সপোন

সৌ তাতে এখন
ধুনীয়া গাঁও আছিল,
সেউজৰ আবিৰ সনা
এখন সুজলা-সুফলা গাঁও।

এদিন এজাক বান আহিল,
আহিল অনিদ্ৰা, অনাহাৰৰ অভিশাপ…
এতিয়া তাত কৃষকৰ
গামোচাৰ গাঠিয়ে কঁকাল কাটে
কেঁচুৱাবোৰে ৰাউচি জোৰে।

ইয়াৰ পাছতো আয়ে পিতাইক
বুজায়— অহাবেলি যদি নাহে বান
বিক্ৰী দিম আমাৰ এমোন ধান
আৰু বোপাইটোলৈ বুলি
এযোৰ নতুন জোতা অনাম!

কেনেকৈ পানীতো ওপঙি থাকে
সপোন!

লেখকৰ ঠিকনা: ৰসায়ন বিজ্ঞান বিভাগ, কটন বিশ্ববিদ্যালয়

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of