পৰিক্ৰমা ২০০

প্ৰকাশ: ১৮ অক্টোবৰ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

book20011ইলেকট্ৰনিক মাধ্যমৰ দ্ৰুত প্ৰসাৰে এটা সময়ত ছপা গ্ৰন্থ বা বাতৰি কাকতৰ ভৱিষ্যৎ অন্ধকাৰ কৰিব বুলি ভবা গৈছিল। পিছে সময়ৰ বাগৰি যোৱাৰ লগে লগে এই আশংকা অমূলক বুলি প্ৰত্যয় দৃঢ় হ'ব লাগিছে। সাম্প্ৰতিক সময়ত দুয়োটা মাধ্যম ইটো সিটোৰ পৰিপূৰক হোৱা আৰু ইটোৱে সিটোক সমৃদ্ধ কৰাৰ যত্ন অব্যাহত ৰখা দৃশ্যমান হৈছে। আমাৰ অসমীয়া ছপা মাধ্যম আৰু ইলেকট্ৰনিক মাধ্যমো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।

অসমীয়া ছপা গ্ৰন্থৰ জগতত ইতিমধ্যে এক বিশেষ ঘটনা বহুতৰে অগোচৰে ঘটিব লাগিছে। অহা বছৰ (২০১৩)ৰ জুন-জুলাই মাহত অসমীয়া ছপাগ্ৰন্থৰ ইতিহাসে দ্বি-শতবৰ্ষ পূৰ্ণ কৰিব। আত্মাৰাম শৰ্মাই অনুবাদ কৰা 'ধৰ্মপুস্তক'ৰ ৎশ্ৰীৰামপুৰৎ চাপ মৰা' ছপাৰূপৰ সেই বছৰতে দুশ বছৰ পূৰ্ণ হ'ব। এই ঘটনাৰ লগত ৰজিতা খুৱাই অসম প্ৰকাশন পৰিষদে সূৰ্য হাজৰিকাৰ সংগ্ৰহ আৰু সম্পাদনাৰে 'ধৰ্মপুস্তক' নান্দনিক ৰূপত পুনৰ প্ৰকাশ কৰি সাধুবাদৰ পাত্ৰ হৈছে।

যোৱা দুশ বছৰৰ অসমীয়া গ্ৰন্থৰ পৰিক্ৰমা খুঁচৰিবলৈ আমাৰ সন্মুখত সুন্দৰ সুযোগ উপস্থিত হৈছে। অসমত মুদ্ৰণ প্ৰযুক্তিৰ ইতিমধ্যে যথেষ্ট উন্নতি সাধিত হৈছে। আন্তঃ ৰাষ্ট্ৰীয় মানেৰে আজিকালি অসমীয়া গ্ৰন্থ প্ৰকাশিত হয়। বিষয়-বৈচিত্ৰ্যত কিছু পিছ পৰি থাকিলেও অসমীয়া গ্ৰন্থৰ ভৱিষ্যৎ সম্পৰ্কে আমি খুবেই আশাবাদী।

আৰু পঢ়ক:  শাৰদীয়

২০০ বছৰৰ মঙ্গলময় ক্ষণত 'নীলা চৰাই'-এও কিছু বাছকবনীয়া প্ৰকল্প হাতত লোৱাৰ চিন্তা আৰম্ভ কৰিছে। আশা কৰিম, আহি থকা সময়ত এই ধৰণৰ চৰ্চাৰে পাঠক সমাজৰ বৌদ্ধিক চাহিদা পূৰাবলৈ আমি সক্ষম হ'ম।

সমূহ পাঠক, শুভাকাংক্ষী আৰু লেখকসকললৈ শাৰদীয় শুভেচ্ছা আগবঢ়াইছোঁ।

PPG Sign1

(পল্লৱপ্ৰাণ গোস্বামী)


আমি দুঃখিত: লেখকৰ বিশেষ অসুবিধাৰ বাবে যোৱা মাহত আৰু এই মাহত ধাৰাবাহিক উপন্যাস 'তেজস্বী' আগবঢ়াব নোৱাৰি আমি দুঃখিত। পৰৱৰ্তী মাহৰ পৰা 'তেজস্বী' নিয়মীয়া ৰূপত আপোনালোকৰ সন্মুখত উপস্থিত হ'ব।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts