জ্ঞানপীঠ বঁটা বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধাঞ্জলি

জ্ঞানপীঠ বঁটা বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধাঞ্জলি

সে ই বিশাল প্ৰতিভাৰ অধিকাৰী সাহিত্যিকজনাৰ বিষয়ে হয়তো অনেকেই অলেখ ভাল লগা কথা জানে! অনেকেই তেখেতৰ সাহিত্য কৰ্ম বিষয়ত নানা বিশ্লেষণ ইতিমধ্যে আগবঢ়াইছে, আগবঢ়াই আহিছে। মই পিছে তেনে কোনো তাত্ত্বিক কথা ক’ব নিবিচাৰোঁ; তেনে ধৃষ্টতা মই নকৰোঁ। কেৱল জীৱনৰ দুটা দিনত তেখেতৰ সান্নিধ্যত লাভ কৰা বিমল আনন্দৰ কথাহে চমুৱাই লিখিব বিচাৰিছোঁ।

১৯৮৩ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসম সাহিত্য সভাৰ সভাপতি আছিল। সেই সময়ছোৱাতে গহপুৰৰ ওচৰৰ ঘাঁহী গাঁও বৰঙাবাৰীত সাহিত্য সভাই এখন কবি সন্মিলনৰ আয়োজন কৰিছিল। সেই কবি সন্মিলন উপভোগ কৰিবলৈ কেইজনমান বিশিষ্ট কবিৰ লগত ময়ো গহপুৰলৈ ওলাইছিলো।

মই তেতিয়া মহাবিদ্যালয়ৰ ছাত্র আছিলো। গুৱাহাটীত থাকোঁ। মোৰ অন্তৰংগ কবি বন্ধু এজনৰ লগত পল্টন বজাৰৰ পৰিবহণ নিগমৰ বাচ আস্থানলৈ যাত্ৰাৰ দিনা পুৱাতে গৈ দেখোঁ যে আমাৰ লগত একেখন বাচতে যাবলৈ ৰৈ আছে সভাপতি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰ তথা সেই সময়ৰ বিশিষ্ট কবি অবনী চক্ৰৱৰ্তী দাদা (যি পাছত নিৰুদ্দেশ হৈ গ’ল) আৰু কবি ৰবীন্দ্ৰ বৰা দাদা।

যথা সময়ত আমাৰ যাত্ৰা আৰম্ভ হ’ল। অবনী দাদাহঁতে ভট্টাচাৰ্য ছাৰৰ প্ৰতি সম্ভ্ৰম প্ৰদৰ্শন কৰি দূৰত বহিবলৈ ইচ্ছা কৰিলে আৰু আমি চাৰিজনে একেলগে শেষৰ ফালে বহিলোগৈ। ভট্টাচাৰ্য ছাৰ বহিছিল একেবাৰে সন্মুখৰ আসনত। গোটেই পথছোৱা অবনী দা আৰু ৰবীন্দ্ৰ বৰা দাই হাঁহি উঠা কথাৰে জমাই গৈছিল আৰু আমাৰ পথৰ ক্লান্তি বহু পৰিমাণে দূৰ কৰিছিল। আমি মন কৰি আপ্লুত হৈছিলো যে দীঘলীয়া যাত্ৰাপথৰ বিভিন্ন ঠাইত গাড়ী ৰখাওঁতে ভট্টাচাৰ্য ছাৰে নিজৰ আসনৰ পৰা উঠি আহি কেইবাবাৰো আমাৰ খবৰ লৈছিল‌ তথা কবি-বন্ধু আৰু মোক বয়সত বহুত সৰু দেখি মূৰত হাত বুলাই মৰম কৰিছিল। তেখেতৰ সেই স্নেহস্পৰ্শ এতিয়াও ভালকৈ মনত আছে!

আমাক ৰাতি থাকিবলৈ দিছিল হেলেম চাহ বাগিচাৰ এটা অতিথি গৃহত আৰু ভট্টাচাৰ্যদেৱ আছিল সেই বাগিচাতে চাকৰি কৰা তেখেতৰ সম্পৰ্কীয় মানুহ এঘৰত। ভাগৰ লাগি থকা বাবে ৰাতি আমাৰ খুব ভাল টোপনি আহিছিল আৰু ৰাতিপুৱা আমি সাৰ পাইছিলো স্বয়ং সাহিত্য সভাৰ সভাপতি মহোদয়ৰ মাতত। দুৱাৰ খুলি বিস্ময়ত আমি হতবাক হৈ পৰিলো। দেখা পালো, হাতত চাহৰ কেটলী লৈ ৰৈ আছে ভট্টাচাৰ্য ছাৰ, লগত দুকাষে দুজনী ছোৱালী। তেওঁলোকৰ হাতৰ দুখন ঠালত পিঠা আৰু লাড়ু। আমি ধুমধাম মুখ ধুই চাহ খালো আৰু তেতিয়াহে কথাটো বুজিলোঁ,— আচলতে ছাৰ য’ত আছিল, সেই মানুহঘৰক কৈ ছাৰে আমাৰ বাবে পুৱাৰ চাহ-পিঠা নিজে লৈ আহিছিল।

ভট্টাচাৰ্য ছাৰৰ মহান ব্যক্তিত্বৰ বহু কথা সেই দুদিনত দেখি আমি মুগ্ধ হৈছিলো। আজি কেৱল এই দুটা কথাকে উল্লেখ কৰিলো। অসম সাহিত্য সভাৰ সভাপতি হৈও তেখেতে সৰু গাড়ীত সুকীয়াকৈ নগৈ আমাৰ লগত এটা কষ্টকৰ বাচ যাত্ৰা কৰিছিল; দ্বিতীয়তে, চাহৰ কেটলী হাতত লৈ তেখেতে নিজে আমাক চাহ দিবলৈ আহিছিল। আজিৰ দিনত এনে কথা আৰু কাম এজন সভাপতিৰ পৰা আশা কৰিব পাৰিনে? কিমান সৰল অন্তৰৰ হ’লে এনে কাম কৰিব পাৰে, সেই কথা ভাবিলে আজিও তেখেতৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খাই যায়।

আজি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ মৃত্যু দিৱস (৬ আগষ্ট)ত তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

❧ | আৰু পঢ়ক:

জ্ঞানপীঠ বঁটা বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধাঞ্জলি | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক