বেটুপাত আৰু অন্যান্য: ফেব্ৰুৱাৰী ২০১২

প্ৰকাশ: ১২ ফেব্ৰুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ৩ মে, ২০২০

এই সংখ্যাৰ বেটুপাত

সন্তৰ্পণে ফাগুন আহিল। মন ৰাইজাই কৰা বতৰ এতিয়া। তাৰ মাজতে আকাশত জুই জ্বলোৱা বলিয়া পলাশ-শিমলু। ফাগুনে যেন ব’হাগৰ বতৰাও কঢ়িয়াই আনে। সেয়েহে হয়তো মনলৈ ফাগুন আহিলে পলাশো ফুলে, দেহৰ বনত কুলিয়েও মাতে। নীলিমা খাতুনে গোৱা নিৰ্মলপ্ৰভা বৰদলৈৰ এই গীতটো এই ফাগুনতে শুনি কেনে লাগে বাৰু?

মনলৈ ফাগুন আহিলে
পলাশো ফুলিলে
দেহৰ বনত কুলিৰে সুহুৰি কঁপিলে
দেহি মোৰ ঐ
চেনাইটি ঐ
চকুলৈ নাচাবা
চাপি চাপি লাহেকৈ কাষলৈ নাহিবা
অ’ এ দেহে এ মনে বনজুই জ্বলিছে
এ জানে এ গাতে সৰিয়হ ফুটিছে।

মন আগলৈ এখুজি
মন পাছলৈ দুখুজি
মন ৰাই-জাই কৰিছে
পিছলি দুভৰি যায় যায় যায় আজি
দেহি মোৰ ঐ চেনাইটি ঐ খোপনি নেৰিবা
উৰণীয়া মনতে জুই নজ্বলাবা
অ’ এ দেহে এ মনে বনজুই জ্বলিছে
এ জানে এ গাতে সৰিয়হ ফুটিছে।

এ চাই চাই বুলিবা বাট
ভুল নকৰিবা
মন পলকৰ ৰাগীতে
বতৰৰ গীতকে গাই গাই গাওঁ আজি
দেহি মোৰ ঐ চেনাইটি ঐ খোপনি নেৰিবা
উৰণীয়া মনতে জুই নজ্বলাবা
অ’ এ দেহে এ মনে বনজুই জ্বলিছে
এ জানে এ গাতে সৰিয়হ ফুটিছে।

আৰু পঢ়ক:  বেটুপাত আৰু অন্যান্য: আগষ্ট ২০১২

মনলৈ ফাগুন আহিলে
পলাশো ফুলিলে
দেহৰ বনত কুলিৰে সুহুৰি কঁপিলে
দেহি মোৰ ঐ
চেনাইটি ঐ
চকুলৈ নাচাবা
চাপি চাপি লাহেকৈ কাষলৈ নাহিবা।


গীতিকাৰঃ নিৰ্মলপ্ৰভা বৰদলৈ
সংগীতঃ জিতু-তপন


ছবিখন ব্যৱহাৰ কৰিব পৰাকৈ লাইচেঞ্চ প্ৰদান কৰা বাবে বলৰাম মহলদাৰক ধন্যবাদ।
মূল ছবি: {সংযোগ}

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts