জলছবি

প্ৰকাশ: ১২ এপ্ৰিল, ২০১৮ | অন্তিম সম্পাদনা: ১২ এপ্ৰিল, ২০১৮

জুমি আৰু ছবিৰ বয়স প্রায় সমান। কেইঘণ্টামানৰ ভিতৰতে সিহঁত দুজনীৰ বন্ধুত্ব ইমানেই গাঢ় হৈ পৰিল যে ৰাতি শুবৰ সময়ত এজনীয়ে আনজনীৰ লগ নেৰা হ’ল। ছবিক নীতিহঁতৰ লগতে শুৱাই লােৱাটো একো ডাঙৰ কথা নহয়, কিন্তু তেতিয়া অৰূপা অকলে শুব লাগিব। প্রথম দিনাই অৰূপাক অকলে শুৱাবলৈ নীতিৰ ভাল নালাগিল। গতিকে তাই জুমিকে অৰূপাহঁতৰ লগত শুবলৈ পঠাই দিলে। ভনীয়েকৰ প্রতি নয়নৰ মনােভাব কেনেকুৱা হৈছে জানিবলৈ নীতিৰ খুবেই মন গ’ল। গতিকে বিছনাত পৰাৰ পাছতে তাই ক’লে, ‘অৰূপাজনী বৰ খীণাল।’
‘একো ডাঙৰ কথা হােৱা নাই। এনেকুৱা পৰিস্থিতিত পৰিলে হিড়িম্বা ৰাক্ষসীৰ নিচিনাবােৰ খীণাব।’ নয়নে অনুকম্পাহীন মাতেৰে উত্তৰ দিলে।
‘তাইক শাহুৱেকহঁতে ভালকৈ খাবলৈও দিয়া নাছিল নেকি!’
‘তুমি কেনেকৈ জানিলা?’
‘অথনি ভাত দিওঁতে তাই যেনেকৈ খাবলৈ নােপােৱাৰ দৰে খাইছিল, আগতেতাে তাই তেনেকৈ কেতিয়াও খােৱা নাছিল।’

নয়নৰ মনত পৰিল, আগতে অৰূপাক কেনেকৈ খাতিৰ কৰি ভাত খুৱাব লগা হৈছিল। স্কুল-কলেজৰ পৰীক্ষালৈ যােৱাৰ কেইদিনতো তাই একোৱেই খাই যােৱা নাছিল। নয়নে সদায় টিফিন লৈ গৈ লেজাৰত তাইক খাবলৈ দিছিলগৈ। নয়নৰ বুকুৱেদি দীর্ঘ হুমুনিয়াহ এটা ওলাই আহিল। সি ক’লে, ‘তাই যি খাবলৈ মন কৰে, যিমান খাবলৈ মন কৰে খাবলৈ দিবা।’

‘অৰূপাৰ নখৰ সুতবােৰ এৰাই গৈছে। হাতৰ তলুৱাতাে চুলিৰ দৰে কলা কলা আঁচ পৰিছে।’ নীতিয়ে বুজাই নক’লেও নয়নে বুজি পালে, ভনীয়েকৰ নখৰ সুতবােৰ কিয় এৰাইছে, হাতৰ তলুৱাত ক’লা ক’লা আঁচ কিয় পৰিছে। তাৰ মনটো বেয়া লাগি গ’ল। ঘৰত থাকোঁতে অৰূপাই বাচন-বর্তন ধােৱাটোতাে বাদেই, নিজৰ কাপােৰ-কানিখিনিও ধুই লােৱা নাছিল। এদিন ৰহিলা বাই নহাৰ কাৰণে তাই বাচন ধুব লগা হৈছিল। বাচনখিনিত তেলচিকটি আৰু ভীমবাৰৰ গােন্ধটো লাগিয়েই আছিল। আন এদিন ৰহিলা বাই নহা কাৰণে তাই নয়নৰ পেন্ট-চাৰ্ট এযােৰ ধুব লগা হৈছিল। পিছে কাপােৰযােৰত ছাৰ্ফ ছাৰ্ফ গােন্ধটো লাগিয়েই আছিল, চাৰ্টৰ কলাৰৰ ভাঁজটোত মলিৰ লাইনটো স্পষ্ট হৈয়েই আছিল।

‘তাইক একো কামত নলগাবা। দৰকাৰ হ’লে ৰহিলা বাইৰ লগতে আৰু এজনী ছােৱালী ৰাখি ল’বা।’
‘অৰূপাই তাইৰ বাহু, পিঠি আৰু কঁকালত পৰা কলা, দীঘল চিন কিছুমান মােক দেখুৱাইছিল।’ নীতিয়ে আওপকীয়াকৈ কোৱা এইষাৰ কথাৰ অৰ্থ নয়নে ঠিকেই বুজিলে। তাৰ এইবাৰ খঙো উঠিল। সমৰৰ ইমান সাহ? সিহঁতে কেতিয়াও ধমকি এটাও দি নােপােৱা, কেতিয়াবা কৃত্রিমভাৱে ধমকি এটা দিলেও ভেঁ-ভেঁকৈ মুখখন মেলা, ডাঙৰ হােৱাৰ পাছতাে ডাক্তৰে বেজী দিবলৈ আহিলে পলাই ফুৰা সিহঁতৰ একমাত্ৰ ভনীয়েকজনীক মাৰি সি গাত দাগ বহুৱাই দিছে। সময়ত তাক উপযুক্ত শাস্তি দিয়া হ’ব।

‘তাইৰ গাত যদি কিবা বিষ-কোপ, বেমাৰ-আজাৰ আছে, কাইলৈকে ডাক্তৰৰ ওচৰলৈ লৈ যাবা।’
‘ইয়ালৈ আহোঁতে ছবিয়ে যিটোহে ছুৱেটাৰ পিন্ধি আহিছিল, মই লগে লগে খােলাই জুমিৰ এটাকে পিন্ধাই দিছিলাে।’ নীতিৰ কথাত নয়ন এইবাৰ মনে মনে থাকিব নােৱাৰিলে। তাৰ মনৰ ক্ষোভখিনি মুখেৰে ওলাই আহিল, ‘সিহঁত ইমান নীচনে?’ নয়নৰ একমাত্ৰ ভনীয়েকৰ ছোৱালীজনীয়ে ভালকৈ ছুৱেটাৰ এটা পিন্ধিবলৈ পােৱা নাই, অথচ সি নিজৰ ছােৱালীকেইজনীক কি দিয়া নাই। দুটা আলমাৰি সিহঁতৰ কাপােৰেৰেই খুন্দ খাই আছে। এযােৰ পুৰণি নহওঁতেই আন এযােৰ দোকানৰ পৰা পায়হি।

‘ছবিক ইহঁতকেইজনীৰ কাপােৰ পিন্ধিবলৈ নিদিবা। কাইলৈকে তাইক নতুন কাপােৰ কেইযোৰমান আনি দিবা।’

অৰূপা ঘূৰি অহাৰ পাছত এটা সপ্তাহ পাৰ হৈ গ’ল। এই সপ্তাহটো ঘৰখনত তাই কইনাৰ দৰে কটালে। এই ঘৰখনত তাই যে বিছটা বছৰ কটাই গৈছিল, এই ঘৰখনৰ প্ৰতিটো আছবাব, মানুহ, ৰীতি-নীতি, আনকি প্রতিটো ধূলিকণাৰ লগতে তাইৰ যে এটা অংগাংগী সম্পর্ক আছিল, ঘৰখনৰ মূল আকর্ষণ যে তায়েই আছিল,— এই কথাবােৰ অৰূপাই পাহৰি থকাৰ দৰে থাকিল। কিন্তু তাৰ পাছৰে পৰা তাই ক্রমশঃ সকলোবােৰ কথাতে সহজ হৈ পৰিল। আনকি সেই সপ্তাহটোত মাত-বােল কৰাটোতাে দূৰৰে কথা, চকুলৈও চাবলৈ সাহ নকৰা নয়নৰ লগতাে। তাই ককায়েকক ক’ব পৰা হ’ল, অফিছলৈ কোনটো পেন্টৰ লগত কোনটো চার্ট পিন্ধি গ’লে ভাল দেখাব, তাই ভাল পােৱা চানাবিধ কোনখন বেকাৰিত পােৱা যায় ইত্যাদি কথাবােৰ।

নয়নহঁতৰ ঘৰখন নগৰৰ মাজমজিয়াত যদিও সিহঁতৰ চৌহদটো প্রায় দুবিঘা মাটিৰ। নয়নৰ দেউতাকে চিৰস্তাদাৰ হৈ অৱসৰ লৈছিল। তেওঁ মাখিৰ মূৰৰ ঘিউ কাঢ়ি খােৱা ধৰণৰ মানুহ নাছিল যদিও কোনােবাই নিমন্ত্রণ জনালে তাক ৰক্ষা নকৰাকৈয়ো থকা নাছিল। সেই সুবাদতে তেওঁ নগৰৰ সোঁমাজত বহুতৰ ঈর্ষাৰ কাৰণ হ’ব পৰা ঘৰ-মাটি কৰিব পাৰিছিল। নয়নহঁতৰ ঘৰৰ সমুখত এখন ডাঙৰ ফুলনি, বাওঁফাল-সোঁফালে একোখন শাকনি। অৰূপাই কৰা দুষ্কর্মটো নয়নহঁতৰ কাৰণে এজাক ধুমুহাৰ দৰে হৈ পৰিছিল। সেই ধুমুহাজাকে গােটেই ঘৰখনকে ছেদেলি-ভেদেলি কৰি পেলাইছিল। নয়নহঁতৰ শাকনি আৰু ফুলনিখনত শাক আৰু ফুলৰ সলনি একাঁঠু একাঁঠু ঘাঁহ হৈছিল। কিন্তু অৰূপা অহাৰ কেইদিনমান পাছতে ফুলনিখনত ফুল ফুলিছিল, শাকনিত শাক গজিছিল। ড্রয়িংৰূমৰ ফুলদানিত প্লাষ্টিকৰ ফুলৰ সলনি জীৱন্ত ফুলে মিচিকিয়াই হাঁহিছিল, পাকঘৰৰ খৰাহিত বজাৰৰ লেৰেলা পাচলিৰ সলনি সজীৱ পাচলিয়ে গুঞ্জন তুলিছিল।

নয়নে মাহৰ মূৰত দৰমহাৰ টকাকেইটা নীতিৰ হাতত তুলি দিয়েই সংসাৰৰ দায়িত্বৰ পৰা হাত সাৰে। ঘৰখনৰ প্রায় সমস্ত কামলৈ চকু দিবলগা হােৱাত ছােৱালী তিনিজনীক নীতিয়ে যিমান চোৱা-মেলা কৰিব লাগে, সিমান কৰিব নােৱাৰে। ৰুমিয়ে নিজৰ কামখিনি মােটামুটিকৈ নিজেই কৰি ল’ব পৰা হৈছে যদিও চুমি আৰু জুমিৰ প্রতিটো কামেই তাই কৰি দিব লাগে। সিহঁত দুজনীৰ চুলি দীঘল হৈ যায়, চুলিত ওকণি হয়, দৃষ্টিকটুভাৱে মূৰ খজুৱাই থাকে। সিহঁত দুজনীৰ নখ দীঘল হৈ যায়, নখত ক’লা ক’লা মলি হয়, সিহঁত দুজনীয়ে দৃষ্টিকটুভাৱে নখবােৰ কামুৰি থাকে। কিন্তু অৰূপা অহাৰ পাছৰে পৰা সিহঁত দুজনীৰ নখ-চুলি চাফা হৈ থাকিবলৈ ল’লে। | ৰুমিহঁতে জুতি-বুধি নহ’লে ভাত খাব নােখােজে। কিন্তু জুতি-বুধি লগাই বিধে বিধে ৰান্ধি খুৱাবলৈ নীতিৰ সময় ক’ত? ফলস্বৰপে নয়নহঁতৰ নিচিনা স্বচ্ছল পৰিয়াল এটাৰ ল’ৰা-ছােৱালী ৰুমিহঁত যিমান শকত-আবত হ’ব লাগে, সিমান নহয়। সিহঁতৰ গাত মঙহৰ সঁচেই নাই বুলিব পাৰি। কিন্তু অৰূপা অহাৰ পাছৰে পৰা ৰুমিহঁতৰ জাংপাং মুকলি হ’বলৈ ধৰিলে। সিহঁতে পেহীয়েকক আবদাৰ কৰে মেগি সিজাই দিবলৈ, অমলেট ভাজি দিবলৈ, ভাতৰ লগত খাবলৈ গােল গােলকৈ আলু কাটি দিবলৈ, মাছৰ টুকুৰাকেইটা মচমচীয়াকৈ ভাজি দিবলৈ। আৰু অৰূপাই বিনা প্রতিবাদেৰে, মনৰ আনন্দৰে ৰুমিহঁতৰ এই আবদাৰবােৰ পূৰণ কৰি দিয়ে। আনকি ৰুমিহঁতৰ পঢ়া-শুনা চাই দিয়াৰ দায়িত্বও আপােনা-আপুনি অৰূপাৰ হাতলৈকে যায়গৈ।

নীতিও ঘৰখনৰ একমাত্ৰ, অতি মৰমৰ, আলসুৱা ছােৱালী আছিল। তাই এই ঘৰখনত যিবােৰ কাম কৰিবলগীয়া হৈছে, সেইবােৰ কাম কৰি জীৱনৰ সােণালী সময়বােৰ পাৰ কৰিব লাগিব বুলি তাই, সিহঁতৰ ঘৰখনৰ মানুহখিনিয়ে কাহানিও ভবা নাছিল। কিন্তু এইখন ঘৰৰ এই কামবােৰ কৰিবলৈ নীতিক কোনেও জোৰ-জবৰদস্তি কৰা নাই। কামবােৰ তাই নিজে নিজে কৰে। কামবােৰ তাই দায়িত্ব আৰু কর্তব্য বুলি ভাবি লৈ কৰিছে। তথাপি শহুৰেক-শাহুযৱেকৰ পেচাব-পায়খানা, কফৰ চৰিয়াটো পেলাবলৈ যাওঁতে তাইৰ মনটো কেতিয়াবা শােকে খুন্দা মাৰি ধৰে, অভিমানত উথলি উঠে। কথাটো বুজি পায়েই হ’বলা এদিন অৰূপাই নীতিক ক’লে, ‘বৌ, আজিৰ পৰা মা-দেউতাক আলপৈচান ধৰাৰ দায়িত্ব মােৰ।’

আৰু পঢ়ক:  বৃত্ত

‘তুমিয়েই যদি সকলােবােৰ কৰা, মােলৈনাে বাকী থাকিল কি?’ নীতিয়ে পৰােক্ষভাৱে প্রতিবাদ কৰিলে যদিও অৰূপাই নুশুনিলে। তাই হাঁহি হাঁহি ক’লে, ‘পাকঘৰ আৰু দাদাৰ দায়িত্ব তােমাৰ ওপৰত এৰিলাে’।

যােৱা পাঁচ বছৰমানৰ পৰা নীতিয়ে জিৰণি বােলা বস্তুটো কি প্রায় পাহৰিয়েই পেলাইছিল। ‘নােৱৰা হােৱা’ দিনকেইটাতাে তাই কিবা নহয় কিবা এটা হাতৰ কাম লগাই লৈছিল। অৰূপাৰ কৃপাত নীতিৰ যেতিয়া জিৰণি বােলা বস্তুটোৰ লগত পুনৰ পৰিচয় ঘটিল, তাই অনুভৱ কৰিলে— জীৱনটোক উপলব্ধি কৰিবলৈ, দেহ-মনক সজীৱ কৰি ৰাখিবলৈ, নতুন কাম এটাত উদ্যমেৰে লাগিবলৈ মানুহক সঁচাকৈয়ে জিৰণিৰ প্রয়ােজন।

ইতিমধ্যে নীতিয়ে অৰূপা ঘৰলৈ গুচি অহা খবৰটো নয়নৰ ভায়েক অয়ন আৰু চয়নলৈও পঠাইছিল। সিহঁত দুয়ােটা সপৰিয়ালে আহিব বুলি কৈছিল। কিন্তু একেলগে ছুটী মিলাব পৰা নাছিল বাবে অহা নাছিল। অৰূপা অহাৰ দুমাহৰ পাছত সিহঁত দুটা সপৰিয়ালে এসপ্তাহ এসপ্তাহ থকাকৈ আহিল। এই দুমাহতে অৰূপাৰ দেহ-মন যথেষ্টখিনি সজীৱ হৈছিল। গতিকে সিহঁত দুটাৰ অৰূপাৰ ভগ্নপ্রায় অৱস্থা দেখাৰ দুর্ভাগ্য নহ’ল।

অয়ন আৰু চয়নে অৰূপা আৰু ছবিলৈ কেইবাসাজো কাপােৰ লৈ আহিছিল। অৰূপালৈ অনা কাপােৰকেইসাজ তাইলৈ হ’ল যদিও ছবিলৈ অনা কাপােৰকেইসাজৰ দুসাজমানহে তাইলৈ আটিলে। ছবিৰ গালৈ ডাঙৰ হােৱা কাপােৰ কেইসাজ ৰহিলা বাইৰ নাতিনীয়েককেইজনীলৈ পঠাই দিলে।

চাৰি বছৰৰ মূৰত নয়নহঁতৰ ঘৰখনত উৎসৱমুখৰ পৰিৱেশ এটাৰ সৃষ্টি হ’ল। নয়ন আৰু মাক-দেউতাকৰ বাহিৰে ঘৰৰ আটাইখিনিয়ে অৰূপা আৰু ছবিক লৈ অগ্নিগড়, ক’লপার্ক, মহাভৈৰৱ, হলেশ্বৰ আদিত ফুৰিবলৈ গ’ল। চক বজাৰত বজাৰ-সমাৰ কৰিলে, কলীয়াভােমােৰা দলঙৰ ওচৰৰ ‘এলড’ৰাডো’ত লান্স কৰিলে। অয়ন আৰু চয়নৰ উৎসাহতে নীতিহঁতে বহুদিনৰ মূৰত হলত চিনেমা এখন চালেগৈ। যাবলৈ ওলােৱাৰ আগদিনা নীতিৰ মুখৰ পৰা অয়ন আৰু চয়নে অৰূপা এইখন ঘৰত মাত্র তিনি মাহহে থাকিব পাৰিব বুলি গম পাই জাঙুৰ খাই উঠিল। অয়নে ক’লে, ‘দাদা, তই এইটো কি সিদ্ধান্ত লৈছ? এয়া হ’বই নােৱাৰে।’
নয়নে লগে লগে ক’লে, ‘অৰূপালৈ যদি তােৰ ইমান মৰম, তেনেহ’লে তয়েই নি তাইক ৰাখগৈ।’

অয়নে সেইপিনেই তাপ মাৰিলে যদিও তাৰ সলনি ঘৈণীয়েক বিদিশাই ক’লে, ‘আমিনো অৰূপাক কেনেকৈ নিওঁ দাদা? আমি ভাড়াঘৰতহে থাকোঁ। তাতে মােৰ মাও আজিকালি আমাৰ লগতে থাকে।’

চয়নৰ ঘৈণীয়েক পূবালি অতি চালাক তিৰােতা। চয়নে কিবা ক’বলৈ পােৱাৰ আগতেই তাই মাত লগালে, ‘অৰূপাক আমিয়েই লৈ যাব পাৰিলােহেঁতেন। কিন্তু আমাৰ ফ্লেটটো কিমান সৰু জানেইতাে। পাৰবাহটোও কিজানি অলপ ডাঙৰহে হ’ব। তাতে বিকিৰ অহা মাহৰ পৰা পৰীক্ষা আৰম্ভ হব। অৰূপাই আমাৰ তাত গৈ অসুবিধাহে পাবগৈ।’

নয়নৰ পেটে পেটে খুব হাঁহি উঠিল। ইহঁত দুজনীয়ে তাক বাৰু বুৰ্বক বুলি ভাবিছে নেকি? ‘তেনেহলে এই বিষয়ে আৰু কথা নবঢ়োৱাই ভাল।’ চিলাইৰ দুমুৰি গাঁঠিটোৰ দৰে নয়নে প্রসংগটোৰ মােখনি মাৰি থ’লে।

অয়ন আৰু চয়নহঁত যােৱাৰ দুসপ্তাহমান পাছতে দুটা আচৰিত কাণ্ড ঘটিল। নয়নৰ দেউতাকে লাখুটিত ভৰ দি দি অলপ অলপকৈ খােজকাঢ়িব পৰা হ’ল, মাকৰ ডায়’নিল টেবলেট আৰু যােগৰাজ পােগলু নােখােৱাকৈয়ে ছুগাৰ আৰু কঁকালৰ বিষটো নিয়ন্ত্রণলৈ আহিল। দুয়ােটা কথাতে নয়নহঁতৰ লগতে সিহঁতৰ ঘৰুৱা ডাক্তৰ সঞ্জীৱ অধিকাৰীও আচৰিত হ’ল। তেওঁ নয়নৰ মাক-দেউতাক দুয়ােকে ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি, ভাবি-চিন্তি ক’লে, ‘এয়া কেৱল ঔষধৰ জোৰতে সম্ভৱ হােৱা নাই। এয়া সম্ভৱ হৈছে অৰূপাৰ যত্নৰ কাৰণে। অৰূপাৰ সান্নিধ্যই এখেতসকলৰ মনলৈ অনা প্রশান্তিৰ কাৰণে।’ ডাক্তৰ অধিকাৰীৰ কথাত নীতিতাে পতিয়ন গ’লেই, নয়নেও একো প্রতিবাদ নকৰিলে। হ’বও পাৰে। মানসিক শক্তিৰ প্রাবল্যত কৰ্কট ৰােগীও সুস্থ হৈ উঠে।

চাওঁতে চাওঁতে অৰূপা অহা দুমাহ বিশ দিন হ’ল। অৰূপা এইখন ঘৰৰ পৰা বাৰহলীয়াৰ ভাড়াঘৰলৈ যােৱাৰ দিন যিমানেই চমু চাপি আহিল, নীতিৰ মনটোও সিমানেই অস্থিৰ হৈ পৰিল। অয়ন-চয়নহঁত যােৱাৰ পাছত নয়নে এই বিষয়ে আৰু একো কথা উলিওৱা নাই যদিও সি কোন মুহূর্তত কথাটো উলিয়াব একো ঠিক নাই।

দুমাহ পঁচিশ দিনৰ দিনা নয়নে কথাটো সঁচাকৈয়ে উলিয়ালে। ৰাতি বিছনাত পৰাৰ পাছত সি নীতিক সুধিলে, ‘তুমি অৰূপাক কথাটো কৈছানে?’

নীতিৰ বুকুখন ধমহকৈ মাৰিলে। বেড চুইচটো অফ কৰিবলৈ যােৱা তাইৰ হাতখন ৰৈ গ’ল।
‘কোনটো কথা?’
‘তাই আমাৰ বাৰহলীয়াৰ ঘৰটোলৈ যােৱাৰ কথাটো।’
‘নাই কোৱা।’
‘কিয়?’
‘তুমি মােক দুছেও কৰি কাটিলেও, নচঁচা শূলত দিলেও মই সেইটো কথা তাইক ক’ব নােৱাৰোঁ। তুমিয়েই ক’বা।’

জুমি আজিকালি প্ৰায়েই অৰূপা আৰু ছবিৰ লগত শােৱে। তাই আজিও সিহঁতৰ লগতে শুইছিল। জুমিৰ ভাগৰ ঠাইখিনিত নীতি পােন হৈ বহি ল’লে। তাইৰ উশাহ-নিশাহবােৰ দ্রুত হৈ আহিল।

‘মই এটা কথা ভাবিছোঁ।’ নয়ন নীতিৰ অলপ কাষ চাপি গ’ল। তাইৰ পিনে মুখ কৰি সোঁহাতখন তাইৰ কোলাত থলে।
‘কি কথা?’ নীতিও নয়নৰ অলপ কাষ চাপি গ’ল।
‘অৰূপা তালৈ যাব নালাগে। তাই ইয়াতে থাকক।’
‘তুমি সঁচাকৈ কৈছানে?’

নয়নে এটা কথা কেতিয়াও দুবাৰ নকয় বুলি জানিও তাইৰ কোলাত থােৱা নয়নৰ হাতখনত দুহাতেৰে হেঁচা মাৰি ধৰি নীতি প্রায় চিঞৰি উঠিল, ‘মই জানাে নহয়, অৰূপাৰ প্রতি তােমাৰ অন্তৰত কিমান মৰম!’ নয়নৰ পিনলৈ অলপ হালি নীতিয়ে তাৰ কপালত এটা চুমা আঁকি দিলে।
‘আচল কথাটো কি জানা?’ নীতিৰ চুমাটোৰ প্ৰতি অকণাে আগ্রহ নেদেখুৱাই নয়নে কলে।
‘কি?’ নীতি পুনৰ পােন হৈ বহিল।
‘অৰূপালৈ মৰম উপজি নহয়, দুটামান বেলেগ কথা চিন্তা কৰিহে তাইক এইখন ঘৰত ৰাখি থব খুজিছোঁ।’
“তুমি কি ক’ব খুজিছা, মই বুজা নাই। বুজাই কোৱাচোন।’

নীতিৰ কোলাত থােৱা হাতখনেৰে তাইৰ কঁকালত মেৰিয়াই ধৰি নয়নে ক’লে, ‘অৰূপা ইয়ালৈ অহাৰ পাছত তােমাৰ ডাঙৰ সহায় হৈছে, ৰুমিহঁতৰ গত এটা লাগিছে, ঘৰখন চিজিল হৈ আছে, মা-দেউতা সুস্থ হৈ উঠিছে আৰু আগলৈও এইবােৰ হৈ থাকিব। গতিকে অৰূপাক বেলেগ এখন ঘৰলৈ পঠাই দিলে আমাৰেই জানাে বিস্তৰ ক্ষতি নহ’ব?’

সাঁজৰ তৰাৰ দৰে ওঁঠত ৰহস্যময় হাঁহি এটা ফুটাই নীতিয়ে ক’লে, ‘মােক ইমান বুদ্ধ বুলি ভাবিছা? সেই কাৰণেইতাে অৰূপা এইখন ঘৰতে থকাটোত মই জোৰ দি আছোঁ। মাথোঁ তুমি বেয়া পােৱা বুলিহে কথাটো খােলােচাকৈ কোৱা নাছিলাে।’
‘তুমি দেখিছোঁ মােতকৈও একাঠী চৰা।’ এইবাৰ নয়নে নীতিৰ ওঁঠত এটা চুমা আঁকি দিলে। এটা সন্তুষ্টিৰ হাঁহি মাৰি নীতি ক্রমশঃ নয়নৰ কাষ চাপি গ’ল।«

[su_button url=”https://nilacharai.com/story-jalachabi-dhrubajyoti-sharma/” style=”flat” background=”#e72b27″ size=”7″ center=”yes” radius=”5″ icon=”https://nilacharai.com/wp-content/uploads/2018/02/previous-navi-btn.png”]পূৰ্বৱৰ্তী পৃষ্ঠা[/su_button]

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts