পষ্ট-ট্ৰুথ যুগৰ দুমুখীয়া তৰোৱাল

প্ৰকাশ: ১৮ জুলাই, ২০১৮ | অন্তিম সম্পাদনা: ৬ আগষ্ট, ২০১৯

অপপ্রচাৰ, ভুৱা বাতৰি আৰু ট্রলিং হৈছে দুমুখীয়া তৰোৱাল। আমাৰ অসমীয়াত যে কয়,— বালীলৈ যিপাট, সুগ্রীৱলৈয়ো একেপাট (শৰ)’, ঠিক সেইটোৱেই। অপপ্রচাৰ (Propaganda), ভূৱা বাতৰি (Fake news) সম্পর্কে আমাৰ কম-বেছি পৰিমাণে ধাৰণা আছে। আৰু আছে ‘অর্ধ সত্য’ সম্পর্কেও৷ ‘ট্রলিং’ (Trolling) এটা মোটামোটি নতুন ধাৰণা। সামাজিক মাধ্যমবোৰ (Social media)ৰ প্ৰসাৰৰ লগে লগে ট্রলিঙৰো প্ৰসাৰ ঘটিবলৈ ধৰে। অক্সফর্ড অভিধানত ‘ট্রল’ৰ অর্থ দিয়া হৈছে এনেদৰে— “Troll (Verb): Make a deliberately offensive or provocative online post with the aim of upsetting someone or eliciting an angry response from them”। সাধাৰণভাৱে অসমীয়াত অর্থ হ’ব— উদ্দেশ্যপ্রণোদিতভাৱে কাৰোবাক অপমান কৰিবলৈ, প্রৰোচিত কৰিবলৈ, খং তুলিবলৈ দিয়া অনলাইন পোষ্ট। এই ট্রল কেৱল কথা (text)ৰেও হ’ব পাৰে বা কথা, ছবি, ভিডিঅ’, অডিঅ’ আদিৰেও হ’ব পাৰে।

ইতিমধ্যে ‘পষ্ট-ট্ৰুথ’ (Post-truth) বােলা এক পদে (term) ৰাজনৈতিক বিশ্লেষক আৰু সমাজ-বিজ্ঞানীসকলৰ চিন্তা আৰু লেখা-মেলাত ঠাই অধিকাৰ কৰি লৈছে। ইয়াৰ লগে লগে ‘পষ্ট-ট্ৰুথ পলিটিকচ্’ (post-truth politics), ‘পষ্ট-ট্ৰুথ য়েৰা’ (post-truth era) আদি শব্দ সমষ্টিয়েও নিজৰ নিজৰ আসন বিচাৰি বহিছে। এতিয়া প্রশ্নটো হ’ল,‘পষ্ট-ট্ৰুথ’ বোলোঁতে কি বুজুওৱা হৈছে? অক্সফর্ড অভিধানে কোৱা মতে, এই পদটো ষ্টজান ষ্টিভ টেচিক (Stojan Steve Tesich) নামৰ এজন চর্বিয়ান-আমেৰিকান নাট্যকাৰে ১৯৯২ চনত ‘দ্য নেশ্বন’ পত্রিকাত প্রকাশিত তেওঁৰ এটা প্রবন্ধত প্রথম বাৰৰ বাবে ব্যৱহাৰ কৰিছিল। যদিও ১৯৯২ চনতে প্রথম ব্যৱহাৰ (বা সৃষ্টি)ৰ উল্লেখ পােৱা যায়, পদটোৰ ব্যৱহাৰ একে বছৰতে প্রায় ২০০০ গুণ বাঢ়ি যায় ২০১৬ চনত। অক্সফর্ড অভিধানে ‘পষ্ট-ট্ৰুথ’ক সেই বৰ্ষৰ ‘বছৰটোৰ আন্তর্জাতিক শব্দ’ হিচাপে ঘোষণা কৰে। অভিধানখনে ইয়াৰ অর্থ ব্যাখ্যা কৰিছে এনেদৰে— “Post-truth (Adjective): Relating to or denoting circumstances in which objective facts are less influential in shaping public opinion than appeals to emotion and personal belief ”। সৰলভাৱে, পষ্ট-ট্ৰুথ বা ‘উত্তৰ-সত্য’ মানে হ’ল, ৰাজহুৱা মত নির্মাণ কৰিবৰ বাবে প্রকৃত সত্যতকৈ আবেগ আৰু ব্যক্তিগত বিশ্বাসক ব্যৱহাৰ কৰাটো। আৰু সৰলভাৱে কোৱা যায় যদি, মিছা আৰু মনেসজা কথাক ‘সঁচা’বুলি, কল্পিত সত্যক বাৰে বাৰে সঁচা বুলি প্ৰচাৰ কৰি ৰাজহুৱা মতক নিজৰ ফলীয়া কৰাই হৈছে পষ্ট-ট্ৰুথ বা উত্তৰ সত্যৰ বৈশিষ্ট্য। আমি জানি বা নাজানি এই উত্তৰ সত্যক প্রত্যক্ষ কৰি আছোঁ ইতিমধ্যে। এই শব্দযুগলে নির্দেশ কৰা পাৰিপাৰ্শ্বিকৰ মাজেদি বাট বুলিব লাগিছোঁ কিছু বছৰ ধৰি।

অপপ্রচাৰ, ভূৱা বাতৰি আৰু ট্রলিং হৈছে উত্তৰ-সত্য সময়ৰ অন্যতম শক্তিশালী হাথিয়াৰ। অপপ্রচাৰ আৰু ভূৱা বাতৰিৰ জৰিয়তে ইতিহাসৰ তথ্যত খেলিমেলি লগাবলৈ চেষ্টা কৰা হয়, অর্ধসত্যৰ জৰিয়তে ইতিহাসক নিজৰ মতে সজাব বিচৰা হয়, ইতিহাসৰ ভূৱা ব্যাখ্যা দাঙি ধৰা হয়; শূন্যৰ পৰাই একোটা ‘বাতৰি’ তৈয়াৰ কৰা হয়, এটা জনসমষ্টিৰ বিৰুদ্ধে আন এটা জনসমষ্টিক উচটনি দিয়া হয়। মূলতঃ প্রচাৰ কৰোঁতাৰ সুবিধা হোৱাকৈ অতীত, বর্তমানক সজাই পেলাব বিচৰা হয়। আৰু সাধাৰণতে এই অপ আৰু ভূৱা প্ৰচাৰবোৰৰ ভেদ ভাঙি দিয়া, ভাঙিব বিচৰা বা প্রকৃত সত্যটো দাঙি ধৰিব বিচৰাসকলক ট্রলিঙৰ জৰিয়তে অপদস্ত কৰিব বিচৰা হয়, ভয় খুৱাব বিচৰা হয়, তেওঁলোকৰ প্রকৃত সত্য উদ্ধাৰৰ চেষ্টাক বাৰণ কৰিব বিচৰা হয়। ৰাজহুৱাভাৱে অপদস্ত, মানসিক অত্যাচাৰ কৰাৰ উপৰি ট্ৰলিঙৰ জৰিয়তে বহু সময়ত আনকি হত্যা আৰু ধর্ষণৰো ভাবুকি প্রদান কৰা হয়।

ইতিহাসে সাক্ষ্য দিয়ে, হিটলাৰৰ দিনতো পষ্ট-ট্ৰুথ যুগৰ হাথিয়াৰবোৰৰ ব্যৱহাৰ হৈছিল। ব্যৱহাৰ হৈছিল সফলতাৰে। জনতাক মিছা কথাৰে কেনেকৈ মোহিব পাৰি তাৰ ব্যাখ্যা হিটলাৰৰ আত্মজীৱনীৰ কেইবাঠাইতো পোৱা যায়। হিটলাৰৰ আত্মজীৱনী ‘মাইন কাম্ফ’ৰ এঠাইত আছে: “ডাঙৰ মিছা (big lie)ত সদায়েই বিশ্বাসযোগ্যতাৰ এক নির্দিষ্ট শক্তি থাকে, কাৰণ এটা জাতিৰ বিশাল জনতা সচেতনভাৱে বা স্বেচ্ছামূলকভাৱে তেওঁলোকৰ আবেগিক প্ৰকৃতিৰ গভীৰ স্তৰত সদায় সহজেই প্ৰদূষিত হয়; তেওঁলোকৰ আদিম সৰলতাৰ অভ্যন্তৰত তেওঁলোক বৰ সহজে সৰু মিছাতকৈ ডাঙৰ মিছাৰ চিকাৰ হয়, কাৰণ তেওঁলোকে সাধাৰণ বিষয়ত সৰু-সুৰা মিছা কথা ক’লেও ডাঙৰ মিছাৰ আশ্রয় ল’বলৈ সংকোচ কৰে। তেওঁলোকে নিজে এক প্রকাণ্ড মিথ্যা তৈয়াৰ কৰাৰ কথা ভাবিবতো নোৱাৰেই, আনেও সত্য বিকৃত কৰিব পাৰে বুলি পতিয়ন নাযায়। সেইবাবেই আনে তেনে কৰা বুলি তথ্য-প্রমাণৰ উমান পালেও তেওঁলোকে তাৰ কিবা বিকল্প ব্যাখ্যা আছে বুলিয়েই ভাবি থাকে।” (মাইন কাম্ফ, দশম অধ্যায়, জেমছ মাৰ্ফিয়ে কৰা ইংৰাজী অনুবাদৰ পৰা) হিটলাৰৰ দিনত সামাজিক মাধ্যমবোৰ নাছিল, পৰম্পৰাগত মাধ্যমেৰেই উত্তৰ-সত্যক মানুহৰ মাজত বিলাই দিয়া হৈছিল। কিন্তু এতিয়া এইবোৰ বিলাবৰ বাবে পৰম্পৰাগত মাধ্যমৰ উপৰি মাৰাত্মকভাৱে শক্তিশালী সামাজিক মাধ্যমবোৰ আছে। ছেকেণ্ডতে লক্ষ্য-কোটি মানুহৰ মাজলৈ তথ্য এটা লৈ যোৱাৰ ক্ষমতা এই মাধ্যমবোৰৰ আছে। এই শক্তিৰে বলীয়ান অপপ্রচাৰ আৰু ভূৱা বাতৰিবোৰ নিমিষতে কেউফালে বিয়পি প্রচাৰ-কৰোঁতাৰ ইচ্ছা অনুযায়ী, হিটলাৰৰ ভাষাত, বিশাল জনতাৰ আদিম সৰলতাৰ অভ্যন্তৰত, ৰাজহুৱা মত নির্মাণ কৰি আছে!

সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতাৰ সিংহভাগ হৈছে নতুন প্রজন্মৰ ল’ৰা-ছোৱালীবোৰ; মুষ্টিমেয়ক বাদ দি যিবিলাকৰ কোনো স্মৃতি নাই! হয়, স্বজ্ঞানেই কৈছে, স্মৃতি নাই; কাৰণ তেওঁলোকৰ ইতিহাস সম্পর্কে ধাৰণা বা কোনো আনুষ্ঠানিক শিক্ষা নাই। বর্তমান সময়ত এজন ছাত্রই ইতিহাসৰ বাধ্যতামূলক এটাও পাঠ নপঢ়াকৈয়ে আনুষ্ঠানিক শিক্ষা সাং কৰিব পাৰে; স্মৃতি গঢ় ল’ব কেনেকৈ? নিজাকৈ কিবা এটা কৰোঁ বুলি ভাবিবলৈয়ো, বহু সময়ত সকলোবোৰৰেই নঞর্থক দিশ এটা থকাৰ চানেকিৰে, প্রযুক্তিয়েই আমাৰ হাত-ভৰি বান্ধে। কিবা বিষয় এটা জানিবলৈ বিশাল কলেৱৰৰ কিতাপ এখন খুলি চাবলৈ এলাহ লগা হ’ল, ঘৰত নথকা কিতাপখন পুথিভঁৰালত আছে নেকি বুলি যাবলৈ মন নোযোৱা হ’ল। সকলোবোৰৰে সাজু হৈ থকা বিকল্পটো হাতৰ মুঠিতে থকাৰ পাছত এই কষ্টকৰ কামবোৰ কোনে কৰে? হাতৰ মুঠিত কি আছে? কিয়, স্মার্ট ফোনটো! স্মার্ট ফোনৰ ব্রাউজাৰ (browser) খুলি ‘গুগল’ বোলা মকৰধ্বজৰ বুকুত বিচৰা বিষয়টো লিখি ‘সন্ধান’ (Search) বোলা বুটামটোত টিপা মাৰি দিলেই অলেখ উৎসৰ সংযোগ (link) ওলাই আহে— টিপা মাৰি মাৰি চালেইহ’ল! এইটোৰেই সুযোগ লৈ আছে পষ্ট-ট্ৰুথ যুগৰ চালকসকলেও। সামাজিক মাধ্যমবোৰৰ উপৰিও ইণ্টাৰনেটত আছে অগণন ভুৱা বাতৰিৰ ৱেবচাইট। এই চাইটবোৰে অহর্নিশে ভূৱা বাতৰি তৈয়াৰ কৰি বিলাই আছে আৰু সেইবিলাকৰ জালত পৰি আছে নতুন প্রজন্ম আৰু প্ৰযুক্তিৰ আওভাও নোপোৱা বা কমকৈ পোৱা নাগৰিক সমাজ।

আৰু পঢ়ক:  অসমীয়া কিতাপৰ পাইৰেছি: সমাধান সূত্ৰৰ সন্ধানত

fake news propaganda

সামাজিক মাধ্যম তথা ডিজিটেল মাধ্যমৰ শক্তিৰ বিষয়ে উপলব্ধি হোৱাৰ লগে লগে ৰাজনৈতিক দল-সংগঠনবোৰেও ইয়াক সু-সংগঠিত আৰু পেছাদাৰী ৰূপত জনমত নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। ৰাজনৈতিক দলত গঠন হ’ল ‘আই টি চেল’ (IT Cell: তথ্য-প্রযুক্তি কোষ)। নিজৰ দলৰ বিজ্ঞপ্তি, জাননী আদি প্ৰচাৰ কৰাৰ উপৰি এই আই টি চেলবিলাকৰ পৰা প্ৰচাৰ হ’ব ধৰিলে অপপ্রচাৰ, ভূৱা বাতৰি। সংঘবদ্ধ ৰূপত চলিব ধৰিলে ট্রলিং। বিৰোধী পক্ষ আৰু নিৰপেক্ষ নাগৰিকৰ চৰিত্র হনন, সামাজিক ঐক্যৰ ক্ষতিসাধন সাধাৰণ কথা হৈ পৰিল। আমেৰিকাৰ যোৱাটো নিৰ্বাচনৰ আগে আগে এনে অপপ্রচাৰ আৰু ট্রলিঙে ইণ্টাৰনেট আৰু জগত আৰু সাধাৰণ জগততো প্রায় বানপানীৰ সৃষ্টি কৰিলে। ৰাজনৈতিক আৰু সমাজ বিশ্লেষকসকলৰ মত অনুযায়ী, এই হাথিয়াৰবোৰৰ ব্যৱহাৰেৰে ডনাল্ড ট্রাম্প ৰাজহুৱা মত নিৰ্মাণৰ ক্ষেত্ৰত বহুলাংশে সফল হ’ল। এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষও পিছপৰি নাথাকিল। বিশেষকৈ ২০১৪ চনৰ লোকসভা নির্বাচনৰ সময়ৰ পৰা এতিয়ালৈকে অসংখ্য অপপ্রচাৰ, ভূৱা বাতৰি, ট্রলিং আমি প্রত্যক্ষ কৰিলো। আনকি পৰিস্থিতি এনেকুৱা পর্যায়ো পাইছে যে ৰাষ্ট্রীয় টেলিভিচন চেনেলতো মনে গঢ়া বিষয়বস্তু আলোচনা (debate)ৰ বিষয় হৈছে। ডিবেট ট্রলিঙলৈ পর্যৱসিত হৈছে। ব্যক্তিগত আক্রমণ, ইতিকিং, ভেঙুচালি এই ডিবেটবোৰত সাধাৰণ কথা হৈ পৰিছে। সুস্থ আলোচনাৰ স্থান ট্রলিঙে লোৱাটো গণতন্ত্রৰ বাবে অত্যন্ত দুর্ভাগ্যজনক।

আৰম্ভণিতে কৈ আহিছোঁ, এইবোৰ পিছে দুমুখীয়া তৰোৱাল। তাৰ উদাহৰণ চকুৰ আগলৈ আহিব ধৰিছে। শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী সুষমা স্বৰাজ নিজৰ দলৰ সমর্থক আৰু ট্রল বাহিনীৰ নির্দয় আৰু লেতেৰা ট্ৰলিঙৰ সন্মুখীন হ’ব লগা হ’ল। প্রকৃত শিক্ষাৰ অভাৱী আৰু দুটা পইছাৰ বাবে নিজৰ বিবেক বন্ধকত থোৱা আই টি কর্মীৰ পৰা সুস্থ সমালোচনা আশা কৰাটো ভুল, সেয়েহে সুষমা স্বৰাজ যিটো কাৰণত ট্রলিঙৰ সন্মুখীন হ’ল, সেই বিষয় সম্পর্কত সুস্থ বিতর্ক বা আলোচনা নহ’ল; হ’ল গালি-গালাজ, অশ্লীল আৰু অমানুষিক মানসিক অত্যাচাৰ। হয়, ফ্রাংকেনষ্টাইনৰ দৈত্য পুহিলে তাৰ মুখামুখি হ’বলৈও সাজু থাকিব লাগিব। ইয়াৰ উপৰি আহিব বা আহিব লাগিছে বিৰোধী পক্ষৰো একে অস্ত্ৰৰে প্রত্যাক্রমণ। কোনোবাই এজনৰ বিৰুদ্ধে ভূৱা প্ৰচাৰ চলাব আৰু সেইজনে ওলোটাই একো নকৰি মনে মনে বহি থাকিব, এনেকৈ ভবাটো ভুল। বালীলৈ যিপাট, সুগ্রীৱলৈয়ো একেপাট!

মাজত বলিৰ পঠা হৈছে (আগন্তুক দিনত অধিক পৰিমাণে হোৱাৰ সম্ভাৱনা প্ৰৱল) সাধাৰণ জনগণ। বলিৰ পঠা আৰু ৰাজনৈতিক দল-সংগঠনৰ হাতৰ পুতলা নহ’বৰ বাবে সামাজিক আৰু ডিজিটেল মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নাগৰিক সমাজে কিছুমান প্রাথমিক নিয়ম আৰু সতর্কতা মানি চলাটো এই মুহূর্তত সময়ৰ দাবী। কোনোবা নিৰীহৰ মৃত্যুৰ কাৰণ হৈ নুঠিবৰ বাবেও এইটো অতিশয় দৰকাৰী।

১। ৱাটছএপ/ ফেচবুক আদিৰ জৰিয়তে নিজৰ ওচৰলৈ অহা কথাখিনি/ ছবিখন/ ভিডিঅ’টো পোনচাটেই বিশ্বাসত ল’ব নালাগে আৰু তাক অন্য এজনলৈয়ো পঠিয়াই দিব (forward/ share) নালাগে। প্রথমতে চাব লাগে, ইয়াৰ উৎসটো কি। যদি উৎসৰ একো উল্লেখ নাই, তেনেহ’লে সেয়া ভুৱা হোৱাৰে সম্ভাৱনা বেছি। যদি উৎসৰ উল্লেখ আছে, তেনেহ’লে চাব লাগে— সেই উৎস কিমান মান্য, কিমান প্রতিষ্ঠিত। মান্য বা প্রতিষ্ঠিত উৎসৰ উল্লেখ থাকিলে সেই মূল উৎস খুঁচৰি চাব লাগে যে সেয়া সঁচাকৈয়ে তাত আছে নে নাই। সম্পূর্ণ নিশ্চিত হ’লেহে সেই বিষয়টো বিশ্বাস কৰিব লাগে আৰু অন্যলৈ পঠিওৱাৰ কথা ভাবিব লাগে। আৰু ইমানখিনি কৰাৰ ধৈৰ্য আৰু ইচ্ছা নাথাকিলে বিষয়টো উপেক্ষা কৰাই ভাল, কিন্তু ভুলতো অন্যলৈ পঠিয়াব নালাগে। কেনে লাগিব, যদি সেই ভূৱা বাতৰিয়ে কোনোবা নির্দোষ এজনৰ প্রাণ ল’লে, যিটো আপুনিও সত্যাসত্য নিৰূপণ নকৰাকৈ আন বহুতলৈ প্ৰেৰণ কৰিছিল?

২। ৱেবচাইটৰ ক্ষেত্ৰত কিছুমান ভূৱা বাতৰিৰ ৱেবচাইট ইতিমধ্যেই ‘দাগী’ বুলি চিহ্নিত হৈ গৈছে। ইণ্টাৰনেটতে সেইবোৰৰ তথ্য আছে। তেনেকুৱা ৱেবচাইটবোৰৰ নাম-লিংক মনত ৰাখি বা লিপিবদ্ধ কৰি ৰাখিব লাগে; তেনে ৱেবচাইটৰ বাতৰি আৰু উৎস-উল্লেখ পোনচাটেই নাকচ কৰিব লাগে।

৩। ছবি এখনৰ সত্যাসত্য নিৰূপণ কৰাৰ ক্ষেত্ৰত গুগলৰ ‘ৰিভাৰ্ছ ইমেজ চার্চ’ বৈশিষ্ট্যটো বিশেষভাৱে কামত লাগে। ইয়াৰ দ্বাৰা নির্দিষ্ট ছবিখন প্রথমে ক’ত ব্যৱহাৰ হৈছিল, ক’ত ক’ত ব্যৱহাৰ হৈ আছে আদি জানিব পৰা যায়। ইণ্টাৰনেটত থকা ছবি এখনৰ মোটামোটি ইতিহাস ই দাঙি ধৰে।

৪। ভাইৰেল (বহুল প্ৰচাৰ) হোৱা ভূৱা বাতৰিৰ আতিগুৰি উলিয়াবলৈ, ছবি বা ভিডিঅ’ৰ সত্যতা নিৰূপণ (fact check) কৰিবৰ বাবে কেইবাটাও স্বেচ্ছাসেৱী ৱেবচাইটে কাম কৰি আছে। এওঁলােকক কোনাে এটা বাতৰিৰ সবিশেষ উলিয়াবলৈ অনুৰােধো জনাব পাৰি। এনেকুৱা কেইটামান ৱেবচাইট হ’ল— AltNews.in, SMHoaxSlayer.com, BoomLive.in। এই চাইটকেইটা নিয়মীয়াকৈ চোৱাৰ অভ্যাস কৰি ল’লে বহুবোৰ অপপ্ৰচাৰ আৰু ভূৱা বাতৰিৰ কবলৰ পৰা হাত সাৰি থাকিব পৰা যায়। আটাইকেইটা চাইটৰে সামাজিক মাধ্যম (ফেচবুক, টুইটাৰ, ইউটিউব)ৰ প্রফাইল আছে, সেই প্রফাইলবোৰ অনুসৰণ কৰি থাকিলেও বহু কথা জানি থাকিব পাৰি।

ওপৰত কোৱা প্রথম তিনিটা প্রক্রিয়াৰ বিষয়ে জানিবলৈও AltNews.in চাব পাৰি। তেওঁলোকে আটাইকেইটা প্রক্রিয়াৰ বিষয়ে সাধাৰণ মানুহে বুজি উঠাকৈ, কথা আৰু ভিডিঅ’ৰ জৰিয়তে শিক্ষণ (tutorials) আগবঢ়াই থৈছে।

| আৰু পঢ়ক: বিশ্বাস-অবিশ্বাস-অন্ধবিশ্বাস

সামাজিক আৰু ডিজিটেল মাধ্যম সম্প্রীতি আৰু শুভ বার্তাৰ বাহক হওক; কাৰোবাৰ হাতৰ পুতলা নহওক। আৰু নহওক কাৰোবাৰ মৃত্যুৰ কাৰণ। তাকে কৰিবলৈ যাওঁতে, পষ্ট-ট্ৰুথ যুগৰ দুমুখীয়া তৰোৱালৰ পৰা দূৰৈত অৱস্থান কৰাটো জৰুৰী। আমি সাধাৰণ মানুহখিনিয়ে অলপ যুক্তি, অলপ বুদ্ধি, অলপ সাধাৰণ জ্ঞান আৰু সচেতনতা খটুৱাই সেই কামটো নিশ্চয় কৰিব পাৰোঁ?

পূৰ্ব প্ৰকাশ: আমাৰ অসম, ১০ জুলাই ২০১৮

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts