ড° মহেশ্বৰ নেওগে গোৱালপাৰা জিলাখনক ‘The nest of singing birds’ বুলি কৈছিল৷ প্ৰতিমা বাইদেউ আৰু নিখিলেশ বৰুৱাৰ সুমধুৰ কণ্ঠত গোৱালপৰীয়া লোকসংগীত, অনাখৰী লোকৰ মুখত কুশান গান, ভাৰী গানৰ সুৰ, বায়খো-ছাথাৰ গীত, বাগৰুম্বা আদিয়ে সন্মিলিতভাৱে জিলাখনক গান গোৱা চৰাইৰ বাহ বুলি ড° নেওগে সঠিক অৰ্থতেই অভিহিত কৰিছিল৷
জিলাখনৰ ইতিহাস বহু পুৰণি৷ এখন ভূমিদানৰ ফলিত উল্লেখ থকা ‘গোৱালিটিপ্যক’ বা ‘গাল্লিটিপ্পক’ শব্দটোৰ পৰাই ‘গোৱালপাৰা’ নামটোৰ উৎপত্তি বুলি কেবাজনো পণ্ডিতে মত পোষণ কৰিছে৷ তাৰো আগতে এই ভূখণ্ড ‘ৰত্নপীঠ’ নামেৰে জনাজাত আছিল৷ ৰত্নপীঠ নামটো থকালৈকে এই ভূখণ্ড প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ অংশ হৈ আছিল৷ ইতিহাসৰ বহু কাললৈকে স্থানীয় ৰজাসকলে এই ভূখণ্ড শাসন কৰিলেও কোচ ৰাজ্য পতনৰ পাছত ই মোগলৰ শাসনাধীনলৈ আহে আৰু মোগলৰ পাছত বৃটিছে নতুনকৈ প্ৰশাসনীয় গোট গঠন কৰি ৰত্নপীঠ খণ্ডটোক গোৱালপাৰা নাম দিয়ে৷ কোচ ৰাজত্বৰপৰা বৃটিছৰ ৰাজত্বকাললৈ এই অংশটোত ক্ষুদ্ৰ ক্ষুদ্ৰ জমিদাৰ আছিল৷ জমিদাৰৰ তলত একো একোটা ক্ষুদ্ৰ ভূমি গোট জোতদাৰসকলৰ অধীনত আছিল৷ এই জোতদাৰসকলেই পোনপটীয়াকৈ প্ৰজাৰপৰা কৰ সংগ্ৰহ কৰিব লাগিছিল৷ জমিদাৰসকলেই বৃটিছ শাসিত গোৱালপাৰা জিলাত বিদ্যালয় পাতি আধুনিক শিক্ষাৰ পাতনি মেলিছিল৷ পুৰণি গোৱালপাৰাৰ সদৰ ধুবুৰীত ভোলানাথ মহাবিদ্যালয় মেচপাৰা জমিদাৰে স্থাপন কৰিছিল৷ সেই দৰে অভয়াপুৰীত ৰাণী অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গৌৰীপুৰত প্ৰমথেশ বৰুৱা কলেজ, গোৱালপাৰা চহৰত পৃথ্বিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আদি আছিল এই অঞ্চলৰ জমিদাৰসকলে স্থাপন কৰা শিক্ষানুষ্ঠান৷
বৰ্তমানৰ ধুবুৰী চহৰ আছিল এসময়ৰ গোৱালপাৰা জিলাৰ সদৰ৷ সেই সময়ৰ গোৱালপাৰা জিলাখন আজিৰ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চিৰাং জিলাক লৈ গঠিত আছিল৷ ইয়াৰে কোকৰাঝাৰ চহৰক সদৰ হিচাপে লৈ চিৰাং আৰু কোকৰাঝাৰ জিলা বিটিআৰৰ অন্তৰ্ভুক্ত আৰু দুধনৈক সদৰ হিচাপে লৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্ত আৰু কামৰূপৰ একাংশ ৰাভা হাছং এলেকাৰ অন্তৰ্গত৷ জিলাখনত ৰাভা, বড়ো, গাৰো, চাওতাল, নেপালী, কোচ ৰাজবংশী, নাথ-যোগী, বামুণ, কেওট, কলিতা আদি বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে৷ ধৰ্মৰ ফালৰপৰাও হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, জৈন আদি বিভন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান এই জিলা৷ ধুবুৰীৰ পাঁচপীৰ দৰগাহ আৰু টেগ বাহাদুৰে স্থাপন কৰা গুৰুদ্বাৰ, মীৰজুমলাই পতা পাণবাৰী মছজিদ, মহামায়াৰ মহামায়া থান, চুনাৰী আৰু মানকাচাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ, শ্ৰীসূৰ্য বা সাতালী পাহাৰ, পাগলাৰটেক মন্দিৰ আদি জিলাখনত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বহু পুৰণি উপাসনাস্থলী৷ প্ৰসাশনক ৰাইজৰ ওচৰ চপাই নিবলৈ বৃহৎ জিলাখন কেবাটাও ভাগত বিভক্ত কৰি গোৱালপাৰা চহৰক সদৰ হিচাপে লৈ বৰ্তমানৰ গোৱালপাৰা জিলা গঠন কৰা হয়৷ বৰ্তমানৰ গোৱালপাৰা জিলাত গোৱালপাৰা আৰু লক্ষীপুৰ— দুখন পৌৰসভা আছে৷
আকাৰত সৰু হ’লেও জিলাখন সামাজিক-সাংস্কৃতিক দিশত চহকী৷ ইয়াৰ পূবফালে কামৰূপ গ্ৰাম্য জিলা, পশ্চিমে দক্ষিণ শালমাৰা-মাচকাচৰ জিলা, দক্ষিণে পশ্চিম গাৰোপাহাৰ জিলা আৰু ব্ৰহ্মপুত্ৰ নদ বৈ গৈছে৷ ব্ৰহ্মপুত্ৰ নদৰ এপাৰত থকা নৰনাৰায়ণ সেতুখনে বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে৷ জিলাখনত বহু লেখত ল’বলগীয়া ব্যক্তিৰ জন্ম হৈছে৷ সৰ্বভাৰতীয় খ্যাতি লাভ কৰা অভিনেতা বাহাৰুল ইছলাম, আদিল হুছেইন আৰু প্ৰয়াত আশ্ৰফুল ইছলামৰ ঘৰ এইখন জিলাতে৷ আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী মুবিন ৰাভা আৰু ডাইনী হত্যা বিৰোধী সংগ্ৰামৰ অগ্ৰণী পদ্মশ্ৰী বীৰুবালা ৰাভাৰ ঘৰ গোৱালপাৰা জিলাত৷ সংগীত নাটক অকাডেমীৰ বঁটা প্ৰাপক ৰাজেন পাম আৰু শুক্ৰাচাৰ্য ৰাভাৰ ঘৰ গোৱালপাৰা জিলাত৷ এই তালিকাখন কৈ শেষ কৰিব নোৱাৰি৷ ৰতন কুমাৰ ৰায় হাজং, মধুসূদন দাস, জিষ্ণু মেধি, মৃণালকান্তি মেধি, জবা চক্ৰৱৰ্তী, ড° ক্ষীৰেন ৰয়, ড° পৰিতোষ চক্ৰৱৰ্তী, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, ৰাজেন ৰাভা, অমৃতভূষণ দেৱ অধিকাৰী, গল্পকাৰ অতনু ভট্টাচাৰ্য, প্ৰয়াত জিতেন ডেকা, অধ্যাপক ড° উপেন ৰাভা হাকাচাম, মুকুল ৰাভাকে ধৰি অসমৰ কেবাগৰাকীও আগশাৰীৰ ব্যক্তিৰ ঘৰ গোৱালপাৰা জিলাত৷ গোৱালপাৰাৰ সুসন্তান প্ৰসন্ন কুমাৰ ঘোষ আৰু লক্ষীপুৰৰ মুক্তিযোদ্ধা শৈলজাকান্ত বোসে জিলাখনত বিদ্যালয়ৰপৰা বাংলা ভাষাক গুচাই অসমীয়া ভাষা প্ৰৱৰ্তন কৰা অগ্ৰণী ব্যক্তি আছিল৷ প্ৰয়াত ৰজনীকান্ত সিংহই ১৯৬২ চনতে শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম আছিল ৰণাৰাম চৌধুৰী আৰু প্ৰথম শ্বহীদ আছিল বলবলাৰ নিধুৰাম ৰাজবংশী৷ সেই সময়ত গোৱালপাৰা জিলাখন অসমৰ ভিতৰত নাছিল বাবেই হয়তো কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকনৰ সৈতে ৰণাৰাম চৌধুৰীৰ নাম অসম বুৰঞ্জীত অন্তৰ্ভুক্ত নহ’ল৷
সাহিত্যিক পেঞ্চনাৰ দিলীপ কুমাৰ শৰ্মাৰ সদ্য প্ৰকাশিত ৭১৫ পৃষ্ঠাৰ লগতে ৮ পৃষ্ঠাৰ বহুৰঙী ফটো সংলগ্ন ‘গোৱালপাৰা দৰ্পণ’ গ্ৰন্থখন বহু তথ্য সম্বলিত জিলাখনৰ এক প্ৰামাণ্য দলিল৷ ৬টা সুকীয়া অধ্যায়ত বিভক্ত গ্ৰন্থখনত গোৱালপাৰাৰ অতীত ইতিহাস, জনগোষ্ঠীসমূহৰ পৰিচয়, অধিবাসীসকলৰ ধৰ্ম, স্থাপত্য, ভাস্কৰ্য, মঠ-মন্দিৰ আদিৰ বিৱৰণ, আৰ্থসামাজিক ব্যৱস্থা, স্বাধীনতা আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ পৰিচয়, সাহিত্য, ক্ৰীড়া, নাটক, সংবাদসেৱাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত কৃতবিদ্য ব্যক্তিসকলৰ পৰিচয়, জিলাখনৰ ঠাই নামৰ উৎস আদি সামৰি লৈছে৷ সুন্দৰ ছপা-বন্ধাৰে এই গ্ৰন্থখনে জিলাখনৰ বহু নজনা তথ্যৰ সম্ভেদ দিছে৷
![গোৱালপাৰা দৰ্পণ গ্ৰন্থৰ বেটুপাত](https://res.cloudinary.com/s3/image/upload/v1713116513/nlc/goalpara-darpan-book-cover-686x1024.webp)
গোৱালপাৰা দৰ্পণ
দিলীপ কুমাৰ শৰ্মা
প্ৰকাশক: বিনীতা দেৱী
পৃষ্ঠা সংখ্যা: ৭১৫+৮
মূল্য: ৭০০ টকা
❧ | আৰু পঢ়ক: