নতুন চিন্তা লাগে, পুৰণি তথ্য নালাগে

প্ৰকাশ: ১৫ মে, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

jilingani11

বিখ্যাত ফৰ্ড কোম্পানীৰ প্ৰতিষ্ঠাপক চেয়াৰমেন হেনৰী ফৰ্ডে এদিন এজন বন্ধুৰে সৈতে টেলিভিচন চাই আছিল। টেলিভিচনত সেই সময়ত এটা কুইজৰ অনুষ্ঠান চলি আছিল। বহুত দিনৰ পৰা চলি থকা কুইজৰ প্ৰতিযোগিতাখনৰ সেইদিনা ফাইনেল আছিল। এজন প্ৰতিযোগীয়ে সেইদিনা সকলোবোৰ প্ৰশ্নৰ সঠিক উত্তৰ ফটাফট্‌ দি আছিল। শেষত প্ৰতিযোগীজনে আৰ্জেন্টিনাৰ কোনোবা এটা পৰ্বতৰ ওপৰত সোধা এটা অদ্ভুত প্ৰশ্নৰ উত্তৰ দি সেই প্ৰতিযোগিতাত বিজয়ী হ’ল।

অনুষ্ঠানটো চাই হেনৰী ফৰ্ডে বন্ধুজনক ক’লে— “এই লৰাজনে যদি মোৰ কোম্পানীত চাকৰি কৰিব খোজে, তেন্তে মই তেওঁক কিমান টকা দৰমহা দিম বুলি তুমি ভাবা?”
—কিমান?
ফৰ্ডে ক’লে— “তিনি ডলাৰতকৈ বেছি নহয়, তাকো প্ৰতি মাহে নহয়, ল’ৰাটোৰ গোটেই জীৱনৰ বাবে। কাৰণ, মোৰ মতে, সেই লৰাটো এখন এন্‌চাইক্ল’পেডীয়াতকৈ একো বেছি নহয়। সি মাত্ৰ আনে উদ্ভাৱন কৰা পুৰণা তথ্য সঠিকভাৱে মনত ৰাখিব পাৰে। কিন্তু নিজে নতুন কথা চিন্তা কৰিব নোৱাৰে। মোক নতুন চিন্তা কৰা ল’ৰা লাগে। ভাটৌৰ দৰে আনৰ কথা মনত ৰখা ল’ৰা নালাগে।”

নতুন চিন্তা কৰিব পৰা এজন ল’ৰা মাত্ৰ ২১ বছৰ বয়সতে কোটিপতি হৈছিল। ইংলণ্ডৰ এলেক্স টিউ (Alex Tew)। অন্য সাধাৰণ ল’ৰাৰ দৰেই এজন ল’ৰা। কলেজত পঢ়িবৰ বাবে টকাৰ আৱশ্যক, কিন্তু জোৰা মাৰিব পৰা নাই। এলেক্সে এখন কাগজত লিখিলে— মই কেনেকৈ কোটিপতি হ’ব পাৰোঁ?

আৰু পঢ়ক:  আঘোণৰ পথাৰত পকাধানে ৰিঙিয়ায়

এদিন হঠাৎ এটা নতুন চিন্তাই এলেক্সক এক সংকল্প আনি দিলে। মাত্ৰ কেইশমান পাউণ্ড খৰচ কৰি তেওঁ এটা ৱেবচাইট সাজিলে। নাম দিলে ‘দি মিলিয়ন ডলাৰ হোমপেজ’ (www.milliondollaromepage.com)। ৱেবচাইটটোত বিজ্ঞাপনৰ বাবে ঠাই বিক্ৰী কৰা হ’ল— এক পিক্সেলৰ দাম এক ডলাৰ। ৱেবচাইটটোৰ হোমপেজত এক মিলিয়ন পিক্সেল আছিল। কোম্পানীবিলাকে মাত্ৰ এক ডলাৰ দি এক পিক্সেল সেই ৱেবচাইটটোত কিনিব পাৰে আৰু তাত নিজৰ কোম্পানীৰ লিংকটো দি নিজৰ বিজ্ঞাপন দিব পাৰে। অতি সোনকালে এক মিলিয়ন পিক্সেল বিক্ৰী হৈ গ’ল আৰু এলেক্স মিলিয়নাৰ হৈ গ’ল।

সন্দেহ নাই যে এলেক্সৰ বহুত কষ্ট হৈছিল। কিন্তু এটা নতুন চিন্তা, এটা নতুন আইডিয়াই বিশ্বক এটা নতুন বস্তু আৰু এজন কোটিপতি ল’ৰা দিলে।

আমাৰ অসম আৰু অসমীয়াৰ বাবে নতুন চিন্তা কৰিব পৰা এলেক্সৰ দৰে মানুহৰ প্ৰয়োজন আহি পৰিছে।«

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “নতুন চিন্তা লাগে, পুৰণি তথ্য নালাগে”

  1. Dulan Avatar
    Dulan

    very inspiring!!!

  2. Smritirekha Bhuyan Avatar
    Smritirekha Bhuyan

    Good. Need more from the writer.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts