সময়ে যেতিয়া কথা কয়

সময়ে যেতিয়া কথা কয়
  • 20 Apr, 2023

সময়ে যেতিয়া কথা কয়

কাণ পাতি শুনে নদীয়ে
বতাহে
গছ-বিৰিখে
পশু-পখীকুলে

আমাৰ কিন্তু সময় নহয়

সময়ৰো সময় নাথাকে
ৰৈ থকাৰ

এনেকৈয়ে পাৰ হৈ যায়
সময়

আৰু এদিন…

সময় হৈ যায় আমাৰ

মুখামুখি হোৱাৰ
সময়ৰ সৈতে

সময়ে যেতিয়া কথা কয় | মমতাজ আনচাৰি
Follow Nilacharai on Facebook