উপলব্ধি

আপুনি ভবাৰ দৰেই আগবাঢ়ে,
খৰস্ৰোতা নৈখনৰ দৰে
দুপাৰ কোবোৱা ঢৌৰ শাৰী অবিৰাম…
দোলা দি ৰওঁ মই নামৰ এচাম
উদযাপন কৰোঁ তুমি নামৰ বিলাসিতা।

সকলোবোৰ এতিয়া সন্ধিয়াৰ দৰেই
এন্ধাৰৰ মতে, মাতাল…

খবৰবোৰ ধলপুৱাতেই আহে,
এন্ধাৰে সামৰি লয় সকলো
কাৰণ মাতালে পাহৰিছে দুখ-সুখৰ সীমা।

এতিয়া নিশা, শুই পৰিছে সকলো
বুকুবোৰে মাথোঁ সঘনে উশাহ লৈছে।

লেখকৰ ঠিকনা: সহকাৰী অধ্যাপক, এন ই টি ই এছ ইন্সটিটিউট অৱ ফাৰ্মাচিউটিকেল চাইন্স, মিৰ্জা

আপোনাৰ আৰু ভাল লাগিব পাৰে:
দীপংকৰ বৰদলৈ

দীপংকৰ বৰদলৈ

সহকাৰী অধ্যাপক, এন ই টি ই এছ ইন্সটিটিউট অৱ ফাৰ্মাচিউটিকেলৱ চাইন্স, মিৰ্জা

1
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
0 Thread replies
2 Followers
 
Most reacted comment
Hottest comment thread
1 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
Krishnakhi Kashyap

Well written Sir