শ্ৰীকৃষ্ণ নে শ্ৰীৰাম: দুজনা গুৰুৰ ধাৰণাত শ্ৰীৰামৰ অৱস্থিতি

শ্ৰীকৃষ্ণ নে শ্ৰীৰাম: দুজনা গুৰুৰ ধাৰণাত শ্ৰীৰামৰ অৱস্থিতি
  • 25 Aug, 2020

চা ৰিশ বছৰীয়া বিবাদ এটা আইনী যুঁজেৰে অন্ত হোৱাৰ পাছত আনুষ্ঠানিকভাৱে ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ল। প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰধান মন্ত্ৰিত্বৰ কালত ১৯৮৯ চনত সাধু-সন্তসকলে ৰাম মন্দিৰৰ শিলান্যাস কৰিছিল বুলি বহুতে কয়। তাৰ পাছতো দেশৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰীয়ে মন্দিৰৰ শিলান্যাস কৰিলে। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণীয়ম স্বামীয়ে বৰ্তমানৰ প্ৰধান মন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো অৱদান নাই বুলি ৰাজহুৱাকৈ কৈছে। একো অৱদান নাথাকিলেও প্ৰধান মন্ত্ৰীয়ে শিলান্যাস কৰিব নোৱাৰে বুলি বিশেষ একো কথা নাই। অৱশ্যে এই বিষয়ে বাদ-বিবাদৰ অৱকাশ নাই বুলিও নকওঁ।

যি কি নহওক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ বিভিন্ন ৰচনাৰ প্ৰসঙ্গৰে এচাম অত্যুৎসাহী অসমীয়াই অৱতাৰী পুৰুষ শ্ৰীৰামক গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মৰ সৈতে সাঙুৰিব বিচৰাতহে আমি কিছু বক্তব্য আগবঢ়াওঁ বুলি আগবাঢ়িছোঁ। এই বক্তব্যৰে শ্ৰীৰাম মন্দিৰৰ অস্তিত্বক তিলমাত্ৰও হেয় কৰিব বিচৰা নাই। শ্ৰীৰামৰ ভক্তবৃন্দকো আমি অস্বীকাৰ কৰা নাই।

অসমত মহাপুৰুষ দুজনাই সৃষ্টি কৰা ধৰ্মীয় সংস্কৃতিটোক কৃষ্ণ সংস্কৃতি বুলিয়ে সকলোৱে মানি আহিছে। শ্ৰীকৃষ্ণই এই ধাৰাত চিৰপূজ্য। গুৰুজনাই ‘ৰাম’ শব্দটি আনন্দ স্বৰূপ সত্য আৰু চৈতন্যৰ প্ৰতীক হিচাপেহে ব্যৱহাৰ কৰিছিল। ‘ৰম্’ ধাতুৰ পৰা ‘ৰাম’ শব্দৰ নিস্পত্তি; ৰম্ ধাতুৰ অৰ্থ আনন্দিত কৰা, যাৰ কথাই সকলো স্তৰৰ লোকৰ মন-হৃদয়-প্ৰাণ আনন্দিত কৰে। যি কথা-কামে লোকসকলক আনন্দ প্ৰদান কৰিব পাৰে, সেয়ে হয় ৰামকথা। আনহাতে যি কথা-কামে লোক-সমাজক নিৰানন্দ কৰি তোলে, সি ৰামকথা হ’বই নোৱাৰে।

এই কথা ঠিক যে শ্ৰীৰামৰ ধাৰণাটো শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ সৃষ্টিত অষ্পৃশ্য নহয়। কীৰ্তনৰ ‘চতুৰ্বিংশতি অৱতাৰ’ অধ্যায়ৰ দ্বিতীয় কীৰ্তনৰ “যদুমণি যাদৱ যাদৱানন্দ হৰি” শীৰ্ষক কীৰ্তনভাগত “শ্ৰীৰাম ৰূপে কৌশল্যাত অৱতৰী।/ বনবাস খপিলা পিতৃৰ বাক্য ধৰি॥” বুলি বিষ্ণুৰ চৌব্বিশটা অৱতাৰৰ প্ৰসঙ্গত উল্লেখ কৰিছে। আনহাতে, ‘স্যমন্ত হৰণ’ অধ্যাবয়ৰ “ত্ৰাহি দেৱ দামোদৰ যাদৱান্দ/ দীন দয়াশীল স্বামী। / কৰাহা নিস্তাৰ তোমাৰ চৰণে/ শৰণে পশিলোঁ আমি॥” কীৰ্তন ভাগত বৰ্ণনা দিছে:

“জানিলো তোমাক সেহি ৰঘূনাথ
ইটো ইষ্টদেৱ মোৰ।
সীতাৰ সন্তাপে জগতৰ বাটে
কৰিলা পয়াণ ঘোৰ॥”
… …
আগে নিচিনিলো এবেশে জানিলো
তেন্তে তুমি শ্ৰীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষমিওক
চৰণে কৰোঁ প্ৰণাম॥”

শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত বৰগীতত ৰাম-ৰাৱণৰ যুদ্ধৰ প্ৰাক-ক্ষণৰ বৰ্ণনা দিছে:

ধ্ৰুং: শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
নিশাচৰ নাশ নিদানা।
ৰাম নাম যম সমৰক সাজি
সমদলে কয়লি পয়াণা॥
পদ: ঠাট প্ৰকট পটু কোটি কোটি কপি
গিৰি গৰ গঢ় পদ ঘাৱে।
বাৰিধি তিৰ তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে॥
হাট ঘাট বহু বাট বিয়াপি
চৌগঢ় বেঢ়লি লঙ্কা।
গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জন
শ্ৰৱণে জনময় শঙ্কা॥
ধীৰ বীৰ শূৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝম্পে।
সুৰ নৰ কিন্নৰ ফণধৰ থৰ থৰ
মহীধৰ তৰসি প্ৰকাম্পে॥
অন্ধ মুগুধ দশস্কন্ধ পাপবুধ
জানকী শিৰত চৰাই।
ৰঘুপতি পদ বৰ ধৰ ৰজনী চৰ
শঙ্কৰ কহতু উপাই॥

এই বৰগীতটি সম্পৰ্কে বিশিষ্ট বৈষ্ণৱ পণ্ডিত প্ৰয়াত বাপচন্দ্ৰ মহন্তই সম্পাদনা কৰা ‘বৰগীত’ গ্ৰন্থত টিপ্পনী দিছে এনেদৰে: “গীতটিৰ মুখ্য বিষয় বানৰ সৈন্যৰে ৰামে লংকাত প্ৰৱেশ কৰাৰ কথা। গীতৰ আৰম্ভণিত আৰু সামৰণিত উপদেশ সংযোগ কৰা হৈছে— সেই উপদেশ ৰাৱণক উদ্দেশ্য কৰি দিয়া হৈছে; কিন্তু ৰাৱণ শঙ্কৰদেৱৰ সমসাময়িক ব্যক্তি নহয়, সেই ভিত্তিতে কোনো কোনোৱে গীতটি প্ৰতিমাত্মক বুলিও কয়। সেইমতে অবিদ্যাৰূপ অন্ধকাৰত বিচৰণ কৰা দহ ইন্দ্ৰিয়ৰ চালক মনেই ৰাৱণ। মনৰ বশ হৈ বিষয়ৰূপী বনত আবদ্ধ হৈ থকা জীৱাত্মাই সীতা। ৰাম পৰমাত্মাৰ প্ৰতীক আৰু বানৰসেনা তেওঁৰ শক্তি নামৰ (ভক্তিৰ) প্ৰতীক। নাম বা ভক্তি-ধৰ্মক লগত লৈ পৰমাত্মাই মায়া বা অবিদ্যাৰ পৰা জীৱাত্মাক উদ্ধাৰ কৰে। তেনে অৱস্থাত আত্মসমৰ্পণ কৰাটোৱেই মনৰ কৰ্তব্য হৈ পৰে।”

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সৃষ্ট অঙ্কীয়া নাট ‘সীতা সয়ম্বৰ’ বা ‘ৰাম বিজয়’ৰ বাহিৰে আন আটাইকেইখন নাট শ্ৰীকৃষ্ণ প্ৰধান। ‘ৰাম বিজয়’ অঙ্কীয়া নাটত সীতাক বিবাহ কৰাৰ লগতে শ্ৰীৰামে পৰশুৰামৰ দৰ্প চূৰ্ণ কৰাৰ বিষয় উত্থাপন কৰিছে। তাৰ বাহিৰে দশৰথ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ অৱস্থিতি নাই। এই নাটখনিত শ্ৰীৰামচন্দ্ৰৰ জীৱনৰ অন্যাতম মুখ্য কৰ্ম বুলি চিহ্নিত হোৱা পৰশুৰামৰ দৰ্প চূৰ্ণৰ ওপৰতহে বিশেষ গুৰুত্ব দিছে, যি কাৰ্য‍ তেওঁ আনৰ সহায় নোলোৱাকৈয়ে কৰিছে। কিন্তু পৰশুৰামৰ দৰে প্ৰতাপী অস্ত্ৰ-বিশাৰদ ব্ৰাহ্মণৰ দৰ্প চূৰ্ণ কৰা অযোধ্যাৰ ৰজা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ নাম লৈ যি অহঙ্কাৰ এটা চামৰ শিৰৰ ভূষণ হৈছে, ই নিশ্চয়কৈ চিন্তাৰ বিষয়।

“বোলহু ৰাম নামেসে মুকুতি নিদানা” বৰগীতত ৰামৰ উপস্থিতি আছে, কিন্তু সেয়া শ্ৰীৰামচন্দ্ৰ নহয় বুলি সৰুৰে পৰা জানি আহিছোঁ।

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্তিস্তম্ভ ‘ঘোষা’ আৰু বৰগীতত ‘ৰাম’ৰ উপস্থিতি বিদ্যমান যদিও অযোধ্যাৰ শ্ৰীৰামচন্দ্ৰ বুলি ক’ব পৰা নাযায়। অৱশ্যে ‘নাম ছন্দ’ত “হলিৰাম চিৰিৰাম বামন পৰশুৰাম॥ (৯০০)” বুলি শ্ৰীবিষ্ণুৰ উপাসনা কৰিছে। তাৰ বাহিৰে ঘোষাত উল্লিখিত ৰামৰ ৰূপ আৰাধ্য শ্ৰীকৃষ্ণৰহে প্ৰতিৰূপ বুলিহে আমি মানি আহিছোঁ। অৱশ্যেো শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীতত ৰামৰ অৱস্থিতি লক্ষণীয়ভাৱে আছে। কিন্তু সেয়া অযোধ্যাৰ অধিপতি ঈক্ষাক্বু বংশৰ ৰজা শ্ৰীৰামচন্দ্ৰ নহয় বুলিয়ে আমি বিশ্বাস কৰোঁ।

বাল্মীকি ৰচিত ৰামায়ণ মহাকাব্যৰ মাধৱ কন্দলীয়ে কৰা অসমীয়া অনুবাদৰ আদি কাণ্ড আৰু উত্তৰা কাণ্ড দুটাৰ সম্ভেদ নোলোৱাত শ্ৰীশ্ৰীমাধৱদেৱ পুৰুষৰে লগ লাগি পুনৰ ৰচনা কৰিলে। “হস্তীৰ দেখিয়া লাদ শসা যেন ফাড়ে মাৰ্গ/ মোৰ ভৈলা তেহ্নয় অৱস্থা” বুলি মাধৱ কন্দলীৰ অপূৰ্ব সাহিত্য সৃষ্টিৰ প্ৰতি সন্মান জনাই ৰামায়ণৰ অনুবাদক পূৰ্ণতা প্ৰদান কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ গুৰুজনাই উত্তৰাকাণ্ড ৰামায়ণত উল্লেখ কৰিছে:

“ৰামে পিতৃ মাতৃ সুত সুহৃদ সুদৰ বন্ধু
ৰামে আত্মা ৰামে জীৱ প্ৰাণ।
ৰামে জপ যজ্ঞ দান ৰামেসে পৰম জ্ঞান
ৰামে কোটি শত তীৰ্থ স্নান॥
ৰাম মোৰ ইষ্ট দেৱ ৰামকেসে কৰোঁ সেৱ
গতি মোৰ ৰামৰ চৰণ।
ৰামে ধৰ্ম ৰামে কৰ্ম ৰামেসে বান্ধৱ মৰ্ম
জানি লৈলোঁ ৰামত শৰণ॥
হেন জানি মোৰ চিত্ত ৰামৰ চৰণ চিন্ত
বিষয় চিন্তাৰ এৰি কাম।
পাপ পচা লোকচাৰী মোৰ মুখে আগবাঢ়ি
সৰ্বদায়ে বোলা ৰাম ৰাম॥
তৰিবাৰ কৰা কাম কৰ্ণে শুনা ৰামনাম
গীত বাদ্য নুশুনি বিফলে।
আৱে চক্ষু দুৰাশয় এৰিয়োক মায়াময়
ৰামময় দেখিয়ো সকলে॥
নমো নমো ভগৱন্ত নাই যাৰ আদি অন্ত
ভকতিতে যাহাৰ সন্তোষ।
হুয়া মূঢ়মতি মন্দ কৰোঁ ৰামায়ণ পদ
ক্ষমা প্ৰভু বঢ়া টুটা দোষ॥
সম্যকে অমৃত ভাণ্ড উত্তম উত্তৰাকাণ্ড
এহিমানে ভৈলা সমাপতি।
কৃষ্ণ কিঙ্কৰ ভণে ৰাম ৰাম বোলা ঘনে
পাপমানে যাওক অধোগতি॥”

কিন্তু ইয়াত আনন্দ স্বৰূপ সত্য আৰু চৈতন্যৰ ৰূপ এটা যথাৰ্থতে আহে বুলি ক’ব পৰা নাযায়। ঠিক তেনেদৰে, অযোধ্যাৰ ঈক্ষাক্বু বংশৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ নাম মনলৈ আহিলে সঁচায়ে আনন্দ লাগেনে? বিপৰীতে বনবাস, সীতাৰ দুৰ্গতি, বালী বধ, লৱ-কুশৰ ল’ৰালি কালৰ দুখৰ ভাব এটাহে মনলৈ আহে।

গুৰুজনা বিৰচিত কীৰ্তনৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ খণ্ডত মুঠ ২৪ অধ্যায় কীৰ্তন আছে। তাৰে ১৭ অধ্যায়ৰ ঘোষাত ‘ৰাম’ৰ উপস্থিতি আছে। সেই ৰাম নিশ্চিত ৰূপে অযোধ্যাৰ ঈক্ষাক্বু ৰজা দশৰথ পুত্ৰ ৰজা শ্ৰীৰামচন্দ্ৰ নহয়। কিয়নো সেয়া নৃসিংহ অৱতাৰৰ সময়ৰ বিৱৰণহে।

“ৰাম মুৰাৰি প্ৰভু ৰঘুনাথ।
কৃষ্ণক প্ৰণামো দমায়া মাথ॥ ১৭॥
হৰি ৰাম হৰি ৰাম এ মূল মন্ত্ৰ।
কলিত নাহি তপ যজ্ঞ যন্ত্ৰ॥ ২৪॥”

অযোধ্যাৰ ঈক্ষাক্বু বংশৰ ৰজা দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰৰ বিষয়ে গুৰু দুজনাই লিখনিসমূহত উল্লেখ কৰিছে যদিও উপাসনাৰ ক্ষেত্ৰত শ্ৰীকৃষ্ণকে শ্ৰেষ্ঠ আসন দিছে। শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশৰ বাবে গুৰু শঙ্কৰে বিষ্ণুৰ অৱতাৰসমূহৰ বৰ্ণনাত শ্ৰীৰামচন্দ্ৰৰ প্ৰসঙ্গ নিশ্চয়কৈ অৱতাৰণা কৰিছে। কিন্তু ‘ৰাম’ শব্দব্ৰহ্মই ৰজা শ্ৰীৰামচন্দ্ৰৰ মহিমাৰ বৰ্ণনাতকৈ আন এক শাশ্বত ধাৰণাহে দৰ্শাইছে আৰু সেই ধাৰণাক লৈয়ে অসমীয়া সমাজখনে শ্ৰীকৃষ্ণৰ আৰাধনা কৰি আহিছে।

❧। আৰু পঢ়ক: পাৰ ভাঙি দিলা

সকলোতকৈ উল্লেখনীয় দিশটো হ’ল গুৰুজনাৰ প্ৰচাৰিত ধৰ্মত যাগ-যজ্ঞ, মূৰ্তি পূজাৰ স্থান নাই। সেই স্থলত বৰ্তমানৰ শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ প্ৰসঙ্গটো সম্পূৰ্ণ বিপৰীত স্থানত অৱস্থান কৰা এক বিষয়। সেয়ে বাস্তৱিকতে অসমীয়া সমাজত ৰজা শ্ৰীৰামচন্দ্ৰৰ উপাসনাৰ স্থান নাই। অৱশ্যে যিধৰণে অসমত অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰৰ অনুগতৰ সংখ্যা বাঢ়িছে, এনে দিনলৈ হয়তো বৰ বেছি দিন অপেক্ষা কৰিব নালাগিব, য’ত অসমৰ নামঘৰৰ কাষতে এটি ৰাম মন্দিৰো প্ৰতিষ্ঠা হ’ব!

শ্ৰীকৃষ্ণ নে শ্ৰীৰাম: দুজনা গুৰুৰ ধাৰণাত শ্ৰীৰামৰ অৱস্থিতি | ৰূপজ্যোতি গোস্বামী

Follow Nilacharai on Facebook