প্ৰ শান্তই গ্ৰন্থমেলাৰ ষ্টলবোৰত সোমাই এনেয়ে কিতাপবোৰ চাই গৈছিল। কিতাপবোৰৰ যিহে জুই-ছাই দাম, মন থাকিলেও তাৰ দৰে ‘ৰাম বেকাৰ’ এটাৰ দ্বাৰা কিতাপ কিনি পঢ়াটো অসম্ভৱ। গতিকে ‘ঘ্রাণেন অৰ্ধং ভোজনম’ৰ দৰে সি কিতাপবোৰ লিৰিকি-বিদাৰি চায়েই জ্ঞান-ক্ষুধা আৰু পঠন-ক্ষুধা নিবাৰণ কৰিছিল৷
কালিৰ পৰা জজ ফিল্ডত নৰ্থ-ইষ্ট বুক ফেয়াৰ আৰম্ভ হৈছে। গ্রন্থকীটসকলক আকৰ্ষণ কৰিবলৈ প্ৰতিটো প্ৰকাশন প্রতিষ্ঠানেই নিজৰ নিজৰ ষ্টলবোৰ একেবাৰে ন-কইনাৰ দৰে সজাই তুলিছে। গ্রন্থমেলাৰ বাহিৰৰ পৰিৱেশো কম আকর্ষণীয় নহয়! ফাষ্টফুডৰ দোকানবোৰত সজাই থোৱা সুগন্ধি, লোভনীয়, মোক খা মোক খা কৰি থকা খাদ্যবস্তুবোৰ দেখিলে লোভ-মোহ পৰিত্যাগী, অৰণ্যবাসী ঋষি-মুনিসকলৰো জিভাৰ পানী টোপ টোপকৈ পৰিব৷ প্ৰশান্তই ষ্টল এখনত সোমাব খোজোঁতেই চহকী মানুহৰ বিয়াঘৰত দুখীয়া মিতিৰৰ মানুহ একাষৰীয়াকৈ, ফালৰি কাটি থকাৰ দৰে প্ৰধান ষ্টলবোৰৰ পৰা কিছু দূৰৈত থকা নিনাও, সৰু ষ্টল এখনৰ সন্মুখত খুব ভিৰ দেখি সি সেইখিনি পালেগৈ। দোকানখনে উলিওৱা ‘উপাৰ্জনৰ সহজ পথ’ নামৰ কিতাপখন কিনিবলৈকে তাত ডেকা-গাভৰুবোৰৰ ইমান ভিৰ হৈছিল— যেন খোলা মিঠৈৰ টিঙত মাখিহে পৰিছে! প্রশান্তয়ো ভিৰ ঠেলি কিতাপখনৰ কপি এটা হাতত তুলি ল’লে৷ লেটাৰ প্ৰেছত ছপা কৰা, পুস্তিকা জাতীয় এখন সৰু কিতাপ। দাম পাঁচ টকা। লেখকজনৰ নামটোও আকর্ষণীয়— ৰঘুনন্দন ঘৰফলীয়া। প্ৰশান্তই কিতাপখনৰ কপি এটা কিনি লৈ ষ্টলখনৰ পৰা ওলাই আহিল। সি মনৰ কৌতূহল দমাব নোৱাৰি গ্ৰন্থপ্ৰেমীসকলৰ কাৰণে ঠায়ে ঠায়ে সজাই থোৱা খেৰৰ জাপিবোৰৰ তলৰ গাৰ্ডেন চেয়াৰ এখনত বহি কিতাপখন মেলি ল’লে। কিতাপখনত ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ যুৱকসকলৰ কাৰণে উপাৰ্জনৰ সহজ পথ কিছুমানৰ বিৱৰণ দিয়া আছে। প্রশান্তই বাকীবোৰ বাদ দি অসমীয়া যুৱকসকলৰ কাৰণে থকা অধ্যায়টো মেলি ল’লে।
অসমীয়া যুৱকসকল চাকৰিপ্রিয়। এওঁলোক স্বভাৱতে এলেহুৱা আৰু কৰ্মবিমুখ হোৱা কাৰণে চাকৰিৰ বাহিৰে বেলেগ কাম কৰিবলৈ নিবিচাৰে। কিন্তু বর্তমান অসমত চাকৰি পোৱাটো এভাৰেষ্ট শৃংগ বগোৱাৰ সমানেই কঠিন কাম। এপাচি শাকত এটা জালুকৰ দৰে ক’ৰবাত কেতিয়াবা দুই-এটা চাকৰি ওলালেও ঘোচ-ঘাচ খুৱাব নোৱাৰিলে, মন্ত্ৰী-এম এল এৰ লগত শঠা-মিতিৰ নহ’লে চাকৰি পাব নোৱাৰি। গতিকে অসমীয়া যুৱকসকলে হাড়ক মাটি কৰি তেজক পানী কৰি পঢ়ি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ কোনো প্ৰয়োজন নাই। নিৰ্বাচনৰ সময়ত ক্ষমতালৈ আহিব পৰা সম্ভাব্য ৰাজনৈতিক দলৰ প্ৰাৰ্থী একোজনৰ লগত লেমটৌ হৈ লাগি থাকি, তেওঁৰ কাৰণে দেহে-কেহে খাটি দিলেই পাছত চাকৰি নাপালেও ঠিকা-ঠুকলি, মদৰ মহল আদি লৈ উপাৰ্জনৰ পথ মোকলাব পাৰি।
নেতাগিৰি আৰু দালালগিৰি কৰিও অসমীয়া ডেকাসকলে সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে। নেতাগিৰি কৰিবলৈ শৈশৱৰ পৰাই তর্কসভা, আলোচনা-চক্ৰ আদিত ভাগ লৈ ভাষণ দিয়াৰ ক্ষমতা আয়ত্ত কৰি ল’ব লাগিব। টানি-টুনি মেট্ৰিকটো পাছ কৰাৰ পাছতে আছু, আমছু, আটছা, আছু আদি কিবা এটা সংগঠনত সোমাই লৈ এই কামত পূর্ণোদ্যমে লাগি যাব পাৰি। বহিৰাগত, মৌলিক অধিকাৰ, মানৱ অধিকাৰ, কা-এন আৰ চি আদি ‘জনপ্ৰিয়’ বিষয় কিছুমানৰ সংজ্ঞা ভালদৰে মুখস্থ কৰি ল’লে এই কামত অধিক উন্নতি কৰিব পাৰি।
তীৰ খেল বা লাষ্ট নাম্বাৰ লটাৰী জাতীয় খেল খেলিও বিনা কষ্টেৰে অৰ্থ উপার্জন কৰিব পাৰি। তীৰ খেলৰ দামো বেছি নহয়, পঁচিছ পইচাৰ পৰা আছে। প্রথম দুই-তিনিবাৰ নালাগিলেও হতাশ হ’ব নালাগে। ধৈৰ্যৰ ফল সদায় মিঠা। কেতিয়াবা একে কোবতে কোটি টকাও লাগি যাব পাৰে। এইবোৰ খেলৰ টিকট কিনিবলৈ পইচা নাথাকিলে ঘৰৰ বজাৰ-সমাৰ কৰিবলৈ দিয়া পইচা মাৰি, মাক বা বায়েক-ভনীয়েকৰ গহনা-গাঁঠৰি চুৰি কৰি বিক্ৰী কৰি দিলেই পইচা ওলাব।
দুর্গা, লক্ষ্মী, সৰস্বতী, বিশ্বকৰ্মা আদিকে কৰি সকলো ধৰণৰ পূজা-পাতল, শংকৰ-মাধৱ, বিষ্ণু–জ্যোতিৰ তিথি-দিৱস, তিনিওটা বিহু, ৰাস, ফাকুৱা, বৰদিনকে আদি কৰি সকলো ধৰণৰ উৎসৱ-পার্বণ পাতিও সহজে অর্থ উপার্জন কৰিব পাৰি। এইবোৰৰ নামত বুজন পৰিমাণৰ চান্দা-বৰঙণি উঠাই সিংহভাগ নিজৰ জেপলৈ লৈ গ’লেই হ’ল। এইটো উপায়েৰে বহুতো ছাল ছিগা ভিকহুৱেও কে টি এম, আৰ্টিগা দৌৰাই আছে, দালান ঘৰ সাজিছে।
নকল ঔষধৰ ব্যৱসায়ো উপাৰ্জনৰ এটা সহজ পথ। এই ব্যৱসায় পিছে নগৰ-চহৰত কৰিলে ধৰা পৰাৰ ভয় থাকে। গতিকে এই ব্যৱসায়ৰ কাৰণে গাঁৱলীয়া, ভিতৰুৱা অঞ্চলবোৰেই সুচল। উদাহৰণস্বৰূপে, ছেলাইনৰ বটল আৰু ডিষ্টিল্ড ৱাটাৰৰ বটলত কুঁৱা, দমকল, পুখুৰী আদিৰ পানী ভৰাই অধিক মুনাফা লুটিব পাৰি।
অসমীয়া লোকসকলে কিতাপ কিনি নপঢ়ে বুলি বদনাম এটা থাকিলেও অসমীয়া ডেকা-গাভৰুৰ মাজত পৰ্ন’গ্ৰাফিৰ চাহিদা একেবাৰে কম নহয়। একে চাহিদা অশ্লীল চিনেমাৰ ক্ষেত্ৰতো। অসমীয়া যুৱক-যুৱতীসকলৰ বহু সংখ্যকে আজিকালি ড্রাগ্ছো খাবলৈ লৈছে৷ গতিকে এইকেইটা বস্তুৰ ব্যৱসায়ত হাত দিলেও সহজে উপাৰ্জনৰ পথ ওলাব।
গুণ্ডা টেক্সৰ সহায়তো সহজে অর্থ উপার্জন কৰিব পাৰি। এইটো কামৰ কাৰণে কেৱলীয়া ভকতৰ দৰে কান্ধলৈকে চুলি ৰাখি হাতত পিতলৰ খাৰু, কাণত কাণফুলি পিন্ধি চেহেৰাটোত এটা স্পেচিয়েলিটি ফুটাই তোলাৰ লগতে মুখেদি অবাইচ গালি-গালাজ কিছুমান নিৰ্গত কৰিব পাৰিলেই ৰিক্সাৱালা, ঠেলাৱালা আৰু সৰু-সুৰা দোকানী-পোহাৰীৰ পৰা নিয়মিত অৰ্থ আহৰণ কৰি থাকিব পাৰি। সংশ্লিষ্ট লোকসকলক ভয় দেখুৱাবৰ কাৰণে হাতত পুতলা পিষ্টল-চিষ্টল একোটা বা মামৰে ধৰা হ’লেও ডেগাৰ-চেগাৰ একোখন থাকিলে সুবিধা হয়। লোকেল দাদাহঁতে তেওঁলোকৰ নিজৰ নিজৰ এৰিয়াবোৰত এই কামত অধিক উন্নতি কৰাৰ যথেষ্ট থল আছে।
বৰ্তমান অসমত ৰমৰমা অৱস্থা হ’ল ছুগ্ৰপন্থীসকলৰ। পিছে ছুগ্ৰপন্থী হ’বলৈ প্ৰথমে উপপন্থী হৈ ল’ব লাগিব। এই কামত অলপ ৰিস্ক আছে যদিও গা বচাই চলিব জানিলে একো বিপদ নঘটাকৈ চলি যাব পাৰি। পঢ়া-শুনা আধাখনীয়াকৈ এৰি প্ৰথমে উগ্ৰপন্থী গোট এটাত ভৰ্তি হৈ ল’ব লাগে। উগ্ৰপন্থী হোৱা মানেই পুলিচ-মিলিটেৰিৰ ভয়ত ঘৰত থাকিব নোৱৰা হোৱা আৰু ঘৰত থাকিব নোৱৰা হোৱা মানেই ঘৰখনৰ খাৱৰীয়া এটা কমি যোৱা। তিনি-চাৰি বছৰমান লোকৰ ঘৰে ঘৰে মাছে-মঙহে দবনি পিটি খাই, একণীয়া পাৰৰ দৰে নোদোকাটো হৈ পাছত সুযোগ বুজি এদিন ছাৰেণ্ডাৰ কৰি দিলেই খেল খতম! ছুগ্ৰপন্থী হোৱাৰ পাছদিনাৰ পৰাই লংকা দহন কৰাৰ পূৰ্বে ৰাৱণৰ ৰাজসভাত হনুমন্তৰ নেগুৰ বঢ়াদি ৱাইন চপ, কয়লা মহল, মাছৰ মহল আদি উপাৰ্জনৰ পথবোৰ বাঢ়ি গৈ থাকিব।
চহকী লোকৰ কন্যা বিয়া কৰায়ো সহজে অর্থ উপার্জন কৰিব পাৰি। এই ক্ষেত্ৰত অৱশ্যে সুন্দৰ চেহেৰাৰ যুৱকসকলেহে অগ্ৰাধিকাৰ পাব। এওঁলোকে প্রথমতে হিন্দী চিনেমাত দেখুওৱাৰ দৰে নানা কাৰচাজি কৰি চহকী লোকৰ দুহিতাসকলক প্ৰেমৰ জালত পেলাই লৈ পাছত বিয়া কৰাই পেলাব লাগে। প্ৰেমিকাৰ দেউতাকে এবছৰমানলৈ জী-জোঁৱাইৰ মুখ নোচোৱাকৈ থাকিলেও বেলিৰ তাপত বৰফ গলাদি লাহে লাহে তেওঁৰ অন্তৰ গলি আহিব— যেতিয়া জী-জোঁৱাইৰ সন্তান হোৱা খবৰটো পাব। নাতি বা নাতিনী পোৱাৰ আনন্দত তেওঁ বেকাৰ জোঁৱায়েকক ধনে-ধানে দি আদৰি ল’ব। প্রেমিকাগৰাকী যদি দেউতাকৰ একমাত্র সন্তান হয়, তেনেহলেতো কথাই নাই! ঘৰ-জোঁৱাই হৈয়ো মহাসুখে থাকিব পাৰি।…
কিতাপখনত উপাৰ্জনৰ সহজ পথ দহটাৰ বিষয়ে পঢ়াৰ পাছত প্ৰশান্তৰ আৰু গ্ৰন্থমেলাত ঘূৰিবলৈ মন নগ’ল। সি যেন অন্ধকাৰ সুৰংগ এটাৰ মাজত পোহৰৰ ৰেশ এচিকটাহে দেখিবলৈ পালে। ফিজিক্সত প্ৰথম শ্ৰেণীৰ সপ্তম স্থান লাভ কৰি এম এছ-চি পাছ কৰাৰ পাছতো সি যোৱা সাত বছৰে ভেগাবণ্ডৰ জীৱন কটাই আছে। ঘৰত মাকৰ বিনামূলীয়া হোটেলখন নথকাহেঁতেন ইমানদিনে তাৰ নামৰ আগত চন্দ্ৰবিন্দুৱেই লাগিলহেঁতেন। প্রশান্তৰ এনে লাগিল যেন তাৰ ভেগাবণ্ডৰ জীৱনৰ অন্ত পৰিবলৈ আৰু বেছি দিন নাই! মনৰ আনন্দতে তাৰ কিবা এটা খাবলৈ মন গ’ল যদিও জেপত হাত দি সি হতাশ হৈ পৰিল। জেপত এপইচাও নাই। ঘৰৰ পৰা আহোঁতে ভনীয়েকৰ পৰা কুটুৰি কুটুৰি সি টকা ত্ৰিশটা লৈ আহিছিল। তাৰে দহ টকা গ’ল চিটিবাছত, দহ টকা গ’ল ফ্লেক এটাত, পাঁচ টকা গ’ল প্ৰৱেশ মূল্যত আৰু পাঁচ টকা কিতাপখনত।
প্ৰশান্তই ঘৰলৈ বুলি পদব্রজে আহি থাকোঁতে ভাবিলে— কিতাপখনত উল্লেখ থকা উপাৰ্জনৰ পথসমূহৰ সি এতিয়া কোনটো পথ লয়? প্রথম নটা পথ লোৱাটো তাৰ পক্ষে কোনোপধ্যেই সম্ভৱ নহ’ব। এইবোৰ কাম কৰিবলৈ বিবেকে তাক কেতিয়াও অনুমতি নিদিব। তাৰ চেহেৰাটো গ্ৰীক ৰাজকুমাৰৰ দৰে নহ’লেও একেবাৰে দলিয়াই পেলাবলগীয়াও নহয়, যতীন বৰা, ৰবি শৰ্মা আদিৰ লগত ফেৰ মাৰিব পৰাই। কলেজত পঢ়ি থাকোঁতে কেইবাজনীও ধনীৰ দুলালীয়ে তাক প্ৰেমৰ জালত পেলাবলৈ অশেষ চেষ্টা চলাইছিল। সিহে পঢ়া-শুনাত ক্ষতি হয় বুলি এইবোৰৰ পৰা ফালৰি কাটি ফুৰিছিল। কিন্তু এতিয়া কথাটো বেলেগ। এতিয়া আৰু তাৰ পঢ়া-শুনাৰ ঝামেলা নাই। গতিকে দহ নম্বৰ পথটোতে এবাৰ ট্ৰাই কৰি চালে কেনে হয়?
ভাবটো মনলৈ অহাৰ লগে লগে নেগুৰত হাত দিলেই জঁপিয়াই উঠা দমৰা গৰুৰ দৰে প্ৰশান্তৰ মনটো উলাহত জঁপিয়াই উঠিল। তাৰ মুখেদি আপোনা-আপুনি এফাকি গান ওলাই আহিল— কঁহুৱা বন মোৰ অশান্ত মন/ আলফুল হাতেৰে লোৱা সাবটি…।
| পূৰ্বৰ খণ্ডসমূহ পঢ়ক: ধ্ৰুৱজ্যোতিৰ পাতালীকাণ্ড