জামুগুৰিহাটত মহিলা শিল্পীৰ দ্বাৰা ৰূপকোঁৱৰৰ ‘কাৰেঙৰ লিগিৰী’ মঞ্চস্থ
- 26 Nov, 2019
জা মুগুৰিহাটৰ সমাজ-সংস্কৃতিমূলক অনুষ্ঠান ‘উত্তৰণ’ ৰ উদ্যোগত আৰু ‘সেৱা’ ৰ সহযোগত যোৱা ১৪ নৱেম্বৰ (২০১৯)ৰ সন্ধ্যা স্থানীয় বাপুজী ভৱন প্ৰেক্ষাগৃহত কেৱল মহিলা শিল্পীৰ সাৱলীল অভিনয়েৰে মঞ্চায়ন হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম শ্ৰেষ্ঠ নাট্যকীৰ্তি ‘কাৰেঙৰ লিগিৰী’। অঞ্চলটোৰ প্ৰায় একুৰিৰো অধিক মহিলা শিল্পীয়ে অভিনয় কৰা এই নাটখন পৰিচালনা কৰে সুদক্ষ নাট্যকৰ্মী তথা নাট-পৰিচালক স্বৰাজ কটকীয়ে।
‘কাৰেঙৰ লিগিৰী’ জ্যোতিপ্ৰসাদৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি আৰু অসমীয়া নাট্য সাহিত্যৰো অন্যতম শ্ৰেষ্ঠ নাট। ‘কাৰেঙৰ লিগিৰী’ জ্যোতিপ্ৰসাদৰ মানসিক উত্তৰণৰ উৎকৃষ্ট স্বাক্ষৰ। ড° মহেন্দ্ৰ বৰাই জ্যোতিপ্ৰসাদৰ নাট্যসৃষ্টি সম্পৰ্কত মন্তব্য কৰিছে— “…‘ কাৰেঙৰ লিগিৰী’ যেনেকৈ তেওঁৰ উৎকৃষ্টতম নাট্যকৃতি, ‘ৰূপালীম’ তেনেকৈ তেওঁৰ মহত্তম শিল্পকৰ্ম আৰু ‘লভিতা’ নিঃসন্দেহে তেওঁৰ নাট্যজীৱনৰ সাহসিকতম পদক্ষেপ।” এই শ্ৰেষ্ঠতা বিষয়বস্তু, উপস্থাপন ৰীতি তথা জীৱন দৰ্শন আদি প্ৰায়কেইটা নাটকীয় উপাদানৰ যোগেদি প্ৰকাশ পাইছে।
‘কাৰেঙৰ লিগিৰী’ নাটখনিৰ কাহিনীৰ পটভূমি মধ্যযুগৰ আহোম ৰাজত্ব কালৰ। ৰজাঘৰীয়া পটভূমিৰ এটি ঘটনাক লৈ কাহিনীৰ সূত্ৰপাত হৈছে। সুন্দৰ কোঁৱৰ আহোম ৰাজ্যৰ ৰাজকোঁৱৰ। কোঁৱৰৰ মাতৃ ৰাজমাওৰ প্ৰৱল ইচ্ছা— সুন্দৰ কোঁৱৰে সমাজৰ প্ৰথা অনুসৰি বিবাহ পাশত আৱদ্ধ হ’ব লাগে, তেতিয়াহে বংশৰক্ষাৰ লগতে কোঁৱৰ আহোম ৰাজ্যৰ ৰজা হ’ব পাৰিব। কিন্তু সুন্দৰ কোঁৱৰ কোনোপধ্যেই বিবাহপাশত আবদ্ধ হ’ব নিবিচাৰে। এই বিষয়ক লৈ নিতৌ ৰাজমাওৰ সৈতে কোঁৱৰৰ মনোমালিন্য, তৰ্কাতৰ্কি হয়। কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণ হিচাপে ৰাজমাৱে কাৰেঙৰ সুন্দৰী লিগিৰী শেৱালিক সন্দেহৰ দৃষ্টিৰে চায়। কিজানি শেৱালিৰ ৰূপত ভোল গৈ কোঁৱৰ আনক বিয়া কৰাবলৈ অনিচ্ছুক। যদি সেয়ে হয়, কাৰেঙৰ সাধাৰণ বন কৰা লিগিৰী এজনীক বিয়া কৰালে বংশৰ গৌৰৱ, ৰাজকীয় অভিজাত্য সকলো ধূলিস্যাৎ হৈ যাব। সেইবাবে যিমান সোনকালে পাৰি, কোঁৱৰক বিয়াৰ বাবে সন্মত কৰাবলৈ ৰাজমাৱে চেষ্টা কৰিছে। কিন্তু কোঁৱৰৰ নাৰীৰ ওপৰত কোনো ধৰণৰ আস্থা নাই। সেইবাবেই তেওঁ বিয়াত বহিবলৈ ইচ্ছুক নহয়। শেষত নিজৰ অনিচ্ছাসত্বেও সমাজ আৰু ৰাজমাওৰ আদেশ মানি বিয়াত সন্মতি দিবলৈ বাধ্য হ’ল। নিজৰ ইচ্ছাৰ বিপৰীতে বিয়া কৰাবলগীয়া হোৱাত তেওঁ কৈছে— “সংসাৰৰ ৰীতি, সমাজৰ নিয়ম, বোপাককাৰ সহজ, গুৰুজনৰ আজ্ঞা, আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ ৰওক; মাথোঁ মই সকলোৰে গছকত মষিমূৰ হৈ যাওঁ।“ আনৰ সন্তুষ্টিৰ কাৰণে কোঁৱৰ কাঞ্চনমতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত যেতিয়া কাঞ্চনমতীক তেওঁৰ অন্তৰংগ বন্ধু অনঙ্গৰ প্ৰতি অনুৰক্তা বুলি জানিলে, তেতিয়া তেওঁ যে আনৰ সন্তুষ্টিৰ বাবে বিয়া কৰাইছিল সেই কথা পাহৰি স্বামী হিচাপে তেওঁ কাঞ্চনমতীৰ মন আৰু শৰীৰ দুয়োটাই দাবী কৰিলে। কাঞ্চনমতীৰ পৰা দৈহিক সতীত্বৰ বাহিৰে মনৰ সতীত্ব দাবী কৰিবৰ অধিকাৰ নাই বুলি স্পষ্টভাষাত উত্তৰ পোৱাত সুন্দৰে নিজৰ ভুল বুজি পালে আৰু সেই ভুল শুধৰাবলৈ তেওঁ বালিভাত খাবলৈ যাওঁ বুলি কাঞ্চনমতীক লগত লৈ লুইত পাৰ হৈ কাজিৰঙা অৰণ্য পালে। তাত তেওঁ কাঞ্চনমতীক পূৰ্বৰ প্ৰেমিক অনঙ্গৰ সৈতে লগ লগাই এৰি থৈ আহিল। কাঞ্চনমতীয়ে আঁচলৰ গাঁঠিৰ বিষ খাই আত্মহত্যা কৰিলে। নিজৰ বিবাহিতা পত্নীক নিৰ্বাসন দিয়াত ৰাজ্যৰ চৌপাশে বু-বু বা-বা হ’বলৈ ধৰিলে। প্ৰজাৰ মাজত চৰ্চা হ’বলৈ ধৰিলে যে কোঁৱৰে কাৰেঙৰ লিগিৰী শেৱালিক গোপনে ভাল পায় আৰু নিজৰ পত্নী কাঞ্চনমতীক নিৰ্বাসন দি কোঁৱৰে শেৱালিক লাভ কৰাৰ পথ মুকলি কৰিছে।

ইফালে শেৱালিয়ে সুন্দৰ কোঁৱৰক মনে মনে ভাল পায় যদিও প্ৰতিদানৰ বাবে তাই লালায়িত নহয়। শেৱালিয়ে সুন্দৰৰ আলপৈচান ধৰে, সুন্দৰৰ সান্নিধ্য লাভ কৰাতেই তাইৰ আনন্দ। কোঁৱৰো অজ্ঞাতসাৰেই তাইৰ কাষ চাপি যায়। তাই আলপৈচান ধৰিলে ভাল পায়। তাইৰ প্ৰতি সুন্দৰৰ মণিকোঠাত এক দুৰ্বলতা আছে, কিন্তু তাক প্ৰকাশ কৰিবলৈ সুন্দৰে দ্বিধাবোধ কৰে। এক কথাত বাহ্যিক দৃষ্টিত সুন্দৰ কোঁৱৰ শেৱালিৰ প্ৰতি নিৰ্লিপ্ত। ইতিমধ্যে নাৰী বিদ্বেষী ভাৱ থকা বাবে হয়তো তেওঁ নাৰীৰ ওচৰত ইমান সহজে আত্মসমৰ্পণ কৰাৰো পক্ষপাতী নহয়। আনহাতে ৰাজকীয় অভিজাত্যৰ বাবেও প্ৰকাশ্যে শেৱালিক ভালপোৱাৰ কথা ব্যক্ত কৰিব নোৱাৰে। কিন্তু ৰজাঘৰে-প্ৰজাঘৰে সুন্দৰ কোঁৱৰ আৰু শেৱালিৰ সম্পৰ্কৰ বিষয়ে সন্দেহ ঘণীভূত হ’বলৈ ধৰিলে। শেৱালিৰ প্ৰতি সুন্দৰৰ এই দুৰ্বলতা ৰাজমাৱে সহ্য কৰিব নোৱাৰিলে আৰু শেৱালিত আঁতৰ কৰিলে সকলো সমস্যাৰ সমাধান হ’ব বুলি ভাবি শেৱালিক নগা পাহাৰত নিৰ্বাসন দিলে। এই কথাত ক্ষুণ্ণ হৈ কোঁৱৰ বিদ্ৰোহী হৈ উঠিল আৰু শেৱালিক উদ্ধাৰ কৰি আনি কাৰেঙৰ ৰাণী পতাৰ সিদ্ধান্ত লৈ নগা পাহাৰলৈ তাইক উদ্ধাৰৰ বাবে যাত্ৰা কৰিলে। কোঁৱৰ অহা বুলি আৰু তাইক ৰাজ্যলৈ ওভতাই নি ৰাণী পাতিব বুলি শুনি শেৱালিয়ে কোঁৱৰলৈ তাইৰ প্ৰেমৰ চিন স্বৰূপে ৰঙা ফুলৰ মালা উপহাৰ হিচাপে পঠিয়াই পৰ্বতীয়া জুৰিত আত্মহত্যা কৰিলে। শেৱালিৰ ভয় হ’ল, জানোচা তাইক ৰাণী পাতিলে ডাঙৰীয়াসকলে কোঁৱৰক হত্যা কৰে বা পদচ্যূত কৰে। গতিকে তাইৰ কাৰণে যাতে কোঁৱৰে কষ্ট খাবলগা নহয়, তাৰ বাবেই তাই আত্মজাহ দিলে। শেৱালিৰ মৃত্যুৱে কোঁৱৰৰ মনত থকা ধাৰণাৰ পৰিৱৰ্তন কৰিলে। নাৰী বিদ্বেষী সুন্দৰ কোঁৱৰে নাৰীৰ প্ৰেম আৰু প্ৰেমৰ মহত্ব উপলব্ধি কৰিলে আৰু শেৱালিৰ প্ৰতি তেওঁৰ ভালপোৱাৰ ভাৱ হিয়া উজাৰি প্ৰকাশ কৰিলে— “বুজালি শেৱালি, মোক বুজালি। জীৱনেৰে বুজালি, মৰণৰে বুজালি, মোৰ জীৱন-যজ্ঞত তোৰ জীৱন আহুতি দিলি।” এইখিনিয়েই চমুকৈ জ্যোতিপ্ৰসাদৰ ‘কাৰেঙৰ লিগিৰী’ নাটৰ মূল কাহিনী। আহোম যুগৰ সামন্তীয় সমাজ-ব্যৱস্থাৰ পৰিৱেশত ৰচিত নাটক হ’লেও তাৰ সংলাপ আৰু চৰিত্ৰাংকনৰ মাজত আধুনিকতা জিলিকি উঠিছে।
জামুগুৰিহাটৰ দৰে কলা-সংস্কৃতিত অগ্ৰণী অঞ্চলটোৰ এচাম মহিলাই ঘৰুৱা কৰ্মব্যস্ততা, ল’ৰা-ছোৱালীৰ লগৰ ব্যস্ততাৰ মাজতো আগ্ৰহেৰে ওলাই আহি নাটখনত যি অভিনয় কৰিলে, সেয়া নিশ্চয় প্ৰশংসনীয়। নাটখনত অভিনয় কৰা সকলো অভিনত্ৰীয়েই সম্পূৰ্ণ নতুন মুখৰ। কিন্তু অধিকাংশ অভিনেত্ৰীৰে অভিনয় দক্ষতা অতি চকুতলগা আছিল। যিদৰে এগৰাকী পুৰুষ শিল্পীয়ে এটি নাৰী চৰিত্ৰ ৰূপায়ণ কৰা কঠিন, তেনেদৰে এগৰাকী মহিলা শিল্পীয়েও এটি পুৰুষ চৰিত্ৰত অভিনয় কৰাটো সহজসাধ্য নহয়। কিন্তু প্ৰতিগৰাকী অভিনেত্ৰীৰে সংলাপ প্ৰক্ষেপন, জড়তাবিহীন অভিনয় তথা অভিনয়ৰ ভাৰসাম্যতা আছিল প্ৰশংসনীয়। প্ৰতিগৰাকীয়েই পৰিচালকৰ নিৰ্দেশ নিখুঁতভাৱে পালন কৰাত চেষ্টাৰ ত্ৰুটি কৰা নাছিল। সম্পূৰ্ণ নতুন অভিনেত্ৰী হিচাপে প্ৰতিটো চৰিত্ৰ সুন্দৰ ৰূপে ফুটাই তোলাৰ বাবে তেওঁলোকে যথেষ্ট নিষ্ঠা আৰু একাগ্ৰতাৰে চেষ্টা কৰিছে, কষ্ট কৰিছে আৰু বহু পৰিমাণে সফল হৈছে। প্ৰথম পদক্ষেপ হিচাপে দুই-এটা সৰু-সুৰা খুঁতি-নাতি থকাটো নিতান্তই স্বাভাৱিক। সেয়া পৰৱৰ্তী সময়ত শুদ্ধ হ’ব বুলি আশা কৰিব পাৰি।

জামুগুৰিহাটৰ এগৰাকী সুদক্ষ অভিনেতা, নাট্যকৰ্মী প্ৰয়াত প্ৰভাত বৰঠাকুৰৰ সোঁৱৰণত উৎসৰ্গিত এই নাট্যসন্ধ্যটিৰ নাটখনিৰ কেন্দ্ৰীয় চৰিত্ৰ সুন্দৰ কোঁৱৰৰ চৰিত্ৰত ইনামণি শইকীয়া, অনঙ্গৰ চৰিত্ৰত সেৱিকা বৰা দাস, সুদৰ্শনৰ চৰিত্ৰত ববিতা হালৈ, শেৱালিৰ চৰিত্ৰত কল্পনা বৰা, ৰাজমাওৰ চৰিত্ৰত মঞ্জু কলিতা আৰু কাঞ্চনমতিৰ চৰিত্ৰত দুলুমণি শইকীয়াই সুন্দৰ অভিনয় কৰিছে। অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিলে— পূজা বৰা দাস (ৰেৱতী), ডেনী দাস (বপুৰা), চেনীমাই দেৱী (সেউজী),কংকণাশ্ৰী ভূঞা (ৰুণুক), বিদিশা বৰুৱা (জুনুক), ৰাণী শৰ্মা (মানুহজনী), নিহাৰিকা ভূঞা (ঠুনুক), মঞ্জিতা কটকী (গুণুক), জনী বৰুৱা (নগা ল’ৰা), জেনী ভূঞা (চাওদাং), অৰুণা ভূঞা, ৰাণী শৰ্মা আৰু অনুৰূপা বৰকাকতিয়ে। নাটখনৰ সহকাৰী পৰিচালক লিখক নাথ। নাটখনি সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত মঞ্চসজ্জাত পুতুল বৰা, সংগীতত পূৰ্ণকান্ত নাথ আৰু ৰূপা বৰুৱা, পোহৰ আৰু শব্দত ৰাজেন কলিতা, সাজ-সজ্জা তথা ৰূপসজ্জাৰ দিশত যতীন শইকীয়া আৰু জ্যোতিপ্ৰসাদ শইকীয়া (বাবা) আৰু স্মাৰক হিচাপে প্ৰশান্ত বৰা আৰু মৰমী বৰুৱাই সহযোগিতা আগবঢ়ায়। নাটখনিৰ সামগ্ৰিক পৰিকল্পনা আছিল ‘সেৱা’ ৰ সভাপতি মহেশ কাকতিৰ।
❧ | আৰু পঢ়ক: জামুগুৰিহাটত সামাজিক নাটক ‘জাৰজ’ৰ সফল মঞ্চায়ন
এক কথাত, গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত নাট্যকলাৰ চৰ্চাই নিশ্চিতভাৱে সমাজখনলৈ এক ইতিবাচক শুভ চিন্তাৰ প্ৰবাহ বোৱাব। সদ্যোজাত সাংস্কৃতিক গোষ্ঠী ‘উত্তৰণ’ৰ এই মহিলা শিল্পী অভিনীত নাটকখন জামুগুৰিহাটৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ এক বলিষ্ঠ অবদান। আমি কামনা কৰিছোঁ, অনাগত দিনবোৰতো ‘উত্তৰণ’ৰ নতুন চিন্তাই জামুগুৰিহাট তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি ৰাখিব।
ছবি: লেখকৰ সৌজন্যত
Follow Nilacharai on Facebook
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক