জনাদেশ ২০১৯ আৰু কেঁচুমটাৰ অতপালি

জনাদেশ ২০১৯ আৰু কেঁচুমটাৰ অতপালি
  • 31 May, 2019

মি নিজে কোনো ৰাজনৈতিক দলৰ সদস্য, কর্মী বা সমর্থক নহওঁ। কিন্তু পাৰ হৈ যোৱা নির্বাচনত আমি বিজেপিৰ বিৰুদ্ধে আছিলোঁ— লুক-ঢাক নাই, চাফা কথা। এতিয়া জনাদেশ তেওঁলোকৰ পক্ষত— সেইটোও চাফা কথা। গতিকে আমি তেওঁলোকক অভিনন্দন জনাইছোঁ। যুঁজৰ বেলিকা এই প্রার্থীসকল বিজেপি, কংগ্ৰেছ বা আন আন দলৰ আছিল। পিছে চৰকাৰ কৰাৰ পাছত তেওঁলোক ভাৰত চৰকাৰ— ভাৰতৰ ৰাইজৰ চৰকাৰ, বিজেপিৰ চৰকাৰ বা বিজেপিৰ মন্ত্ৰী নহয়। এতেকে তেওঁলোকৰ পৰা আমি সকলোৱে সেই ধৰণৰ ব্যৱহাৰ আশা কৰিম, তেওঁলোকেও তেনে ব্যৱহাৰ আৰু নীতি গ্রহণ কৰা আৰু প্রদর্শন কৰাটো নীতিসন্মত। অৱশ্যে কেতবোৰ বিষয়ত আমাৰ যি বিৰোধ আছিল, সেয়া চলি থাকিব। চলি থকাটোৱেই গণতন্ত্রৰ আটাইতকৈ ইতিবাচক আৰু চমৎকাৰ দিশ।

জনাদেশ স্পষ্ট হোৱাৰ পাছত দুই-এজন বিজেপি প্রবক্তা বা নেতাক আলোচনা-বিলোচনাই লগ পাইছোঁ— আনন্দ-উৎসাহ আছে, পিছে বেছ শ্রদ্ধাসহ কথা পাতিছে, মহটিয়াই যোৱাৰ লক্ষণ নাই। বিৰোধী হ’লেও এই ব্যৱহাৰ নিশ্চয় প্রশংসনীয়। পিছে কস্মিনকালেও মুখৰ মাত এটা নোলোৱা একোজনে পানী বাঢ়িলে কেঁচুমটা ওলোৱাদি যিহে ভৰভৰ কৰে ওলাই ৰাস্তা-ঘাট ভেটি ধৰিব খুজিছে, সিহে অতি বিপজ্জনক। তদুপৰি আমাৰ বহু বিপ্লৱী, বিৰোধীৰো মনৰ ভিতৰত একোটা শংকা নতুবা এটা আশা আছে। সেয়েহে ৰাতাৰাতি কেঁচুমটাৰ দৰে তেওঁলোকৰ ভিতৰৰ আচল মনটোও ওলাই আহিছে। মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ যে কেৱল শ্ল’গান— বাস্তৱত যে তেওঁলোক হিন্দুত্ববাদী— এই কথাটো যোৱা পাঁচবছৰে টেঁটুফালি কৈ ফুৰা দুই-এজনে হঠাতে সুৰ সলাই কৈছে বোলে মোদীয়ে ভাৰতীয় গণতন্ত্ৰত আৰু এটা স্তম্ভ যোগ দিলে— সেয়া হ’ল সামূহিকতা— সকলোকে একেলগে সামৰি লোৱাৰ নীতি। তেনেহ’লে আৰু বিৰোধ কিহৰ? আমাৰ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে মোক বাট ভেটি ধৰি কৈছে বোলে ‘আপোনালোকে সদায় বিৰোধ কৰে নহয়, আপোনালোক কিহৰ বুদ্ধিজীৱী— আপোনালোকৰ কথা ৰাইজে নুশুনিলেই’। তাৰ পাছত মুখৰ থু উলিয়াই উশাহ নোলোৱাকৈ তেওঁ অনর্গলভাৱে দুই মিনিটমান মোদীৰ জয়ঢোল কোবালে। মই বোলোঁ, এওঁৰ এইফেৰা কৃতিৰ কথা মোদীয়ে গম পালে— এওঁ ইয়াত ছলি পঢ়ুৱাই থাকিব নেলাগিব চাগে। তেওঁ মোক ক’লে, ‘ইণ্ডিয়াত ফৰ দ্য ফার্স্ট টাইম এনেকুৱা বিজয়, এনেকুৱা জনাদেশ হৈছে। মোদীয়ে ইমান ভাল কাম কৰিছে যে তেওঁক ৰাইজে আনিবই— আপোনালোকে বাধা দিব নোৱাৰে’।

আমাৰ সংবাদ মাধ্যমতো বহুতে ভাৰতৰ গণতন্ত্রত প্রথমবাৰৰ বাবে এনেকুৱা ঘটনা ঘটিছে বুলি কৈছে। আমাৰ ছাত্ৰ-ছাত্ৰী, গৱেষকসকলেও মোক কৈছে— অভূতপূর্ব ছাৰ। বহুতে কৈছে, ছাৰ হতাশ হলো— বুদ্ধিজীৱীসকলৰ কথা অর্থহীন হ’ল। এনেবোৰ বিষয়ক লৈয়েই আজি আমাৰ পাঠকৰ সৈতে দুটামান কথা পাতোঁ।

বুদ্ধিজীৱীয়ে কোৱা কথাবোৰ থাওকতে সকলোৱে বুজি পালে সকলো দেখোন বুদ্ধিজীৱীয়েই হ’লহেঁতেন। তদুপৰি যিবোৰ পৰিণতিৰ কথা কোৱা হয়, সেইবোৰ যদি লগে লগেই পালেহেঁতেন, তেতিয়াহ’লে আমি কোনো কথা কোৱাৰ প্রয়োজনেই নহ’লহেঁতেন— ৰাইজে নিজেই সেয়া উপলব্ধি কৰি সিদ্ধান্ত ল’লেহেঁতেন। কিন্তু বুজিবলৈ সময় লাগে বা পৰিণতি অহালৈ ৰ’ব লাগে বুলিয়েই আগতে ধাৰণা কৰিব পৰাসকলে ৰাইজক সতর্ক কৰি দিয়ে। সেই গুণফেৰা আছে বুলিয়েই ৰজা-প্রজা সকলোৱে তেওঁলোকক বিশেষ মানুহ বুলি গণ্য কৰে। দৰকাৰত ৰজাও গৈ দুৱাৰডলি পায়গৈ, দৰকাৰত নহা যেন দেখিলে বা দৰকাৰী ঠাইত বিধি-পথালি দিয়া যেন দেখিলে প্রথমে বঁটা-বাহন দি সৈমান কৰিব খোজে, নোৱাৰিলে বান্ধি থ’ব বা প্রাণে মাৰিব খোজে। প্রজাৰো কথা তেনেকুৱাই— ৰজাঘৰতেই হওক বা সমাজতেই হওক, অন্যায়-অধর্ম হলে বা তেওঁলোকে তেনে হোৱা বুলি ভাবিলে ‘আপুনিয়েই এই কথা বলিষ্ঠভাৱে ক’ব পাৰে, আমাৰ হৈয়ো একাষাৰ কওক বা লিখক’ বুলি চাপি আহে, আকৌ ৰজাৰ ৰোষত পৰিব বা স্বার্থৰ বাটত হেঙাৰ পৰিব বুলি ভাবিলে আঁতৰি দিয়ে। বেছিভাগ নেতাৰ যেনেদৰে কোনো স্থিতি নাই, তেনেদৰে বেছিভাগ প্রজাৰো স্থিতি নাই। ব্যক্তিগত লাভ, সা-সুবিধা, আশা-আকাংক্ষা, বঁটা-বাহন, কেতবোৰ অন্ধ ধাৰণা, ভুৱা সপোন, প্রতিষ্ঠা, ক্ষমতা ইত্যাদি অনেক কাৰকে সাধাৰণ মানুহৰ সিদ্ধান্তক বা নেতাসকলৰ স্থিতিক নিয়ন্ত্রণ কৰে। এনেবোৰ বিষয়ত মোহমুগ্ধ নহৈ এক মোহমুক্ত অৱস্থাৰ পৰা সময় আৰু ঘটনাক বিচাৰ কৰাৰ ক্ষমতা আৰু যোগ্যতা থকাৰ বাবেই কিছুমান লোকক আমি বিশেষ মর্যাদা দিওঁ, বুদ্ধিজীৱী বোলোঁ বা চিন্তাশীল লোক হিচাপে স্বীকৃতি দিওঁ। এওঁলোক ঈশ্বৰো নহয়, জ্যোতিষীও নহয়। গণতন্ত্র, ধর্মনিৰপেক্ষতা, প্রগতি আদি বিষয়বোৰৰ সপক্ষে তথা সাম্প্রদায়িকতা, স্বৈৰতন্ত্র, অমানৱীয়তা আদিৰ বিপক্ষে থাকি সমাজৰ সামগ্রিক মংগলৰ দিশটো সন্মুখত ৰাখি সমাজৰ গতিপ্রকৃতি সম্পর্কে এওঁলোকে মন্তব্য দিয়ে বা এনে হোৱাটো, তেনে হোৱাটো বিচাৰে। সময়ে তাৰ সত্যতা আৰু অর্থ নিৰূপণ কৰে, কৰিব। জনাদেশৰ জোৱাৰ দেখিয়েই এইবোৰ কথা অর্থহীন বুলি ভাবিব নালাগে। ভাৰতৰ বুদ্ধিজীৱীৰ কথামতে জনাদেশ যোৱা হ’লে আজি বিজেপিয়ে যিবোৰ কথা কংগ্ৰেছৰ প্রসংগত কৈ আছে, সেইবোৰ কোৱাৰেই পৰিস্থিতি নহ’লহেঁতেন, জৰুৰীকালীনৰ পাছত চিৰদিনলৈ উৎখাত হ’লহেঁতেন কংগ্রেছ। কিন্তু তেনে নহ’ল।

১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মার্চলৈকে ২১ মহীয়া জৰুৰীকালীন শাসন জাপি দি ইন্দিৰা গান্ধীয়ে ভাৰতবৰ্ষৰ গণতন্ত্রলৈ যি ভয়ানক বিপর্যয় নমাই আনিছিল, তাক পাহৰিবলৈ মানুহৰ চাৰিটা বছৰো নালাগিল। ১৯৭৭ চনৰ নিৰ্বাচনত ভাৰতত জনতা মৰ্চাই যি বিজয় সাব্যস্ত কৰিছিল, সেয়া আছিল সঁচাই অভূতপূর্ব। ৩৪৫খন আসনত মুঠ ৫১.৮৯ শতাংশ ভোট লাভ কৰি তেওঁলোকে জয়লাভ কৰিছিল। কিন্তু পাঁচটা বছৰ সম্পূর্ণ নৌহওঁতেই ১৯৮০ চনত পুনৰ নির্বাচন অনুষ্ঠিত হ’ল আৰু জৰুৰীকালীনৰ সকলো তিক্ততা পাহৰি জনাদেশো গ’ল কংগ্রেছৰ পক্ষলৈ। ১৯৮০ চনত ভাৰতৰ প্ৰজাই সেই ইন্দিৰা গান্ধীকে ৩৭৪খন আসনত জয়যুক্ত কৰালে। কংগ্রেছৰ পৰিয়ালকেন্দ্রিক ৰাজনীতি, অতিকেন্দ্রিকতা আৰু সেই সময়ত গঢ় লোৱা স্বৈৰতান্ত্রিক চৰিত্ৰ আদিৰ বিৰুদ্ধে চিন্তাশীল ব্যক্তিসকলে দিয়া সতর্কবাণীও জনগণে শুনা নাছিল, বুজা নাছিল। নির্বাচনত বিপুলসংখ্যক ভোটত জয়লাভ কৰা মানেই সকলো কথা সত্য হৈ যাব— তেনে কথা হ’ব নোৱাৰে। এতিয়া ধৰক, মোদীক এই মহা বিজয়ৰ বাবে জনগণে জনাদেশ দিছে, সেইবুলি পৃথিৱীৰ প্রথম প্লাষ্টিক ছাৰ্জাৰী গণেশৰ হাতীৰ মূৰটো— এইটো সত্য হৈ যাব নেকি? পাপৰ ফলত কেন্সাৰ হোৱা কথাটো সত্য হৈ যাব নেকি? বিমুদ্ৰাকৰণ বুমেৰাং হোৱা কথাটো মিছা হৈ যাব নেকি? এনে অজস্র কথা আছে, যিবোৰৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছে, কিন্তু সি জনগণক তৎকালীনভাৱে চুব পৰা নাই, তাৰ বিপৰীতে আন কেতবোৰ বিষয়ে জনগণক চুইছে— গতিকে জনগণে ভোট দিছে। কিন্তু সমাজত বুদ্ধিজীৱীৰ ভূমিকা এইবাবেই আছে, কাৰণ তেওঁলোকে সুবিধা বা লাভৰ বাবে সত্য উন্মোচন নকৰাকৈ থকা নাই। যিসকলে আমাৰ বিৰুদ্ধে বাটে-পথে এতিয়া কাৰ্ফাইত কাঁড় জুৰি ৰৈ আছে, তেওঁলোকক এটা কথাই বিনম্রভাৱে কৈ থওঁ, কোনোবাই বিপুল জনাদেশ পালেই যদি তেওঁলোকৰ বিষয়ে একো ক’বলৈ নাথাকে, তেনেহলে কোনো কথা কোনো কালে পৰিৱর্তন নহ’ব। বহুতে কয়, আমি চৰকাৰৰ ভাল কথাবোৰ নকওঁ। আৰে, চৰকাৰৰ কামেই জনগণৰ বাবে ভাল কাম কৰা— সেইটোত আমাৰ ক’বলৈ কি আছে? চৰকাৰৰ প্ৰচাৰ যন্ত্র আছে, তেওঁলোকে জয়টেল কোবাই থাকিব। আমি বেয়াটো দেখিলে, অবাটে গ’লে ক’ম, আমি কৈ থাকোঁ বাবেইতো ৰাজনীতিয়ে নতুন বাট লয়, ৰাজনীতি কৰাসকলে বাট বিচাৰি পায়, পৰিৱৰ্তনৰ কথা ভাবিব পাৰে আৰু তাৰ বাবে এক পৰিৱেশ ৰচনা হয়।

❧ | আৰু পঢ়ক: ঘৃণ্য ৰাজনীতি বনাম দায়িত্বশীল নাগৰিক

কেঁচুমটাৰ দৰে পানী পাই ভৰভৰাই ওলোৱাবোৰে কিন্তু কোনোকালে ৰাইজক বাট দেখুৱাব নোৱাৰে। সেই কথা মহটিয়াই যাব খোজাসকলে মনত ৰখা ভাল। নতুন বাট দেখুৱাবলৈ গৈ শংকৰদেৱো বহুতৰে এলাগী হৈছিল, লগৰ মানুহক ৰজাই কাটিছিল, নিজেও আহোম ৰাজ্য এৰি কোচ ৰাজ্য পাইছিলগৈ— পিছে সময়ে তেওঁকে জাতিৰ গুৰু হিচাপে প্রতিষ্ঠা কৰিলে। বিষ্ণু ৰাভাকো পঘাৰে বান্ধি চোঁচোৰাইছিল— তেওঁ ৰৈ গ’ল। হেমচন্দ্ৰ বৰুৱাৰ মৃতদেহ চুবলৈও মানুহ নোলাইছিল— এতিয়া তেওঁৰ সোঁৱৰণী সভা পতাৰ হেতাওপৰা। এতেকে জনাদেশ মানেই সত্য আৰু শুদ্ধ পথ বা সত্য আৰু শুদ্ধ কথা নহ’বও পাৰে। কিন্তু জনাদেশ জনাদেশেই। তাৰ প্রতি সম্মান প্রদর্শন কৰাটোও গণতান্ত্রিক সংস্কৃতিৰে বর্ণাঢ্য পৰম্পৰা। সেয়েহে আমি জনাদেশৰ বিপৰীতে মত প্রকাশ কৰা নাই। কিন্তু ক্ষমতাত থকা বা তেওঁলোকৰ আশেপাশে থকাসকলেও এইটো বুজা উচিত যে চৰকাৰৰ নীতি বা কার্যাৱলীক সমালোচনা কৰা মানে জনাদেশক অসন্মান কৰা নহয়, বৰং ইও গণতন্ত্রৰে এক অতি শক্তিশালী পৰম্পৰা যে আমাৰ চৰকাৰখনৰ নীতি-চিন্তা বা কার্যাৱলীক আমি সমালোচনা কৰিব পাৰোঁ বা তাৰ বিৰুদ্ধে জনমতো গঠন কৰিব পাৰোঁ। এনে পৰম্পৰা থকা বাবেই ইন্দিৰা গান্ধীৰ জৰুৰীকালীনৰ পৰা দেশক উদ্ধাৰ কৰিব পৰা গৈছিল, যি প্রক্ৰিয়াৰ মাজেৰেই দেশত লাহে লাহে এটা বিৰোধী শক্তি গঢ় লৈছিল। তাৰে অতি সংগঠিত ৰূপটোৱেই আজিৰ বিজেপি দলটো নহয় জানো? জনসংঘৰ চেষ্টাৰ মাজেৰেইতো জনতা মৰ্চা গঢ় লৈ উঠিছিল আৰু কংগ্ৰেছৰ বিপৰীতে প্রথমবাৰৰ বাবে বিশেষ বিজয় সাব্যস্ত কৰিছিল। সেইটোৱেই আছিল খোপনি। তাৰ পৰাই লাহে লাহে সু-সংঘবদ্ধ আৰু সুশৃংখলভাৱে আগবাঢ়ি আহি আজি বিজেপিয়ে দুবাৰকৈ দেশ শাসনৰ অধিকাৰ লাভ কৰিছে। এই গোটেই প্রক্রিয়াটোত, অর্থাৎ কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে জনমত গঢ়াত বুদ্ধিজীৱীৰ অৱদান আছিল ঐতিহাসিক আৰু নিৰ্ণায়ক। আনকি ২০১৪ চনতো কংগ্ৰেছৰ বিপৰীতে কঠোৰ সমালোচনাৰে দেশৰ বহু বুদ্ধিজীৱীয়ে এক প্রতিষ্ঠান বিৰোধী ঢৌ গঢ়ি তুলিছিল। বুদ্ধিজীৱীসকলৰ এই বলিষ্ঠ ভূমিকাই পৰিৱৰ্তনৰ প্ৰশ্নটো প্রাসংগিক কৰি তুলিছিল। সেইবাবেই বুদ্ধিজীৱীৰ ভূমিকাক পেংলাই কৰাৰ প্রশ্ন নাহে। আমি কোনো দলৰ পৃষ্ঠপোষক নহওঁ। জাতিটো বা দেশখনৰ বাবে ক্ষতিকাৰক বুলি ভবা কথাত চৰকাৰক সমালোচনা কৰোঁ, ভাল কামত সমর্থন কৰাতো কোনো কৃপণালি নাই। আমি আশা কৰোঁ— গণতান্ত্রিক চেতনা শক্তিশালী হ’ব আৰু চৰকাৰে কেৱল সমালোচনা শুনাই নহয়, সমালোচনাক ইতিবাচকভাৱে বিচাৰ-বিশ্লেষণ কৰি চৰকাৰ চলাব। জনাদেশ প্রতিষ্ঠা কৰা ৩১ শতাংশ বা ৪৫ শতাংশ জনতাই দেশৰ জনসংখ্যা নহয়, বিৰোধীসকলো দেশৰ জনতা। তেওঁলোকৰ প্রতিও বা তেওঁলোকৰ মতৰ প্রতিও চৰকাৰৰ আস্থা আৰু ইতিবাচক সঁহাৰি থকাটো উচিত। ইতিমধ্যে মোদী ডাঙৰীয়াই অহংকাৰ পৰিহৰি সকলোৰে মনত বিশ্বাস স্থাপন কৰাৰ বাবে নেতাসকলক আহ্বান জনাইছে। কেঁচুমটাৰ অতপালিয়ে প্রধানমন্ত্রীৰ কথা আৰু আশা কেনিবাদি উৰুৱাই নিদিলে গাঁৱে-ভূঞে, হাটে-বাটে উপদ্ৰৱ কমিব। আমি সকলোৱে আশা কৰোঁ, দেশখন ভালদৰে চলিব আৰু গণতান্ত্রিক প্রমূল্য শক্তিশালী কৰাত চৰকাৰে আগভাগ ল’ব।

(পূৰ্ব প্ৰকাশ: ‘দৈনিক অসম’, ৩১ মে’ ২০১৯)

ছবিত: ৩০ মে’ তাৰিখৰ শপত গ্ৰহণ সমাৰোহৰ শেহত নৱনিৰ্বাচিত কেবিনেট মন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী | Photo Credit: AP, Courtesy: TheHindu.com

জনাদেশ ২০১৯ আৰু কেঁচুমটাৰ অতপালি | ড° দিলীপ বৰা

Follow Nilacharai on Facebook