সেই প্ৰাচীন অনুভৱৰ ৰহস্যময়তা

[ মৈত্ৰেয়ী পাতৰ ]

‘আকাশখন মাজে মাজে নামি আহে মোৰ প্ৰিয় ঋতু হৈ
নীলাবোৰ মোৰ বুকুত খুলি থৈ সি ঘন বাৰিষা হয়।’…

পাহাৰটোৰ গাতে লাগি থকা আমাৰ অকণমানি ঘৰটোৰ বহল বাৰান্দাখনত প্ৰায়েই মই অকলশৰে থিয় হওঁ। বাৰান্দাখন ঘৰৰ পৰা অলপ ওলোৱা, ওপৰত ছাদ থাকিলেও শূন্যতে ওপঙি ৰোৱা যেন লাগে। ইয়াতেই থৰ লাগি ওপৰলৈ চাই ৰওঁ…। মোৰ মূৰৰ ওপৰত মুঠিয়ে মুঠিয়ে নীলা। হৃদয়েৰে অনুভৱ কৰিব পৰাকৈ সৰল এখন খোলা আকাশ, স্নিগ্ধতাৰ সূতাৰে বোৱা। কোনে বোৱা? কোনে বোৱা বাৰু? এশ এটা প্ৰশ্নৰ, একুৰি এটা অনুভৱৰ জুমুৰিত ৰোমাঞ্চিত হৈ পৰোঁ। প্ৰকৃতিৰ এই মহাজীৱনৰ এক অংগ হ’বলৈ পাই বাৰে বাৰে কৃতজ্ঞতা জনাওঁ। কাক? নাজানো। মাথোঁ জুখিবলৈ যত্ন কৰো নীলাৰ পৰিধি। দুচকু জাপ খাই আহে অজান শিহৰণত আৰু আকাশৰ দলঙেৰে মোৰ মাজলৈ পাৰ কৰাই আনো সীমাহীন নীলা। সেই একেই সৰলতাৰে ভৰা, তাৰ লগত আকাশে দিয়া অলেখ প্ৰতিশ্ৰুতি, বিশালতাৰে বলিষ্ঠ!

সিদিনা ক’ৰবাত পঢ়িলো— ‘তোমাৰ দুচকুত আকাশৰ এচামুচ নীলা…’। হ’ব পাৰে জানো! আকাশৰ সেই অন্তহীন নীলিময় বৈভৱৰ পৰা মাথোঁ এচামুচ সৰলতা? নীলাৰ জানো জোখ থাকে, সৰলতাৰ জানো পৰিধি থাকে, গভীৰতাৰ জানো হিচাপ থাকে? তেন্তে এচামুচ নীলা? আজিৰ আকাশ ইমান দীন হৈ গ’ল নে? ইমান কমি গ’ল নে তাৰ অনন্ত ৰহস্যময়তা? স্বাৰ্থৰ আক্ৰমণত সংকুচিত হৈ আহিল নেকি বাৰু বিশাল আকাশৰ পৰিধি? ক’তা! মোৰ চকুৰ সন্মুখৰ আকাশখনতো একেই আছে। মোৰ দৃষ্টিৰ সীমা যাৰ অনন্ত বক্ষৰ এটি বিন্দু মাত্ৰ, সীমা নহয়। যাৰ পৰা মই ধাৰলৈ আনো সীমাহীন বৈভৱ, ঘুৰাই নিদিয়াৰ প্ৰতিশ্ৰুতিৰে!

Maldevian Starry Skyআচলতে আকাশ একেই আছে। প্ৰলয়ৰ আগমুহূৰ্তলৈকে হয়তো একেই থাকিব, বিশাল হৈ। আমাৰ মনবোৰ সৰু হৈ গৈছে। ঠেক হৈ গৈছে হৃদয়ৰ চোতাল। চোতাল নথকা অকণমানি ফ্লেটৰ তাতোধিক সৰু পিৰালিৰ পৰা দেখা এধানি আকাশখনকেই পৃথিৱীৰ ছাদ বুলি ভাবিবলৈ লৈছোঁ আমি। সেয়ে প্ৰেমাস্পদৰ দুচকুৰ গভীৰতা, ৰহস্য জুখিবলৈ লৈছোঁ এচামুচ নীলাৰে। প্ৰেমৰ নামত ইতিকিং কৰিছোঁ আকাশৰ বিশালতাক। পাহৰি গৈছোঁ এবাৰ মাটিত থিয় হৈ, এপলক আকাশলৈ মূৰ তুলি চাবলৈ। হাত মেলি আকাশৰ নীলা সাবটিবলৈ। হাই-টেক সময়ৰ অদৃশ্য কৰ্তৃত্বই আমাক বাধ্য কৰাইছে লেপটপৰ স্ক্ৰিনচেভাৰৰ এমুঠি আকাশৰ মাজত মূৰ গুজি থাকিবলৈ। প্ৰকৃত আকাশ চাবলৈ আহৰি ক’ত? ‘সময়ৰ আহ্বানে জীৱনৰ আহ্বানক প্ৰত্যাহ্বান কৰে’— কথাষাৰ যেন ক্ৰমাৎ সঁচা হবলৈ লৈছে!

কিন্তু এৰি দিয়া উচিত জানো, বেদুইন সময়ৰ সোঁতত মানৱীয় অনুভূতিবোৰ উটি যাবলৈ? নহয় নিশ্চয়। তেনেহ’লে ৰওঁ নো কিয়? আহক, নতুনকৈ আকাশখনক ভালপাবলৈ শিকোঁ। ফ্লেটৰ এধানি আকাশ বা লেপটপৰ এক আঙুল নীলা নহয়। আহক, আমি সেই আকাশৰ প্ৰেমত পৰোঁ, যাৰ প্ৰশ্ৰয়ত হেৰুৱাই পেলাব পাৰি যন্ত্ৰণা, অৱসাদ, নোপোৱাৰ বিষাদ…। যাৰ উদাৰতাত হেৰুৱাই পেলাব পাৰি নিজক। যাৰ বক্ষত নিশ্ছিন্ন হয় সকলো স্বাৰ্থজনিত হিচাপ-নিকাচ। এচামুচ নহয়, আমি সাঁতোৰো প্ৰিয়জনৰ দুচকুৰ এক আকাশ নীলাত। মৰম জোখোঁ স্বাৰ্থৰে নহয়, আকাশৰ বিশালতাৰে। ক্ষণিকৰ বাবে হলেও হেৰাই যাওঁ প্ৰাচীন সেই কেঁচা অনুভৱৰ ৰহস্যময়তাত।

(দেৰি নকৰিব, কোনে জানে অলপ দেৰি কৰিলেই আপুনি হেৰুৱাই পেলাব পাৰে আপোনাৰ ওপৰৰ অনন্ত নীলিম আকাশ!)«

শুনিবলৈ: জয়ন্ত হাজৰিকাৰ কণ্ঠত 'এই আকাশ বৰ বিশাল…'

[peckplayer id=”2″ sound=”https://dl.dropbox.com/u/17425716/nilacharai-dot-com/audio/Ei%20Akash%20Bor%20Bishal-Jayanta%20Hazarika.mp3″]

ছবিৰ উৎস: ফ্লিকআৰ

লেখকৰ ফোন: ০৮০১০৬৬৬১৭০

নীলা চৰাই . জুন ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz