ওখ ওখ গছবোৰক সাবটি
লতাবোৰ বগাই যায়।
শিশু-কোমল সৰলতাৰে খামুচি ধৰি
সহনশীলতাৰ ভৰে কোঙা কৰা
শিৰ থিয় কৰি ৰাখিবলৈ
লতাবোৰে আঁকোৱালি লয় গছবোৰক।
গছবোৰ যিমান ওখ হয় লতাবোৰ সিমান নহয়
গছৰ বুকু চুবলৈ নাপাওঁতেই
ৰৈ যায় লতাবোৰ।
গছে কেতিয়াও শিৰ তল কৰি নাচায়,
সেয়ে পাহৰি যায় লতাৰ অস্তিত্ব।
তথাপি খামুচি ধৰি থাকিব খোজে লতাবোৰে,
সৰল সুখত সন্মোহিত হৈ।
❧ | আৰু পঢ়ক:
- চিন্ময়ী দাসৰ চহৰখন: কবিতা আবৃত্তি
- ৰিদিপ কুমাৰ নাথৰ অৰণ্যময় বাগিচা
- তপন শইকীয়াৰ ভালপোৱাৰ বৰষুণ
- মৈত্ৰেয়ী পাটৰৰ শব্দহীন
- নীল নীলিমৰ পাণচিনি: চেংৰি আপিৰ মনেৰ কাথা
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক