সব্যসাচী-সাধনাৰে জগত জিনক হিমাই

প্ৰকাশ: ২৯ আগষ্ট, ২০১৮ | অন্তিম সম্পাদনা: ২৯ আগষ্ট, ২০১৮

আমাৰো মন যায় হিমাই স্বৰ্ণ জয় কৰিলে উল্লসিত হৈ আনন্দ কৰিবলৈ। ফিনলেণ্ডৰ টেম্পেৰেত ২০ বছৰ অনূৰ্ধ্ব ৱৰ্ল্ড এথেলেটিক্‌চত ৪০০ মিটাৰত সোণ জয় কৰিয়েই এচিয়াডলৈ ভাৰতীয়ৰ আশা জগাই তুলিছিল, বিশেষকৈ বিশ্ব মানচিত্ৰত প্ৰথম ভাৰতীয় ৰূপে ট্ৰেকত সোণ লাভ কৰা হিমাই প্ৰত্যাশা জগাই তুলিছিল। যিটো কাম মিল্‌খা সিং আৰু পি টি ঊষাইও কৰিব পৰা নাছিল, সেই বিৰল কামটো অসমৰ কন্যাই কৰাটো অসমৰ বাবে নিশ্চয়কৈ গৌৰৱৰ বিষয়। কাৰ্য‍তঃ এনে গৌৰৱৰ অংশীদাৰ হ’বলৈ পাই সকলো সুখী। চুবুৰীয়া ৰাজ্য পশ্চিম বঙ্গত ‘বাংলা মেয়েৰ সাফল্য’ বুলি সংবাদ মাধ্যমত তোলপাৰ লাগিল, শেষত যেনিবা অসমীয়াৰ ৰঙা চকুৰ পাকত ক্ষমাও খুজিলে। অতি উৎসাহী বুলি বদনাম থকা অসমীয়াই এই সময়খিনিত হিমাৰ অনুপস্থিতিত হিমাৰ পিতৃ-মাতৃক সম্বৰ্দ্ধনা-প্ৰশংসাৰে ওপচাই পেলালে। হিমাক লৈ দল সংগঠন, সংবাদ মাধ্যমৰ তৎ নোহোৱা হ’ল। ‘হিয়াৰ আমঠু’ গায়কগৰাকীয়ে হিমাৰে অতি আত্মীয়তা প্ৰদৰ্শনৰ বাবে গৰু মাংস ভক্ষণৰ কথাও ক’লে, তেতিয়াহে বোলে এথলিটৰ প্ৰকৃত শক্তি-সামৰ্থ্য বাঢ়ে। ভাগ্য ভাল, সেইখিনি সময়ত হিমা অসমত নাছিল, ইউক্ৰেনত জাকাৰ্টা এচিয়াডৰ বাবে নীৰৱে প্ৰস্তুতি চলাই গৈছিল, নহ’লে সম্বৰ্দ্ধনাৰ গামোচাৰ ভাৰত লক্ষ্যভ্ৰষ্ট হৈ শেষত অসমীয়াৰে গৰিহণাৰ পাত্ৰী হ’লহেঁতেন!

এচিয়াড আৰম্ভ হ’ল। অসমৰ পাঁচ কন্যা আৰু শিৱ থাপা সহ ছজনীয়া এটি খেলুৱৈৰ দল জাকাৰ্টা পালেগৈ। স্বাভাৱিকতে অসমীয়াৰ দৃষ্টি নিবন্ধ হৈ থাকিল হিমাৰ ওপৰত। ওঠৰ বছৰীয়া এগৰাকী খেলুৱৈ হিচাপে সকলো চেষ্টাই হিমাৰ পৰা দেখা গ’ল। দুদিনত দুবাৰকৈ নিজৰেই অভিলেখ ভঙ্গ কৰি ৪০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখো গঢ়িলে। এশ ভাগৰ কেইছেকেণ্ডমানত প্ৰত্যাশিত সোণ জয় কৰিব নোৱাৰিলেও অসমীয়াৰ গৌৰৱ বঢ়ালে। ৪×৪০০ মিটাৰ মিক্সড্ দৌৰতো দলীয়ভাৱে ৰূপৰ পদক জয় কৰি পূৰ্বৰ জয়ন্ত তালুকদাৰৰ দুটা ব্ৰঞ্জৰ পদক লাভৰ অভিলেখ ভঙ্গ কৰিলে‌‌।

অসমীয়াই গৈ জাকাৰ্টাত ভিৰ কৰিলেগৈ। অসম চৰকাৰৰ ফালৰ পৰা হিমাৰ প্ৰশিক্ষক নৃপেন দাস আৰু নৱনীত মালাকাৰক পঠিওৱা হ’ল। জুবিন গাৰ্গো গৈছে হিমাক উৎসাহিত কৰিবলৈ। কিন্তু প্ৰতিযোগিতা চলি থকাৰ সময়তে ৪০০ মিটাৰত ৰূপ জয় কৰাৰ পাছত জুবিনৰ সৈতে একেলগে ফটো-ভিডিঅ’ সামাজিক মাধ্যম বা বৈদ্যুতিন মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে। পুৱা দুশ মিটাৰ দৌৰৰ ছেমি ফাইনেলত নিজৰ স্থান নিগাজী কৰাৰ পাছত দুৰ্ভাগ্যজনকভাৱে ছেমি ফাইনেলত ভুল আৰম্ভণিৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়াত পৰিল যদিও কিছু সময়ৰ পাছতেই ৪×৪০০ মিক্সড দৌৰত দলীয়াভাৱে ৰূপ অৰ্জন কৰি অসমবাসীৰ লগতে নিজৰো দুখ পাতলাবলৈ সক্ষম হয়।

নিশালৈ হিমা দাসে ফেচবুক লাইভৰ জৰিয়তে অসমবাসীক তেওঁলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদ জনায়। লগতে দুশ মিটাৰ দৌৰৰ ছেমি ফাইনেলত ভুল আৰম্ভণিৰ বাবে দুজন অসমীয়া ব্যক্তিক দোষাৰোপ কৰাৰ হিমাৰ এক ভিডিঅ’ই যথেষ্ট প্ৰচাৰ লাভ কৰে। সামাজিক মাধ্যম, বৈদ্যুতিন মাধ্যমত তোলপাৰ লাগে। ভিডিঅ’ প্ৰত্যক্ষ‍ কৰি আমাৰ হতবাক হোৱাৰ পাল! কাৰোবাৰ প্ৰভাৱ থকা এক বিশেষ ভঙ্গিমাৰে অসমীয়া ৰাইজক সম্বোধন কৰি ধন্যবাদো দিছে, পিছে ভুল আৰম্ভণিৰ বাবে কেৱল দুজনক নেতিবাচক প্ৰচাৰৰ বাবে জগৰীয়া কৰাটো হিমাৰ ফুকলীয়া বয়সৰ কাম যেন লাগিলেও তেওঁৰ লগত থকা প্ৰশিক্ষক দুজনে বিষয়টো অধিক জটিল কৰি তুলিলে। কিয়নো এনে সময়ত মানসিক চাপ বৃদ্ধি হোৱা ধৰণৰ কামত বাধা নিদি সহযোগিতা কৰাটো অতি পৰিতাপৰ বিষয়। তদুপৰি ইমান এখন ডাঙৰ প্ৰতিযোগিতাত খেলৰ সৈতে একাগ্ৰচিত্ত হৈ থকাৰ বিপৰীতে হিমাই যে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে, কোনে কি মন্তব্য দিছে গম পাই আছে,— এনে কথা পৰিষ্কাৰ হৈ পৰিছে, যিটো এগৰাকী উদীয়মান খেলুৱৈৰ বাবে শুভ লক্ষণ নহয়। এনে আচৰণ দলীয় অনুশাসনৰ অন্তৰ্গত হয়নে নহয়? যিকোনো সময়তে সংবাদ মাধ্যমৰ আগত মন্তব্য দিবলৈ দলীয় কৰ্ম-কৰ্তাৰ অনুমতি আছিল নে? সংবাদ মাধ্যমৰ ব্যক্তিয়ে অনুমতি লৈছিল নে? চীন-জাপানৰ খেলুৱৈ, সিন্ধু-নেহৱালৰ লগত কোনোবা সাংবাদিকৰ ফটো ক’ৰবাত দেখা গৈছে নে? ইতিমধ্যে হিমাৰ বিদেশী প্ৰশিক্ষক গেলিনা বুখাৰিনায়েও হিমাক অপ্ৰয়োজনীয়ভাৱে চাপ নিদিবলৈ অনুৰোধ জনাইছে। বিৰল প্ৰতিভাৰে ধনী, কেৱল ওঠৰ বছৰীয়া হিমাক পৰিপক্ক হ’বলৈ সময় লাগিব, সময়লৈ অপেক্ষা কৰিলে আৰু সু-খবৰ পাব বুলিও জনাইছে প্ৰশিক্ষকগৰাকীয়ে।

আৰু পঢ়ক:  সমান্তৰাল সংবাদসেৱা
img
অংকন: ভূপেন খঙীয়া ফুকন

নিজ পিতৃ-মাতৃয়ে কন্যাৰ খেল চাবলৈ সুবিধা পোৱা সত্ত্বেও কন্যাৰ মনঃসংযোগত ব্যাঘাতৰ আশঙ্কাত জাকাৰ্টালৈ নগ’ল, তাৰ পৰিৱৰ্তে অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তৈবুন্নিচা জাকাৰ্টালৈ যোৱাটো বিচাৰিছিল যদিও কাৰ্য‍ত নহ’লগৈ। কোনোবা হিয়াৰ আমঠুৰ লগত ফটো উঠা বা সাংবাদিকৰে আলোচনা কৰাতকৈ অনুশীলন আৰু মনোযোগ বৰ্তাই ৰখাত গুৰুত্ব দিবলৈ হিমাৰ দৰে কোমল বয়সীয়া ছোৱালী এজনীক দলীয় কৰ্ম-কৰ্তাৰ সঠিক মাৰ্গ দৰ্শনৰ প্ৰয়োজন। এতিয়া সমুখত আৰু এটা ইভেণ্ট আছে, তাত সফলতা পাবলৈ মনঃসংযোগত ব্যাঘাত জন্মোৱা কাম এৰিব লাগিব। প্ৰত্যাশাৰ চাপ খেলুৱৈগৰাকীৰ বাবে অসহনীয় হৈ পৰাটো শুভ লক্ষণ জানো? কোনো সংগঠনে হিমাৰ প্ৰতিমূৰ্তি বিচাৰিলে আৰু মন্ত্ৰীয়েও চল চাই চাপৰি বজালে; কিন্তু এনে আচৰণে খেলুৱৈৰ কেনে ক্ষতি কৰিব পাৰে, তালৈ কাৰো ভ্ৰূক্ষেপ নাই। অৰ্জুন ভোগেশ্বৰ বৰুৱাই সম্বৰ্দ্ধনাৰ পৰিৱৰ্তে সেই সময়খিনি যাতে অনুশীলনত খৰচ কৰিব পাৰে, তাৰ বাবে সকলো পক্ষকে অনুৰোধ জনাইছে। সম্বৰ্দ্ধনাৰে বিখ্যাত হ’ব খোজা দল-সংগঠন-ব্যক্তি-মন্ত্ৰীয়ে অৰ্জুনগৰাকীৰ কথালৈ কাণ দিবনে?

| আৰু পঢ়ক: হিমাৰ সাফল্যই তুলি ধৰা প্ৰশ্নবোৰ

এচিয়ান গে’মছ আৰু জুনিঅ’ৰ বিশ্ব এথেলেটিক্‌চত দেখুওৱা সফলতাৰ বাবে হিমাৰ বাবে অৰ্জুন পদক এক প্ৰকাৰ নিশ্চিত, এনে উৎসাহে ভৱিষ্যতৰ হিমাজনীক আৰু পৰিপক্ক কৰি তুলিব। আমি মাত্ৰ শুভেচ্ছা জনাম সফলতাৰ বাবে, সোণ বিচাৰি অহেতুক মানসিক অত্যাচাৰৰ পৰা দূৰত থাকি। তেনে পৰিৱেশ ৰচনাৰ দায়িত্ব আমাৰ সকলোৰে, কিন্তু সৰ্বাধিক দায়িত্ব হিমাৰ নিজৰ। হাতত ধনু লৈ লক্ষ্য ভেদিবলৈ একাগ্ৰ চিত্তে কেৱল চৰাইৰ চকুৰ মণি দেখাৰ লেখীয়াকৈ সব্যসাচীৰ দৰে সাধনা হিমাইহে কৰিব লাগিব।

ছবি: ভূপেন খঙীয়া ফুকন

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts