘন্য আক্ৰমণ মানুহে কিয় সহিব?”

প্ৰাচীন ৰীতি-নীতি তথা কুপ্ৰথাৰ গ্ৰহণ আৰু বৰ্জনৰ দিশটো গোবিন্দৰাম দাসে তেওঁৰ ‘নৈতিক বলৰ প্ৰগতি’ প্ৰবন্ধত চালিজাৰি চাইছে। তেওঁৰ মতে নৈতিক বলৰ প্ৰকৃত স্বৰূপ কি তাক নিৰ্ণয় কৰাৰ উপায় নাই। কিয়নো নৈতিক বলৰ লগত দেশাচাৰ, লোকাচাৰ, কুসংস্কাৰ প্ৰয়োগ কৰা দেখা যায়। তেওঁ ইয়াৰ আচল সত্য বিচাৰি উলিয়াইছে। সেয়া হ’ল অৰ্থনৈতিক অসামঞ্জস্য। অৰ্থনৈতিক অসামঞ্জস্য দূৰ নহ’লে নৈতিক বলে আঢ্যবন্ত দলৰ আইন-কানুন প্ৰণয়নত বাধা জন্মাব নোৱাৰে। অৰ্থনৈতিক ব্যৱধান দূৰ হোৱাৰ লগে লগে মৌলিক নীতিৰ আমূল পৰিবৰ্তন ঘটিব। তেতিয়াহে বংশানুক্ৰমে মৌলিক নীতিৰ ভাও ধৰি চলি অহা দুৰ্নীতিবোৰ লোপ পাব। কু-প্ৰথাৰ পৃষ্ঠপোষকসকলৰ স্বাৰ্থ আৰু উদ্দেশ্য বিবৰি লেখকে আঙুলিয়াইছে:

“মৌলিক নীতিৰ নামত কিছুমান জঘন্য প্ৰথা সমাজত চলিয়েই আছে। ইয়াৰ পৃষ্ঠপোষকসকলে আদিম অৱস্থাৰ পৰা এইবোৰ মানি আহিছে, গতিকে আমিও তাক মানি চলা উচিত বুলি কয়— কিয়নো প্ৰাচীনকালৰ পৰা সেইবোৰ চলিয়েই আহিছে আৰু আমাৰ জীৱনত অভ্যাসত পৰিণত হৈছে যেতিয়া, তাৰ সত্যতা আৰু জঘন্যতাৰ বাবে মূৰ ঘমাবৰ সকাম নাই।… এইদৰে তেওঁলোকে জঘন্য সামাজিক কুপ্ৰথাবোৰৰ প্ৰাচীনত্ব দাবী কৰি সেইবোৰৰ দাসত্ব কৰি থাকিব খোজে। এনে কু-অভ্যাস আৰু কদৰ্য ৰুচিপ্ৰিয়তাত তেওঁলোক অন্ধ। অন্ধ হোৱাৰ প্ৰধান কাৰণ ইয়াৰ লগত তেওঁলোক স্বাৰ্থ আৰু ক্ষমতাৰে জড়িত।… নিজৰ আত্মবিচাৰলৈ সমালোচনাৰ পক্ষপাতী হ’লে তেওঁলোকৰ তেনে বিশ্বাসক খামোচ মাৰি ধৰি থাকিবলৈ নিজে নিজেই লাজ পাব।“

সাম্প্ৰতিক দেশত যিটো মধ্যযুগীয় পৰিৱেশৰ জন্ম হৈছে, গোবিন্দৰাম দাসৰ কথাখিনিয়ে আমাক বাৰুকৈয়ে দংশন কৰি যায়। তেওঁ কোৱা আৰু এষাৰ উক্তি আছিল: “মানুহক মানুহ হিচাপে গণ্য কৰিলেই অনেক কু-প্ৰথা ৰহিত হোৱাটো সম্ভৱ। তেনে কৰিব গ’লে সমাজখনত জাতিগত, শ্ৰেণীগত শ্ৰেষ্ঠত্ব বিসৰ্জন দিব লাগিব।“

আজি ভাৰতত ভাষা, ধৰ্ম আৰু জাতিৰ শ্ৰেষ্ঠত্বৰে অভিযান চলিছে ক্ষমতাৰ অধিকাৰীসকলৰ দ্বাৰাই!

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
‘জয়ন্তী’ৰ দুগৰাকী লেখকৰ কণ্ঠস্বৰ | ড° পৰমানন্দ মজুমদাৰ

Follow Nilacharai on Facebook