গ্ৰন্থমেলাক লৈ খেলিমেলি নকৰিব: জুবিন গাৰ্গ

প্ৰকাশ: ১ ছেপ্তেম্বৰ, ২০১৮ | অন্তিম সম্পাদনা: ১ ছেপ্তেম্বৰ, ২০১৮

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কেইবাগৰাকীও বিষয়ববীয়া কেইদিনমানৰ আগেয়ে মোৰ ঘৰলৈ আহিছিল। তেওঁলোকে প্রত্যেক বছৰে চানমাৰি খেলপথাৰত গ্রন্থমেলা পাতে আজি বহুত বছৰৰ পৰা। তেওঁলোকৰ গ্রন্থমেলালৈ মই বহুবাৰ গৈছোঁ। যোৱা বছৰো গৈছোঁ। কিতাপ ভাল পাওঁ— সেই কাৰণেই গ্রন্থমেলা ভাল পাওঁ। কিন্তু সেইদিনা তেওঁলোকে আহি মোক ক’লে যে গ্রন্থমেলাখনক লৈ বহুত খেলিমেলিৰ সৃষ্টি হৈছে। তেওঁলোকে হেনো আগতেই চানমাৰি খেলপথাৰত গ্রন্থমেলা পাতিবলৈ অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা অনুমতি লৈ থৈ দিছিল। পাছত তেওঁলোকক ক’লে যে চৰকাৰে বোলে তাত বেলেগ এখন শিশু গ্রন্থমেলা পতাৰ সিদ্ধান্ত গ্রহণ কৰিছে একেটা সময়তে আৰু সেই কাৰণে তেওঁলোকক দিয়া অনুমতি বাতিল কৰা হ’ব। চৰকাৰে প্ৰায় চাৰিমাহৰ কাৰণে চানমাৰি খেলপথাৰখন লৈ থোৱা বুলি শুনি আচৰিত হৈছোঁ। চৰকাৰে শিশু গ্রন্থমেলা পাতিব,— ভাল কথা। চৰকাৰে অসম প্ৰকাশন পৰিষদৰ নামত আৰু এখন গ্রন্থমেলা পাতিব,— ভাল কথা। কিন্তু একেবাৰে অহা বছৰৰ মাৰ্চ মাহলৈকে চানমাৰি ফিল্ডখন বুক কৰি পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ গ্ৰন্থমেলাখন পাতিব নিদিয়াৰ ষড়যন্ত্র কৰিছে কিয়? সংস্থাৰ বিষয়ববীয়াসকলে মোক কোৱা মতে তেওঁলোকৰ ফালৰ পৰা কথা-বতৰা পতাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও চৰকাৰে বিশেষ একো গুৰুত্ব নিদিলে। যোৱা বছৰ পাঠ্যপুথি প্রকাশ কৰাৰ গোটেই দায়িত্বটো এওঁলোকৰ হাতৰ পৰা লৈ গৈ চৰকাৰে আমাৰ প্রকাশকসকলক আধামৰা কৰিছিল। বাকী থাকিল এই গ্রন্থমেলাখন। এইখনতো এতিয়া চৰকাৰে খেলিমেলি কৰিবলৈ আৰম্ভ কৰিছে।

কি আনন্দত? কি যুক্তিত?

মই লেখক-প্রকাশক নহওঁ যদিও গ্রন্থমেলাখন মোৰ আপোন। কোনোবাই গ্রন্থমেলা পাতিছে, তাকো এবছৰ, দুবছৰ নহয়— বিছ বছৰ ধৰি পাতি আহিছে— তাত চৰকাৰে বেয়া পাইছে কিয়? মানুহে কিতাপ কিনাটো চৰকাৰে নিবিচাৰে নেকি? মানুহে কিতাপ লিখি, কিতাপ প্ৰকাশ কৰি জীয়াই থকাটো চৰকাৰে নিবিচাৰে নেকি? নে মানুহে কেৱল সেইবোৰ কিতাপহে কিনিব পাৰিব, যিবোৰ চৰকাৰে ভাল পায়? মানুহে চিন্তা-চৰ্চা নকৰিব নেকি? গ্রন্থমেলাৰ নামত কাজিয়া কৰি, এখন প্রতিষ্ঠিত গ্রন্থমেলা বন্ধ কৰাৰ ষড়যন্ত্র কৰি চৰকাৰে খুবেই বেয়া কাম কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে লাজ পোৱা উচিত।

আৰু পঢ়ক:  কাৰ্বি আংলং কাণ্ড, সােপাধৰা আতংক প্ৰসংগত কিছু চিন্তা

চৰকাৰে গ্রন্থমেলা পাতিলে বেয়া পাবলগীয়া একো নাই। কিন্তু তেওঁলোকৰ যদি ইমানেই মহৎ উদ্দেশ্য আছে, তেনেহ’লে অসমৰ প্রত্যেকখন জিলাৰ প্রত্যেকটো মহকুমাৰ প্ৰতিখন সদৰ ঠাইত একে সময়তে একেলগে গ্রন্থমেলা পাতি দেখুৱাওক। একেদিনাই এশখন গ্রন্থমেলা একে সময়তে উদ্বোধন কৰি চৰকাৰে প্রমাণ কৰক যে তেওঁলোকে মানুহক কিতাপ পঢ়াৰ সুবিধা প্রদান কৰি এটা উন্নত জাতি গঢ়িব বিচাৰে। সেইবোৰকহে বিপ্লৱ বুলি কয়,— সৰু ল’ৰা-ছোৱালীৰ নিচিনা টনা-আঁজোৰা কৰিবলৈ মন্ত্রী-বিধায়ক হোৱাৰ একো দৰকাৰ নাই।

সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই কাইলৈ দীঘলীপুখুৰীৰ সমুখত তেওঁলোকে আয়োজন কৰা উত্তৰ-পূব গ্রন্থমেলা বন্ধ কৰিবলৈ চলা চৰকাৰী ষড়যন্ত্রৰ বিৰূদ্ধে ধর্মঘটৰ কাৰ্যসূচী ঘোষণা কৰিছে। মোকো তেওঁলোকে আমন্ত্রণ জনাইছে। মই বর্তমান ভাৰতৰ বাহিৰত আছোঁ। কিন্তু এই চমু লেখাটোৰ যোগেদিয়েই তেওঁলোকলৈ মোৰ সমর্থন ব্যক্ত কৰিছোঁ। এনে ধৰণে গ্রন্থমেলা পাতিবলৈ ধর্মঘট কৰিবলগীয়া হোৱাটো বৰ আচৰিত আৰু দুখৰ কথা। জাতি হিচাপে আমি লাজ পাব লাগে আচলতে। আমাৰ মানুহে উচিত কথাত প্রতিবাদ কৰিবলৈ শিকিবৰ হ’ল। মই সদায় বিহুত জাপি-গামোছাৰ লগতে কিতাপ দিবলৈ কৈ আহিছোঁ। কিতাপ নথকা জাতি এটাক গামোচাই বচাব নোৱাৰে। চৰকাৰে এই কথাটো বুজি নাপায় বুলি নাভাবোঁ— তেওঁলোকে বুজি পোৱাৰ পাছতো নিজৰ কিবা ন্যস্তস্বাৰ্থত এইবোৰ নাটক কৰি আছে। এখন, দুখন কিয়— দহখন গ্রন্থমেলা হওক। তেতিয়াহে পৰিৱৰ্তন হ’ব। চৰকাৰে নিজৰ স্থিতি সলনি কৰক আৰু দুয়োখন গ্রন্থমেলা যাতে ধুনীয়াকৈ পাতিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক।

জয় আই অসম।

উৎস: জুবিন গাৰ্গৰ ফেচবুক পৃষ্ঠা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts