আমাক এটা ৰাস্তা লাগে অন্ধবিশ্বাস, কুসংস্কাৰ, বিভেদৰ ৰাজনীতি, শিক্ষাৰ অভাৱ, বিবেকহীনতা— এই আটাইবােৰ সমস্যাৰ বিৰুদ্ধে চিন্তা কৰি সঠিক ৰাস্তা এটা বিচাৰিব লাগে

কাৰ্বি আংলঙৰ ডকমকাত যিটো ঘটনা সংঘটিত হ’ল, সেইটো বৰ দুভার্গ্যজনক। একবিংশ শতিকাৰ দ্বিতীয় দশকতাে কেনেদৰে আমাৰ মানুহবােৰ অন্ধবিশ্বাসৰ দৰে অযুক্তিকৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে, সেয়া দেখি চিন্তাই হৈছে। ডেকা ল’ৰা দুজনক তেনেদৰে এজুম মানুহে আগ-গুৰি নভবাকৈ মৰিয়াই মৰিয়াই মাৰি পেলালে— সেয়া দৃশ্য কোনােবাই চাব পাৰিব জানাে?

কিন্তু নীলােৎপল আৰু অভিজিতৰ ক্ষেত্ৰত যিটো হ’ল, সেইটো কাইলৈ আপােনাৰ বা মােৰ লগতাে হ’ব পাৰে। এই ঘটনাটোক সকলােৱে এটা শিক্ষা হিচাপেই গ্ৰহণ কৰক। শিক্ষাৰ অভাৱ, অন্ধবিশ্বাস আৰু মূর্খতাৰ বাবেই ডেকা ল’ৰা দুটাৰ মৃত্যু হল। লিখা-পঢ়া কৰি নিজৰ চহীটো মাৰিব পাৰিলেই কোনাে শিক্ষিত হৈনাযায়। শিক্ষিত হােৱা মানে চিন্তা কৰাৰ শক্তি আহৰণ কৰা। এনেকুৱা লাগে যেন স্কুল-কলেজ খুলি সেই মানুহবোৰক নাম লগােৱাৰ ব্যৱস্থা কৰা হৈছে যদিও কোনােবাই যেন তেওঁলােক পঢ়ি-শুনি স্বাধীন হােৱাটো বিচৰা নাই। ৰাস্তা-ঘাটবােৰাে বেয়া। তেওঁলােকক আঁতৰাই ৰখা হৈছে। এই কথাবােৰ বিচাৰ হ’বই লাগিব।

এজন পুলিচ বিষয়াই ভিডিঅ’ লৈ থকাৰ ফুটেজ দেখিছোঁ। তেখেতৰ দায়িত্ব কি আছিল? জাতি বা ঠাইখন লৈ কথা নাই— মানুহৰ প্রতি মানুহৰ ভালপােৱা যে টুটি আহিছে— সেই পুলিচ বিষয়াজনেই তাৰ প্ৰমাণ। তেখেতৰ বিপক্ষে তৎক্ষণাৎ বিচাৰ কৰিব লাগে প্রশাসনে। তেনে লােক সাৰি যাব নাপায়।

সােপাধৰাৰ দৰে অদ্ভুত কথা এটা বিশ্বাস কৰি ল’ৰা দুটাক মাৰি পেলােৱা হ’ল। এই সােপাধৰাৰ উৰাবাতৰিটো কোনাে প্রচাৰ কৰিছিল? কিয় কৰিছিল? সেইবােৰ কথাও বিচাৰ হ’ব লাগে। এনে প্রচাৰৰ কিবা ভিত্তি আছে জানাে? যদি ভিত্তিয়েই নাই, তেনেহ’লে তেনে প্রচাৰৰ উদ্দেশ্য কি আছিল?

ঘটনাটোৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহুতেই কাৰ্বি আংলং জিলাখনক বা বিশেষ এটা জনজাতিৰ লােকক আক্রমণ কৰিছে। এইটো বেয়া কথা। গুৱাহাটীত এনে ঘটনা বহুকেইটা হৈছে। লক্ষ্মী ওৰাঙক বেলতলাত চোঁচোৰাই চোঁচোৰাই লৈ যােৱা হৈছিল। তেতিয়া গুৱাহাটীখন বৰ্বৰ আৰু অসভ্য হৈ গৈছিল নেকি? মই তেতিয়াও অপৰাধৰ বিৰুদ্ধে আৰু মানুহৰ জীৱনৰ সপক্ষে মাত মাতিছিলো। আজিও সেই কাৰণেই আঘাত পাইছোঁ। অপৰাধক সম্প্রদায় এটাৰ সৈতে সাঙুৰি মূল ইচ্যুৰ পৰা পলাই যাতে কোনাে নাযায়— সেয়া আহ্বান জনাইছোঁ।

মােৰ কোনাে কোনাে বন্ধুৱে ইয়াত ৰাজনৈতিক ৰহস্যৰাে গােন্ধ পাইছে। হ’বও পাৰে— ক’বতো নােৱাৰি। আজিকালি দুটা সম্প্রদায়ৰ মাজত কাজিয়া লগাই ৰাজনৈতিক লাভ বিচৰা মানুহেই বেছি। তেনেকৈ নির্বাচনে জিকিছে বিভিন্ন ঠাইত। সেইটো হৈছে যদি আৰু বেছি সাৱধান হ’ব লাগে। ৰাজনীতি কৰা মানুহে নীতি কি বুজি নােপােৱা হ’ল— শিক্ষাৰ পােহৰ নপৰা এখন ঠাইৰ মানুহক মদ-পানী খুৱাই, টকা-পইচা দি অনর্থক কাৰােবাক মাৰিবলৈ প্ৰৰােচিত কৰাটো খুব আচৰিত যেন নালাগে দেখােন আজিৰ সময়ত! ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশােধনী বিধেয়কখনৰ কথাও জড়িত আছে বুলি কোনােবাই কোনােবাই কৈছে। সেই কাৰণেই আমি যাতে ভ্রাতৃঘাতী সংঘর্ষত লিপ্ত নহওঁ— তাৰ প্রতি সজাগ থাকিব লাগে।

ল’ৰা দুটা অকাৰণতে মৰিল। দোষীয়ে শাস্তি পাবই লাগিব। কাৰ্বি আংলঙৰ ঘটনাটোক লৈ আজি আমি জজ ফিল্ডত মৌন প্রতিবাদত সন্মিলিত হৈছোঁ। আমি ন্যায় বিচাৰিছোঁ।

মৌন কিয়? কাৰণ অনর্থক চিঞৰ-বাখৰ কৰি চিন্তা কৰাৰ পৰিৱেশ নষ্ট কৰিব খােজা নেতা বা ৰাজনীতিক আমি নহওঁ। শান্তিৰে চিন্তা কৰাৰ সময় এয়া। বগা ৰংটোত যেনেকৈ আটাইবােৰ ৰং লুকাই থাকে— আমাৰ মৌনতাও তেনেদৰে সৰব। আশাৰ সৰব নৈ!

| আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত জুবিন গাৰ্গৰ আহ্বান

এই ঘটনাটোৰ পৰা আমি শিক্ষা লওঁ আহক। অন্ধবিশ্বাস, কুসংস্কাৰ, বিভেদৰ ৰাজনীতি, শিক্ষাৰ অভাৱ, বিবেকহীনতা— এই আটাইবােৰ সমস্যাৰ বিৰুদ্ধে চিন্তা কৰি সঠিক ৰাস্তা এটা বিচাৰিব লাগে। ৰাস্তা বিচৰাৰ হাবিয়াস নাথাকিলে এনেই ৰাস্তাত বহি লাভ নাই। আমাক এটা নতুন ৰাস্তা লাগে।

Featured Image courtesy: @thehangoverpoet/Twitter

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আপোনাৰ মন্তব্যই লেখকক প্ৰেৰণা যোগাব

avatar
  চাবস্ক্ৰাইব কৰক  
Notify of