চ’তৰ বিহু ৰঙালী

চ’তৰ বিহু ৰঙালী
  • 28 Apr, 2023

চ’ তৰ ৰঙালী বিহু, কাতিৰ কঙালী বিহু আৰু মাঘৰ ভোগালী বিহু— এই তিনি বিহুক অসমীয়াৰ জাতীয় উছৱ বুলি বিবেচনা কৰা হয়। এই তিনিওটি উছৱৰে সম্পৰ্ক বছৰৰ ঋতুচক্ৰৰ তিনিটি নির্দিষ্ট বিন্দুৰ লগত। মহাবিষুৱ সংক্রান্তি, জলবিষুৱ সংক্রান্তি আৰু উত্তৰায়ণ সংক্ৰান্তিৰ দিনতে এই তিনিটি বিহু পৰে। ইয়াৰ পৰাই ‘বিহু-সঁকৰাতি’ কথাটোৰ উৎপত্তি হৈছে। আনফালে পণ্ডিতসকলে অনুমান কৰে, ‘বিষুৱৎ’ শব্দৰ পৰাই ‘বিহু’ শব্দৰ উৎপত্তি হৈছে। মন কৰিবলগীয়া, সংস্কৃতৰ “বিষুৱদ্দিৱসে” কথাটোকে শ্ৰীশংকৰদেৱে ভাঙনি কৰি কৰিছে— “বিষু দিনা”। চ’তৰ বিহুৱে বছৰৰ প্ৰধান খেতিৰ আৰম্ভণ সূচনা কৰে; কাতিৰ বিহুৱে খেতি তোলা বা ধান দোৱাৰ আৰম্ভণ সময়ৰ ইংগিত দিয়ে আৰু মাঘৰ বিহুৱে খেতি তোলাৰ শেষৰ আনন্দ প্রকাশ কৰে। অসমৰ দৰে এখন কৃষিপ্রধান দেশত কৃষি সম্পর্কিত উৎসৱে প্রাধান্য লাভ কৰা নিশ্চয় আচৰিত কথা নহয়।

ৰঙালী বিহু নামটোও বৰ অৰ্থব্যঞ্জক। এই ৰঙালী বিহু হয় যেতিয়া ‘বাটে পোৱালি মেলে’ আৰু ‘মৰা গৰুৰ ছালে বেবায়’। প্ৰকৃতিৰ গাত কেয়োফালে এটা মুকলি মুকলি আৰু আনন্দময় ভাৱ। বাট-পথ কেয়োফালে মুকলি হৈ পৰে; পথাৰ আৰু পানীৰ ডোবাও শুকাই গৈ বুকেদি বাট এৰি দিয়ে। প্রকৃতি নতুন পাত-ফুলেৰে সুশোভিত হৈ পৰে। প্রাকৃতিক সৌন্দৰ্যৰ আনন্দই মানুহৰ অন্তৰতো আনন্দ ভৰংগায়িত কৰি তোলে। বসন্তৰ আগমনত প্ৰকৃতিৰ গাত যেন নৱ-যৌবন স্ফূৰণ হয়; মানুহৰ মনতো যৌৱনময় ভাবে কুঁহি পেলাই ফুল মেলি উঠে। প্ৰকৃতিৰ দৰেই মানুহো যেন চিত্র-বিচিত্র হৈ পৰিব। এই সময়তেই নানা ঠাইত নানা বৰণৰ বসন্তোৎসৱ উদযাপিত হয়। পলাশ, মদাৰ আদিৰ ৰঙৰ উছৱ দেখি মানুহেও গাত, কাপোৰত ৰঙা ৰং সানি ফাকুৱা খেলে। ৰঙালী বিহুৰ উছৱতো যেন এইদৰে ৰঙিলী প্ৰকৃতিৰ আহ্বান অনুষ্ঠিত হয়।

অসমীয়া খেতিয়কসকলৰ কাৰণে বসন্তকাল আজৰি আৰু গৰ্ব ভৰা আনন্দৰ সময়। মাঘৰ বিহুৰ লগে লগে খেতি চপাই ধানেৰে ভঁৰাল ভৰাই বছৰটোৰ খাদ্যৰ কথা লৈ নিশ্চিন্ত হৈ পৰে। এই সময়ত মাছ-মৰা, কাঠ-বাঁহ গোটোৱা আদি কামত পুৰুষ-তিৰোতা সকলো বাহিৰ হয়। বনগীতৰ সুৰে হাবি-পাহাৰ, নৈ-বিল ৰজন-জনাই তোলে। চ’ত সোমোৱাৰ লগে লগে ডেকাহঁতে ৰঙালী বিহুৰ আয়োজন কৰে, গৰুৰ নতুন পঘাৰ কাৰণে তৰাণিৰ পৰা তৰা আনেগৈ। গাভৰুহঁতে বিহুৱানৰ কাৰণে ফুলাম গামোচা, চেলেং ব’বলৈ আৰম্ভ কৰে। গাঁও উলহ-মালহেৰে ভৰপূৰ হয়।

চ’তৰ বিহুৰ আৰম্ভণ হয় গৰু বিহুৰে। চ’তৰ সংক্ৰান্তিৰ দিনাই হ’ল এই গৰু বিহু। কৃষিজীৱী জাতিৰ জীৱনত গৰুৰ গুৰুত্ব সদায় অত্যন্ত বেছি। সেই বাবেই সমস্ত ভাৰতীয় সমাজতে গৰুক নানাভাৱে সন্মান কৰা হৈ আহিছে। পঞ্চগব্যৰ ব্যৱহাৰ অনেক পৱিত্র পর্ব-পার্বণতে। মৃত্যুৰ পাছত বৈতৰণী পাৰ হ’বলৈ হলেও বৈতৰণী-ধেনু নহলে হিন্দুৰ উপায়ন্তৰ নাই। আনফালে অসমৰ বিভিন্ন জনজাতিৰ মাজত গৰুৰ গাখীৰ নোখোৱা প্ৰথাৰ মূলতো গৰুক সন্মানৰ চকুৰে চোৱাটোৱেই। কাশ্মীৰৰ শ্বিন, দর্দ, মধ্য ভাৰতৰ কোল আৰু হো জনজাতিৰ মাজতো গৰুৰ গাখীৰ নোখোৱা নিয়ম চলি আহিছে। বোম্বাই প্রদেশত খেতিৰ বতৰৰ আৰম্ভণিৰ সময়ৰ অখতীজ নামৰ উছৱত গৰুৰ গাত ৰং-চং ঘঁহি ফুলজালি পিন্ধাই, বিশেষ ধৰণে খাবলৈ দিয়া হয়। ইয়াৰ লগত আমাৰ গৰু-বিহুৰ মূল কথাখিনি মিলে। ভাল খেতিৰ কাৰণে গোটেই বছৰ নিৰোগ থকা গৰুৰ আৱশ্যক; সেই দেখি গৰুৰ মংগল চিন্তাই গৰু বিহুত বিশেষভাৱে দেখা দিয়ে।

গৰু-বিহুক গো-পূজা বুলি ঠিক ক’ব পৰা নগ’লেও তাত গৰুৰ আদৰ বহলভাৱে কৰা হয়। পুৱাতেই ঘৰৰ ল’ৰা-বুঢ়া উঠি গা-পা ধুই জাতিলাউ, বেঙেনা, কেৰেলা, হালধি, থেকেৰা পাতলকৈ কুটি লৈ ‘গৰুৰ চাট’ সাজে— দুই-তিনি-চাৰি-পাঁচডলীয়া শলিৰে। মাহ-হালধি বাটি লৈ মাহেৰে গৰুৰ কপালত ফোঁট দিয়ে আৰু গাত মাহ-হালধি ঘঁহি দিয়ে। ঘৰৰ ম’হ আৰু ছাগলীয়েও গৰুৰ লগতে এনে আদৰ লাভ কৰে। এখন গাঁও বা চুবুৰিৰ মানুহে মাহ-হালধি সনা গৰুবোৰ একেলগ কৰি ওচৰৰ নৈ বা বিলত গা ধুৱাবলৈ নিয়ে। বাটত দীঘলতি আৰু মাখিয়তিৰ ডালেৰে গৰুবোৰক কোবোৱা হয় যেন বছৰেকলৈ সিহঁত মহ-ডাঁহৰ হাত সাৰি থাকিব পাৰে। সিহঁতক নৈ-পুখুৰীৰ পানীত মেলি দি গা-পা ঘঁহি ধুৱাই দিয়া হয় আৰু সিহঁত পাৰলৈ উঠি আহিলে পুৰণি পঘা ঠেঙৰ তলেৰে সৰকাই দলিয়াই নেওচা দিয়া হয়— গৰুবোৰৰ সকলো বিপদো যেন তাৰ লগতেই নেওচা যায়, এই ভাবেৰে।

পৃথিবীৰ আন আন ঠাইতো এইদৰে নতুন বছৰৰ দিনত মানুহ আৰু গৰু-গাইৰ আপদ খেদা নিয়ম আছে। গৰুৰ গা ধুৱাই পথাৰত মেলি দিয়া হয়। কোনোৱে গৰুৰ চাটৰ পৰা গৰুৰ গাত ঘঁহা হালধি আদি নৈ-বিলৰ পাৰৰ পৰা বুটলি আনি প্রথম বহাগৰ দিনা মানুহৰ গাত ঘঁহিবলৈ থৈ দিয়ে। গৰু পথাৰত এৰি দিয়াৰ পাছত ডেকা-বুঢ়া ঘৰলৈ ঘূৰি নতুন গামোচাৰে গা মচি নতুন কাপোৰ-কানি পিন্ধে, সৰুৱে বৰক ওলগ জনাই চিৰা-পিঠা আদিৰ জলপান খায়। বুঢ়াসকলে গা ধুই উঠি গোসাঁই ঘৰত নাম লওঁতে গৰুক দিবলগীয়া পঘাত ৰঙা এঁৱা সূতা আৰু তুলসীপাত লগাই থাপনাৰ আগত থয়। কোনোৱে গোটেই নতুন বছৰলৈ ধুমুহা আদি নোহোৱাৰ কামনাৰে মহাদেৱৰ নামত নাহৰ পাতত শ্লোক লিখি ঘৰৰ চালৰ পানীপচাত খুচি থয়। ডেকাইতে ঘৰে ঘৰে জুম পাতি হাঁহ-কণী যুঁজায় বা পাশা-পাশটি খেলি ৰং কৰে। গধূলি হ’লেই তেওঁলোকে ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীর্বাদ দিয়ে,— কাৰণ—

গৰু বিহু দিনাখন ল’বা আশীর্বাদ
তেহে পাবা বৈকুণ্ঠত থান।

আনফালে গধূলি হ’লেই গৰু-গাই ঘৰ চাপে। গতিকে পদূলিৰ মুখৰ পৰা গোহালিলৈকে ঠায়ে ঠায়ে ধানখেৰ, পতান, মৰলীয়া শাক, দীঘলতি, মাখিয়তি পাতৰ যাগ দি ধোঁৱাময় কৰি থোৱা হয়। মহ-ডাঁহৰ বতৰৰ এয়া আৰম্ভ। বাৰিষাৰ কেইমাহ যাতে মহ-ডাঁহে গৰুক বেছি কষ্ট দিব নোৱাৰে, তাৰ কামনাও এই প্রথম যাগত সোমাই আছে আৰু দ্বিতীয়তে বাৰিষাৰ কেইমাহলৈ যাগৰ এই আৰম্ভ। গৰুক ন-পঘাৰে বান্ধি লাওপিঠা খুওৱা হয় গোটেই বছৰলৈ গাত বল বাঢ়িবলৈ। চ’তৰ বিহুৰ এই দিনটোত গৰুৰে হালবোৱা বা গাড়ী টনোৱা বা সিহঁতক সাধাৰণ এচাৰিৰে কোবোৱাটো নিষিদ্ধ। প্রথম বহাগৰ পুৱা যাগৰ ছাইত তেল দি তেলী ছাই কৰি বিশেষকৈ বলধৰ গলধনৰ চুটত সানি দিয়া হয়— যুৱঁলীৰ হেঁচাত যাতে বতৰত তাত ঘাঁ নালাগে, এই ভাবেৰে। মুঠতে খেতিৰ ঘাই সম্বলৰূপে বিহুৰ দিনা গৰুক বিশেষ আদৰ কৰা হয়।

পহিলা বহাগৰ দিনটোক মানুহৰ বিহু বোলা হয়। সেইদিনা মানুহে মাহ-হালধিৰে গা ধোৱে, ভাতৰ সলনি দিনৰ বেলা চিৰা-পিঠা খায় আৰু ডেকাহঁতে আগদিনাৰ দৰেই হুঁচৰি গায়। গধূলি হ’লে মিহলি বন-খাৰধিৰে ভাত খোৱা হয় আৰু অলপ ভাত পানী দি পিছ দিনালৈ থৈ দিয়ে। পিছদিনা সেই পঁইতা ভাত খাই প্রথম বাৰৰ কাৰণে বিচনীৰ বিচ লোৱা হয়— যেন সেই পঁইতা ভাত আৰু বিচনীৰ জুৰ গোটেই বছৰ আপোনাআপুনি পাই থকা যায়। মুঠতে, নতুন বছৰৰ সমৃদ্ধি আৰু শক্তি কামনাই বিহুৰ বিভিন্ন অনুষ্ঠানৰ মূল।

হুঁচৰি সাধাৰণতে সাদিনলৈকেও চলি থাকে। হুঁচৰিৰ বাহিৰেও গাঁৱৰ ডেকা-গাভৰুৱে গাঁৱৰ পৰা অলপ আঁতৰত পথাৰত বা গছৰ তলত বনৰীয়া প্ৰেমৰ গীত গাই নাচে। এই নাচ-গীতৰ দল অকল ডেকাৰ, অকল গাভৰুৰ বা ডেকা-গাভৰুৰ মিহলিকৈও হয়। ডেকাই গাভৰুৰ বা গাভৰুৱে ডেকাৰ ধেমালি চাবলৈও যাব পাৰে। একালত ৰাতি এনে ধৰণৰ বিহুৰ ধেমালি হৈছিল, আজিকালি তাক দিনতো দেখিবলৈ নোহোৱা হৈছে। কোনো কোনোৱে ভাবে যে কোনো জাতিৰ মাজত যেনেকৈ যৌনবিষয়ক গীত গাই নাচি পৃথিবীৰ উৰ্বৰতা বঢ়াবলৈ যত্ন কৰা হয়, এই বনৰীয়া গীত গাই নচাটোও তেনে ধৰণৰে এটি উৰ্বৰতা বঢ়াবলৈ কৰা উৎসৱ, কিন্তু পোনপটীয়াকৈ এনে এটা সিদ্ধান্তলৈ যোৱা টান।

জেং বিহু

শিৱসাগৰ জিলাৰ তেপৰ বৰচহকী গাঁৱৰ ছগৰাকী কঁকাল-পৰা বুঢ়ী বিহুৱতীৰ যি জেং-বিহু দেখিলো, ইয়াৰ মাজতো হয়তো বিছৰ আচল ৰিচুৱেল ৰূপটো লুকাই আছে। এই জেং-বিহু হেনো হয় মাজনিশা ক’ৰবাত পথাৰৰ মাজত। মন কৰিবলগীয়া কথা কামৰূপতো এই সময়তে আয়তীসকল পথাৰলৈ গৈ সাত-শাকতি বিহু এটা পাতে। আমাৰ জেং-বিহুত জুনা গায়— “জুনাৰে উপৰি জুনা হৰি হৰি, জুনাৰে উপৰি জুনা।” ঘোষা গায়— “হাতৰে চাপৰি বজাওঁ খৰে কৰি”, “ৰহদৈ ঐ, ভোগদৈ ঐ, বিহুতলী শুৱনি গাভৰু ঐ”, “আমি বিহু কৰোঁ য’ত, দূবৰি নগজে ত’ত” (য’ত নাচনী এনেয়ে কঁকাল-পৰা আলৰ, হাতত টকাটো ল’লে তামোল গছৰ দৰে থিয় আৰু নাচিবৰ বেলা পখিলা, তাতনো দূবৰি গজে কেনেকৈ বাৰু?)। তেওঁলোকৰ বিহুনাম— “ৰৈ ৰৈ ধেমালি কৰ”, “দেউতা ওলালে বৰচ’ৰাৰ মুখলৈ” ইত্যাদি আমি গোৱামখাই। তেওঁলোকৰ গীতত কলিতা ৰজা, মণিৰাম দেৱান, বগা বঙাল, মানৰ দিনৰ কথা উক দি উঠে— “মানে আনিবলৈ গৈছিলি মণিৰাম”, “শুনি যা শুনি যা বঙালৰ কটকী, মানে কিয়ে কথা কয়”। কিন্তু আটাইতকৈ তাৎপর্যপূর্ণ জেং-বিহু নামটোহে।

বুঢ়ী-ভকতী বিহু-মাৰতীহঁতে হেনো বিহু-মৰা ঠাইত শুকান জেংকেইডালমান থিয়কৈ লয় আৰু পাছত হেনো তাতে সেউজীয়া ডাল-পাত লগাই দিয়ে। আৰু এটা গুৰুত্বপূর্ণ কথা, তেওঁলোকে গায় ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত— যি গীত ৰাতিখোৱা বৰসেৱাতো গোৱা হয়। এই দুইটা কথা লগ লগালে এনে হ’বগৈ— বিহুৰ চৰম পৰমাৰ্থ এই গীতটিত পর্যৱসিত হয়গৈ— “কাঠৰ পখী ঘোঁৰাত উঠি ফুলকোঁৱৰে ম’ৰালৈ মাৰিলে দলি” আৰু লগে লগে— “শুকানে মেলিলে পাত”। বসন্ত আহিছে ফুলকোঁৱৰ হৈ, টিকা-মাটি ফালি চিৰা-চিৰ কৰা শুকান বতৰ আতঁৰি যাওক, শুকান বিৰিখে পাত মেলক, পৃথিৱী গাভৰু গৰ্ভৱতী হওক, পথাৰ শইচেৰে নদন-বদন হওক। এয়ে বিহুৰ তন্ত্র-মন্ত্র-যন্ত্র।

❧ | আৰু পঢ়ক:

চ’তৰ বিহু ৰঙালী | ড° মহেশ্বৰ নেওগ
Follow Nilacharai on Facebook