অকলশৰীয়া ব’হাগ

ইকাটি-সিকাটি ৰাতি দোভাগত
তোৰে সপোনলে’ চকু মুদি ৰওঁ
আকাশত ঢোলৰ মাত
নাকেদি ব’হাগৰ গোন্ধ এটা উজায়
শুকান ডিঙিৰ নিলাজ পিয়াহ
ভৰিৰ আঙুলিলৈকে বগায়
খৰাং বুকুত বৰষুণ নাই

ক’ত সৰে অকলে
বাঁহীসুৰীয়া কেতেকীৰ হিয়াভঙা মাত?
ক’ত ফুলে কাঁইটত বিৰহী কেতেকী?
বতাহেদি বগাই আহে ফেঁচাৰ কুৰুলি…
তেনেই অকলশৰীয়া।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

চন্দন চিৰিং ফুকন

ফোন : +৯১ ৮০১১৩১৪৮৮৫

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of