ভ্ৰমণ

প্ৰকাশ: ২৭ ছেপ্তেম্বৰ, ২০১৬ | অন্তিম সম্পাদনা: ২১ জুন, ২০২৩

তুমি যদি দূৰ ভ্ৰমণলৈ যোৱা
মোৰ কাৰণেও এটা টিকেট কাটিবা

তোমাৰ সৰু সৰু যাত্ৰাত
তুমিতো সদায় মোক লৈ যোৱা
ময়ো যাওঁ বিনা ভাড়াতে
কেতিয়াবা তোমাৰ মানিবেগতে সোমাই

(সকলোৰে গোপন ইচ্ছা থাকে জীয়াই থকাৰ
আৰু ‘মৰি যোৱাই ভাল’ বুলি ভোৰভোৰায়)

সকলোৱে জীৱন সলনি কৰিব খোজে
আৰু লগ পায় কোনোবা এজনক
তেওঁক সেই সুযোগ দিয়া উচিত

যদি তোমাৰ বহুদিনৰ পৰা খেলি-মেলি মন
সেইবাবে যদি তুমি ফুৰিবলৈ
কোনো পাহাৰীয়া ষ্টেচনলৈ যোৱাৰ কথা ভাবিছা
নতুবা কোনো বৰফাঞ্চল বা সমুদ্ৰ নগৰীলৈ,
তেন্তে মোৰ কাৰণেও এটা টিকেট কাটিবা
কাৰণ, সেই যাত্ৰাত পৃথিৱীৰ সন্মতি আছে।

ভ্ৰমণ | নীলিম কুমাৰ

Follow Nilacharai on Facebook

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “ভ্ৰমণ”

  1. চক্ৰধ Avatar
    চক্ৰধ

    মোৰ প্ৰিয় অকবিৰ কবিতা । ভাল লাগিল পঢ়ি।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts