স্বাভিমান

kabitan14[ ৰশ্মিৰেখা দাস ]

সেউজীয়া ভালপাওঁ
গভীৰ সেউজীয়া
আহ !
মোৰ সপোনে প্ৰাতঃ স্নান কৰা গোপন পুখুৰীত
থোপা থোপে মেটেকা ফুলে
আৰু তোমাৰ চকুলোত আবেগৰ পদুম।

বগলী এটা এইমাত্ৰ বাট হেৰুৱাই মোৰ আগে আগে উৰি যায়
শোকে খুন্দিয়াই !

স্বাভিমানী মুদ্ৰাত গঢ় লয় কৰ্দৈফুলীয়া সাজোন
বুকু জুৰাই…
এতিয়া ৰ’দত জিলিকে হালধীয়া আঘোণ !

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of