তোমাৰ প্ৰাচুৰ্যময় চুবুৰিতে জী উঠিছোঁ
প্ৰকাশ: ১৯ জুলাই, ২০১৬ | অন্তিম সম্পাদনা: ১৭ নৱেম্বৰ, ২০১৬
তোমাৰ চুবুৰিতে গজে মোৰ উশাহৰ দুপতীয়া পুলি
মৰি মৰিও জী উঠে ৰক্তবীজ প্ৰেম
যান্ত্ৰিকতাৰ কোলাহল ফালি
বৈ যায় নীৰৱ নদী
সাগৰলে’ যোৱা বাট বিচাৰি
তুমি
মোৰ ভাগৰুৱা চকুৰ সুখনিদ্ৰা
চহা পিতাইৰ তৃষ্ণাৰ্ত ওঁঠত ৰঙা চাহ এবাতি
বিগতা আইৰ নিজান সমাধিত শ্ৰদ্ধালু চাকি এগছি
লঠঙা অৰণ্যৰ আকুল শিয়া ধিয়াই
উবুৰি খাই পৰা
বাৰিষাৰ প্ৰথমজাক বৰষুণ !
হুমুনিয়াহবোৰ বিদায় দি ভৰাই লৈছোঁ খালী শ্বাসতন্ত্ৰত
প্ৰাণৱন্ত অক্সিজেন
আৰু ক্ৰমান্বয়ে
তোমাৰ প্ৰাচুৰ্যময় চুবুৰিতে জী উঠিছোঁ !
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply