“…And youth is cruel, and has no remorse
And smiles at situations which it cannot see…”
(Portrait Of A Lady, T.S. Eliot)
এটা অক্টোবৰ মহীয়া ৰাতি
খিৰিকীত পৰি থকা পাতল পৰ্দাৰ ফাঁকেৰে
সোমাই আহিছে প্ৰাচীন বতাহ
আলনাত ওলমি আছে মই এৰি থৈ অহা কামিজ
য’ত মিহলি শৰীৰৰ গোন্ধ মোতকৈ তোমাৰ বেছি
সেইদিনা তোমাক চুমা খোৱাৰ চিন্তাটো
মোৰ মনলৈ এবাৰতকৈ বেছি আহিছিল
কিন্তু তোমাৰ টোপনি যোৱা মুখখনে
মোক কোনো বাৰেই অনুমতি নিদিলে
তোমাৰ নিশ্বাসত নিহিত শীতৰ
নিৰ্দিষ্ট সুবাসত মোৰ হেঁপাহে সমবেদনা পায়
চিকণ ছালত শুই পৰে টোপনিৰ চহৰ
মই বৰ বেছিকৈ কওঁ কেতিয়াবা
তুমি কোনোবাৰেই নোকোৱা কথাবোৰ
এই সজাই-পৰাই ৰখা জীৱনৰ তাড়নাৰ মাজতো
তোমাৰ কল্পনা আটাইতকৈ সৰল
তুমি মোৰ ৰঙীন অনুতাপ
আৰু মলিন আমোদ।
❧ | আৰু পঢ়ক:
- প্ৰেমৰ আঢ়ৈটা আখৰ: কবীৰৰ সাতোটা দোহা
- দুপৰীয়া বৰষুণ দি আছিল
- সন্দিকৈ কলেজৰ ৰঙা চুন্নি
- বতৰ
- প্ৰেমৰ পুৰণি চিঠিবোৰ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক