কাব্যধাৰা ১

[ স্মৃতিৰেখা ভূঞা আৰু পলাশ বৰাৰ কবিতা ]

 

গছ

স্মৃতিৰেখা ভূঞা

মই এজোপা গছ হ’বলৈ চেষ্টা কৰিছিলো

শৈশৱত মোৰ মা-দেউতাই কৈছিল
গছ হ’বলৈ চেষ্টা কৰা বৰ দৰকাৰ,
আজিও তেওঁলোকৰ আশা—
মই গছবোৰৰ দৰে নম্র, নিষ্পাপ
একান্ত বাধ্য হোৱা উচিত।

জাৰে-জহে গছে পোছাক সলায়
সেউজীয়াৰ পৰা হালধীয়া হয়
মানুহৰ নিচিনাকৈ আত্মাৰ কিন্তু সলনি নহয়
বৃ্দ্ধাৱস্থাতো পাতবোৰ নম্র, ভদ্র, উৎসাহী
বতাহৰ তালত তাল মিলাই
নাচি নাচি পৃথিৱী ৰঙায়।

চেষ্টাৰ ত্ৰুটি নাই, অথচ গছ হোৱা বৰ জটিল…

 


 

ল’ৰালি

পলাশ বৰা

মোৰ তেজৰ সোঁতে সোঁতে
বাঁহীৰ সুৰ এটাই সাতুঁৰি ফুৰিছে

এইমাত্ৰ সুৰটো আইৰ কোলাত সোমাল
বিচাৰি বিচাৰি তেওঁৰ উমাল বুকু
নামঘোষা-নিচুকনি গীত বুঢ়ী আইৰ সাধু
উথলি উঠে নিষ্পাপ শোক
এধানি হিয়াই কেনেকৈনো সহে
তেজীমলাৰ দুখ !

কেতিয়াবা চোমনীয়া পিতাৰ কান্ধত উঠি
সি ঘূৰি ফুৰে তৰাফুল বাগিচাত
সখীয়তীৰ ডেউকা লগাই
জোনবাইৰ পিঠিত নামে
পৃথিৱীৰ সমগ্ৰ কাতৰতাৰে চুব খোজে ঈশ্বৰৰ চৰণ—
"কিমতে ভকতি কৰিবো তোমাত হৰি এ…"

এইমাত্ৰ সি গা ধুই আহিল চামপৰা নৈৰ ঘাটত
এজাৰণি পথাৰত খেলিলে গৰখীয়া খেল
পনিয়ল-লেটেকু বিচাৰি চলাথ কৰিলে চেকচেকি চাপৰি
কণমানি ভাৱৰীয়া হৈ বিষাদময় কণ্ঠেৰে সি জুৰিলে বিলাপ
সপোনৰ পম খেদি ক’তনো হেৰুৱালে
জীৱনৰ দেওলগা বাট!

কেতিয়াবা নিজান ৰাতি
বাঁহীৰ সুৰ এটাই নিঃশব্দে সাবটি ধৰে মোক…!


ছবি: চন্দন চিৰিং ফুকন


নীলা চৰাই . এপ্ৰিল . ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:
সম্পাদক

সম্পাদক

editor@nilacharai.com

1
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
0 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
1 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
লিখন নীল

বৰা, কবিতাটোৱে সঁচাই শৈশৱলৈ মনটো লৈ গ’ল!