ক্রমশঃ মই দুখী হৈ পৰোঁ

নিচুকাবলে’ নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া শেতেলি
বেজাৰমুৱা বৰষুণজাকত তিতি
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)

নিচুকাবলে’ নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া জোনাক
খিৰিকিৰ ফাঁকত ওলমি
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)

নিচুকাবলে’ নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া বেলি
নৈৰ বুকুত ডুবি ডুবি
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)

নিচুকাবলে’ নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া সপোন
হেৰাই যোৱাৰ বাট দেখি
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)

কথা আছিল, মই দুটা শব্দ দিম—
প্রেম আৰু বিশ্বাস,
তাৰেই তুমি এটা কবিতা লিখিবা
আৰু ‘জীৱন’ নামৰ শিৰোনাম দিবা
(অদৰকাৰী কথাবোৰ তোমাৰ মনত নাথাকে)

আহিছিলা,
লৈ গলা সপোনবোৰ আশাবোৰ
জোনাকবোৰ
মোক এৰি মোৰ সকলোখিনি !
(দৰকাৰী আছিল তোমাৰ বাবে মোৰ বাদে মোৰ সকলোখিনি)

মৃত আত্মা কঢ়িয়াই ফুৰা
মই এটা শৰীৰ মাথোঁ এতিয়া
নিতৌ অভিনয়ৰ কুচকাৱাজ
জীয়াই থকাৰ
এতিয়া সুখী নে তুমি?
(অদৰকাৰী মানুহক মাত দিবলৈ তোমাৰ আহৰি নাই)

অপ্রাপ্তিৰ ধূলিত পোত গৈ থাকিও
মই সুখী
প্রাপ্তিৰ আবিৰত ডুবি থাকিও
তুমি দুখী

কিন্তু ক্রমশঃ মই দুখী হৈ পৰোঁ

তুমি সুখী হৈ থাকিবলৈ মই দুখী হৈ থকাটো খুবেই জৰুৰী!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

2
আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
1 Comment threads
1 Thread replies
0 Followers
 
Most reacted comment
Hottest comment thread
2 Comment authors
Recent comment authors
  চাবস্ক্ৰাইব কৰক  
newest oldest most voted
Notify of
Guest
Biren Sonowal

Liked the poem