হীৰেন ভট্টাচাৰ্যৰ কবিতা: ফাগুনৰ গান

১)
শুকান বতাহজাকে
পাতবোৰ উৰুৱাই নিয়ে।
ৰাংঢালি চৰাইবোৰ
গছৰ ডালত পৰি নাচে,
জুনুকাৰ জুনজুননিত
সাৰ পায় কুঁহিপাতে।

 

২)
শিমলুৰ সৌ ৰঙা পাহিত
তুমি আহি
মাৰিলা হাঁহি।
হাঁহি নে বাঁহীৰ খলখলনিত
উৰি গুচি গ’ল
এজোলা তুলা,
দুপৰৰ এই বননিত
তুমি বাৰু কেলেই
এনেকৈ শুলা?

 

৩)
ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে।
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুণ কেতেকীয়ে।

 

৪)
ফাগুনে কিনো দিলে
কিনো নিলে
মোৰ প্ৰেমৰ জোন
তোমাৰ ডিঙিত দেখোন
ৰাতি হ’লে গান শুনাৰ চলে
জিলমিলাই জ্বলে।

| আৰু পঢ়ক:
হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা

হীৰেন ভট্টাচাৰ্যৰ আৰুএমুঠি কবিতা

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar