|

তোমাৰ ভৰি দুখন

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১৩ | অন্তিম সম্পাদনা: ১০ মে, ২০২১

পাবলো নেৰুডা
পাবলো নেৰুডা

মূল: পাবলো নেৰুডা (১৯০৪ ১৯৭৩)
অনুবাদ: হৰিপ্ৰসাদ

ম‍ই যেতিয়া তোমাৰ চকুৰ ফালে চাব নোৱাৰোঁ
ম‍ই তোমাৰ ভৰি দুখনৰ ফালে চাওঁ।
ধনুভিৰীয়া হাড়েৰে দুখন ভৰি
কঠিন অকণমানি তোমাৰ ভৰি।

ম‍ই জানো অকণমানি দুখন ভৰিয়ে
তোমাক কেনেদৰে সমৰ্থন কৰে
আৰু যে তোমাৰ সঠিক ওজনো
সিহঁতেই বহন কৰে।

তোমাৰ নাচি থকা ভ্ৰু আৰু
মৰমৰ ভাষা
দীঘল চুলিটাৰি আৰু উজ্জ্বল দুচকু
লাৱনী হাতৰ পৰশ
পুৱাৰ কিৰণে লুকাভাকু খেলা
বুকুৰ উঠা-নমাবোৰ
অঙ্গে অঙ্গে সঙ্গে ৰঙ্গে
চিত বিনন্দীয়া।

কিন্তু ম‍ই ভালপাওঁ তোমাৰ ভৰি দুখন
এই কাৰণেই যে সিহঁতে খোজ কাঢ়ি ফুৰে
মাটিৰ ওপৰেৰে, বতাহৰ ওপৰেৰে আৰু
পানীৰ ওপৰেৰে
যেতিয়ালৈকে সিহঁতে মোক জব্দ নকৰে।

***

মূল কবিতা:

Your Feet

PABLO NERUDA

When I cannot look at your face
I look at your feet.
Your feet of arched bone,
your hard little feet.
I know that they support you,
and that your sweet weight
rises upon them.
Your waist and your breasts,
the doubled purple
of your nipples,
the sockets of your eyes
that have just flown away,
your wide fruit mouth,
your red tresses,
my little tower.
But I love your feet
only because they walked
upon the earth and upon
the wind and upon the waters,
until they found me.

আৰু পঢ়ক:  থুলেশ্বৰ বৰাৰ কবিতা

***

পাবলো নেৰুডা (Pablo Neruda)-ৰ বিষয়ে জানক

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “তোমাৰ ভৰি দুখন”

  1. kobiranjan das Avatar
    kobiranjan das

    সুন্দৰ কবিতাটো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts