শিপা

এটা দৃষ্টিকোণৰ পৰা অসমক সত্ৰ-ৰাজ্য বুলি ক’ব পৰা যায়। শদিয়াৰ পৰা ধুবুৰীলৈ উত্তৰ পাৰ-দক্ষিণ পাৰে সত্ৰৰ পয়োভৰ। সত্ৰসমূহ অসমীয়া সংস্কৃতিৰ ভঁৰালস্বৰূপ। অসমীয়াৰ এছোৱা কালৰ ইতিহাসো সংৰক্ষিত হৈ আছে সত্ৰসমূহত। পিছে সত্ৰসমূহ নিজে কিমান সংৰক্ষিত? কিছু সমৃদ্ধিশালী আৰু সু-পৰিচালিত সত্ৰৰ বিপৰীতে কিছু নিশকতীয়া।
 
ধৰ্মীয় আৰু আচাৰ-বিচাৰৰ কথাখিনি (চাৰি সংহতি, মহাপুৰুষীয়া, দামোদৰীয়া)ৰ বাহিৰে কিছুমান উমৈহতীয়া (common) কৰ্মপন্থাৰে সত্ৰসমূহে অসমীয়া সভ্যতা-সংস্কৃতিক সমৃদ্ধিশালী কৰি আহিছে আজিকোপতি। সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ সংৰক্ষণ-সংবৰ্ধন-অনুশীলনত সত্ৰৰ ভূমিকা অবিসম্বাদী। ইয়াৰ বাহিৰে সাম্প্ৰতিক প্ৰজন্মৰ প্ৰায় অগোচৰে থকা সত্ৰৰ এক অৱদান হ’ল— সাহিত্য। 
 
বৈষ্ণৱ সাহিত্য বুলিলে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজি আৰু পৰৱৰ্তী সময়ৰ মুষ্টিমেয় আতাসকলৰ সৃষ্টিক সাধাৰণতে বুজা যায়। মহাপুৰুষ দুজনা আৰু উল্লিখিত আতাসকলৰ পিছত অসমৰ সত্ৰসমূহৰ অৱদান বুলি ক’ব পৰা আন এক সাহিত্য-সম্পদ হ’ল নাট্য সাহিত্য। এটা সময়ত পূৰ্বসূৰীসকলৰ কৰ্মৰ দ্বাৰা প্ৰেৰিত হৈ সত্ৰীয়া আতা-মহন্ত-গোসাঁইসকলে যথেষ্ট নাট ৰচনা কৰিছিল। মূলতঃ অভিনয়ৰ কথা বিবেচনা কৰিয়েই এই নাটসমূহ ৰচনা কৰা হৈছিল আৰু সত্ৰৰ লগতে ওচৰ-পাজৰৰ গাঁওসমূহত মহা উদ্যমেৰে নাটসমূহ অভিনীত হৈছিল। ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ কিছুমান কাহিনীক আধাৰ কৰি নাটসমূহ ৰচিত হৈছিল। অৱশ্যে কিছু বিশুদ্ধ কাল্পনিক কাহিনীৰ নাটো ৰচিত হৈছিল।
 
স্ব-প্ৰণোদিত হৈ ৰচনা কৰাৰ লগতে কিছু সত্ৰৰ বাধ্যবাধকতাই এই ধৰণৰ নাট্য সাহিত্যক সমৃদ্ধিশালী কৰাত অৰিহণা আগবঢ়াইছিল। সত্ৰাধিকাৰ হ’বৰ বাবে ব্যক্তিজনে কমেও এখন নাট কাটিবই (‘কটা’ মানে ৰচনা কৰা, সত্ৰত এই ধৰণে কোৱা হৈছিল) লাগিব ধৰণৰ ৰীতি কিছুমান সত্ৰত প্ৰচলিত আছিল আৰু এই ৰীতিয়ে অৱধাৰিতভাৱে সত্ৰৰ নাট্য সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল।
 
নাটসমূহৰ প্ৰণালীবদ্ধ বিচাৰ-বিশ্লেষণ-গৱেষণাই সিবোৰৰ মান বা অন্যান্য দিশ উন্মোচন কৰিব। গৱেষণাৰো যথেষ্ট থল আছে। সেয়া যিয়েই নহওক, এই ধৰণৰ নাটখিনি আমাৰ এছোৱা সময়ৰ সাহিত্য-সংস্কৃতি চৰ্চাৰ উজ্জ্বল নিদৰ্শন। আশাব্যঞ্জক কথা, এই সম্পদখিনিৰ সংৰক্ষণৰ দিশত চৰকাৰ আৰু সংগ্ৰহালয় আদিয়ে সময়ে সময়ে ভূমিকা গ্ৰহণ কৰি আহিছে। অৱশ্যে এশ ভাগ সফল হ’ব পৰাকৈ ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ মূলতে অন্ধবিশ্বাস আৰু ঘৰৰ সম্পদ হেৰুৱাই পেলোৱাৰ ভয়ে ক্ৰিয়া কৰিছে। সংৰক্ষণকাৰী সংস্থাসমূহে সাঁচিপাত-তুলাপাতত লিখিত পুথিৰ ফটোকপি কৰি প্ৰয়োজনত লেমিনেচন কৰি মূল পুথিখন গৃহস্থক ঘূৰাই দিয়াৰ প্ৰথাই প্ৰচলিত কৰিছে যদিও যিসকলে কথাটোত পতিয়ন যাব পৰা নাই, সিসকলে নিজৰ ঘৰৰ পুথিখন আগবঢ়াই দিয়া নাই। আৰু অন্ধবিশ্বাসৰ বাবেও থাপনা নাইবা ধোঁৱাচাঙৰ পৰা সাঁচিপতীয়া পুথিখন নমাই আনিবলৈ সাহস কৰা নাই বহু মানুহে— আনকি এই সময়তো।
 
আমি ক’ব খুজিছোঁ,— সংৰক্ষিত হৈ থকাৰ বাহিৰেও এই নাট বা সেই কালৰ আন পুথিসমূহ সকলোৱে সহজে পাব পৰা আৰু পঢ়িব পৰাৰ উপায় হওক। ইয়াৰ বাবে নাটসমূহ ছপা হৈ ওলাব লাগিব অথবা ইণ্টাৰনেটত উপলব্ধ হ’ব লাগিব। এই ধৰণৰ সমগ্ৰ নাটখিনি ছপা কৰিবৰ বাবে যথেষ্ট টকা-সিকাৰ প্ৰয়োজন হ’ব আৰু ইয়াৰ বাবে অৰ্থবান প্ৰতিষ্ঠান আগবাঢ়ি আহিব লাগিব। তুলনামূলকভাৱে কম খৰছী দ্বিতীয়টো কামত ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু অসমীয়া ইউনিকোড লিখিবলৈ সক্ষম সকলোৱেই হাত-উজান দিব পাৰে।
 
যি ধৰণেই হওক, আলোচিত নাটসমূহ সহজলভ্য হৈ উঠিলে অসমীয়াৰ এছোৱা সময়ৰ সাংস্কৃতিক ইতিহাস আমাৰ চকুত সহজ হৈ পৰিব। ইও এক শিপাৰ সন্ধান।
আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "শিপা"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Arupraj Handique
Guest

সম্পাদক মহোদয়, আপোনাৰ লেখাটো পঢ়ি এটাই কথা এই সময়্ত মনলৈ আহিছে, সেইটো হৈছে আজি অসমৰ অসমীয়া ৰাইজসকল নিজৰ সংস্কৃতিৰ প্ৰতি ইমান উদাসীন কিয়? আপোনি কোৱাৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ সৃষ্টিৰাজি সংৰক্ষিত হোৱাটো উচিত আৰু তেখেতলোকৰ সৃষ্টিৰাজি যদি ইণ্টাৰনেট বা অসমীয়া ইউনিকোডত উপলব্ধ হয়, তেতিয়া হলে আমাৰ যুৱপ্ৰজন্ময় এইবোৰ অধ্যয়ন কৰাত সহ্জ হব|

wpDiscuz