|

সীমাহীন অনন্ত দিগন্ত

প্ৰকাশ: ১৫ মে, ২০১২ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

মূল (স্পেনিচ): জুদিথ পৰ্দনk315
[ অনুবাদ: বিকাশ কুমাৰ দাস ]

গভীৰ বনলৈ আবেগত ঢপলিয়াইছোঁ.
বিতোপন ছায়াৰে আবৰা
গন্তব্যৰ মাজত ওখোৰা-মোখোৰা
ওঁঠ সদৃশ একা-বেঁকা বনপথ,
সেই যাদুৰ মোহিনী মায়া
ভঙ্গ কৰিবলৈ যে আমাৰ খেয়ালো নাই।
কেউফালে কাঁইটীয়া খচখচীয়া
কেঁচা বন-পাতেৰে ভৰা
ঘন জোপোহাৰ মাজে মাজে দেখোঁ—
সৰু সৰু উন্মুক্ততাৰে হালি-জালি থকা উদং ডাল
দেখিলেই বুকু উচলি উঠে উলাহতে!

সেই সুউচ্চ গছজোপাৰ তলতে
আমি বিগলিত, আবেগৰে সিক্ত আৰু বিলীণ।
তাতেই বিলীণ হৈ আকৌ ঢপলিয়ালো
সীমাহীন অসীম দিগন্তলৈ।
জোপোহাৰ ডাল-পাতবোৰে মৰমতে
মাজে মাজে চুলি আচুৰি দিয়ে।

মোৰ মধুৰ শৈশৱৰ অন্তত
গছবোৰৰ সৈতে বিবাহ-পাশত বান্ধ খাব খুজিছিলো
কিন্তু পাহৰিলো, কেনেকৈ।

মূল:

Sin Barreras

Corrimos, sin aliento a los bosques
hermosura de sombra completa.
Alcanzaron labios a labios como en trance
Sin huella de aliento para quebrar la magia.
Las olorosas y quebradizas hojas cobijaro
temblorosas ramas descubiertas
remontando el uno al otro.

Ahi bajo los altos arboles
nos derretimos nos unimos sin parar
sin ningún destino en particular
y las copas cepillaron nuestro pelo.

আৰু পঢ়ক:  ৰাষ্ট্ৰপ্ৰধানে কি মানি ল'ব?

Cuando creci, quise
casarme con los arboles.
pero se me olvido como.

 


judith pordon11জুদিথ পৰ্দন (১৯৫৪) এগৰাকী আমেৰিকান কবি আৰু লেখক। তেখেতৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ'ল ভিন্ন সাংস্কৃতিক অভিজ্ঞতা, বৰ্ণিল প্ৰেমৰ উদযাপন আৰু সমসাময়িক সামাজিক বিষয়।

অধিক তথ্য: http://en.wikipedia.org/wiki/Judith_Pordon

নীলা চৰাই . মে' ২০১২

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts