ভাল খবৰ (মাৰ্চ ২০১২)

প্ৰকাশ: ১৫ মাৰ্চ, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

কাজিৰঙাত বাঘ পিয়ল
কাKNP TIGER TRAPING11জিৰঙাঃ ২০১২ বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ২৩ ফেব্ৰুৱাৰীত আৰম্ভ হয় বাঘ পিয়লৰ কাম। বুঢ়াপাহাৰ বন্যপ্ৰাণী বনাঞ্চলৰ চানাক বনশিবিৰৰ জংঘলত বাঘ পিয়লৰ কামৰ শুভাৰম্ভ কৰে উদ্যানৰ সঞ্চালক সুৰজিৎ দত্তই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই ‘আৰণ্যক’ আৰু ‘ডব্লিউ ডব্লিউ এফ’ৰ সহযোগত ৪০ ৰ পৰা ৪৫ দিনৰ ভিতৰত সমাপ্ত কৰিব বাঘ পিয়লৰ কাম। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত এই পিয়লৰ বাবে চৰকাৰে অনুমোদন জনাইছে বিশ লাখ টকা। পিয়লত ব্যৱহাৰ কৰা হৈছে ২৬৬টা অত্যাধুনিক কেমেৰা।


বিবাহ-মণ্ডপত ‘প্ৰিয়বন্ধুৰ সাধু’ উন্মোচনPRIYABONDHUR SADHU11
নগাঁওঃ এক ব্যতিক্ৰমী পৰিৱেশত উন্মোচিত হ’ল ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ অকণিয়ে লিখা ১০২টা সাধুকথাৰ সংকলন ‘প্ৰিয়বন্ধুৰ সাধু’ যোৱা ২৪ ফেব্ৰুৱাৰীত। নগাঁও কচলুখোৱাৰ পাপৰি শৰ্মাৰ বিবাহৰ শুভদিনত বিবাহগৃহত সাধুকথাৰ কিতাপখন উন্মোচন কৰে শিশু সাহিত্যিক নূপুৰ মোমাইদেৱে। উল্লেখযোগ্য যে ১০২টা সাধু সন্নিৱিষ্ট কিতাপখন কইনা পাপৰি শৰ্মাই সম্পাদনা কৰিছে। শুভ বিবাহত সমবেত অভ্যাগতসকলক কইনা পাপৰিয়ে একোখনকৈ ‘প্ৰিয়বন্ধুৰ সাধু’ উপহাৰ দিয়ে।


‘বুঢ়ী আইৰ সাধু’ৰ জন্মশতবৰ্ষ
AKONIR PRIYABONDHU11গুৱাহাটীঃ শিশুৰ মানসিক, বৌদ্ধিক বিকাশৰ লগতে পঢ়ুৱৈ সৃষ্টি আৰু অসমৰ এক লাখ শিশুৰ হাতত এক লাখখন ‘বুঢ়ী আইৰ সাধু’ তুলি দিয়াৰ মহান উদ্দেশ্যেৰ নিৰৱচ্ছিন্ন সাহসিক প্ৰচেষ্টা অব্যাহত ৰাখিছে ‘অকণিৰ প্ৰিয়বন্ধু’ নামৰ অনুষ্ঠানটোৱে। ৰসৰাজ বেজবৰুৱাৰ কালজয়ী সৃষ্টি ‘বুঢ়ী আইৰ সাধু’ৰ জন্ম শতবৰ্ষ উপলক্ষত ৰং আৰু সাধুৰ ধেমালিৰ মাধ্যমেৰে অভয়াপুৰী, গোলাঘাট, হাৱাজান, গহপুৰ, ৰঙাপৰা, বালিপৰা, তেজপুৰ, পুৰণিগুদাম, নগাঁও, ৰঙাজান, পিঠাখোৱা, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলি, ফৰকাটিং, বোকাখাট, কুঁৱৰীটোল, জখলাবন্ধা, বেবেজিয়া, ৰাইদঙিয়া, পশ্চিম যোৰহাট, ৰঙিয়া, জাগীৰোড আদি অঞ্চলত অকণিৰ মাজত সাধু লিখা, কবিতা আবৃত্তি, ছবিত ৰং কৰা, ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। উল্লেখ্য যে ‘অকণিৰ প্ৰিয়বন্ধু’ৱে ইতিমধ্যে কুৰিখনৰো অধিক শিশু উপযোগী গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।

আৰু পঢ়ক:  ভাল খবৰ

• প্ৰতিবেদক: অমূল্য বৰা (বিশেষ প্ৰতিবেদক)


নীলা চৰাইৰ 'ভাল খবৰ' শিতানত প্ৰকাশৰ বাবে বিভিন্ন প্ৰান্তৰ যোগাত্মক বাতৰি আহ্বান কৰা হৈছে। আগ্ৰহী ব্যক্তিয়ে [email protected] —এই ঠিকনাত বাতৰি প্ৰেৰণ কৰিব পাৰে। —ব্যৱস্থাপক, নীলা চৰাই।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts