সপান এটা গুচি যায় কান্ধাইদি

ৰাস্তাটু পিছাল হৈছিল
গটায় ৰাতি বইৰহান
কমভায়দি সুৰকি আহিল মৰান নহ সপান
কাইন্ধাৰ বুঢ়া ঠিকাদাৰৰ চেংৰা তিৰি
খিৰকিদি চাই থাকে ৰাতি৷

ভৰিত মোৰ জাপতে ধৰে কিহবাই
দেশত বুলে হাটৰ বাহাৰ
জকমইকা সপান
ময়হে নৰু কাণা হবা
থাপ মাৰি ধইৰবা নৰু আকাশৰ তাৰা।

হাউলাৰ মূতৰ ডঙাতে
আকাশখান দেখা হান পাউ—
তাৰাগেলা নটীৰ আপী
জোনটু কাইন্ধাৰ বুঢ়া ঠিকাদাৰৰ তিৰি৷

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of