সোঁৱৰণিৰ এক পৃষ্ঠা

স্মৃতিৰেখা ভূঞা

সোঁৱৰণিৰ জখলাৰে নামি
কুঁৱাটোত জঁপিয়াই পৰিলো।
হুদু চৰাইৰ দৰে একাকী হৈ
ক্লীৱতাক সাৱটাৰ দুঃখবোধে গৰকি যায়
অজানিতে বাক্যত ক্রিয়া পদ যোগ হয়।

সুখ–দুখৰ মোহনাত
সুখক আঁকোৱালি
দলিয়াই পেলালো দুখৰ গাৰু,
এজোলোকা আনন্দৰ আৱেশত
এঙামুৰি দি উঠিল আকলুৱা গা।

সোঁৱৰণিৰ পৃষ্ঠাত ৰ’দৰ দাপোণ;
জিলিকি পৰিছে তোমাৰ মুখ
উফৰি পৰিছে তামৰঙী গালৰ জেউতি
নৈৰ যুঁৱলিত উৰি ফুৰিছে
দেওলগা কমলা কুঁৱৰীৰ বুকুৰ গান।

গাগিনী, পানী কিমান হ’ল?
ৰঙাজবা নে পদুম ৰঙা তোমাৰ ওঁঠ?
উথলি উঠিছে য’ত মৌ-মিঠা হাঁহিৰ ৰেশ।
তোমাৰ সুন্দৰ মুখত কোন চহৰ
মহেঞ্জোদাৰো নে হৰপ্পা?
অজন্তা নে ইলোৰাৰ ভাস্কর্য?
নাজানো, অশোক নে আলেকজেন্ডাৰ তোমাৰ প্রিয়।

তোমাৰ বাহুৱে, বুকুৱে বিয়পি আছে
জুমি চোৱা ৰ’দে সপোন অঁকা
মোৰ প্রিয় কদম গছৰ বিষাদ অৰণ্য,
য’ত নির্বিঘ্নে টোপনি যায়
হেৰোৱা সোঁৱৰণিৰ ভালপোৱাৰ দ্রাঘিমা।

নীল চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz