শঙ্কৰদেৱ

প্ৰকাশ: ২ ছেপ্তেম্বৰ, ২০১৬ | অন্তিম সম্পাদনা: ৯ ছেপ্তেম্বৰ, ২০১৮

শঙ্কৰদেৱ বঁটা গ্রহণ কৰিবলৈ আহি বিখ্যাত চলচ্চিত্রকাৰ সত্যজিৎ ৰায়ে যেতিয়া শঙ্কৰদেৱ কোন বুলি প্রশ্ন কৰে, তেতিয়া আমাৰ বেজাৰ লাগে, আমাৰ অভিমান হয়, আমাৰ খং উঠে। ক্ষোভ লাঘৱ কৰিবলৈ আমি গুজৰি-গুমৰি বাতৰি কাকতত চিঠি লিখোঁ। তাৰ পাছত পাহৰোঁ আৰু শঙ্কৰদেৱৰ তিথিত মাহপ্রসাদ খাওঁ।

তাৰ পাছত কোনোবা এদিন কোনোবা এজনে আকৌ বাতৰি কাকতত চিঠি লিখে; সুসজ্জিত মঞ্চৰ পৰা বক্তাই বক্তৃতা দিয়ে— আমি শঙ্কৰদেৱক ‘বিশ্বদৰবাৰত’ থিয় কৰাব পৰা নাই! গ্লানিত আমাৰ বুকু ফাটি যায়। বেদনাত আমি তলৰ মূৰ ওপৰ কৰিব নোৱৰা হওঁ। তাৰ পাছত পাহৰোঁ আৰু আঁজলি পাতি শঙ্কৰদেৱ বুলি মাহপ্রসাদ লওঁ আৰু গলিয়াওঁ।

এনে লাগে যেন শঙ্কৰদেৱক ‘বিশ্বদৰবাৰ’ত (হকে-বিহকে ব্যৱহৃত এইটো এটা বৰ আমনিদায়ক শব্দ) প্রতিষ্ঠা কৰাৰ বাহিৰে বাকী সকলো কাম হৈ গৈছে! প্রশ্ন কৰি চাইছোঁ নে, শঙ্কৰদেৱকনো কিয় বিশ্বদৰবাৰত থিয় কৰাব লাগে? তেৰাক বিশ্বৰ মানুহে নাজানিলেনো আমাৰ কি ক্ষতি হয়? তেৰাৰেবা গুণ-যশৰ কি হানি হয়? পাঁচশ বছৰেও শঙ্কৰদেৱৰ সমস্ত ৰচনাৰ সমীক্ষিত একক পাঠ এটা যুগুত কৰিব নোৱৰা জাতিটোৰ বাবে এয়া অনর্থক আত্ম-কণ্ডুয়ন নহয়নে? অন্য নকওঁৱেই, বেলেগ বেলেগ প্রকাশনে প্রকাশ কৰা কীর্তন পুথিৰ পাঠতে বৈসাদৃশ্য!

আৰু পঢ়ক:  অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য

শঙ্কৰোত্তৰ যুগৰ কিছু লোকে গীত-মাত-ভাওনাৰ গায়ন-বায়ন-অভিনয়ৰ ব্যৱস্থাপনাত আৰোপ কৰা কিছুমান আচাৰ-বিচাৰক পৰম্পৰাৰ নামত আমি কায়-মন-বাক্যে মানি থাকিবলৈ প্রস্তুত, কিন্তু পাঁচশ বছৰীয়া চিন্তাৰে পৰিপক্ক বিজ্ঞানসন্মত আৰোপনৰ ক্ষেত্ৰত আমি নাৰাজ। আধুনিক সময় আৰু শিল্পৰ মানকৰ লগত খাপ খোৱাকৈ, বিশ্ব-মননে ৰস ল’ব পৰাকৈ ভাওনা এখন কৰাৰ কথা আমি কিয় নাভাবোঁ?

শঙ্কৰদেৱৰ প্রায় সমগ্ৰ ৰচনাই সাংগীতিক সত্তাৰেও প্রাণপুষ্ট, তেনে ক্ষেত্ৰত সেই দিশটো বাদ দি কেৱল সাহিত্য নির্ভৰ গৱেষণা আৰু বিশ্লেষণে পূর্ণাংগ শঙ্কৰদেৱজনক প্রকাশ কৰিব পাৰিবনে? অহেতুক কিছুমান আচাৰ-বিচাৰ পালন আৰু পঞ্চদশ শতিকাৰ তথাকথিত ভয়ংকৰ সামাজিক পৰিৱেশৰ পটভূমিত শঙ্কৰদেৱ ভগৱানৰ অৱতাৰ বুলি ভাবি থকালৈকে শঙ্কৰদেৱ মাথোন নামঘৰতে আৰু মাহপ্রসাদতে আৱদ্ধ থাকিব।

শঙ্কৰদেৱৰ সমস্ত অৱদান কল্পতৰু বৃক্ষৰ দৰেই। লাগে মাথোন আমাৰ বিচাৰি যোৱাৰ মানসতা। অসমীয়া মানুহৰ বুকুত আৰু মগজুত শঙ্কৰদেৱৰ বসবাস এশ শতাংশ নিশ্চিত হ’লেই যিকোনো ‘দৰবাৰ’তে তেৰা জিলিকি থাকিব।


ছবিত: সাঁচিপতীয়া সচিত্ৰ কীৰ্তন পুথিৰ এখিলা পাত (কাথবাপু সত্ৰ)

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “শঙ্কৰদেৱ”

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts