মদ্য-পুৰাণ 🍷

মদ্য-পুৰাণ 🍷
  • 11 Aug, 2022

[ বিধিসন্মত সতৰ্কীকৰণ: মদ্যপান স্বাস্থ্যৰ বাবে হানিকাৰক।]

১.

দ অতি বিষাক্ত বস্তু। সেইকাৰণে, পৃথিৱীত যিমান মদ আছে, সৱ খাই শেষ কৰি দিব লাগে।— ঠিক যেন স্বামী বিবেকানন্দৰ বিখ্যাত উক্তি ‘ড্ৰিংক দা অচন,— সাগৰখন শুহি পেলোৱা’ৰ আন এক সংস্কৰণহে। মোৰ মদ্যপানৰ প্ৰিয় সংগীজনৰ এই উক্তি। আমি একেলগে মদ খাই থকাৰ সময়ত তেওঁ প্ৰায়ে কথাষাৰ দোহাৰে।

সঁচা কথা, মদ এক ৰাগিয়াল পানীয়, ইয়াৰ উপকাৰিতাতকৈ অপকাৰিতা বহু বেছি ভয়াবহ। সেয়ে মোৰ এই কথাখিনিৰে মই কাকো সুৰাপায়ী হ’বলৈ উৎসাহিত নকৰোঁ। কিন্তু আপুনি মোৰ লগত একেলগে বহি মদ নোখোৱাকৈয়ো, মদৰ আড্ডাৰ বিষয়ে দুই-এটা কথা শুনিলে, অইন একো নহ’লেও অকণমান মনোৰঞ্জন হ’ব পাৰে বুলিয়েই লিখিবলৈ লৈছোঁ। দায় দোষ খেমিব।

এজন মানুহ। সদায় গধূলি বাৰলৈ যায় আৰু তিনি পেগ মদ খায়। কিন্তু আন সুৰাপায়ী বা বাৰৰ গ্ৰাহকৰ সৈতে তেওঁৰ এটা অমিল আছে। অইনে এটা পেগ শেষ হোৱাৰ পাছতহে অইন এটা পেগ বিচাৰে, কেতিয়াবা শেষৰটো স্মল পেগো হ’ব পাৰে। কিন্তু আমাৰ এইজনাক এটা এটাকৈ দিলে নহ’ব, টেবুলত বহাৰ লগে লগে ৱেইটাৰে তিনিটা পেগ একেলগে তেওঁৰ মুখৰ আগত থ’বহি লাগে। গ্ৰাহকৰ ইচ্ছা অনুসৰি ৱেইটাৰে তাকেই কৰে। কিন্তু এদিন এজন ৱেইটাৰৰ বেয়া লাগিল। গিলাচত মদ বাকী পানী মিহলাই বহু সময় থৈ দিলে মদৰ আচল সোৱাদটো নোহোৱা হয়। গিলাচত পোক-পৰুৱা, ধূলি-মাকতিও পৰিব পাৰে।

সেয়ে অনুভৱী ৱেইটাৰজন এদিন সেই গ্ৰাহকজনৰ ওচৰলৈ আহিল। তেওঁৰ মুখলৈ চাই ক’লে— ‘চাৰ, আপুনিনো একেলগে তিনিটা পেগ কিয় বিচাৰিব লাগে, আমিতো আছোঁৱেই। এটা পেগ শেষ হ’লে লগে লগে পিছৰটো পাবই আপুনি। একেলগে তিনিটা পেগ টেবুলত থৈ দিলে বেয়া হৈ নাযায় জানো?’ ৱেইটাৰৰ কথা শুনি গ্ৰাহক গহীন হ’ল। উত্তৰত ক’লে— ‘মোক তিনিটা পেগ একেলগেই লাগিব, ইয়াৰ কাৰণ আছে। কাৰণটো শুনা— আমি তিনি ভাই। এটা মই ইয়াত, বাকী দুটাৰ এটা আমেৰিকাত, আনটো অষ্ট্ৰেলিয়াত। বুজিলা?’
—‘হয় চাৰ।’
—‘আমি তিনি ভাই যেতিয়া এৰাএৰি হৈছিলো, তেতিয়া আমি প্ৰতিজ্ঞা কৰিছিলো যে আমি ইটোৱে সিটোক যাতে পাহৰি নাযাওঁ, তাৰ কাৰণে আমি য’তেই যেতিয়াই মদ খাওঁ, একেলগে তিনিটা পেগ লৈ খাম। এতিয়া বুজিলা, মোক তিনিটা পেগ কিয় লাগে?’

কথা শুনি ৱেইটাৰ অভিভূত।

এইদৰে তিনিটা পেগ নিয়মীয়াকৈ খাই থকা গ্ৰাহকজনে হঠাৎ এদিন বাৰত সোমাই ৱেইটাৰক ক’লে যে তেওঁক আজি তিনিটা নালাগে, দুটা পেগহে লাগে।

ৱেইটাৰে কিয় বুলি সুধিব খুজিছিল যদিও ৰৈ গ’ল, কাৰণ গ্ৰাহকক সকলো কথা সোধা ভাল নহয়। দুটা পেগ লাগে বুলি কৈছে, দি দিলেই হ’ল।

গ্ৰাহকজনে দুয়োটা পেগ শেষ কৰাৰ পাছত সহানুভূতিশীল ৱেইটাৰজন তেওঁৰ কাষ চাপিল। ৱেইটাৰে বুজিছিল যে দুই ভ্ৰাতৃক মনত পেলাই সদায় একেলগে তিনিটা পেগ বিচৰা গ্ৰাহকজনে আজি এটা পেগ কমকৈ বিচৰাৰ অর্থ নিশ্চয় এয়াই যে এজন ভ্ৰাতৃয়ে হয়তো চকু মুদিলে। সেয়ে নিয়মীয়া এই গ্ৰাহকজনক এষাৰ মাত দিয়াটো ৱেইটাৰে তেওঁৰ কর্তব্য জ্ঞান কৰি ক’লে— ‘চাৰ, বৰ বেয়া লাগিছে। আপোনালোক তিনি ভাই কাৰণে সদায় তিনি পেগ, আজি এটা পেগ কমাই লোৱা দেখিয়েই বুজিছোঁ এজনৰ কিবা হ’ল।’

—‘ধুৰ, কোনে কৈছে মোৰ ভাই মৰিছে বুলি? মই এক পেগ কমকৈ লৈছোঁ, কাৰণ ডাক্তৰে মোক মদ এৰিবলৈ কৈছে। সেইকাৰণে মোৰ পেগটো আজিৰ পৰা নলওঁ, এই দুটা পেগ মোৰ নহয়, মোৰ ভাই দুটাৰহে।’

অনুভৱী ৱেইটাৰজনে মদ্যপান নকৰাকৈয়ে নিচাৰ ঘোৰ এটাত সোমাই কথমপিহে নপৰাকৈ ৰ’ল!

মদ্যপান মদ্য-পুৰাণ

২.

ড° ভবেন্দ্ৰ নাথ শইকীয়া কিমান ডাঙৰ সাহিত্যিক, আপোনালোকে জানেই। কিমান ভাল ভাল গল্প লিখিছিল, চিনেমা নিৰ্মাণ কৰিছিল, প্ৰান্তিক, সঁফুৰা আলোচনী সম্পাদনা কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰলৈও তেখেতৰ অৱদান প্ৰচুৰ।

কিন্তু মই ভবেন্দ্ৰ নাথ শইকীয়া চাৰক মই অইন এটা কাৰণতহে কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইটো কি জানে? তেখেতৰ এটা বিশেষ গল্প। বহুত দিন আগতেই পঢ়িছিলো, কিন্তু গল্পটো মোৰ মনত আছে,— আছে মানে সদায় থাকি যাব! যেতিয়াই মই কাৰোবাৰ লগত মদ খাবলৈ বহোঁ, দুই-এষাৰ কথা ক’বলৈ ময়ো সুযোগ পাওঁ, তেতিয়া শইকীয়া চাৰৰ এই গল্পটোৰ কথা মই নোকোৱাকৈ থাকিব নোৱাৰোঁ। মদৰ আড্ডাত এই গল্পটোৰ কথা খুবেই খাপ খায়, ভালো পায় সৱেই। ‘ধ্ৰুৱই মস্ত ব’ৰ কৰে, তাক কাটি খুওৱাই ভাল’ বুলি নকয় কোনেও।

গল্পটোৰ নাম ‘বনভোজ’। গল্পটো পঢ়িলেই আপুনি বুজিব মানুহে মদ কিয় খায়, কিয় নাখায়, খালে কেনেকে খাব লাগে আৰু আপুনি মদ নোখোৱা কাৰণে আপোনাক ভাল পোৱা কোনোবাই আপোনাক কিয়, কেতিয়া, কি বিচাৰি এদিন মদ খুৱাব পাৰে!

চৰকাৰী বিষয়া এজন, সদ্য বিবাহিত, থাকে এনে এখন চহৰত— য’ত ৰাস্তাৰে আহি থাকোঁতে বৰষুণৰ কাৰণে মদৰ দোকান এখনৰ বাৰাণ্ডাত থিয় হ’লেও পিছদিনা গোটেই চহৰত তেওঁ এজন মদাহী বুলি ফাটিফুটি যাব।

বিষয়াজনৰ পত্নী এদিন অন্তঃসত্তা হ’ল, ডাক্তৰৰ ওচৰলৈ নিলে। ডাক্তৰে পত্নীৰ শৰীৰৰ এটুকুৰা ঠাই মদেৰে ধুৱাই নে মচি দিবলৈ ক’লে। সেয়ে বৰষুণ দিলেও কেতিয়াও মদৰ দোকানৰ বাৰাণ্ডাত থিয় নোহোৱা বিষয়াজনে ঘৰলৈ মদ এবটল কিনি আনিলে, কিন্তু ডাক্তৰে কোৱা সত্তেও পত্নী.য়ে ঠাই টুকুৰাত মদ লগাবলৈ নিদিলে। বিষয়াজনে মদ নাখায়, গতিকে কিনি অনা মদৰ বটলটো বাকচত সুমুৱাই থৈ দিলে।

বিষয়াৰ পত্নীৰ সন্তান জন্ম হ’ল সুকলমে। আহিল ঠাণ্ডা দিন, পিকনিক খোৱাৰ বতৰ। বিষয়াজন যি কলোনীত থাকে, তাৰ সকলো ওলাল পিকনিকলৈ, কিন্তু পানী কেঁচুৱাক কোলাত লৈ বিষয়া আৰু পত্নী নগ’ল, যাব নোৱাৰিলে।

নিজম সন্ধিয়া। কলোনীত প্ৰায় অকলে আছে এই বিষয়া, তেওঁৰ পত্নী আৰু সদ্যোজাত সন্তান। কি কৰা যায়? তেওঁৰ হঠাৎ মনত পৰিল কিনি আনি বাকচত সুমুৱাই থোৱা মদৰ বটলটোলৈ— এহ, সৱেই আনন্দ কৰিছে, মইনো নকৰো কিয়?

বিষয়াই মদৰ বটলটো বাকচৰ তলৰ পৰা খুচৰি উলিয়াই আনিলে। তাৰ পাছত পত্নীয়ে শুনি গ’ল সুৰামত্ত স্বামীৰ বচনাৱলী। মদ কিয় খায়, কোন দেশৰ মানুহে মদ কেনেকৈ খায়, কোন ডাঙৰ মানুহে মদৰ লগত কি খাইছিল,— মানে মদ্যপানৰ সাংস্কৃতিক, সমাজতাত্ত্বিক, ঐতিহাসিক আৰু আবেগিক তাৎপর্যৰ চলন্ত বিৱৰণী।

পিছে আমাৰ এই বিষয়া অভ্যস্ত সুৰাপায়ী নাছিল। অলপ খাওঁতেই নিচাও হৈছিল সেইকাৰণে। কিছুমান মানুহে বোলে মদৰ লগত মিছা মাছ খায়। কিয় খায়, খালে কি হয়— এইবোৰ কথা ঘৈণীয়েকক কৈ থাকোঁতেই তেওঁৰ বিয়াৰ আগতে কোনজনী ছোৱালীয়ে মদৰ লগত খাবলৈ মিছা মাছ ভাজি দিছিল তাকো ওলাই গ’ল! নামটো মুখৰ পৰা ওলাব খুজিছিলহে, ঢাচকে লুটি খাই পৰিল নহয় মানুহজন! ইফালে বটলৰ মদকণো শেষ নাই হোৱা, আছেই ভালেখিনি।

ঘৈণীয়েকে আঁঠুৱা তৰি মানুহজনক শুৱালে। পিছদিনা সেইবোৰ কথা একো ওলোৱা নাই, দুয়োজনে নিজৰ নিজৰ কাম কৰি গৈছে। সন্ধিয়াও বিষয়াজন অফিচৰ পৰা আহি কলৈকো ওলাই নগৈ নিজৰ কোঠাতে আমনজিমনলৈ বহি আছে।

অলপ পাছত কোঠালৈ হাঁহিমুখেৰে সোমাই আহিল তেওঁৰ পত্নী। হাতত এখন ট্ৰে,— ট্ৰেত এটা গিলাচ, কালিৰ আধা ৰৈ যোৱা মদৰ বটলটো আৰু এক প্লেট মিছা মাছ!

😃 | আৰু পঢ়ক:

Follow Nilacharai on Facebook
মদ্য-পুৰাণ 🍷 | ধ্ৰুৱ শইকীয়া

Follow Nilacharai on Facebook