সৌ ৱা, সৌটো বাঘ। জাৰণিখনৰ মাজত তাৰ সোণ বৰণীয়া দেহাটো জিলিকি আছে। এধান চিকাৰীয়ে তেওঁৰ দুনলীয়া বন্দুকটো সাজু কৰি ল’লে। ইমান দিনে শিঙৰী গাঁৱৰ মানুহখিনিক অত্যাচাৰ কৰি অহা বাঘটোৰ আজি মৃত্যু হওক,— এধান চিকাৰীয়ে বন্দুকৰ গুলী এই এৰে আৰু! হঠাৎ তেওঁ সাৰ পাই উঠিল।

এধান বুঢ়া এটা সময়ত ভাল চিকাৰী আছিল। শিঙৰী গাঁওখনৰ পাছফালেই আছিল এখন ডাঠ জাৰণি। তালৈ মানুহ-দুনুহ সাধাৰণতে কোনো নগৈছিল। বৃহৎ বৃহৎ বটগছৰ লতাবোৰে ঠাইখন এনেভাৱে আৱৰি ৰাখিছিল, য’ত মানুহে দিনতে যাবলৈ ভয় কৰে। কাৰোবাৰ গৰু-ছাগলী তাত সোমালেও মানুহে ঈশ্বৰৰ নাম লৈহে ভয়ে ভয়ে সোমাইছিল। এই জাৰণিখনতেই কেতিয়াবা কেতিয়াবা মানুহে বাঘ দেখা পায়। বাঘে গৰু-ছাগলী আনকি মানুহো মাৰি খাইছিল। এই সন্ত্ৰাসৰ একমাত্ৰ তাৰক এধান চিকাৰী। এধান চিকাৰীয়ে বৰ উৎসাহেৰে ফান্দ পাতি বাঘ ধৰিছিল। কেতিয়াবা আকৌ উপায় নাপালে বন্দুকৰ গুলীৰে থকা-সৰকা কৰিছিল। ইয়াৰ বাবে তেওঁৰ দুনলীয়া বন্দুকটোৱেই যথেষ্ট। পাহোৱাল এধান যেতিয়া চিকাৰ কৰিবলৈ যায়, তেতিয়া ৰাইজে হৰিধ্বনি দিয়ে।

শিঙৰী গাঁওখনৰ মানুহবোৰে সাধাৰণতে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। সেউজ গছ-গছনিয়ে ঠাইখন প্ৰকৃতিৰ কোলাতে সুমুৱাই ৰাখিছে। পাহাৰৰ পৰা নামি অহা জুৰিতে শিঙৰী গাঁৱৰ মানুহবোৰে গা ধোৱে। খেৰৰ চালিৰে সজোৱা ঘৰবোৰ সৰু হ’লেও আটোমটোকাৰি। ইয়াতেই শৈশৱ পাৰ কৰি কৈশোৰত ভৰি থওঁতেই চিকাৰৰ প্ৰতি আকৰ্ষিত হৈ পৰে এধান। ককাকৰ হাতত ধৰি ধৰিয়েই এধানে বন্দুক চলাবলৈ শিকিলে। বন্দুকৰ নিচানত এধানে হয়তো মহাভাৰতৰ অৰ্জুনকো পাছ পেলালেহেঁতেন। পিছে এধানে অৰ্জুনৰ নাম শুনা নাই। শুনিছে ককাকৰ মুখত সিহঁতৰ পূৰ্বপুৰুষ বাঘ চিকাৰী গজেনৰ কথা। গজেনৰ কথাবোৰ সাধুকথাৰ দৰে শুনি থাকে। কিশোৰ এধানে। চকুৰে দেখা নাপালেও গজেনৰ এক বিশাল আকৃতিয়ে কিশোৰ এধানৰ চকু জলক-তবক কৰে। মনটো উৰি উৰি গৈ পূৰ্বপুৰুষ বীৰ গজেনৰ ওচৰ পায়গৈ।

বাঘ ওলাইছে, বাঘ— হঠাৎ শিঙৰী গাঁওখন অস্থিৰ হৈ পৰে। জুৰিত গা ধুবলৈ যাওঁতে ৰাংঢালীৰ গাৰ কাপোৰকে আঁজুৰিছিল। ৰাংঢালীয়ে চাদৰখন দলিয়াই থৈ দৌৰি দৌৰি ঘৰ পালেহি। নিমিষতে শিঙৰী গাঁওখনত এক উত্তেজনাই বিৰাজ কৰে। সুঠাম, মিঠাবৰণীয়া ৰাংঢালীক বাঘে আক্ৰমণ কৰা বুলি শুনাত কিয় জানো এধানৰ পুৰুষ হৃদয়খন এক অজান আশংকাত কঁপি উঠে। লগেলগেই দুনলীয়া বন্দুকটো লৈ এধান ওলাই আহিল বাঘ চিকাৰ কৰিবলৈ। মাকে বাধা দিছিল, ভনীয়েকে কান্দিছিল। কিন্তু এধানে কাৰো খতবান্ধ নুশুনিলে। শৈশৱতে শুনা পূৰ্বপুৰুষ গজেনৰ বীৰত্বসূচক স্মৃতিবোৰে এধানক শক্তিশালী কৰি তুলিলে। এধানেই গজেনক জীয়াই ৰাখিব লাগিব। সেয়াই প্ৰথম;— বাঘৰ মুখেদি বন্দুকৰ গুলী সোমাই থকা-সৰকা কৰিলে। বাঘটো শক্তিশালী। দেদাউৰি পাৰি বাঘটো পলাই গ’ল। বাঘৰ গোজৰণিত মানুহবোৰে তাপ মাৰিলে। শেষত হয়তো বাঘটো মৰিল। কিন্তু বাঘৰ মৰণকাতৰ গোজৰণিটো বহুত দিনলৈকে মানুহবোৰে শুনা পালে।

ভয়-ডৰ নকৰা পাহোৱাল এধানলৈকে ৰাংঢালী পলাই আহিল। বিছনাত শুই এধানে কেতিয়াবা কেতিয়াবা তেওঁৰ বাঘ চিকাৰৰ অভিজ্ঞতাৰ কথা কয়। ৰাংঢালীয়ে একান্তমনে শুনি থাকে। কেতিয়াবা অন্তৰৰ গোপন কোণত সিহঁতৰ ছমহীয়া কেচুঁৱা মদনেও পিতৃৰ লগতে বাঘ চিকাৰ কৰাৰ কথা ভাবে। তাৰ পিছতেই ভয়ত কঁপি উঠে। বাঘ চিকাৰ কৰা সহজ নহয়। তাই মদনক ঈশ্বৰৰ ওচৰতে সমৰ্পণ কৰে।

এধান যেতিয়া বন্দুকটো লৈ ওলায় যায়, তেতিয়া গাঁৱৰ মানুহবোৰে ভাবে,— আজি কিবা নহয়, কিবা চিকাৰ লৈহে উভতিব। সঁচাও, বাঘ নাপালেও বান্দৰ, কেতিয়াবা কেতিয়াবা বৰা-গাহৰি লৈ ওভতে। দুনলীয়া বন্দুকটো হাতেৰে স্পৰ্শ কৰিলেই এধানৰ পুৰুষ মনটো জাগ্ৰত হৈ উঠে। এতিয়া এধানে বৃদ্ধ বয়সত ভৰি থ’লে। মদন ডাঙৰ হৈ খেতি-বাতিত হাত দিলে। মদনৰো পুতেক এটা, জীয়েক এজনী আছে। নাতিয়েকক মৰমতে এধান বুঢ়াই ‘কণবাপ’ বুলিয়েই মাতে। ছোৱালীজনী কেঁচুৱা— যিকোনো নামেৰেই মতা হয়।

এধান বুঢ়াই নাতিয়েকৰ আগত অতীতৰ স্মৃতিৰ পোহাৰ মেলে। কথা কৈ যাওঁতে এধান বুঢ়াৰ চকু দুটা তৰাৰ নিচিনাকৈ জিলিকি উঠে।

: ‘ককা, সৌটো কি?’ কণবাপে দেখুৱাই দিয়াৰ ফালে এধান বুঢ়াই চকু দুটা বহলকৈ মেলি দিয়ে।
: ‘অ’ সেইটো, সেইটো হলৌ বান্দৰ অ’ বোপা।’ নাতিয়েকৰ বিস্ময় বিমুগ্ধ প্ৰশ্নৰ উত্তৰত বুঢ়াই পুনৰ কৈ যায় জাৰণিখনৰ কথা, পাহাৰেদি অহা বিভিন্ন জীৱ-জন্তুৰ কথা।

এধান বুঢ়াৰ চকুৰ আগতেই সিহঁতৰ গাঁওখনৰ বিপুল পৰিৱৰ্তন হৈছে। গাঁৱত হাইস্কুল হৈছে, হস্পিতাল হৈছে। চৰকাৰে জীৱ-জন্তু মাৰিব নোৱাৰিব বুলি নিষেধাজ্ঞা জাৰি কৰিছে। এতিয়া গাঁৱৰ মানুহবোৰে সামান্য জ্বৰ অসুখতে হস্পিতাল পায়গৈ। আগতে বনদৰবেই সেইবোৰ নিৰাময় কৰিছিল। এতিয়া আৰু আগৰ যুগ নাই। খেতি-বাতি কৰা মানুহ তেনেকৈ নায়েই। জাৰণিখনৰ গছ-বন কাটি ঠায়ে ঠায়ে পকা ঘৰ সজা হ’ল। অচিনাকি মানুহ কিছুমানৰ মুখবোৰো চিনাকি হৈ পৰিল। এধান বুঢ়াৰ সকলোতকৈ বেছি দুখ লাগে গাঁৱৰ মানুহবোৰ চহৰমুখী হ’বলৈ লোৱাত। তেওঁৰ মৰমৰ নাতি কণবাপেও গাঁৱৰ স্কুলত নপঢ়ি ‘ৰঞ্জন’ নাম লৈ চহৰৰ স্কুলতে পঢ়িছেগৈ।

: ‘যুগৰ পৰিৱৰ্তন, বুজিছ এধান,— যুগৰ পৰিৱৰ্তন।’ তেওঁৰ সমবয়সীয়া যোগেনে এনেদৰেই সান্ত্বনা দিয়ে। দুই বুঢ়াই বহু আলোচনা কৰে। অতীতলৈ ঘূৰি গৈ দুয়ো ডেকা হৈ পৰে।

কণবাপে বোলে চহৰতে চাকৰি পালে। কথাটো শুনিবলৈ ভাল হ’লেও কোনো উৎসাহ অনুভৱ নকৰে গাঁৱৰ মানুহবোৰে। এতিয়া সকলো যেন গাইগুটীয়া। পৰৰ সুখ-দুখৰ সমভাগী হ’বলৈ বহুতেই ইচ্ছা নকৰে।

কণবাপ কেতিয়াবা আহে ককাক, মাক-দেউতাকক দেখা কৰিবলৈ। ধূতি-পাঞ্জাৱী এৰি ঠেঙা-চোলা পিন্ধা কণবাপক দেখিলে এধান বুঢ়াৰ তাক নিজৰ নাতি যেন ভাবিবলৈ টান লাগে,— সি যেন চহৰীয়া আলহীহে, গাঁও ফুৰিবলৈ আহিছে। কেতিয়াবা কণবাপে লগৰ ল’ৰা দুটামানকো লৈ আহে, তেতিয়া সিহঁতৰ ভাষাবোৰো এধান বুঢ়াৰ বুজিবলৈ দিগদাৰ লাগে।

পুৱতি নিশাতেই এদিন কণবাপ গাঁৱৰ ঘৰলৈ অহাত এধান বুঢ়া আচৰিত হৈ পৰিল। কঠিন মুখ, আউল-বাউল চুলি। ককাকক কোনো ধৰণৰ সম্বোধন নকৰি পোনে পোনে নিজৰ কোঠালৈ গৈ বিছনাত পেট পেলাই শুই পৰিল।

পিছদিনা নিশা গভীৰ হৈ অহাৰ সময়তে দুৱাৰত কোনোবাই টুকুৰিওৱাত এধান বুঢ়াই দুৱাৰ খুলি দিলে। আগতেও বিপদে-আপদে এনেদৰে ৰাতি এধান বুঢ়াক মাতেদি। আজি কিন্তু দুৱাৰত পৰা টোকৰটো অলপ বেলেগ। তৎসত্বেও বুঢ়াই দুৱাৰ খুলি দি সন্মুখত দুজন পুলিচক দেখি আচৰিত হৈ পৰিল।
: ‘ৰঞ্জন আছেনে?’
: ‘হয় আছে, কিন্তু কিয়?’
: ‘তাক মাতক।’
: ‘কিয়? কিয় মাতিম?’ কণ্ঠত দৃঢ়তা আনি এধান বুঢ়া চিঞৰি উঠিল। কিন্তু পাছফালৰ দুৱাৰেদি বুঢ়াৰ মৰমৰ নাতিয়েক পলাবলৈ উদ্যত হোৱাত পুলিচজনে লগৰ কনিষ্টবল দুজনমানক ৰঞ্জনক ধৰিবলৈ আদেশ দিলে। কনিষ্টবল দুজন দৌৰি গ’ল। বিস্মিত বৃদ্ধৰ চকু দুটালৈ চাই অ’চি অমল চৌধুৰীয়ে গলগলীয়া মাতেৰে ক’লে— ‘আপোনাৰ নাতি ৰঞ্জন বলাৎকাৰৰ অভিযোগত অভিযুক্ত।’

এধান বুঢ়া হতভম্ব হৈ পৰিল। কি কৈছে পুলিচ অফিচাৰজনে! তেওঁৰ কাণ দুখনে ভুল শুনা নাইতো? ৰঞ্জন ধৰ্ষণকাৰী। তেওঁ অনুভৱ কৰিলে— ইমান দিন তেওঁ চিকাৰ কৰি অহা বাঘবোৰ যেন বাঘ নাছিল, সেইবোৰ কেৱল জীৱ আছিল। আজিহে যেন তেওঁ প্ৰকৃত বাঘৰ মুখামুখি হৈছে। এই বাঘটোক তেওঁ দুনলীয়া বন্দুকৰ গুলীৰে থকা-সৰকা কৰিলেহে তেওঁৰ চিকাৰী জীৱনৰ সাৰ্থকতা হ’ব। বিমূঢ় হৈ পৰা বৃদ্ধ এধানৰ গালৈ ক’ৰ পৰা যৌৱনৰ তেজ আহিল ক’ব নোৱাৰে। তেওঁ তৎক্ষণাৎ ভিতৰলৈ গৈ পুৰণা বাকচটো খুলি তাৰ পৰা দুনলীয়া বন্দুকটো উলিয়াই আনিলে। তেওঁ জানে— বাঘ চিকাৰ কৰা কামটো কেৱল তেওঁৰহে। পুলিচ অফিচাৰকেইজনৰ নহয়।

পলাই যোৱা নাতিয়েক কণবাপলৈ লক্ষ্য কৰি তেওঁ বন্দুকৰ নলীডাল পোনাই ল’লে।

কিয় জানো অকস্মাৎ তেওঁ অনুভৱ কৰিলে— বন্দুকৰ গুলীকেইটা সেমেকা হোৱা হ’লেই ভাল আছিল!

বাঘ | বনপংখী গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

পাউৰুটি

পাউৰুটি

আপোচ

আপোচ