হা টবৰ কেন্দ্ৰীয় নাট্য সমাজৰ দ্বাৰা সদৌ অসম ভিত্তিত আয়োজিত বৰগীত প্ৰতিযোগিতাখনি কভিড পৰিস্থিতিৰ বাবে পূৰ্বৰ তাৰিখৰ পৰিৱৰ্তে ৩ এপ্ৰিল (২০২২) তাৰিখে অনুষ্ঠিত হৈ যায়। সত্ৰীয়া সংস্কৃতিৰ প্ৰায়োগিক আৰু বিদ্যায়তনিক— দুয়ো দিশতে চৰ্চা অব্যাহত ৰখা শিৱসাগৰৰ অনুধৃতি মহন্তৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিযোগিতাখনিত অসমৰ ভিন্ন প্ৰান্তৰ ত্ৰিশগৰাকী প্ৰতিযোগীয়ে যোগদান কৰে। প্ৰতিযোগিতাখনিত বিচাৰক ৰূপে উপস্থিত আছিল গোলাঘাটৰ অজিত বৰা, নগাঁৱৰ বন্তি বৰদলৈ, কলিয়াবৰৰ টংকেশ্বৰ শৰ্মা আৰু শেৱালি শইকীয়া।
অনিমেষ শইকীয়া, কলিয়াবৰ
মুঠ পঞ্চাশ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ থকা প্ৰতিযোগিতাখনিত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে কলিয়াবৰৰ অনিমেষ শইকীয়াই পোনা বৰুৱা সোঁৱৰণী বঁটা, মানপত্ৰ, অংগবস্ত্ৰ আৰু নগদ পোন্ধৰ হাজাৰ টকা লাভ কৰে। প্ৰতিযোগিতাখনিৰ সম্পূৰ্ণ ফলাফল এনে ধৰণৰ:
শ্ৰেষ্ঠ প্ৰতিযোগী: অনিমেষ শইকীয়া, কলিয়াবৰ (পোনা বৰুৱা সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ১৫,০০০ টকা)
দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী: মৌচুমী শইকীয়া, কাৰ্বি আংলং (পূৰ্ণকান্ত মহন্ত সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ১০,০০০ টকা)
মৌচুমী শইকীয়া, কাৰ্বি আংলং
তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগী: প্ৰাঞ্জু বাৰুৱতী, জামুগুৰিহাট (নাৰায়ণ মুক্তিয়াৰ সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ৭,০০০ টকা)
চতুৰ্থ শ্ৰেষ্ঠ প্ৰতিযোগী:
(ক) দীক্ষিতা ৰাজগুৰু, মৰিগাঁও (দেৱেন্দ্ৰনাথ বৰা সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ৫,০০০ টকা)
(খ) চিন্ময়ী ভূঞা, কলিয়াবৰ (ভাবিৰাম বৰা সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ৫,০০০ টকা)
চিন্ময়ী ভূঞা, কলিয়াবৰ
পঞ্চম শ্ৰেষ্ঠ প্ৰতিযোগী:
(ক) সুস্মিতা ডেকা, নগাঁও (ভুৱনচন্দ্ৰ বৰা সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ৪,০০০ টকা)
(খ) নীলপৱন বৰা, কলিয়াবৰ (ৰত্নকান্ত গায়ন সোঁৱৰণী বঁটা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, নগদ ৪,০০০ টকা)
সুস্মিতা ডেকা, নগাঁও
বিচাৰকৰ বিশেষ বঁটা: বিলকিচ বেগম, নগাঁও (স্মাৰক, মানপত্ৰ, নগদ ১,০০০ টকা)
প্ৰতিযোগিতাৰ আগতে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, প্ৰতিযোগিতা উদ্বোধন কাৰ্যসূচীত ভাগ লয় ক্ৰমে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ সভাপতি প্ৰদীপ গায়ন, প্ৰৱীণ শিল্পী যজ্ঞোৰাম বৰা, সত্ৰীয়া শিল্পী হিৰণ্য মহন্ত আৰু কমল চন্দ্ৰ গোস্বামীয়ে। দিহানাম পৰিৱেশনৰে মঞ্চ মুকলি কৰিছিল হাটবৰ হাজাৰৰ অন্তৰ্গত চৈধ্যগঞা গোপিনী সমাজে।
নীলপৱন বৰা, কলিয়াবৰ
সমূহ প্ৰতিযোগী, বিচাৰক, সঞ্চালকলৈ নাট্য সমাজৰ সম্পাদক মুৰুলী বৰাই শলাগৰ শৰাই আগবঢ়ায়। দিনটোৰ সমূহ অনুষ্ঠানৰ আঁত ধৰে পল্লৱপ্ৰাণ গোস্বামী, ঋতুপৱন বৰকটকী, অৱনি শইকীয়া আৰু পদুম মহন্তই।
ছবি: ৰিংকু বৰা, কলিয়াবৰ