বিহু বিষয়ক কিছু চিন্তা-দুঃচিন্তা

বিহু বিষয়ক কিছু চিন্তা-দুঃচিন্তা
  • 10 Apr, 2021

বি হু উৎসৱটোৰ বুকুতে অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱনৰ সিংহভাগ সমল পোৱা যায বাবেই বিহুক অসমীয়া লোক-সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ হিচাপে গণ্য কৰা হয়৷ প্ৰকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, পিন্ধন-উৰণ, খেতি-বাতি, খোৱা-বোৱা, চিন্তা-কল্পনা আদি এনে এটা দিশ নাই, যিসমূহ বিহুৰ মাজেদি প্ৰতিফলিত হোৱা নাই৷ তাৰ লগে লগে বিহুৱে সামাজিক ঐক্য-সম্প্ৰীতি আৰু জাতীয়তাবোধ সৃষ্টিত মহত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ হেঁপাহৰ বিহুটিয়ে যি উচ্চাস, প্ৰীতি আৰু আনন্দময়তাৰ সৃষ্টি কৰে, বোধকৰো আন কোনো উৎসৱেই সেয়া সৃষ্টি কৰিব নোৱাৰে৷ যুগে যুগে বিহুৰ সৈতে অসমীয়া মানুহৰ এক সুগভীৰ আবেগিক সম্পৰ্ক জড়িত হৈ আছে৷ প্ৰকৃতিৰ বৈচিত্ৰ্যময় ৰূপ-বৈভৱৰ পৰিৱৰ্তন আৰু কৃষিকেন্দ্ৰীক লোকজীৱনৰ সহজ-সৰল জীৱন-যাত্ৰাৰ মাজতেই এদিন বিহুৰ উৎপত্তি হৈছিল৷ ‘আমাৰ বিহু ভাঙোতা নাই’ বুলি চামে চামে ডেকা-গাভৰুৱে বিহুৰ সৈতে আত্মীয়তা ঘোষণা কৰি আহিছে৷ বিহু মানেই আনন্দ-উলাহ, মৰম-চেনেহ, ভাতৃত্ব-বন্ধুত্বৰ উৎস৷ বিহু কৃষিভিত্তিক লুইতপৰীয়া অসমীয়া চহা সমাজৰ কৌটিকলীয়া উৎসৱ, লোকজীৱনৰ বুনিয়াদ আৰু লোক-সংস্কৃতিৰ দাপোণ স্বৰূপ৷ অনাদি কালৰে পৰা পালন কৰি অহা অসমীয়া জাতীয় জীৱনৰ প্ৰাণ-স্পন্দন স্বৰূপ বিহুটিয়েই অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়৷ এই বিহুটিৰ লগত অসমত বসবাস কৰা পাহাৰ-ভৈয়াম, ধৰ্ম-বৰ্ণ, জাতি-উপজাতি নিৰ্বিশেষে সকলোৰে সম্পৰ্ক নিবিড় হৈ আছে বাবেই বিহুৰ মৰমত প্ৰতিগৰাকী অসমবাসীৰ হৃদয়ত তৎপৰতা আৰম্ভ হয়৷ বিহুৱে বৃহত্তৰ অসমীয়া জাতিটোক জীয়াই থকাৰ সাৰ-পানী যোগাই আহিছে৷ এটা কথা ঠিক যে, যিদিনাই বিহুটি আমাৰ মাজৰ পৰা বিদায় লোৱাৰ উপক্ৰম হ’ব, সেইদিনাই আমাৰ অসমীয়া বুলি চিনাকি দিয়া এই জাতিটোৰো অপমৃত্যু ঘটিব৷

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক সাঙুৰি লৈ একতা-সম্প্ৰীতিৰ ডোলেৰে বান্ধি লোৱা বাপতিসাহোন বিহুটিক চহা জীৱনৰ মাজৰ পৰা অষ্টাদশ শতিকাৰ আৰম্ভণিত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজপৃষ্ঠপোষকতাৰে ৰংঘৰৰ বাকৰিত আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদা প্ৰদান কৰিলে৷ নানা জাতি-উপজাতি আৰু বিশাল সাংস্কৃতিক বিনিময়ৰে গঢ়ি উঠা বৃহৎ অসমীয়া জাতিক বিশিষ্ট মৰ্যাদা প্ৰদান কৰাৰ বাবেও এই বিহু উৎসৱে বিশেষভাৱে অৰিহণা যোগাই আহিছে আৰু সাংস্কৃতিক সমন্বয়-সংহতিৰ ধ্বজা স্থাপন কৰি জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰি ৰাখিছে৷ উচ্চ-নীচৰ প্ৰাচীৰ নমনা বিহুৱে মানুহৰ অন্তৰৰ পৰা অন্তৰলৈ বিয়পাই সঁচা ভাতৃত্ববোধ, মৰম, চেনেহ, আত্মীয়তা আৰু শান্তিৰ বন্যা৷ বিহুৱে পাহৰাই ধনী-দুখীয়াৰ প্ৰভেদ, জাতি-বৰ্ণ-গোষ্ঠীৰ সংকীৰ্ণতা আৰু ৰক্ষণশীলতাৰ ঠেক মনোভাৱ৷ বিহুৰ সাৰ্বজনীন ৰূপ, ধৰ্ম নিৰপেক্ষতা, সাংস্কৃতিক বিশিষ্টতাৰ বাবে ধৰ্ম-বৰ্ণ-জাতি-উপজাতি নিৰ্বিশেষে সকলোৱে দ্বিধাহীনভাৱে বিহুক আকোঁৱালি লয়৷ তদুপৰি, বিহু উৎসৱৰ নৃত্য-গীত আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰাই, কৃষ্টিৰ বিনন্দীয়া সুৰে মানুহৰ মন পোহৰাই তোলাৰ লগতে নিজস্ব স্বাভিমান আৰু জাতীয়তাবোধৰ বৈশিষ্ট্যৰে সমুজ্জ্বল বৃহত্তৰ অসমীয়া সমাজ জীৱনক মহীয়ান কৰি তুলিছে৷ আচলতে, বিহুৰ গাত ভেঁজা দিয়েই অসমীয়া সংস্কৃতি আৰু জাতীয় জীৱন আগবাঢ়ি আহিছে আৰু অনাগত দিনবোৰতো আগবাঢ়ি যাব৷

পিছে পৰিৱৰ্তিত সময় আৰু সমাজ-ব্যৱস্থাৰ সৈতে খোজ মিলাই আমাৰ বুকুৰ আমঠু বিহুটিও ৰূপান্তৰ বা বিৱৰ্তনৰ পথেৰে আগুৱাই আহিল৷ সময় গতিশীল৷ এই গতিশীলতাত সমাজৰ ৰীতি-নীতি, পৰম্পৰা, জীৱন-ধাৰাৰ পক্ৰিয়াৰো পৰিৱৰ্তন হয়৷ গতিকে সংস্কৃতিৰ পৰিৱৰ্তন হোৱাটো অনিবাৰ্য৷ পৰিৱৰ্তনৰ কোবাল সোঁতত পৰি অসমীয়াৰ বাপতিসাহোন বিহুটি আজি এক আড়ম্বৰপূৰ্ণ সুবৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে৷ একালৰ বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ বিহু চোতাল গৰকি এসময়ত মঞ্চলৈ উঠিল আৰু এতিয়া ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিল৷ সম্প্ৰতি ৰাজ্যখনৰ আটাইকেইটা নিউজ চেনেল, বিভিন্ন ডিজিটেল মাধ্যম, চ’ছিয়েল মিডিয়া আদিয়ে বিহুৰ পৰম্পৰাগত ৰীতি-নীতি, নৃত্য-গীতক জগতসভাত প্ৰতিষ্ঠা কৰাত যথেষ্ট সবল ভূমিকা পালন কৰিছে৷

বিহু সংস্কৃতি বুলিলে বিহু আৰু ইয়াৰ সৈতে জড়িত থকা ভালেমান সামাজিক লোকাচাৰ আৰু থলুৱা লোক-কৃষ্টি আধাৰিত নৃত্য-গীতৰ কথাই মনলৈ আহে৷ অৱস্থা আৰু পৰিৱেশ ভেদে জনজীৱনৰ বিচিত্ৰ লীলাভূমিৰ হাঁহি-কান্দোন, অশ্ৰু-বেদনা, আশাপূৰ্ণ হোৱা আৰু আশাহত হোৱাৰ দোমোজা আদি বিচিত্ৰ অভিজ্ঞতাৰ বহিৰ্প্ৰকাশেই বিহু নৃত্য-গীতসমূহক স্বকীয়তা প্ৰদান কৰিছে৷ সম্প্ৰতি বিহুৰ গ্ৰহণযোগ্যতা দেশ-কাল-পাত্ৰভেদে সমৰ্থিত হৈছে৷ এসময়ত এনে এটা সংকটপূৰ্ণ দিন আছিল, যেতিয়া বিহুক এচাম ৰক্ষণশীল লোকে শ্লীল-অশ্লীলৰ আঁওতালৈ নি বিতৰ্ক জুৰিছিল সমাজ গুচিল বুলি৷ কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে বিহুয়েও আজিৰ অৱস্থা পাইছে৷ বৰ্তমান বিহু আন্তঃৰাষ্ট্ৰীয় মৰ্যাদাপ্ৰাপ্ত সৰ্বসমাদৃত সংস্কৃতি৷

এটা কথা ঠিক যে আধুনিক নগৰকেন্দ্ৰীক সংস্কৃতিৰ প্ৰভাৱে গ্ৰামাঞ্চললৈ বাট পোনোৱাৰ লগে লগে বিহুৰ গাত এটাৰ পাছত আনটো আঁচোৰ পৰিবলৈ ধৰে৷ ফলত ভালেমান পৰম্পৰাগত আচাৰ-আচৰণ এৰাপৰলীয়া হ’ল৷ বৰপথাৰৰ যুৰীয়া আঁহতৰ তলৰ পৰা চহৰৰ ৰংচঙীয়া মঞ্চত উঠাৰ পাছৰ পৰাই বিহুৰ নামত কিছুমান বিজতৰীয়া অপচিন্তা আৰু অন্ধ অনুকৰণে গুৰুত্ব লভিবলৈ ধৰিলে, যাৰ বাবে অসমীয়া সমাজ-জীৱনৰ মৰ্যাদাৰ ভেটিটোত, গৰিমাপুষ্ট সংস্কৃতিৰ ভেটিটোত কেণা লাগিবলৈ আৰম্ভ কৰিলে৷ পশ্চিমীয়া অপসংস্কৃতিৰ তীব্ৰ আগ্ৰাসনত অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুটিয়েও নান্দনিক সৌন্দৰ্য আৰু স্বকীয় বৈশিষ্ট্য হেৰুৱাই লঠঙা ৰূপ ল’বলৈ বৰ বেছি দিন নালাগিল৷ ভোগবাদ-বস্তুবাদৰ আঁচোৰত বিহুৰ জীপাল ৰূপটি তেনেই জুৰুলা হৈ পৰিল৷

আধুনিকতাৰ পোছাক পিন্ধি আজি বিহু সংস্কৃতি এনে এটা অৱস্থাত উপনীত হৈছে যে এতিয়া অসমত গছ-বিৰিখৰ ন-কুঁহিপাত, কুলি-কেতেকীৰ মিঠা মাতত বিহু নাহে, বিহু আহে নিতৌ মুক্তিলাভ কৰা শ-শ বিহুগীত আৰু নিউজ চেনেল সমূহে নিতৌ অনুষ্ঠিত কৰা বিহু বিষয়ক বৰ্ণাঢ্য কাৰ্যসূচীবোৰৰ গীত-মাতৰ লহৰতহে৷ মাঘবিহুৰ অগা-পিছাকৈ অসমৰ প্ৰায়সংখ্যক শিল্পীয়েই কিছুদিন আগলৈকে কেছেট আৰু চিডি-ভিচিডি হিচাপে আৰু সম্প্ৰতি বিভিন্ন চ’ছিয়েল মিডিয়া, ইউটিউব আৰু বিভিন্ন সংগীতৰ ৱেবচাইটৰ মাধ্যমত মুক্তি দিয়ে আধুনিক যন্ত্ৰসংগীতৰ ব্যৱহাৰৰে ব্যৱসায়ভিত্তিকভাৱে নিৰ্মাণ কৰা বিহুৰ বিভিন্ন অডিঅ’-ভিডিঅ’ গীত ৷ প্ৰতি বছৰে হাজাৰৰো ওপৰ এনেধৰণৰ আধুনিক বিহুগীতে মুক্তি লাভ কৰি আহিছে, জনপ্ৰিয়তাও লাভ কৰিছে৷ কিন্তু সিবোৰৰ কিমান সংখ্যকত বিহুৰ স্বকীয় ৰূপ-ৰস ফুটি উঠিছে, সেয়াহে আজি বিচাৰ্যৰ বিষয়৷ তদুপৰি পশ্চিমীয়া সংগীত সম্পৰ্কত কোনো অধ্যয়ন নকৰাকৈ বা ন্যূনতম ধাৰণা নোলোৱাকৈ বলিউদৰ হিন্দী গীতত ব্যৱহাৰ কৰা ‘ৰেপ্‌ সংগীত’ৰ ধাৰণা নকল কৰি সম্প্ৰতি অসমৰ এচাম নতুন প্ৰজন্মৰ গায়কে পৰম্পৰাগত বিহুগীতত এই আধুনিক সাংগীতিক ধাৰণা ব্যৱহাৰ কৰি এনিশাৰ ভিতৰতে জনপ্ৰিয় হোৱাৰ সস্তীয়া প্ৰতিযোগিতাত নামি পৰিছে৷ আনহাতে, ফাগুন মাহৰ মাজভাগৰ পৰাই বিহুক লৈ অসমৰ প্ৰতিটো নিউজ চেনেলে প্ৰায় প্ৰতিদিনাই গীত-মাত, নৃত্যৰ সমাহাৰেৰে বিহুৰ সাংস্কৃতিক অনুষ্ঠান সম্প্ৰচাৰ কৰে৷ বিহুক লৈ প্ৰায় দুই-তিনি মাহ ভীষণ ব্যস্ত হৈ পৰে অসমৰ নিউজ-চেনেলসমূহ৷ টি আৰ পি-ৰ নিগনি দৌৰত, নিজৰ ব্যৱসায়িক লাভালাভৰ স্বাৰ্থত বিহুৰ নামত চ’তৰ শেষভাগৰ পৰা জেঠৰ মাজভাগলৈকে সস্তীয়া তৰল গীতৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হোৱা এচাম শিল্পী বা গায়কক লৈয়ে নিতৌ তেওঁলোকৰ এই ‘বিহুমেলা’বোৰ পাতি আহিছে৷ কিন্তু বিহুৰ নামত চেনেলসমূহে পতা এই সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ৰাইজ কিমান উপকৃত হৈছে? এইবোৰৰ পৰা উঠি অহা চামে অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহুৰ ওপৰত সম্যক কিবা জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছেনে,— সেইটোহে আজি আটাইতকৈ ডাঙৰ প্ৰশ্ন৷ তাৰ বিপৰীতে, অসমৰ প্ৰতিখন গাঁও, প্ৰতিটো অঞ্চলতে বহুসংখ্যক শিল্পী আছে, যিসকলে ওৰেটো জীৱন বিহু সংস্কৃতি, বিহু নৃত্য-গীতৰ সাধনা কৰি আহিছে৷ ইটো পুৰুষৰ পৰা সিটো পুৰুষলৈ বিহু নৃত্য-গীতৰ সুবাস বিলাই আহিছে৷ অসমৰ প্ৰতিটো নিউজ-চেনেলে বিহুক লৈ আয়োজন কৰা এনেধৰণৰ তুলুঙা সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে যদি অসমৰ গাঁৱে-ভূঞে বিহু সংস্কৃতিৰ সাধনাৰে জীৱন পাৰ কৰা এনে শিল্পীসমূহক মাতি আনি প্ৰতিদিনাই বিহুৰ অনুষ্ঠান বা তেওঁলোকৰ প্ৰতিভা আৰু তেওঁলোকৰ হাতত থকা বিহুগীত-নৃত্যৰ সমলসমূহ ৰাইজৰ আগত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চিতভাৱে উঠি অহা চামে বিহু সম্পৰ্কত প্ৰকৃতাৰ্থত কিছু জ্ঞান লাভ কৰাৰ সুযোগ লাভ কৰিব৷ লগতে বিহু সংস্কৃতিৰ উত্তৰণৰ দিশত ই এক বলিষ্ঠ পদক্ষেপ হ’ব আৰু চেনেলসমূহে ৰাইজৰো সমাদৰ লাভ কৰিব৷

দেখা গৈছে, প্ৰথম বিহুৰ দিনা চাদৰৰ ভাঁজত লুকুৱাই পানী অনাৰ চলেৰে নৈৰ ঘাটলৈ গৈ মনৰ আপোন চেনাইটিক উপহাৰ দিবলৈ দিবলগীয়া শতস্বপ্নৰ দীঘ-বাণীৰে সজোৱা চেনেহীৰ হেঁপাহৰ বিহুৱানখন কলিকতা, মাদ্ৰাজৰ কটন মিলৰ পৰা বাটকুৰি বাই আহি ফাগুনৰ মাজভাগতে চহৰৰ অভিজাত ক্লথ্‌ ষ্ট’ৰ বা শ্বপিং মলৰ শ্ব’কেছত শোভাবৰ্ধন কৰেহি৷ চ’তৰ মাজভাগৰ পৰাই তৰাপাত, মাখিয়তী গছৰ ঠাল আদি সংগ্ৰহত ব্যস্ত হৈ পৰে অনা অসমীয়া বেপাৰী৷ আজি চ’তৰ শেষত ঢেঁকীৰ ধৰণী কঁপোৱা মাত শুনিবলৈ পোৱা নাযায়৷ আধুনিকতাই কোবোৱা গৃহিনীহ’তে বজাৰৰ পৰা কিনি অনা জা-জলপান, পিঠা-পনাৰ পেকেটবোৰৰেই ‘পৰৰ পিঠাৰে বিহু’ পাতে৷ বহুতে আকৌ ‘ষ্টেণ্ডাৰ্ড মেনটেইন’ কৰিবলৈ গৈ অসমীয়া পিঠা-পনাৰ ঠাইত হোটেলৰ নানা সুস্বাদু মিঠাই, বুন্দিয়া ভূজীয়া, লুচি-ভাজি আদিৰেই বিহুৰ কেইদিন অতিথি আপ্যায়ন কৰে৷ এতিয়া আৰু ঢোল-পেঁপা-গগনাৰ মাত শুনিবলৈ বৰপথাৰৰ মাজৰ যুৰীয়া আহঁতৰ তললৈ যোৱাৰ প্ৰয়োজন নাই, যাব লাগে ৰং-বিৰঙৰ পোহৰে আবৰা মঞ্চৰ কাষলৈ, য’ত বিহুৰ পৰম্পৰাগত নৃত্য-গীতৰ ঠাইত কিছুমান অতি আধুনিকতাই আবৰি লোৱা নৃত্য-গীতৰ পয়োভৰ ঘটে৷ বহু লাখ টকীয়া বিলাসী গাড়ী, মহানগৰীৰ মাজমজিয়াৰ ফ্লেট, বিভিন্ন আ-অলঙ্কাৰ, পাট-মূগাৰ ছেট, হাজাৰ হাজাৰ টকাৰ উপহাৰ সামগ্ৰী আদিৰ স্বপ্নত বলিয়া হৈ সম্পূৰ্ণ প্ৰতিযোগিতামুখী প্ৰফেচনেল মানসিকতাৰে ফাগুনৰ মাজভাগৰ পৰাই আখৰাত ব্যস্ত হৈ পৰে বিহুৱা ডেকা-গাভৰু৷ দেশৰ ভিতৰতে অৰ্থনৈতিকভাৱে জুৰুলা ৰাজ্য অসমত বিহুৰ বতৰত বিশেষকৈ ব’হাগৰ আৰম্ভণিৰ পৰা আহাৰ মাহৰ মাজভাগলৈকে সৰ্বত্ৰতে লাখ লাখ টকা ব্যয়ৰে অনুষ্ঠিত কৰা হয় ‘মৌ-কুঁৱৰী’, ‘বিহু-কুঁৱৰী’, ‘বিহু-সম্ৰাজ্ঞী’ আদিৰ দৰে কিছুমান অনৰ্থক লেবেল মৰা প্ৰতিযোগিতা৷ ইয়াৰ উপৰিও অঞ্চলটোৰ বা গাঁওখনৰ উঠি অহা ল’ৰা-ছোৱালীখিনিক নৃত্য-গীত পৰিৱেশনৰ পৰা বঞ্চিত কৰি আঁতৰৰ কোনোবা নামী-দামী ‘জনপ্ৰিয়’ শিল্পীক মাতি আনি গীত গোৱালেহে বিহুমেলাৰ মান বৃদ্ধি হ’ব— এই ধৰণৰ মানসিকতাইও আজি সমাজখনত বাৰুকৈয়ে শিপাইছে৷ জাতীয় কলা-কৃষ্টিৰ জ্ঞান নথকা, এটি-দুটি সস্তীয়া গীত গায়েই বাতৰি কাকত, নিউজ-চেনেলত বিজ্ঞাপনৰ ফুলজাৰিৰে জনপ্ৰিয়তাৰ লেবেল লগোৱা এনে বহু পাবতগজা ‘শিল্পী’য়ে নিশা দুপৰত মঞ্চত উঠি, ৰাইজলৈ হাত-ভৰি এচাৰি, গীত নৌগাওঁতেই ৰাইজৰ পৰা নিৰ্লজ্জৰ দৰে হাতচাপৰি বিচাৰি যি এক বিকৃত পৰিৱেশ সৃষ্টি কৰে, সেয়া নিশ্চয়কৈ নিন্দনীয়৷ বিহুৰ মান-মৰ্যাদা, স্বকীয়তা পাহৰি এনে তথাকথিত বিহুমেলাবোৰত এনে শিল্পীয়ে পৰিৱেশন কৰা গীতৰ তালে তালে সুৰাসক্ত যুৱক-যুৱতীয়ে মঞ্চৰ সন্মুখভাগত কৰা সীমা চেৰাই যোৱা অতপালিবোৰ এতিয়া নিতান্তই সাধাৰণ কথা হৈ পৰিছে৷ আৰু এই বহুৱালিবোৰ কৰিবলৈকে নিশা দুপৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ সকলো যান-বাহনক হেঙাৰ দি ‘চান্দা তোলা’ অপসংস্কৃতি বিহুৰ বতৰত নিচেই চিনাকি ব্যৱস্থা হৈ পৰিছে৷ আনহে নালাগে, আজি অসমীয়া ৰাইজে বিহুৰ বতৰত বিহুমেলাখন পাতিবলৈ বিদেশী বণিয়া (কোম্পানী)ৰ ওচৰত আৰ্থিক সহায় (স্পনশ্ব’ৰ) বিচাৰি ভিক্ষাৰীৰ দৰে হাত পাতিবলগীয়া হৈছে৷ অন্যহাতে বিহুৰ কেইদিনত চৰকাৰী-বেচৰকাৰী মদৰ দোকানত বিক্ৰীৰ পয়োভৰ চলে৷ অন্যান্য অঞ্চলৰ কথা বাদেই, গুৱাহাটী মহানগৰীৰ একোখন চৰকাৰী মদৰ বিপনীত বিহুৰ কেইদিনৰ এটা ৰাতিত কোটিৰ ঘৰত বিক্ৰীৰ ৰেকৰ্ডো নথকা নহয়৷ আজি আমাৰ বহু গ্ৰামাঞ্চলত হুঁচৰি গাবলৈ যোৱাৰ নামত দোভাগ ৰাতি গাভৰু ছোৱালী থকা ঘৰৰ পদূলিত মাতাল যুৱকৰ অশ্লীলতাৰ বহুৱালি চিনাকি দৃশ্য হৈ পৰিছে৷ মুঠতে আজি আমি মদৰ যোগাৰ নহ’লে বিহু পাতিব নোৱৰা হৈছোঁ৷ বিগত ভালেমান বছৰৰ পৰা দেখি অহা এনেধৰণৰ কৰ্মকাণ্ডই যে বিহু সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে, সেয়া নিশ্চিত৷ এই সম্পৰ্কত সচেতন সকলে এবাৰ হ’লেও ভাবি চাবৰ হ’ল৷

❧ | আৰু পঢ়ক: বিহু আৰু কিছু আনুষঙ্গিক

প্ৰকৃতপক্ষে ক’বলৈ গ’লে, বৰ্তমান আমাৰ অসমীয়া মানুহখিনিৰ সুস্থ মানসিকতা, বিচাৰ বিবেচনাবোৰ যেন ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছে, আমি যেন এক চাকনৈয়াত উটি-ভাহি ফুৰিছোঁ, যাৰ বাবে আমাৰ বাপতিসাহোন বিহুটিৰ চিৰবিনন্দীয়া ৰূপ-সৌন্দৰ্যখিনি ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে৷ আজি আমাৰ সমাজত বিহুক কেন্দ্ৰ কৰি যিবোৰ নেতিবাচক চিন্তা-চৰ্চা আৰু অপসংস্কৃতি গঢ় লৈ উঠিছে, সেইবোৰ আঁতৰাই জাতিটোৰ সুস্থ চিন্তা-চেতনাক ঊৰ্ধ্বত ৰাখি মানসিক দিশটোক নিকা কৰাৰ অৰ্থে প্ৰতিজন অসমীয়াই আন্তৰিকতাৰে চেষ্টা কৰাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে৷ আমি পাহৰি যাব নালাগে যে বিহুৰ অন্তৰ্নিহিত তাৎপৰ্যই হ’ল অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ দাপোণ৷ এনে প্ৰেক্ষাপটত বিহুৰ অতীতৰ সেই বিনন্দীয়া ৰূপটি ঘূৰাই আনিব নোৱাৰিলেও চেষ্টা কৰিলে ইয়াৰ পৰম্পৰাগত ৰীতি-নীতি আৰু ঐতিহ্য ৰক্ষা কৰি উঠি অহা চামলৈ শুদ্ধৰূপত বিহুক প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সফল হ’ব পাৰিম৷

বিহুৰ বতৰত সচেতন সকলক এনে দিশবোৰে ভবাই তোলক আৰু সৰ্বসাধাৰণক আনন্দৰ একেডালি ডোলেৰে বান্ধি পেলাওক৷

বিহু বিষয়ক কিছু চিন্তা-দুঃচিন্তা | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook