শিপা

প্ৰকাশ: ১৫ মে, ২০১২ | অন্তিম সম্পাদনা: ৯ ছেপ্তেম্বৰ, ২০১৮

editorial1

এটা দৃষ্টিকোণৰ পৰা অসমক সত্ৰ-ৰাজ্য বুলি ক’ব পৰা যায়। শদিয়াৰ পৰা ধুবুৰীলৈ উত্তৰ পাৰ-দক্ষিণ পাৰে সত্ৰৰ পয়োভৰ। সত্ৰসমূহ অসমীয়া সংস্কৃতিৰ ভঁৰালস্বৰূপ। অসমীয়াৰ এছোৱা কালৰ ইতিহাসো সংৰক্ষিত হৈ আছে সত্ৰসমূহত। পিছে সত্ৰসমূহ নিজে কিমান সংৰক্ষিত? কিছু সমৃদ্ধিশালী আৰু সু-পৰিচালিত সত্ৰৰ বিপৰীতে কিছু নিশকতীয়া।

ধৰ্মীয় আৰু আচাৰ-বিচাৰৰ কথাখিনি (চাৰি সংহতি, মহাপুৰুষীয়া, দামোদৰীয়া)ৰ বাহিৰে কিছুমান উমৈহতীয়া (common) কৰ্মপন্থাৰে সত্ৰসমূহে অসমীয়া সভ্যতা-সংস্কৃতিক সমৃদ্ধিশালী কৰি আহিছে আজিকোপতি। সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ সংৰক্ষণ-সংবৰ্ধন-অনুশীলনত সত্ৰৰ ভূমিকা অবিসম্বাদী। ইয়াৰ বাহিৰে সাম্প্ৰতিক প্ৰজন্মৰ প্ৰায় অগোচৰে থকা সত্ৰৰ এক অৱদান হ’ল— সাহিত্য।

বৈষ্ণৱ সাহিত্য বুলিলে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজি আৰু পৰৱৰ্তী সময়ৰ মুষ্টিমেয় আতাসকলৰ সৃষ্টিক সাধাৰণতে বুজা যায়। মহাপুৰুষ দুজনা আৰু উল্লিখিত আতাসকলৰ পিছত অসমৰ সত্ৰসমূহৰ অৱদান বুলি ক’ব পৰা আন এক সাহিত্য-সম্পদ হ’ল নাট্য সাহিত্য। এটা সময়ত পূৰ্বসূৰীসকলৰ কৰ্মৰ দ্বাৰা প্ৰেৰিত হৈ সত্ৰীয়া আতা-মহন্ত-গোসাঁইসকলে যথেষ্ট নাট ৰচনা কৰিছিল। মূলতঃ অভিনয়ৰ কথা বিবেচনা কৰিয়েই এই নাটসমূহ ৰচনা কৰা হৈছিল আৰু সত্ৰৰ লগতে ওচৰ-পাজৰৰ গাঁওসমূহত মহা উদ্যমেৰে নাটসমূহ অভিনীত হৈছিল। ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ কিছুমান কাহিনীক আধাৰ কৰি নাটসমূহ ৰচিত হৈছিল। অৱশ্যে কিছু বিশুদ্ধ কাল্পনিক কাহিনীৰ নাটো ৰচিত হৈছিল।

স্ব-প্ৰণোদিত হৈ ৰচনা কৰাৰ লগতে কিছু সত্ৰৰ বাধ্যবাধকতাই এই ধৰণৰ নাট্য সাহিত্যক সমৃদ্ধিশালী কৰাত অৰিহণা আগবঢ়াইছিল। সত্ৰাধিকাৰ হ’বৰ বাবে ব্যক্তিজনে কমেও এখন নাট কাটিবই (‘কটা’ মানে ৰচনা কৰা, সত্ৰত এই ধৰণে কোৱা হৈছিল) লাগিব ধৰণৰ ৰীতি কিছুমান সত্ৰত প্ৰচলিত আছিল আৰু এই ৰীতিয়ে অৱধাৰিতভাৱে সত্ৰৰ নাট্য সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল।

নাটসমূহৰ প্ৰণালীবদ্ধ বিচাৰ-বিশ্লেষণ-গৱেষণাই সিবোৰৰ মান বা অন্যান্য দিশ উন্মোচন কৰিব। গৱেষণাৰো যথেষ্ট থল আছে। সেয়া যিয়েই নহওক, এই ধৰণৰ নাটখিনি আমাৰ এছোৱা সময়ৰ সাহিত্য-সংস্কৃতি চৰ্চাৰ উজ্জ্বল নিদৰ্শন। আশাব্যঞ্জক কথা, এই সম্পদখিনিৰ সংৰক্ষণৰ দিশত চৰকাৰ আৰু সংগ্ৰহালয় আদিয়ে সময়ে সময়ে ভূমিকা গ্ৰহণ কৰি আহিছে। অৱশ্যে এশ ভাগ সফল হ’ব পৰাকৈ ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূলতে অন্ধবিশ্বাস আৰু ঘৰৰ সম্পদ হেৰুৱাই পেলোৱাৰ ভয়ে ক্ৰিয়া কৰিছে। সংৰক্ষণকাৰী সংস্থাসমূহে সাঁচিপাত-তুলাপাতত লিখিত পুথিৰ ফটোকপি কৰি প্ৰয়োজনত লেমিনেচন কৰি মূল পুথিখন গৃহস্থক ঘূৰাই দিয়াৰ প্ৰথাই প্ৰচলিত কৰিছে যদিও যিসকলে কথাটোত পতিয়ন যাব পৰা নাই, সিসকলে নিজৰ ঘৰৰ পুথিখন আগবঢ়াই দিয়া নাই। আৰু অন্ধবিশ্বাসৰ বাবেও থাপনা নাইবা ধোঁৱাচাঙৰ পৰা সাঁচিপতীয়া পুথিখন নমাই আনিবলৈ সাহস কৰা নাই বহু মানুহে— আনকি এই সময়তো।

আৰু পঢ়ক:  সাংস্কৃতিক বৈচিত্ৰ্য প্ৰসংগ আৰু মধ্য অসমৰ হুঁচৰি কীৰ্তন

আমি ক’ব খুজিছোঁ,— সংৰক্ষিত হৈ থকাৰ বাহিৰেও এই নাট বা সেই কালৰ আন পুথিসমূহ সকলোৱে সহজে পাব পৰা আৰু পঢ়িব পৰাৰ উপায় হওক। ইয়াৰ বাবে নাটসমূহ ছপা হৈ ওলাব লাগিব অথবা ইণ্টাৰনেটত উপলব্ধ হ’ব লাগিব। এই ধৰণৰ সমগ্ৰ নাটখিনি ছপা কৰিবৰ বাবে যথেষ্ট টকা-সিকাৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ বাবে অৰ্থবান প্ৰতিষ্ঠান আগবাঢ়ি আহিব লাগিব। তুলনামূলকভাৱে কম খৰছী দ্বিতীয়টো কামত ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু অসমীয়া ইউনিকোড লিখিবলৈ সক্ষম সকলোৱেই হাত-উজান দিব পাৰে।

যি ধৰণেই হওক, আলোচিত নাটসমূহ সহজলভ্য হৈ উঠিলে অসমীয়াৰ এছোৱা সময়ৰ সাংস্কৃতিক ইতিহাস আমাৰ চকুত সহজ হৈ পৰিব। ইও এক শিপাৰ সন্ধান।

 

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “শিপা”

  1. Arupraj Handique Avatar
    Arupraj Handique

    সম্পাদক মহোদয়, আপোনাৰ লেখাটো পঢ়ি এটাই কথা এই সময়্ত মনলৈ আহিছে, সেইটো হৈছে আজি অসমৰ অসমীয়া ৰাইজসকল নিজৰ সংস্কৃতিৰ প্ৰতি ইমান উদাসীন কিয়? আপোনি কোৱাৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজি সংৰক্ষিত হোৱাটো উচিত আৰু তেখেতলোকৰ সৃষ্টিৰাজি যদি ইণ্টাৰনেট বা অসমীয়া ইউনিকোডত উপলব্ধ হয়, তেতিয়া হলে আমাৰ যুৱপ্ৰজন্ময় এইবোৰ অধ্যয়ন কৰাত সহ্জ হব|

  2. দুলাল চন্দ্ৰ বৰুৱা। Avatar
    দুলাল চন্দ্ৰ বৰুৱা।

    সম্পাদক ডাঙৰীয়া,
    নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া সংস্কৃতিৰ ঘাই শিপাডালযে সত্ৰ, সেই কথা অসমীয়া সংস্কৃতিৰ ইতিহাস অধ্যয়নৰ পৰায়ে অনুমেয়। সেই কাৰণেই হয়তো সত্ৰীয়া নৃত্যই উপযুক্ত স্বীকৃতি লাভ কৰিছে।কিন্তু সম্প্ৰতি দুখনমান সত্ৰৰ সত্ৰাধিকাৰৰ কিছুমান অনাহুত কৰ্ম-কাণ্ডই সত্ৰৰ সংস্কৃতি সাধনাৰ দিশটো সন্দেহৰ আবৰ্তলৈ ঠেলি দিয়া যেন অনুভৱ হৈছে।তেওঁলোকে সত্ৰাধিকাৰ হৈ নিজৰ নাম-যশ হোৱাৰ সুবাদৰ অন্যায় সুযোগ লৈ ৰাজনীতিৰ যোগেদি অসমীয়াৰ জাতীয়তাত আঘাট সনা ধৰণৰ কামত নিয়োজিত হৈ বিতৰ্কত সোমাই পৰিছে ৰাজসিক সুখ আৰ্জনৰ আশাত। আমি আশা কৰিছোঁ প্ৰত্যেক অসমীয়াই এই কথা গুৰুত্ব সহকাৰে অনুধাৱন কৰক আৰু অসমীয়া সত্ৰ সংস্কৃতিক সম‌দ্ধিশালী কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিয়া সেই সত্ৰাধিকাৰসকলক সতৰ্ক কৰি দিয়ক, যাতে অসমীয়াৰ শত্ৰুতাৰ অসনিসংকেত সেই সত্ৰাধিকাৰসকল ভৱিষ্যতে নিজৰ কৰ্ম-কাণ্ডত সজাগ হয়। আমিও বিচাৰোঁ সত্ৰ সংস্কৃতিৰ শিপাডালে অসমমাতৃক আতিলকৈ খামুচি ধৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts