কলাগুৰুক জীয়াই ৰাখিব লাগিব

কলাগুৰুক জীয়াই ৰাখিব লাগিব
  • 19 Jun, 2022

লাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ বহু কাল হল। ৰজাঘৰে-প্ৰজাঘৰে প্ৰতি বছৰে ২০ জুনৰ দিনটোত বাৰেৰহনীয়া কৃষ্টিৰ অপূৰ্ব সমাহাৰেৰে উদ্‌যাপিত হয় ৰাভাৰ স্মৰণ উছৱ। কিন্তু এই দিনটো পাৰ হৈ যোৱাৰ পাছত বছৰটোৰ বাবে পাহৰি পেলোৱা হ’ব জনতাৰ শিল্পী কলাগুৰু বিষ্ণু ৰাভাক! তেন্তে কি অৰ্থত এইবোৰ জাকজমকতাৰ বৃহৎ আয়োজন? এদিনৰ বাবে মনত পেলালেই শিল্পীজনাক প্ৰকৃত সন্মান জনোৱা হয় নেকি? ৰাভাৰ আভাৰে সমুজ্জ্বল অসমীয়া জাতিয়ে কৰিছোঁনে ৰাভাৰ চিন্তা, ৰাভাৰ আদৰ্শ, ৰাভাৰ বিপ্লৱী সত্তাৰ আঁহে আঁহে প্ৰবাহিত জনতাৰ মংগলকামী চিন্তা-চেতনাৰ উচিত মূল্যায়ন? আন নালাগে, সাংস্কৃতিক নগৰী তেজপুৰৰ কলিবাৰীত থকা কলাগুৰুৰ জৰাজীৰ্ণ ঘৰটোৱেই শিল্পীগৰাকীৰ প্ৰতি কৰা আমাৰ অৱহেলাৰ সাক্ষী নহয় নে? কলাগুৰুৰ সমাধি ক্ষেত্ৰ ‘সমন্বয় ক্ষেত্ৰ’ও লুইতৰ গৰাখহনীয়াৰ কৱলত আজি যাওঁ কালি যাওঁ অৱস্থাত। কিমান দিনলৈ অক্ষত হৈ থাকে সেয়া অনিশ্চিত। বছৰৰ সৰহদিন এৰাপৰলীয়া হৈয়ে থাকে সমন্বয় ক্ষেত্ৰখন। প্ৰশ্ন হৈছে— কলাগুৰুৰ নামত বছৰেকৰ এটা দিন বা এটা সপ্তাহ নৃত্য-গীত-কবিতাৰ প্ৰতিযোগিতা পাতি, সভা-সমিতিত সেই একেখিনি কথাকে বছৰৰ পাছত বছৰ গাই-বাই থাকিলেই আজীৱন ৰাইজৰ বাবে সৰ্বস্ব ত্যাগ কৰি নিস্বাৰ্থভাৱে সংগ্ৰাম কৰি যোৱা ৰাভাদেৱক আমাৰ পাছৰ প্ৰজন্মলৈ জীয়াই ৰাখিব পাৰিম নে?

ৰাভাদেৱৰ গোটেই জীৱন পৰিক্ৰমাত আমি যদি চকু ফুৰাওঁ, দেখা পাম এক বিপ্লৱী সত্তাৰ বহ্নিমান অগ্নিশিখাৰ আভাই সমসাময়িক সমাজখনত আলোকিত কৰি তুলিছিল আৰু সেই আভাই বৃহত্তৰ অসমীয়া জাতীয় জীৱনক কাললৈ সমুজ্জ্বল কৰি থৈ গৈছে। কি নাছিল তেওঁ! সঁচা অৰ্থত এগৰাকী জনতাৰ শিল্পী, মানুহৰ শিল্পী। জনতাৰ অন্তৰৰ আঁহে-কোঁহে বিপ্লৱৰ বীজ ছটিয়াই মানুহৰ জয়গান গোৱা ৰাভাই দেখিছিল এখন সাম্য-মৈত্ৰীৰ চন্দ্ৰাতপৰ তলত একত্ৰিত সুবৃহৎ অসমীয়া জাতি গঠনৰ সপোন। এটা কথা ঠিক যে জনতাৰ পূজাৰী, বিপ্লৱী সত্তা কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰকৃত মূল্যায়ন তেতিয়ালৈকে নহ’ব, যেতিয়ালৈকে উঠি অহা প্ৰজন্মৰ অন্তৰলৈ ৰাভাৰ মতাদৰ্শ, ৰাভাৰ চিন্তা-চেতনাত প্ৰবাহিত দেশপ্ৰেম, জাতিপ্ৰেম, মানুহৰ জয়গানৰ বিপ্লৱ প্ৰবাহিত কৰি নিব নোৱাৰোঁ। আজি নতুন প্ৰজন্মক আমি পিতৃ-মাতৃ, সমাজৰ জ্যেষ্ঠজনে কিছুমান দিশৰ জ্ঞান দিয়াত ব্যৰ্থ হৈছোঁ। বিশেষভাৱে জাতিটোক সন্মান আৰু মৰ্যাদাৰ উচ্চ শিখৰত আৰোহিত কৰোৱা মহাপুৰুষসকলৰ জীৱন আৰু চিন্তা-আদৰ্শ-দৰ্শনক নতুন চামলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমি লাজ লগাকৈয়ে ব্যৰ্থ হৈছোঁ। এটা কথা মনত ৰখা ভাল যে যেতিয়ালৈকে এটা জাতিৰ প্ৰতিগৰাকী মানুহৰ মনত জাতীয়তাবোধ আৰু স্বাভিমানৰ বীজ গজি নুঠিব, নিজৰ জাতি, মাটি আৰু মানুহৰ বাবে চিন্তা কৰাৰ প্ৰৱণতা গঢ় লৈ নুঠিব, তেতিয়ালৈকে কোনো কাৰণতে জাতি এটা উন্নতিৰ জখলাত বগাব নোৱাৰে। অসমীয়া জাতি পিছ পৰি ৰোৱাৰ প্ৰধান কাৰণেই হৈছে আমাৰ জাতীয়তাবোধ আৰু স্বাভিমানৰ অভাৱ। আজি আমি নিজৰ মাতৃভাষাটোতে আমাৰ সন্তানসকলক শিক্ষাগ্ৰহণ কৰিবলৈ দিবলৈ টান পাওঁ। কিদৰে তেওঁলোকৰ মনত জাতীয়তাবোধ, জাতি-মাটি, কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভালপোৱাৰ ভাব জাগৃত কৰিম? জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাই ওৰেটো জীৱন জাতীয়তাবোধ, জাতি-মাটি, কৃষ্টি-সংস্কৃতিৰ জয়গানকে গাই গ’ল।

আজি অসমৰ কিমান জন নতুন পুৰুষে জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদক চিনি পায়? পালেও কিমান জনে তেওঁলোকৰ চিন্তা-কৰ্ম-আদৰ্শৰ কথা জানে, সেয়া এক ডাঙৰ প্ৰশ্ন। এটা কথা ঠিক যে কেৱল প্ৰতিযোগিতাত অংশ ল’বলৈ জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত শিকালেই নহ’ব, প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সৰুৰে পৰাই এইসকল মহা মনীষীৰ জীৱন, তেওঁলোকৰ আদৰ্শৰ কথা সন্তানসকলক জানিবলৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে, কৰা উচিত। এটা কথা প্ৰাসংগিকভাৱে উল্লেখ কৰোঁ, ইংৰাজী মাধ্যমত পঢ়ুৱাই সন্তানক ‘লাট চাহাব’ কৰা এই সকল পিতৃ-মাতৃয়ে জনা উচিত যে ডাঙৰ হৈ তেওঁলোকৰ সন্তানে যেতিয়া দেশ-বিদেশৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাক্ষাৎকাৰ দিবলৈ যাব, অসমৰ পৰা আহিছোঁ বুলি ক’লে কিন্তু অসমৰ ঐতিহ্য-সংস্কৃতিৰ বিষয়ত থকা জ্ঞানৰ পৰীক্ষা ল’ব, অসমীয়া সংস্কৃতি সম্পৰ্কে সুধিব, ভৱিষ্যত জীৱনৰ শৈক্ষিক ক্ষেত্ৰত পৃথিৱীৰ যি ভাষাতে, যতেই নপঢ়ক, পদে পদে কিন্তু নিজৰ সাহিত্য-সংস্কৃতিৰ কথা, এই মহান মনীষীসকলৰ কথাৰ প্ৰয়োজন হ’ব। গতিকে সৰুৰে পৰা প্ৰস্তুত কৰা ভাল। লগতে যেতিয়া প্ৰকৃতাৰ্থত আমি নতুন পুৰুষলৈ এই মহাজীৱনৰ চানেকি লৈ যাম, তেওঁলোকৰ চিন্তা, আদৰ্শৰে অনুপ্ৰাণিত কৰিম, নতুন পুৰুষে তেওঁলোকৰ সম্পৰ্কত বিশদভাৱে জনাই নহয়, এইসকল মহামনীষীৰ জীৱনৰ চানেকিৰে উদ্বুদ্ধ হৈ দেশৰ বাবে, দহৰ বাবে সেৱা কৰাৰ মানসিকতা এটাও সৰুৰে পৰা গঢ়ি উঠিব। আজিৰ দিনটোত যদি সৰুখিনিৰ কথা বাদেই দিছোঁ, বৰ্তমান নৱম-দশম বা একাদশ-দ্বাদশ শ্ৰেণীত পঢ়ি থকা আমাৰ অসমীয়া ছাত্ৰ-ছাত্ৰীক ৰাভাৰ বৰ্ণাঢ্য সাংস্কৃতিক জীৱন আৰু সংগ্ৰামী সত্তাৰ বিষয়ে কিবা সৰু প্ৰশ্ন এটাও কৰা যায়, কিমানে শুদ্ধ উত্তৰ দিব পাৰিব সেয়া সন্দেহৰ আৱৰ্তত। গতিকে দেখা গৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মহান শিল্পী, যি আজীৱন আপোনাৰ মোৰ দৰে সাধাৰণ মানুহখিনিৰ হকে সংগ্ৰাম কৰি কাৰাবাস পৰ্যন্ত খাটি দেশ আৰু জাতিৰ জয়গান গাই গ’ল, তেওঁৰ চিন্তা আৰু আদৰ্শৰ কথাটো বাদ দিছোঁ, তেওঁৰ জীৱনৰ সামান্যতম জ্ঞানখিনিও কিন্তু পিছৰ প্ৰজন্মক আমি দিব পৰা নাই।

বিষ্ণুপ্ৰসাদ ৰাভা

❧ | আৰু পঢ়ক:

ইয়াৰ উপৰি, তেওঁৰ কলিবাৰীত থকা ঘৰখন চৰকাৰী পৃষ্ঠপোষকতাত এটা সংগ্ৰহালয় হিচাপে গঢ়ি তুলি ছাত্ৰ-ছাত্ৰী তথা নতুন পুৰুষে যাতে তালৈ গৈ ৰাভাদেৱৰ জীৱন, কৰ্ম, চিন্তাৰাজিৰ কিছু হ’লেও জ্ঞান পাব পাৰে, তাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। কিন্তু কাৰো সদিচ্ছা হয়তো নাই, যাৰ বাবে অতি পুতৌজনক অৱস্থাত জৰাজীৰ্ণ ৰূপত ক্ৰমাৎ ধ্বংসমুখে গতি কৰিছে কলাগুৰুৰ স্মৃতি বিজড়িত এই বিখ্যাত ঘৰটো। আমাৰ অসমত শিল্পীসকলৰ অৱস্থা অতীজৰে পৰাই পুতৌলগা, অথচ তেওঁলোকে ব্যক্তিগত সকলো ত্যাগ কৰি কেৱল ৰাইজৰ বাবে, জাতিৰ বাবে সৃষ্টি কৰি যায়, সংগ্ৰাম কৰি যায়।

শিল্পী, সংগ্ৰামী সত্তা কলাগুৰু বিষ্ণু ৰাভাৰ পৱিত্ৰ স্মৃতি দিৱসত অন্তৰৰ শত-সহস্ৰ প্ৰণিপাত জনোৱাৰ লগতে কামনা কৰিছোঁ— কেৱল ২০ জুনৰ দিনটোতেই কিয়, তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ চৰ্চা প্ৰতিনিয়ত হৈ থাকক। ওৰেটো জীৱন জাতি-মাটি আৰু মানুহৰ বাবে সংগ্ৰাম কৰি যোৱা এই মহান শিল্পীজনক নতুন চাম পুৰুষৰ কাষলৈ লৈ যোৱাৰ বাবে সকলো তৎপৰ হওক। কলাগুৰু বিষ্ণু ৰাভাদেৱৰ সংগ্ৰামী সত্তা, তেখেতৰ সাংস্কৃতিক বিপ্লৱৰ ধ্যান-ধাৰণাৰ প্ৰকৃত মূল্যায়ন হোৱা নিতান্ত প্ৰয়োজন। নতুন প্ৰজন্মক এই মহাজীৱনৰ আভাৰে আলোকিত কৰা দৰকাৰ। ৰাইজে বিচৰা প্ৰকৃত জনতাৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ মাজত সোমাই পৰি নিৰলস সাধনাৰে ৰাইজৰ মুক্তিৰ সপোন বাস্তৱায়িত কৰাৰ বাবে জীৱন উছৰ্গা কৰা ৰাভাদেৱক, তেওঁৰ চিন্তা-আদৰ্শক স্থায়ীভাৱে জীয়াই ৰাখিবৰ চিন্তা-চৰ্চা কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে। এই ক্ষেত্ৰত জাতীয় অনুষ্ঠানসমূহৰ লগতে অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তি আগবাঢ়ি অহাটো এই সময়ৰ দাবী।

কলাগুৰুক জীয়াই ৰাখিব লাগিব | হিমাংশু ৰণ্‌জন ভূঞা

Follow Nilacharai on Facebook