বৈ যাওক নদী নিৰৱধি

বৈ যাওক নদী নিৰৱধি
  • 12 Jan, 2012

নি লিখা কিতাপখনত আছে তোমাৰ মোৰ কাহিনী। লিখিব খুজিও ৰৈ যাওঁ; প্ৰচণ্ড শীতত দোৱাতৰ চিয়াঁহী গোট মাৰিছে, যি দৰে লাহে লাহে গোট মাৰিছে তোমাৰ মোৰ প্ৰেমৰ কাহিনী, শিলাস্তুপত এটা এটাকৈ শেলুৱৈৰ পোৱালি জগিছে, ঘন সেউজীয়া শেলুৱৈৰ ঢাকনিয়ে ঢাকিব খুজিছে জুয়ে পোৰা সোণৰ সাধু। নোটবুকৰ খালী পাত উঁৱলি গৈছে, যিদৰে উঁৱলিছে তুমি দিয়া পত্ৰবোৰ; এদিন আখৰবোৰ মনিব নোৱৰা হ’মগৈ, চকুৱে লগ এৰিছে, সময়ৰ ঘোঁৰা আগলৈ দৌৰ মাৰিছে, পিছলৈ উভতি চোৱাৰ অৱকাশ নাই।

আমাক লৈ আৰম্ভ হোৱা মানুহৰ বু-বু-বা-বাবোৰৰ প্ৰতিধ্বনি ক্ৰমাৎ কমি আহিছে, বুঢ়া কাণত আজিকালি নপৰেহি তাচ্ছিল্যৰ হাঁহি। তুমি হাতত পিন্ধা খাৰুপাত পৰি আছে আলমাৰিৰ বেজাৰমুৱা চুক এটাত, নিজিলিকে; সিপাত খাৰুৰ সংগ বাৰুকৈয়ে মনত আছে, একেলগে যে গোৱা গান- ৰুণজুন ৰুণজুন নূপুৰ বাজে, বাজে মোহন বেণু।

কিমান দিন যে বৰষুণ দিয়া নাই, পাহাৰৰ ওপৰেদি ডাৱৰবোৰে ব্যস্ত উৰাজাহাজৰ দৰে উৰা মাৰে।  সেই ঘৰ জ্বলি গ’ল বিৰহৰ জুইত, যি ঘৰ সাজিছিলো আমি বিশ্বাসৰ এখন ডাঙৰ কেনভাচত। জুই নুমুৱাবলৈ বাৰিষা নাহে, চকুলোও নসৰে। নিশাবোৰ নিমাওমাও, জিলিৰো টোপনি ধৰে— মোৰ কিন্তু নধৰে। তোমাৰ চাদৰৰ আঁচল ধৰি মোৰ টোপনি এতিয়াও গুচি যায় বশিষ্ঠ, উমানন্দ আৰু কত যে চিনাকি-অচিনাকি ঠাইলৈ। সূৰুযৰ পোহৰত জিলিকে মোৰ নুখুৰুৱা দাঢ়ি, এবছৰ নকটা চুলি; পকা চুলি ছিঙিবলৈ বাদ দিছোঁ, সময় হ’লে নিজেই সৰি যাব। কৃষ্ণচূড়াৰ শৰীৰত কটাৰীৰে কাটি থোৱা নাম এতিয়াও আছে, ৰাধা-গোপাল। ৰাধা গুচি গ’ল, গোপালৰ বাঁহীৰ সুৰ হেৰাই গ’ল।

বাঁহী আৰু নিলিখা কিতাপখন, তুমি দিয়া চিঠিবোৰ, খাৰুপাতে মোক জীয়াই থাকিবলৈ কয়— কেতিয়াও কোনেও নপঢ়া কাহিনী এটা লিখিবলৈ, বাঁহীত সন্ধিয়াৰ বনগীত এটা বজাবলৈ বৰ মন যায়। নিলিখোঁ, নবজাওঁ— মোৰ হাতৰ আঙুলিবোৰ এটা এটাকৈ কাটি জুইত পুৰি পেলাম। এটি অচিনাকি কাহিনী মানুহে নাজানক, এটি গৰখীয়াৰ গীত গোপীয়ে নুশুনক— এনেকৈয়ে ভাল, সময়ৰ বুকুত জাহ যাওক তুমি আৰু মই নামৰ দুটি চৰিত্ৰ।

বৈ যাওক নদী নিৰৱধি | শান্তনু চাংমাই

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক