কৃষ্ণ দ্বৈপায়ন বেদব্যাস

কৃষ্ণ দ্বৈপায়ন বেদব্যাস
  • 10 Oct, 2022

হে ব্যাস, মোৰ শত কোটি প্রণাম তোমালৈ
তোমাৰ সৰ্বব্যাপী চিন্তন আৰু সর্বদর্শী দৃষ্টিৰে
প্রকাশিলা জ্ঞানৰ জ্যোতি;
পুষ্ট হ’ল অমৰ মহাকাব্য মহাভাৰতৰ।
—কে এম মুন্সি (কৃষ্ণ অৱতাৰ)

ভা ৰতীয় সংস্কৃতিৰ সংৰক্ষণ, উত্তৰণ আৰু প্ৰসাৰণত আজীৱন ব্রতী, যশস্বী সাহিত্যিক তথা আদর্শনীয় ৰাজনীতিজ্ঞ, ভাৰতীয় সংবিধান প্রণেতাসকলৰ এজন, ভাৰতীয় সংস্কৃতিৰ বাহক বুলি স্বীকৃত ভাৰতীয় বিদ্যা ভৱনৰ প্রতিষ্ঠাতা কুলপতি কে এম মুন্সিয়ে ভগৱান কৃষ্ণৰ কৃতি আৰু কীর্তিৰে ৰচনা কৰা প্রায় দুহেজাৰ পৃষ্ঠাৰ (আঠ খণ্ডৰে) অতুলনীয় গ্ৰন্থখন হ’ল— কৃষ্ণ অৱতাৰ। গ্রন্থখনৰ প্ৰথম খণ্ড মুন্সিজীয়ে আৰম্ভ কৰিছিল উপৰি উক্ত ব্যাস-বন্দনাৰে, কৃষ্ণ-বন্দনাৰে নহয়। এই স্তৱকটোৰ পিছতহে কৃষ্ণৰ বন্দনা কৰা হৈছিল। কিয়নো শ শ বছৰৰ পাছতো কৃষ্ণ চৰিত্ৰৰ প্ৰসাৰণ সম্ভৱ হৈ আছে ব্যাস-সাহিত্যৰ মাধ্যমেৰেহে। স্তৱকটোত মহাকাব্য মহাভাৰতৰ বিশেষভাৱে উল্লেখ হৈছে।

ব্যাস কেৱল মহাভাৰতৰ ৰচকেই নাছিল, আছিল মহাভাৰতৰ স্ৰষ্টাও। কুৰু সম্রাট শান্তনুৰ দুই পুত্র— চিত্ৰাংগদ আৰু বিচিত্রবীর্যৰ অকাল মৃত্যুত কুৰু বংশ ৰক্ষাৰ হেতু মাতৃ সত্যৱতীয়ে মাতি আনিছিল ব্যাসক। সেই যুগৰ প্ৰচলিত ‘নিয়োগ’ প্রথানুক্রমেই ব্যাসৰ ঔৰষত বিচিত্রবীর্যৰ পত্নী অম্বিকাৰ গৰ্ভত জন্ম হ’ল ধৃতৰাষ্ট্র, অম্বালিকাৰ গৰ্ভত পাণ্ডু আৰু দাসীগৰাকীৰ গৰ্ভত বিদূৰৰ। মহাভাৰতৰ যুদ্ধৰ পাতনি যেন তেতিয়াই আৰম্ভ হ’ল।

মৎস্যগন্ধা নামৰ ছোৱালীজনীয়ে পিতৃ ঝৰথৰ সৈতে এদিন ৰাতিপুৱা যমুনাৰ পাৰত ঘূৰি ফুৰোঁতে দেখা পালে মহিষমতি ৰাজ্যৰ আততায়ী ৰজা সহস্ৰাৰ্জুনৰ অত্যাচাৰত মুমূর্ষু হৈ পৰি থকা মুনি এজনক। পিতৃ-দুহিতৃ মিলি মুনিজনক লৈ গ’ল যমুনাৰ মাজত কল্পি নামৰ সৰু দ্বীপটোত থকা তেওঁলোকৰ পৰ্ণ কুটিৰলৈ। মৎস্যগন্ধাৰ শুশ্রূষাত মুনিয়ে চেতনা লাভ কৰিলে আৰু এদিন পুনৰ সক্রিয় হৈ উঠিল। সেয়ে নহয়, সময়ত মুনিবৰ মৎস্যগন্ধাৰ প্ৰেমত বান্ধ খালে। কিন্তু জ্ঞান আহৰণ আৰু বিতৰণৰ তাড়নাত অন্তঃসত্ত্বা মৎস্যগন্ধাক দ্বীপটোতে এৰি, মাত্র পুনৰ ঘূৰি অহাৰ বাক্য দি মুনিবৰ আঁতৰি গ’ল। মুনিবৰ আছিল মহর্ষি বশিষ্ঠৰ নাতি তথা শক্তি-পুত্ৰ পৰাশৰ।

পিতৃৰ অনুপস্থিতিতেই মৎস্যগন্ধাই কলীয়া পুত্ৰৰ নাম ৰাখিলে কৃষ্ণ। মাতৃৰ দৃষ্টিত কৃষ্ণ সুন্দৰ আছিল যদিও সাধাৰণ বিচাৰত ল’ৰা কুৰূপেই আছিল। তুলনামূলকভাৱে বৃহৎ মূৰৰ ল’ৰাটোৰ কপালখন আছিল উঠঙা। আনহাতে তেওঁৰ চকু দুটাত যেন বিজুলী সঞ্চাৰ হৈছিল। মুঠতে কৃষ্ণ নাছিল উন্নত আর্য পুৰুষৰ দৰে দেখনিয়াৰ। সেয়ে হয়তো ৰাজকুঁৱৰী অম্বিকাই ভয়তে চকু জপাই দিছিল। আৰু ফলস্বৰূপে ধৃতৰাষ্ট্ৰ হ’ল আজন্ম অন্ধ। কিন্তু কুৰূপ পুৰুষগৰাকীৰ অন্তৰত প্ৰেমৰ, সকলোৰে প্রতি ভাল পোৱাৰ যি শিখা প্রজ্বলিত হৈ আছিল, তাত সকলোৱেই আশ্ৰয় লৈছিলহি। তেওঁৰ দৰ্শনত চিন্তাগ্রস্তজনৰ চিন্তা আঁতৰিছিল, তেওঁৰ স্পৰ্শত ৰোগী নিৰাময় হৈছিল।

কৃষ্ণই যেতিয়া বুজিব পৰা হ’ল যে পিতৃ পৰাশৰে জ্ঞান অন্বেষণতে তেওঁৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, তেতিয়া বিনা প্রতিবাদে পিতৃৰ কাৰণে অপেক্ষা কৰিবলৈ সংকল্প ল’লে। তথাপি মাতৃৰ চকুৰ আঁতৰ হ’লেই যমুনাৰ পাৰলৈ গৈ পিতৃক লৈ অহা সম্ভাব্য নাওখনলৈ বাট চাইছিল। পৰাশৰো আহিছিল প্রতি বছৰে মাত্র তিনি-চাৰি দিনৰ কাৰণে। শেষত কৃষ্ণৰ ছবছৰ বয়সত পৰাশৰে আহি পুত্ৰক তেওঁৰ লগত লৈ গ’ল। পৰাশৰে মৎস্যগন্ধাক যশস্বিনী হ’বলৈ আশীর্বাদ কৰাৰ লগতে সান্ত্বনাও দিলে— ‘এই কৃষ্ণক সদায়ে দ্বৈপায়ন বুলি মাতিম, যাতে সি এই দ্বীপৰ সৈতে তোমাক পাহৰি নাযায়।’

পৰাশৰে পুত্ৰক লৈ বিভিন্ন আশ্রম পৰিদৰ্শন কৰি, ভ্রমণ কালতে বেদকে আৰম্ভ কৰি বিভিন্ন শাস্ত্ৰৰ ব্যাখ্যা কৰি শুনাইছিল। ছবছৰতে দ্বৈপায়নৰ উপনয়ন অনুষ্ঠানো পাতিলে। দ্বৈপায়ন দ্বিজ হ’ল। উপনয়নৰ পাছত দ্বৈপায়নে বাৰ বছৰ কাল ব্রহ্মচর্য ব্রত পালন কৰিছিল আৰু এই কালতে ঋক, যজুঃ আৰু সামবেদ সম্পূর্ণভাৱে আয়ত্ত কৰাৰ উপৰিও অথর্ব বেদৰো বহু জ্ঞান আহৰণ কৰে।

মাতৃ মৎস্যগন্ধাক এৰি অহাৰ তেৰ বছৰৰ আৰু পিতৃৰ মৃত্যুৰ চাৰি মাহৰ পাছৰ কথা। পিতৃ পৰাশৰৰ দ্বাৰা প্রতিষ্ঠিত, কিন্তু পাছত প্রায় ধ্বংসপ্রাপ্ত হোৱা ধর্মক্ষেত্র (পাছত কুৰুক্ষেত্ৰ বুলি খ্যাত) আশ্রমক নতুনকৈ গঢ়ি তুলিবলৈ দ্বৈপায়নে বিভিন্ন ৰাজ্যত সাহায্য বিচাৰি বিচাৰি শেষত হস্তিনাপুৰ পালেহি। কিন্তু সেয়া বৰ শুভ ক্ষণ নাছিল। সেই সময়ত সম্রাট শান্তনু ৰোগ-শয্যাত। তথাপি অন্যান্য ঋষি-মুনিসকলৰ লগতে দ্বৈপায়নো সম্রাটক দেখা কৰিবলৈ গ’ল। ঋষি-মুনিসকলে নিয়মিত আশীর্বাদ জনোৱাৰ পাছত যুৱৰাজ গাঙ্গেয়ই তেওঁলোকক বিদায় দিলে। কিন্তু দ্বৈপায়ন তাতে থিয় হৈ থাকিল। পিতৃৰ অসুস্থতাৰ কাৰণে চিন্তিত গাঙ্গেয়ই বিৰক্ত হৈ দ্বৈপায়নক প্রশ্ন কৰিলে— ‘তোমাক কি লাগে?’ দ্বৈপায়নে উত্তৰ দিলে— ‘সন্মানীয় যুৱৰাজ, মই দিবলৈহে আহিছোঁ, নিবলৈ অহা নাই।’ তাকে কৈ সম্রাটক পুনৰ আশীর্বাদ জনাই দ্বৈপায়নে ৰাজকক্ষ ত্যাগ কৰিলে।

যুৱকজনৰ কথাত সম্রাটৰ কাষতে থকা সম্রাজ্ঞী সত্যৱতী বৰ অভিভূত হ’ল আৰু ইতিমধ্যে বাহিৰলৈ যোৱা বালক মুনিজনক নিজৰ ভৱনলৈ মাতি অনালে। হাতযোৰ কৰি সত্যৱতী মুনিৰ ফালে আগবাঢ়োঁতেই আৰু মুনিয়েও আশীর্বাদ কৰিবলৈ হাত দাঙোতেই, সম্রাজ্ঞীৰ মূৰ আৰু মুখৰ আচ্ছাদন খহি পৰিল। দ্বৈপায়ন হতভম্ব হ’ল— সন্মুখত যে মাতৃ মৎস্যগন্ধা! দ্বৈপায়ন সত্যৱতীৰ ভৰিত পৰিল।

মৎস্যগন্ধাৰ প্ৰেমত কেৱল মুনি পৰাশৰেই পৰা নাছিল। পৰিছিল কুৰু-সম্রাট শান্তনুও। আৰু মাছুৱৈৰ জী মৎস্যগন্ধা হ’ল সম্রাজ্ঞী সত্যৱতী। সম্রাট শান্তনুৰ এই দ্বিতীয় বিবাহ সম্পন্ন হৈছিল প্রথম বিবাহৰ প্রায় অর্ধ শতাব্দীৰ পাছত।

সত্যৱতীয়ে পুত্রদ্বয় চিত্রাঙ্গদ আৰু বিচিত্রবীর্যৰ লগত দ্বৈপায়নক মুনিবৰ পৰাশৰৰ পুত্ৰ বুলি চিনাকি কৰি দিলে। আৰু দ্বৈপায়নক দিলে সম্রাট শান্তনুৰ চিকিৎসাৰ দায়িত্ব। সম্রাট ৰোগমুক্ত হোৱাত দ্বৈপায়নে ৰাজ পৰিয়ালৰ পৰা বিদায় লোৱাৰ সময়ত সত্যৱতীয়ে শান্তনুক সম্বোধি ক’লে— ‘আর্যপুত্র, আমাৰ বিবাহৰ আগত মই মহাৰাজক জনাইছিলো— মোৰ এটি পুত্র সন্তান আছিল আৰু তাক তাৰ পিতৃয়ে মোৰ পৰা আঁতৰাই নিছিল।’ আৰু দ্বৈপায়নলৈ আঙুলিয়াই ক’লে— ‘এৱেঁই মোৰ হেৰোৱা পুত্র।’ সম্রাটে এবাৰ সত্যৱতীলৈ আৰু এবাৰ দ্বৈপায়নলৈ চাই মনতে নিশ্চিত হ’ল সম্রাজ্ঞীৰ মতিভ্রম হৈছে।

দ্বৈপায়ন পুনৰ তেওঁৰ অভিযানত প্রবৃত্ত হ’ল। সময়ত অথর্ব বেদৰ গাঢ় পৃষ্ঠপোষক মহা অর্থবান জাবালিৰ লগত বেদ সম্পর্কে জটিল তৰ্কত লিপ্ত হ’বলগীয়া হৈছিল মুনি দ্বৈপায়ন। তর্কৰ শেষত জাবালি ইমান অভিভূত হ’ল যে বেদজ্ঞ পুত্রী ভটিকাক দ্বৈপায়নলৈ বিয়া দিলে।

বৈবাহিক জীৱন আৰম্ভ কৰাৰ লগে লগে দ্বৈপায়নে বেদ চৰ্চাৰ কাৰণে বাৰ বছৰীয়া ‘শ্রৌত সত্ৰ’ৰো আৰম্ভ কৰিলে। ইতিমধ্যে সম্রাট শান্তনুৰ মৃত্যু ঘটাত দ্বৈপায়ন মাজে-সময়ে মাকৰ খবৰ ল’বলৈ হস্তিনাপুৰলৈকো যাবলগীয়া হৈছিল। শান্তনুৰ মৃত্যুত পুত্র চিত্রাঙ্গদ ৰাজ সিংহাসনত উপবিষ্ট হয়। কিন্তু কেইমাহমানৰ পাছতে তেওঁৰ মৃত্যু হয় আৰু ভ্রাতৃ বিচিত্রবীর্যক ৰজা পতা হয়। দুর্ভাগ্যক্রমে অলপ দিনৰ ভিতৰতে বিচিত্রবীর্যও ৰাজ অট্টালিকাৰ ওপৰৰ পৰা পৰি মৃত্যুৰ মুখত পৰে। সেয়ে কুৰুবংশ ৰক্ষাৰ কাৰণেই আৱশ্যক হৈছিল দ্বৈপায়নৰ। ইতিমধ্যে দ্বৈপায়নৰ ঔৰসত ভটিকাৰ গৰ্ভত শুকদেৱৰ জন্ম হয়।

বাৰ বছৰীয়া শ্রৌত সত্ৰৰ ভিতৰতে দ্বৈপায়নে সহযোগীসকলৰ সহায়ত চাৰি বেদৰ সম্পাদনা কৰে। বেদ সম্পাদন হোৱাত সত্ৰৰ শেষৰ দিনা আশ্ৰমত একত্রিত হোৱা ঋষি-মুনিসকলে আৰু ৰজা-মহাৰজাসকলে দ্বৈপায়নক বেদব্যাস বুলিলে। ব্যাস শব্দৰ আভিধানিক অর্থ হ’ল— শৃংখলাবদ্ধ বা শ্রেণীবদ্ধ কৰা অর্থাৎ সাহিত্যৰ ভাষাত— সম্পাদনা কৰা। সেয়ে বেদব্যাস: বেদৰ সম্পাদনা কৰা জন। সত্ৰ সমাপ্তিৰ লগে লগে বেদব্যাসে পাছৰ বাৰ বছৰৰ বিভিন্ন আশ্ৰমৰ স্থাপন আৰু উন্নয়নৰ যোজনা স্থিৰ কৰিলে আৰু সেই প্রক্রিয়াতে সনাতন ধর্মৰ ভেটি সুদৃঢ় কৰিলে। ‘তীর্থযাত্রা’ সংস্কৃতিৰ উদ্ভাৱন কৰিলে— যি সংস্কৃতিয়ে এতিয়াও সমগ্ৰ ভাৰতকে এক কৰি বান্ধি ৰাখিছে।

ভূত আৰু ভৱিষ্যৎ-দ্রষ্টা বেদব্যাসে সাধাৰণ পাৰ্থিৱ জীৱনৰ সকলো সীমা অতিক্ৰম কৰিছিল। তেওঁ যলৈকে গৈছিল, তাতেই ধর্মই স্থিতি লাভ কৰিছিল। ব্যাসে তেওঁৰ ভ্ৰমণ কালত দুবাৰ মথুৰাত উপস্থিত হৈছিল। প্ৰথমবাৰ তেওঁক অভ্যর্থনা জনাইছিল ৰজা উগ্রসেনে। দ্বিতীয়বাৰ মথুৰালৈ যাওঁতে উগ্রসেন আছিল বন্দীশালত। ব্যাসে লগ পাইছিল অক্ৰুৰ আৰু দৈৱকীক। ব্যাসে দৈৱকীক আশ্বাস দিছিল—’তোমাৰ মুক্তি সমাগত। তোমাৰ গৰ্ভস্থ সন্তানৰ কোনেও একো ক্ষতি-ক্ষুণ্ণ কৰিব নোৱাৰে। তেওঁ স্বয়ং ভগৱান।’

গর্গাচাৰ্যৰ মতে, সেই কালত বেদব্যাসেই মুনিশ্রেষ্ঠ আছিল। সেই স্বীকৃতি দিছিল স্বয়ং শ্রীকৃষ্ণয়ে। প্রথম সাক্ষাতত শ্রীকৃষ্ণই ব্যাসক সাষ্টাঙ্গে প্রণাম কৰিছিল আৰু ব্যাসে আশীর্বাদ দিছিল— ‘তুমি এশ বছৰ জীয়াই থাকা— অ’নহয়, এশ আৰু একুৰি বছৰ।’ পাছৰ কালত যেতিয়া কৃষ্ণৰ অৱগত হৈছিল যে ব্যাস সকলোৰে প্ৰিয় আৰু বিৰোধীবিহিন, তেতিয়া কৃষ্ণ ব্যাসৰ প্রতি মনে মনে ঈর্ষান্বিত হৈছিল।

পাণ্ডুৰ মৃত্যুৰ পাছত কুন্তীয়ে পাঁচ পুত্ৰৰ সৈতে পাণ্ডুকেশ্বৰৰ পৰা হস্তিনাপুৰলৈ যাওঁতে বাটতে কুৰুক্ষেত্ৰত ব্যাসক লগ ধৰি হস্তিনাপুৰত ঘটিব পৰা প্রতিকূল পৰিস্থিতিৰ কথা কৈছিল। সেয়া ভৱিষ্যৎদ্রষ্টা দূৰদৃষ্টিসম্পন্ন ব্যাসৰো অৱগত হৈছিল। সেয়ে তেওঁ আশ্রম এৰি কুন্তীৰ লগত হস্তিনাপুৰলৈ গৈছিল।

অতিথি বা আনকি তেওঁৰ শিষ্যসকলেও খোৱা-বোৱা শেষ নকৰালৈকে ব্যাসে আহাৰ গ্ৰহণ নকৰিছিল। ব্যাসৰ হেজাৰ-বিজাৰ শিষ্যই বিভিন্ন স্থানত আশ্ৰম পাতিছিল আৰু সেইবিলাক ব্যাসে নিয়মিতভাৱে পৰিদৰ্শন কৰিছিল। সেই আশ্রমবিলাক ব্যাসৰ প্রচেষ্টাতে সামাজিক, আধ্যাত্মিক আৰু মানৱীয় শিক্ষাৰ কেন্দ্রভূমি হৈ পৰিছিল। ব্যাসে সেই আশ্রমবিলাক পৰিদৰ্শন কৰিবলৈ যাওঁতে পুত্র শুক আৰু মুখ্য শিষ্যসকলক লগত লৈ গৈছিল। তেওঁ দৰিদ্ৰৰ প্রতি সর্বদায়ে অনুকম্পিত আছিল আৰু তেওঁৰ আশীর্বাদত ৰোগী নিৰোগী হোৱাৰ লগতে দুৰ্ভগীয়াজনৰ মুখত হাঁহি বিৰিঙিছিল।

যুধিষ্ঠিৰৰ ৰাজ্যাভিষেকৰ সময়ত জ্যেষ্ঠ পিতৃ ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ পুত্ৰ দুর্যোধন, দুঃশাসন আদিয়ে কৰা বিৰোধিতা আৰু ষড়যন্ত্রত যুধিষ্ঠিৰ চিন্তাক্লিষ্ট হোৱাত ব্যাসে উপদেশ দিছিল— ‘আমাৰ জীৱনত কেতিয়াবা এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া আমি নিজেই বিচাৰি উলিয়াবলগীয়া হয় আমি কি কৰিব বিচাৰোঁ নহয়, কি কৰা উচিতহে। গতিকে তুমি অতি নম্ৰতাৰে আৰু আস্থাৰে ভগৱানৰ সহায় বিচাৰা। এনে সময়ত তোমাক ভগৱান ভিন্ন অন্য কোনোৱেই সহায় কৰিব নোৱাৰে।’

কুৰু ৰাজসভাত ব্যাসেই আছিল আটাইতকৈ সন্মানীয় ব্যক্তি। যুধিষ্ঠিৰ আৰু দুর্যোধনে প্রথমতে ব্যাসকহে প্রণাম জনাইছিল; তাৰ পাছতহে ভীষ্ম আৰু ধৃতৰাষ্ট্রক। ৰাজ্যাভিষেকৰ পিছত ব্যাসে দিয়া আশীর্বাদৰ স্তৱকটো আছিল— ‘পৰম ভগৱন্তই আমাক ৰক্ষা কৰক। ভগৱান প্রদত্ত জীৱন, আমি মিলিজুলি উপভোগ কৰোঁ। আমাৰ জ্ঞানৰ জ্যোতি ব্যাপ্ত হওক; তাকো চেৰাই আমাৰ মাজৰ ঘৃণা ভাব মষিমূৰ হওক। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।’ এই স্তৱকটোতে প্ৰকট হৈছে বেদব্যাসৰ জীৱনাদর্শ।

বেদব্যাসে চাৰি বেদৰ সম্পাদনা আৰু অধ্যাপনা কৰাৰ উপৰিও সোতৰ পুৰাণ আৰু ইতিহাসৰো অধ্যাপনা কৰিছিল— বিভিন্ন সত্র তথা আশ্ৰমত। সময়ত মহাকাব্য মহাভাৰত ৰচনা কৰিলে। তথাপি ব্যাসৰ মনত শান্তি উপলব্ধ হোৱা নাছিল। তাকে নাৰদৰ আগত ব্যক্ত কৰাত নাৰদে উপদেশ দিলে— ‘ভগৱান নাৰায়ণৰ জয়গান গোৱা, তেওঁৰ বিশ্বৰূপ, বিভূতি আৰু বিভিন্ন অৱতাৰৰ বৰ্ণনা কৰা। তাকে কৰিলে তুমি আকাংক্ষিত শান্তি লাভ কৰিব পাৰিবা।’ ব্যাসৰ সেই শান্তি লভাৰ প্রচেষ্টাতে সৃষ্টি হ’ল পুৰাণসূর্য শ্রীমদ্ভাগৱতৰ। মন কৰিবলগীয়া যে কৃষ্ণ দ্বৈপায়ন বেদব্যাস বিৰচিত শ্রীমদ্ভাগৱত কেৱল ভগৱানৰ প্রশস্তিয়েই নহয়, এই পুৰাণসূর্য সর্বতিকালৰ কাৰণে ইতিবাচক চিন্তাধাৰাৰ এক অনন্য পাঠ্যপুথি।

জ্ঞান আহৰণ তথা বিতৰণৰ প্রতি অত্যন্ত আসক্ত নহ’লে, বেদব্যাসে যি সাহিত্যসম্ভাৰৰ সৃষ্টি কৰিলে, সেয়া মাত্র এটা জীৱনকালত সম্ভৱ নহয়। সেয়ে এনে আসক্তিক বুজাবলৈ এটা নতুন শব্দৰে সৃষ্টি হ’ল— ব্যাসক্ত। হিন্দু বিশ্বাস মতে, ব্যাস চিৰঞ্জীৱী। ব্যাসৰ ইচ্ছা মৃত্যুও হ’ব নোৱাৰে। কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ মৃত্যু হ’ব তেতিয়াহে, যিদিনা ভাৰতীয় সভ্যতাৰ মৃত্যু হ’ব।

(বিশেষকৈ কে এম মুন্সিৰ ‘কৃষ্ণ অৱতাৰ’ৰ আধাৰত।)

❧ | আৰু পঢ়ক:

ছবি: Nahsik01, CC BY-SA 4.0, via Wikimedia Commons

Follow Nilacharai on Twitter
কৃষ্ণ দ্বৈপায়ন বেদব্যাস | ড° গকুল গোস্বামী

Follow Nilacharai on Facebook