প্ৰেম-প্ৰতাৰণাৰে বেইমান ভগৱান

এজন নতুন নাট্যকাৰৰ এখন নাটক। নাটকৰ নামটো প্ৰকাশ হৈছিল প্ৰায় ছমাহ আগতে। তাৰ পাছৰে পৰা নাটকখনক লৈ যি চৰ্চা আৰম্ভ হ’ল, সেই চৰ্চাৰ এতিয়াও অন্ত পৰা নাই। হয়, সুদৰ্শন থিয়েটাৰত মঞ্চস্থ হ’বলগীয়া নাটক ‘বেইমান ভগৱান’ৰ কথা কৈছোঁ।

‘বেইমান ভগৱান’— নাটকৰ নামটোৱেই শ শ নাট্যানুৰাগীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ভগৱান জানো কেতিয়াবা বেইমান হ’ব পাৰে? হয়তো আপোনাৰ পোনপটীয়া উত্তৰ হ’ব— নোৱাৰে, কেতিয়াও নোৱাৰে! তেনেহলে কোনে কি কাৰণে ভগৱানক বেইমান বুলি ক’লে? কি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ’ল!

কাৰোবাৰ হৃদয় সঁচা ভালপোৱাৰে এনেকৈ ভৰি আছে যে তেওঁ কাৰোবাৰ বিশ্বাসঘাতকতাৰ বলি হৈয়ো সেইজনক দিব নোৱাৰে অভিশাপ, ল’ব নোৱাৰে প্ৰতিশোধ।

কোনোবাই গোটেই জীৱন পূজা কৰি গ’ল এজন ভগৱানক! আৰতি কৰি গ’ল সমগ্ৰ জীৱন, কপালৰ ঘাম বোৱালে, শৰীৰৰ তেজ দিলে, প্ৰয়োজনত বন্দুকৰ গুলিৰ আগত নিজৰ বুকুও পাতি দিলে সেইজন ‘ভগৱান’ৰ বাবে। কিন্তু ইয়াৰ বিনিময়ত তেওঁ কিবা লাভ কৰিবলৈ সক্ষম হ’ল জানো?

imgনাটকখনৰ নাট্যকাৰ, অসমৰ জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰাৰ মতে, বিশ্বাসঘাতকতা, প্ৰতাৰণা, ত্যাগ আৰু সঁচা ভালপোৱাৰ এক আবেগিক দলিল— ‘বেইমান ভগৱান’। বহু প্ৰশ্ন, বহু ক্ষোভ, প্ৰেম আৰু প্ৰতাৰণাৰ এক কৰুণ গাথা ‘বেইমান ভগৱান’।

২০১৮-১৯ নাট্যবৰ্ষত মঞ্চস্থ হ’বলগীয়া নাটকখনৰ ইতিমধ্যে আখৰা সম্পূৰ্ণ হৈ উঠিছে। নাটকখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, বিশিষ্ট অভিনেতা তথা পৰিচালক মৃদুল বৰুৱাই।

নাটকখনৰ ইতিমধ্যে ৩টা গীতে মুক্তি লাভ কৰিছে ইউটিউবৰ লিলিমাই ডিজিটেল মিডিয়া চেনেলযোগে। ইয়াৰে আচুৰ্য বৰপাত্ৰ, সুবাসনা দত্ত, সুদীপ্ত নয়ন আৰু বাস্তৱ নাথে কণ্ঠ নিগৰোৱা ‘ৰাজা মই সৰগৰ’ শীৰ্ষক আইটেম গীতটোৱে ইউটিউবত মাথোঁ ৫ দিনতেই ৫০ হাজাৰৰো অধিক দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে।

| আৰু পঢ়ক: থিয়েটাৰ সূৰ্য্যলৈ যুৱ অভিনেতা অমৰেন্দ্ৰ অলম্যান

এইবেলি সুদৰ্শন থিয়েটাৰৰ মঞ্চত অভিনয় কৰিব বলিষ্ঠ অভিনেতা-নাট্যকাৰ মৃদুল চুতীয়া, কবিতা চুতীয়া, স্বপ্না ছেত্ৰী, দ্বীপেন ভূঞা, দেৱীমণিৰ লগতে ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক ‘ভাড়াঘৰ’ৰ মুন চৰিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা দেৱাশিস বৰঠাকুৰে।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of