অভিনয়

প্ৰকাশ: ৭ জানুৱাৰী, ২০১৮ | অন্তিম সম্পাদনা: ৭ জানুৱাৰী, ২০১৮

হেৰি দাদা, এইফালে অকণমান মন কৰিবচোন
দাদাক মাতিছোঁ বুলিয়েই আপুনিও কিন্তু বাইদেউ
মন নকৰাকৈ নাথাকিব।
শুনিছোঁ আপোনালোক হেনো
সাম্যবাদৰ পূজাৰী,
গায় হেনো শ্ৰেণীবিহীন সমাজ প্ৰাপ্তিৰ জয়গান!

টিভিৰ পৰ্দাত নেদেখা নহয়,
মেলে মিটিঙে— ৰাজতন্ত্ৰ, পুঁজিপতিৰ বিৰুদ্ধে দিয়া
আপোনালোকৰ হুংকাৰ।
সাধাৰণ মানুহ আমি
আমিনো ক’ত বুজি পাওঁ
কাৰ্ল মাৰ্ক্স, লেনিনৰ গধুৰ গধুৰ ‘ইজম্’বোৰ
ষ্টেট ইজ এ ৰিপ্ৰেচিভ মেচিন…!

বুজি নাপাওঁ যে নাপাওঁৱেই
মূৰৰ ওপৰেৰেই গুচি যায়।

চৰকাৰৰ বুৰ্জোৱা-প্ৰীতি নীতিৰ বিৰুদ্ধে
আপোনালোকৰ যে বিৰাট বিৰাট শ্লোগান
আৰু ৰাজপথত কৰা অনশন ধৰ্মঘট
সেইবোৰো দিনৰ পোহৰত দেখিছোঁ দাদা
কিন্তু নিশাৰ আন্ধাৰত আকৌ সেই সকলৰ লগতেই
মদে-মঙহে কৰা প্ৰীতিভোজৰ আয়োজন…
তাৰো উমান কিন্তু তলে তলে পাইছোঁ।

আৰে! আৰে! কলৈ গ’ল দাদা?
বেয়াই পালে চাগে।

বাইদেউ বাইদেউ,
দাদাক মাতিছোঁ বাবেই
আপুনিও মন নকৰাকৈ নাথাকিব।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts