বাওঁপন্থী জুবিন গাৰ্গ আৰু সোঁপন্থীৰ আচৰণ

প্ৰকাশ: ২১ ছেপ্তেম্বৰ, ২০১৭ | অন্তিম সম্পাদনা: ২১ ছেপ্তেম্বৰ, ২০১৭

অসুস্থ জুবিন গাৰ্গ ডাঙৰীয়াক ফেচবুকৰ জৰিয়তে এনেকৈ এয়াৰ পৰ্টত দেখি মনটো ভাল লাগিছে। তেখেত সোনকালে সুস্থ হৈ উঠক, তাকে কামনা কৰোঁ।

https://www.facebook.com/ZUBEENsOFFICIAL/photos/a.441320525930993.108866.441226745940371/1658062694256764/?type=3

যি নহওক, এই টোকাটো জুবিন গাৰ্গৰ পষ্টটোৰ শেষৰ বাক্য দুটাৰ আঁত ধৰিহে লিখিছোঁ। গাৰ্গ ডাঙৰীয়াই নিজকে বাওঁপন্থী বুলি দাবী কৰে। অৱশ্যে কেনে ধৰণৰ বাওঁপন্থী, তাৰ সঠিক ব্যাখ্যা ভালকৈ তেখেতৰ পৰা পোৱা নাই। তথাপিও বাওঁপন্থী বাওঁপন্থীয়েই; পুঁজিবাদৰ বিৰোধী। তেখেতৰ মতে, পুঁজিবাদে আমাক সকলোকে এদিন হত্যা কৰিব। গাৰ্গ ডাঙৰীয়াই বাওঁপন্থী বুলি নিজকে কেতিয়াবাই ঘোষণা কৰিছে। তথাপিও দিনটোত এশবাৰমান বাওঁপন্থীক গালি পৰা হিন্দুত্ববাদী সোঁপন্থীসকলে গাৰ্গ ডাঙৰীয়াক বাৰু কেনেকৈ আদৰি লৈছে, তাকে ভাবি আচৰিত হওঁ। হিন্দুত্ববাদী সোঁপন্থীসকলৰ এই আচৰণ নতুন নহয়। তেওঁলোকক যদি কোৱা হয়— ভূপেন হাজৰিকা কমিউনিষ্ট আছিল, নুশুনাৰ ভাও জোৰে। তেওঁলোকৰ মতে, বিষ্ণুপ্ৰসাদ ৰাভাই হেনো কেৱল ছবি আঁকিছিল আৰু নাচিছিল। হাতত ষ্টেনগান লোৱা ঘটনাটো হেনো কেৱল ‘মিথ’। ল’বও পাৰে, নল’বও পাৰে ধৰণৰ। কোনেনো চাই আছিল? জ্যোতিপ্ৰসাদে কেৱল ‘জয়মতী’ চিনেমাখন নিৰ্মাণ কৰিছিল, তাৰ বাদে তেওঁ মাথোঁ চাহ বাগানৰ মালিকহে আছিল! ‘কাৰেঙৰ লিগিৰী’ লিখাজন হেনো আচল জ্যোতিপ্ৰসাদ নহয়!

এনেদৰেই হিন্দুত্ববাদী সোঁপন্থীসকলে অসমৰ সমাজ-জীৱনৰ পুৰোধা ব্যক্তিসকলৰ আচল অৱদানবোৰ নাকচ কৰিবলৈ আৰম্ভ কৰিছে। সেইবাবেই জুবিন গাৰ্গেও নিজকে কমিউনিষ্ট বুলি ঘোষণা কৰিলেও তাৰ বিশেষ চৰ্চা নকৰে, আনকি সেই লৈ জুবিন গাৰ্গক গালিও নাপাৰে; তাৰ বিপৰীতে তেওঁলোকে কিন্ত ডঃ হীৰেন গোহাঁইক কমিউনিষ্ট বুলিয়েই দিনৰ দিনটো গালি পাৰে, য’ত নেকি গোহাঁই ছাৰৰ কমিউনিষ্টৰ লগত সৰ্ম্পক এৰা কেইবাদশকেই হৈ গ’ল। সিফালে অখিল গগৈক অযথা মাওবাদী বুলি টানি লৈ ফুৰে।

হিন্দুত্ববাদী সোঁপন্থীসকল আৰু তেওঁলোকৰ মিডিয়া বন্ধুসকলে জুবিন গাৰ্গৰ এই কমিউনিষ্ট বুলি কৰা ঘোষণাটোক লৈ বৰ বেছি হৈ চৈ কিয় নকৰে বাৰু? কাৰণ তেওঁলোকে বিচাৰে জুবিন গাৰ্গে লাইটৰ প’ষ্টততেই বগাই থাকক, বিহু মঞ্চত মাতাল হৈ থাকক, কাজিয়া কৰক। কাৰণ জুবিন গাৰ্গ তেনেকৈ থকা মানে অসমৰ লাখ লাখ অসমীয়া যুৱ অনুগামী জুবিনৰ সেই কৰ্ম-কাণ্ডক লৈ ব্যস্ত থাকিব। লাখ লাখ যুৱ অনুগামীয়ে সংস্থাপন নোপোৱাৰ দুশ্চিন্তাবোৰৰ পৰা আঁতৰি ‘মিছন চাইনা’ৰ প্ৰমোচনত ব্যস্ত থাকিব। দিনৰ এঘাৰ বজাত, যাক নেকি দিনটোৰ আটাইতকৈ উপযুক্ত আৰু ব্যস্ততম ‘কৰ্ম-সময়’ বুলি গণ্য কৰা হয়, তেনে সময়ত লাখ লাখ কৰ্ম-সংস্থানহীন অসমীয়া যুৱক ব্যস্ত থাকে জুবিন গাৰ্গৰ চিনেমাখনৰ কেক কটা অনুষ্ঠানত। লাখ লাখ নিবনুৱা অসমীয়া যুৱকে নিজৰ মৌলিক প্ৰয়োজনীয়তাখিনি নোপোৱাৰ বাবে চৰকাৰ আৰু চৰকাৰ গঠন কৰা দলক ব্যতিব্যস্ত কৰাৰ পৰা জুবিন গাৰ্গে আঁতৰাই ৰাখিব পাৰিছে আৰু সেইবাবেই জুবিন গাৰ্গে নিজকে কমিউনিষ্ট বুলি ঘোষণা কৰি পুঁজিবাদক গালি পাৰিলেও হিন্দুত্ববাদী দলৰ অন্ধ ভক্ত আৰু বিক্ৰী যোৱা বুদ্ধিজীৱীয়ে জুবিন গাৰ্গক ‘কিয় কমিউনিষ্ট হৈছ’ বুলি উভতি ধৰি বিষয়টোৰ গুৰুত্ব নবঢ়ায়। ইয়াৰ বিপৰীতে তেওঁলোকে ‘মিছন-চাইনাৰ’ দৰে সাধাৰণ মানৰ চিনেমাক অযথা উচ্চ প্ৰশংসা কৰি অসমীয়া নিবনুৱা যুবক-যুৱতীক তাত ব্যস্ত ৰাখে। কাৰণ তেওঁলোকে জানে, যিজন জুবিন গাৰ্গে অকলেই লাখ লাখ অসমীয়া যুবক-যুৱতীক কেতিয়াও চাই নোপোৱা অসমীয়া চিনেমা চাবলৈ বাধ্য কৰালে, সেইজন জুবিন গাৰ্গে কাইলৈ যদি ‘পেট্ৰ’লৰ দাম ইমান কিয় বাঢ়িছে’, ‘অসমত কিয় ইমান বানপানী হৈ থাকে’, ‘অসমৰ নিবনুৱা সমস্যাৰ কিয় সমাধান নহয়’ বুলি সেই লাখ লাখ যুৱক-যুৱতীক যদি কয়— “কাইলৈ ওলাবিচোন জনতা ভৱনৰ সমুখত ধৰ্ণা দিবলৈ যাম”, কোনোবাই ৰখাব পাৰিবনে?

আৰু পঢ়ক:  নিৰ্বাচনী পৰাজয়ৰ অভিজ্ঞতা নাই তুৰস্কৰ ৰাষ্ট্ৰপতিৰ

ছবি সৌজন্য: জুবিন গাৰ্গৰ আনুষ্ঠানিক ফেচবুক পৃষ্ঠা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

২ responses to “বাওঁপন্থী জুবিন গাৰ্গ আৰু সোঁপন্থীৰ আচৰণ”

  1. Dulal chandra Boruah Avatar
    Dulal chandra Boruah

    এনে যুক্তিবাদী সময়ুপযোগী লেখাই ‘নীলা চৰাই’ক সমৃদ্ধ কৰিছে।

  2. SANIDUL ISLAM KHAN Avatar
    SANIDUL ISLAM KHAN

    Bhal kotha koise apuni………thank you

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts